পোষ্ট কৰা হৈছে:
07 NOV 2026 1:44PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা বাহিনীক সৰ্বোচ্চ স্তৰৰ কাৰ্যকৰী প্ৰস্তুতি বজাই ৰাখিবলৈ আহ্বান জনাইছে। কাৰ্য্যক্ষেত্ৰৰ সজাগতা শক্তিশালী কৰা, চাইবাৰ স্থিতিস্থাপকতা বৃদ্ধি কৰা আৰু তথ্যৰ সংহতি ৰক্ষা কৰাকে ধৰি বিশেষকৈ তিনিটা বিষয়ত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। সুৰক্ষা খণ্ডৰ শেহতীয়া ভাবুকিৰ বিৰুদ্ধে ফলপ্ৰসূভাৱে যুঁজিবলৈ এই দিশসমূহৰ প্ৰয়োজন বুলি তেওঁ মত প্ৰকাশ কৰে।২০২৬ চনৰ ৭ নৱেম্বৰ দীপাৱলীৰ আগদিনা পশ্চিমবংগৰ বাগডোগ্ৰা বায়ুসেনা ঘাটিত ভাৰতীয় বায়ুসেনাৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰি তেওঁ এই কথা কয়।তেওঁ কয় যে সুৰক্ষা পৰিস্থিতি ক্ৰমে জটিল হৈ পৰিছে। এতিয়া যুদ্ধ কেৱল সীমান্তৰ প্ৰচলিত সংঘৰ্ষতে সীমাবদ্ধ নহয়।কেতিয়াবা যুদ্ধত জড়িত দুয়োপক্ষৰ শক্তিৰ মাজত পাৰ্থক্য থকাৰ লগতে পৰোক্ষ যুদ্ধ, চাইবাৰ আক্ৰমণ, ড্ৰোনৰ ব্যাপক ব্যৱহাৰ, তথ্যৰ জৰিয়তে প্ৰভাৱ পেলোৱা অভিযান তথা স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে দৃষ্টিভংগী ব্যৱস্থাপনাৰ দিশলৈও বিস্তৃত হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয়, "শত্ৰুৱে প্ৰায়ে পোনপটীয়া সংঘৰ্ষ এৰাই চলে। তাৰ পৰিৱৰ্তে শত্ৰুৱে আমাৰ দুৰ্বলতাবোৰৰ সুযোগ ল'বলৈ চেষ্টা কৰে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে শত্ৰুৱে বিভ্ৰান্তিকৰ তথ্য বিয়পাই স্থানীয় জনসাধাৰণ আৰু আমাৰ সৈনিকসকলৰ মনত সন্দেহৰ বীজ সিঁচিবলৈ চেষ্টা কৰিব পাৰে। এনে পৰিস্থিতিত আপোনালোকৰ ভূমিকা এজন সাধাৰণ সৈনিকতকৈও বহু বেছি।"
বাগডোগ্ৰাক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চল আখ্যা দি শ্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতৰ সুৰক্ষা কাঠামোত, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে, ই এক গুৰুত্বপূৰ্ণ সংযোগস্থল। তেওঁ ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰতিৰক্ষা বাহিনীৰ জোৱানসকলৰ সাহস আৰু নিষ্ঠাৰ প্ৰশংসা কৰে। তেওঁ কয় যে এই অঞ্চলত নিয়োজিত বায়ুসেনাৰ জোৱানসকলে পূব খণ্ডৰ সুৰক্ষাৰ বাবে এক শক্তিশালী ঢাল হিচাপে কাম কৰি আছে। এই অঞ্চলত স্থিৰতা বজাই ৰখাৰ বাবে তেওঁলোকৰ প্ৰস্তুতি অতি প্ৰয়োজনীয়।

প্ৰযুক্তিগত অগ্ৰগতি ত্বৰান্বিত হ’লেও শৃংখলা আৰু সাহস সদায় অপৰিহাৰ্য হৈ থাকিব বুলি প্ৰতিৰক্ষা মন্ত্ৰীয়ে উল্লেখ কৰে । প্ৰতিৰক্ষা বাহিনীৰ জোৱানসকলৰ আচৰণ, চাল-চলন, ভাষা আৰু সংযমে স্থানীয় সমাজত সেনাৰ ভাবমূৰ্তি গঢ় দিয়ে। এই গুণবোৰেৰে দায়িত্ব পালন কৰাৰ বাবে তেওঁ সৈনিকসকলক প্ৰশংসা কৰে। তেওঁ বিশেষকৈ বাগডোগ্ৰা আৰু ইয়াৰ সমীপৰ স্থানীয় জনসাধাৰণৰ সৈতে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিবলৈ জোৱানসকললৈ আহ্বান জনায়। জনসাধাৰণ আৰু প্ৰতিৰক্ষা বাহিনীৰ মাজত থকা বিশ্বাস আৰু মৰমৰ গভীৰ বান্ধোন ত্বৰান্বিত কৰাৰ তেওঁ পোষকতা কৰে।তেওঁ কয় "আপোনালোকে স্থানীয় সমাজৰ সৈতে যিমান বেছি জড়িত হ'ব, শত্ৰুৰ ষড়যন্ত্ৰ সিমানেই দুৰ্বল হৈ পৰিব।"

'আত্মনিৰ্ভৰ ভাৰত'ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰৰ সংকল্প দোহাৰি শ্ৰী ৰাজনাথ সিঙে ড্ৰোন, ড্ৰোন প্ৰতিৰোধী ব্যৱস্থা আৰু উন্নত সামৰিক সঁজুলি বিকশিত কৰাত ভাৰতীয় ষ্টাৰ্ট-আপ আৰু উদ্যোগসমূহৰ ক্ৰমবৰ্ধমান অৱদানৰ কথা উল্লেখ কৰে। থলুৱা প্ৰযুক্তি গ্ৰহণ কৰাৰ বাবে আৰু ড্ৰোন পৰিচালনা তথা চাইবাৰ সুৰক্ষাত নতুন দক্ষতা আহৰণ কৰাৰ বাবে তেওঁ প্ৰতিৰক্ষা বাহিনীক প্ৰশংসা কৰে। ভৱিষ্যতৰ সুৰক্ষা প্ৰত্যাহ্বানসমূহৰ ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ সেনাবাহিনীক ক্ৰমে অধিক প্ৰযুক্তিচালিত কৰাৰ গুৰুত্বৰ ওপৰত তেওঁ আলোকপাত কৰে।


অগ্নিবীৰসকলৰ 'কৰ্তব্যৰ দ্বিতীয়টো পৰ্য্যায়’ত কেবিনেটৰ অনুমোদনৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে এই সিদ্ধান্তই অগ্নিবীৰসকলক দেশ সেৱা কৰিবলৈ আন এক সুযোগ প্ৰদান কৰিব। তেওঁ লগতে কয় যে দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত সকলো অগ্নিবীৰে নিয়মীয়া সৈনিক হিচাপে নামভৰ্তি কৰাৰ সুযোগ পাব। ইয়াৰ বাবে তেওঁলোকৰ ইচ্ছা আৰু বাছনিৰ মাপকাঠী পূৰণ কৰাটো প্ৰয়োজনীয় হ'ব। এই সিদ্ধান্তক তেওঁ অগ্নিবীৰসকলৰ বাবে এক উল্লেখযোগ্য দীপাৱলীৰ উপহাৰ বুলি অভিহিত কৰে। প্ৰতিৰক্ষা বাহিনীৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতি তেওঁ পুনৰ ব্যক্ত কৰে।
শ্ৰী ৰাজনাথ সিঙে বায়ুসেনা তথা তেওঁলোকৰ পৰিয়ালক দীপাৱলীৰ শুভেচ্ছা জনায়। শ্ৰী সিঙে তেওঁলোকৰ সুস্বাস্থ্য, সুখ আৰু সমৃদ্ধি কামনা কৰে। তেওঁ কয় যে উৎসৱৰ সময়ত পৰিয়ালৰ অনুপস্থিতি অনুভৱ কৰাৰ পিছতো জোৱানসকলে নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰাত অটল হৈ থাকে। তেওঁ বায়ুসেনা জোৱানসকলৰ পৰিয়ালৰ ত্যাগ আৰু অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ গুৰুত্ব দি কয় যে সৈনিকসকলে সীমান্তৰ সুৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ থকাৰ সময়তে দেশ সদায় তেওঁলোকৰ পৰিয়ালৰ কাষত থাকি তেওঁলোকৰ কল্যাণ নিশ্চিত কৰিব।
এই অনুষ্ঠানত বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল আশুতোষ দীক্ষিত, বাগডোগ্ৰা বায়ুসেনা ঘাটিৰ এয়াৰ অফিচাৰ কমাণ্ডিং এয়াৰ কমোডোৰ মনীষ শৰ্মা আৰু ভাৰতীয় বায়ুসেনাৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
SR/Savvy/DD