প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ওমানৰ মাস্কাটত আই এন এছ চুৰাট

পোষ্ট কৰা হৈছে: 09 NOV 2026 3:00PM by PIB Guwahati

ভাৰতীয় নৌসেনাৰ জাহাজ আই এন এছ চুৰাট ২০২৬ চনৰ ৮ নৱেম্বৰত ওমানৰ মাস্কাটত উপস্থিত হয়। ভাৰতীয় নৌসেনা আৰু ওমানৰ ৰয়েল নেভীৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বিপাক্ষিক সামুদ্ৰিক অনুশীলন ‘নছীম আল বাহৰ’ (সাগৰীয় বতাহ)ৰ ১৫সংখ্যক সংস্কৰণত অংশগ্ৰহণৰ বাবে জাহাজখন ইয়াত উপস্থিত হৈছে। এই অনুশীলনৰ পিছত দুয়োখন দেশৰ নৌসেনাৰ মাজত যুটীয়া টহল (CORPAT) সম্পন্ন হ’ব।

এই অনুশীলনত বন্দৰ আৰু সাগৰীয় পৰ্যায়ত বিভিন্ন পেছাদাৰী কাৰ্যকলাপ অন্তৰ্ভুক্ত থাকিব। ইয়াৰ ভিতৰত থাকিব ক্ৰছ-ডেক ভ্ৰমণ, কাৰ্যকৰী পাৰস্পৰিক মত-বিনিময় আৰু ক্ৰীড়া প্ৰতিযোগিতা। এই কাৰ্যকলাপসমূহে দুয়োখন দেশৰ নৌসেনাৰ কৰ্মীসকলক অভিজ্ঞতা আৰু উত্তম কাৰ্যপদ্ধতি বিনিময় কৰাৰ লগতে পাৰস্পৰিক কাৰ্যকৰী সহযোগিতা বৃদ্ধি আৰু অধিক উন্নত বুজাবুজি গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিব।

এই বন্দৰ ভ্ৰমণে ভাৰত আৰু ওমানৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্কৰ ভেটিত গঢ় লৈ উঠা শক্তিশালী আৰু সুদীৰ্ঘ সামুদ্ৰিক অংশীদাৰিত্বক প্ৰতিফলিত কৰিছে। ই ভাৰত চৰকাৰৰ ‘মহাসাগৰ’ (MAHASAGAR – অঞ্চলসমূহৰ মাজত নিৰাপত্তা আৰু বিকাশৰ বাবে পাৰস্পৰিক তথা সামগ্ৰিক উন্নয়ন)-ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে। এই অনুশীলনৰ লগতে ২০২৫ চনৰ ২৪ নৱেম্বৰত অনুষ্ঠিত যুটীয়া সামৰিক সহযোগিতা সমিতিৰ ১৩সংখ্যক বৈঠকৰ জৰিয়তে সৃষ্টি হোৱা সহযোগিতাৰ গতিশীলতাক অধিক আগুৱাই নিয়াৰ এক সুযোগ প্ৰদান কৰিছে।)।

 

VM/AS/PK


(ৰিলিজ আই ডি : 2334533) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil