বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ বন্যপ্ৰাণী সৰবৰাহৰ চেষ্টা বিফল কৰিলে ডি আৰ আয়ে; অস্ত্ৰধাৰী সন্দেহযুক্ত লোকৰ পৰা উদ্ধাৰ ৩.৭ কিলোগ্ৰাম ওজনৰ দুটা হাতীৰ দাঁত

পোষ্ট কৰা হৈছে: 10 NOV 2026 3:14PM by PIB Guwahati

হাতীৰ দাঁত সৰবৰাহৰ তথ্যৰ ভিত্তিত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)-ৰ বিষয়াসকলে ৫ নৱেম্বৰত গুৱাহাটীৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ নিলগৰ সোণাপুৰ টোল গেটৰ সমীপত বন্যপ্ৰাণী সৰবৰাহৰ এক চেষ্টা বিফল কৰে।

সন্ধিয়া প্ৰায় ৫ বাজি ৪০ মিনিটত ডি আৰ আইৰ বিষয়াসকলে দুখন দুচকীয়া বাহনত অহা পাঁচজন সন্দেহযুক্ত লোকক প্ৰত্যক্ষ কৰে। তেওঁলোকৰ এজনৰ হাতত এটা বেগ আছিল, য’ত হাতীৰ দাঁত থকা বুলি সন্দেহ কৰা হৈছিল।

 

বিষয়াসকলে তেওঁলোকক ৰখাবলৈ চেষ্টা কৰোঁতে সন্দেহযুক্ত লোককেইজনে পলায়নৰ চেষ্টা কৰে। পিছে পিছে খেদি যোৱা বিষয়াসকলক খুকুৰি আৰু দা দেখুৱাই ভয় খুৱায়। অৱশেষত তেওঁলোকে বেগটো এৰি ওচৰৰ এখন গাঁৱত প্ৰৱেশ কৰি পলায়ন কৰে।

 

পৰিত্যক্ত বেগটো পৰীক্ষা কৰাত ২৯ ইঞ্চি আৰু ৩০ ইঞ্চি দৈৰ্ঘ্যৰ দুটা হাতীৰ দাঁত উদ্ধাৰ হয়। দাঁত দুটাৰ মুঠ ওজন প্ৰায় ৩.৭ কিলোগ্ৰাম। বন্যপ্ৰাণী (সংৰক্ষণ) আইন, ১৯৭২ অনুসৰি দাঁত দুটা জব্দ কৰা হয়। পৰৱৰ্তী সময়ত অধিক তদন্ত আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে সেইবোৰ অসম ৰাজ্যিক বন বিভাগক গতাই দিয়া হয়।

 

হাতীৰ দাঁত বন্যপ্ৰাণী (সংৰক্ষণ) আইন, ১৯৭২ৰ অনুসূচী-১ আৰু বিপন্ন বন্যপ্ৰাণী তথা উদ্ভিদৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্পৰ্কীয় চুক্তি (CITES)-ৰ পৰিশিষ্ট-১ৰ অধীনত সংৰক্ষিত। ভাৰতীয় আইন অনুসৰি এনে সংৰক্ষিত প্ৰজাতিৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্যিক লেনদেন নিষিদ্ধ।

 

চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান চলোৱা আৰু সহযোগী সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰ জৰিয়তে বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহ তথা সংৰক্ষিত প্ৰজাতিৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ ডি আৰ আই প্ৰতিশ্ৰুতিবদ্ধ।

 

*******

KT/KMN/PB


(ৰিলিজ আই ডি : 2334693) অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , हिन्दी , Bengali , Telugu