প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

আই এন এছ চিল্কাত নৌসেনাৰ সৰ্ববৃহৎ অগ্নিবীৰ প্ৰশিক্ষাৰ্থীৰ দলৰ বিদায়ী কুচকাৱাজ

পোষ্ট কৰা হৈছে: 09 NOV 2026 4:47PM by PIB Guwahati

ভাৰতীয় নৌসেনাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণৰ অন্যতম প্ৰধান প্ৰতিষ্ঠান আই এন এছ চিল্কাত অহা ১৩ নৱেম্বৰত ভাৰতীয় নৌসেনাৰ অগ্নিবীৰ আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ নাবিকসকলৰ নৱমটো দলৰ বিদায়ী কুচকাৱাজ অনুষ্ঠিত হ’ব। ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল কৃষ্ণ স্বামীনাথন এই অনুষ্ঠানত মুখ্য অতিথি তথা কুচকাৱাজৰ পৰ্যালোচনা বিষয়া হিচাপে উপস্থিত থাকিব।

এই কুচকাৱাজৰ জৰিয়তে ১৬ সপ্তাহৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰা ৩,৩০০ৰো অধিক প্ৰশিক্ষাৰ্থীৰ প্ৰশিক্ষণৰ সামৰণি পৰিব। আই এন এছ চিল্কাৰ পৰা বিদায় ল’বলগীয়া এয়াই হ’ব এতিয়ালৈকে সৰ্ববৃহৎ প্ৰশিক্ষাৰ্থীৰ দল। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে যুৱ নিযুক্তিপ্ৰাপ্তসকলক অনুশাসন মানি চলা, শাৰীৰিকভাৱে সক্ষম, মানসিকভাৱে দৃঢ় আৰু পেছাগতভাৱে দক্ষ সামুদ্ৰিক যোদ্ধা হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে।

প্ৰশিক্ষণৰ পাঠ্যক্ৰমত শৈক্ষিক শিক্ষা, শাৰীৰিক সক্ষমতা বৃদ্ধি, সাঁতোৰ, কুচকাৱাজৰ প্ৰশিক্ষণ, বাহ্যিক কাৰ্যকলাপ আৰু শিবিৰৰ কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলৰ পেছাগত জীৱনৰ বাবে এক সামগ্ৰিক ভেটি গঢ়ি তোলা হৈছে। চৰিত্ৰ গঠন, নেতৃত্বদানৰ ক্ষমতা, অনুশাসন, পাৰস্পৰিক সৌহাৰ্দ্য আৰু দলীয় কৰ্মদক্ষতাৰ ওপৰতো সমান গুৰুত্ব আৰোপ কৰা হৈছে। লগতে নৌসেনাৰ মূল আদৰ্শ কৰ্তব্য, সন্মান আৰু সাহস প্ৰশিক্ষাৰ্থীসকলৰ মাজত সঞ্চাৰ কৰা হৈছে।

বিদায়ী কুচকাৱাজ প্ৰশিক্ষাৰ্থীসকলৰ বাবে গৌৰৱ আৰু সফলতাৰ এক বিশেষ মুহূৰ্ত হিচাপে পৰিগণিত হ’ব। এই অনুষ্ঠানত তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে প্ৰশিক্ষণৰ সফল সামৰণি আৰু নতুন কৰ্মজীৱনৰ আৰম্ভণিৰ সাক্ষী হ’ব। অনুষ্ঠানত নৌসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰু বিশিষ্ট অতিথিসকলো উপস্থিত থাকিব।

দক্ষিণ নৌসেনা কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং-ইন-চীফ ভাইচ এডমিৰেল সমীৰ ছাক্সেনাৰ সভাপতিত্বত সামৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব। উল্লেখযোগ্য পাৰদৰ্শিতা আৰু প্ৰশিক্ষণলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে কৃতী প্ৰশিক্ষাৰ্থী, শ্ৰেষ্ঠ ডিভিজন আৰু শ্ৰেষ্ঠ প্ৰশিক্ষকক বঁটা প্ৰদান কৰা হ’ব। অনুষ্ঠানতে দ্বিভাষিক প্ৰশিক্ষাৰ্থী আলোচনী ‘অংকুৰ’ উন্মোচন কৰা হ’ব।

সমগ্ৰ দেশৰ নাগৰিকসকলে এই বিশেষ অনুষ্ঠান প্ৰত্যক্ষ কৰিব পৰাকৈ ভাৰতীয় নৌসেনাৰ চৰকাৰী সামাজিক মাধ্যমৰ মঞ্চসমূহত বিদায়ী কুচকাৱাজৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হ’ব।

 

***

VM/AS/PB


(ৰিলিজ আই ডি : 2334545) অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Bengali , Tamil