প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নাগপুৰত কৃষকৰ সৈতে দীপাৱলী উদযাপন কৰা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছৰ পদক্ষেপক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

পোষ্ট কৰা হৈছে: 08 NOV 2026 10:20AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে নাগপুৰৰ নৰখেড়ৰ লোহাৰী সাৱাংগা গাঁৱত কৃষকসকলৰ সৈতে দীপাৱলী উদযাপন কৰা আৰু অৰুণাবাই তথা ৰামভাউ বালপাণ্ডেৰ বাসগৃহত নিশা কটোৱা পদক্ষেপৰ প্ৰশংসা কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই হৃদয়স্পৰ্শী পদক্ষেপে মহাৰাষ্ট্ৰৰ এনডিএ চৰকাৰে কৃষকসকলৰ প্ৰতি যি সহমৰ্মিতাৰ মনোভাৱেৰে কাম কৰি আহিছে আৰু তেওঁলোকৰ কল্যাণ সুনিশ্চিত কৰাৰ বাবে যি প্ৰচেষ্টা চলাইছে, সেই কথা প্ৰতিফলিত কৰিছে।

সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে—

“মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ ডাঙৰীয়াই নাগপুৰৰ নৰখেড়ৰ লোহাৰী সাৱাংগা গাঁৱত কৃষকসকলৰ সৈতে দীপাৱলী উদযাপন কৰা আৰু অৰুণাবাই তথা ৰামভাউ বালপাণ্ডেৰ বাসগৃহত নিশা কটোৱা এই পদক্ষেপ সঁচাকৈয়ে হৃদয়স্পৰ্শী।

এই পদক্ষেপে মহাৰাষ্ট্ৰৰ এনডিএ চৰকাৰে কৃষকসকলৰ প্ৰতি সহমৰ্মিতাৰ মনোভাৱেৰে কাম কৰি তেওঁলোকৰ কল্যাণ সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।”

*******

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2334211) অতিথি কক্ষ : 5