কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

ডেৰ-আই চি এ আৰৰ বিশেষ অভিযান ৬.০ সম্পূৰ্ণ, সমগ্ৰ দেশতে ৮,০০০ স্থান পৰিষ্কাৰ

১৩,০০০ কাগজ পত্ৰ আৰু ইলেক্ট্ৰনিক ফাইল নিষ্পত্তি; ১৪ লাখতকৈও অধিক টকাৰ ৰাজহ সৃষ্টি আৰু ৪,০০০ বৰ্গফুটতকৈও অধিক স্থান মুক্ত

পোষ্ট কৰা হৈছে: 06 NOV 2026 1:24PM by PIB Guwahati

কৃষি গৱেষণা আৰু শিক্ষা বিভাগ (ডি এ আৰ ই) আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদে (আই চি এ আৰ) সমগ্ৰ দেশতে তেওঁলোকৰ প্ৰতিষ্ঠানসমূহত কেন্দ্ৰীভূত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু কাৰ্যালয়-স্থান উন্নয়ন কাৰ্যকলাপৰ জৰিয়তে বিশেষ অভিযান ৬.০ সম্পূৰ্ণ কৰিছে। অভিযানৰ সময়ত ডি এ আৰ ই-আইচিএআৰৰ সকলো শাখাৰ প্ৰায় ৮,০০০ স্থান পৰিষ্কাৰ কৰা হৈছিল।

এই কামসমূহৰ ভিতৰত আছিল অভিলেখ ব্যৱস্থাপনা, ডিজিটেলাইজেচন, গছপুলি ৰোপণ, পৰিৱেশ অনুকূল অনুশীলন, নাগৰিক-কেন্দ্ৰিক অনুশীলন, স্ক্রেপ নিষ্পত্তি, ইলেক্ট্ৰনিক আৱৰ্জনা ব্যৱস্থাপনা আৰু কাৰ্যালয়ৰ স্থানৰ বৰ্ধন। ১৩,০০০ তকৈ অধিক কাগজ-পত্ৰৰ আৰু ইলেক্ট্ৰনিক ফাইল আঁতৰাই পেলোৱা হৈছিল। এই অভিযানে ১৪ লাখ টকাৰো অধিক ৰাজহ আহৰণ কৰিছিল আৰু ৪,০০০ বৰ্গফুটতকৈও অধিক স্থান মুক্ত কৰিছিল।

প্ৰতিষ্ঠানৰ চৌহদত বিষয়াসকলে জনসাধাৰণক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্বৰ বিষয়ে সংবেদনশীল কৰিবলৈ সজাগতা শিবিৰ অনুষ্ঠিত কৰিছিল। কেইবাটাও শিবিৰত বিনামূলীয়া চিকিৎসা শিবিৰৰো আয়োজন কৰা হৈছিল। চাফাই মিত্ৰসকলক সন্মান জনোৱাটোও এক অবিৰত প্ৰথা হৈ আহিছে।

সকলো স্তৰৰ বিষয়াসকলে কাৰ্যালয় চৌহদৰ ভিতৰত আৰু শিবিৰৰ আশে-পাশে থকা অঞ্চলসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। চৌহদৰ চাৰিওফালৰ খেতিপথাৰ আৰু পথত ব্যাপক পৰিষ্কাৰ অভিযান চলোৱা হৈছিল। ধাতু আৰু প্লাষ্টিকৰ আৱৰ্জনা সাধাৰণ আৱৰ্জনাৰ পৰা পৃথকে ৰখাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল, যাৰ ফলত পৰিষ্কাৰ-পৰিচ্ছন্নতা উন্নত হৈছিল।

বিশেষ অভিযান ৬.০-এ দায়িত্বশীল আৱৰ্জনা ব্যৱস্থাপনা আৰু কৰ্মক্ষেত্ৰৰ চাৰিওফালে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰচাৰ কৰিছিল। অভিযানৰ অধীনত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সাফল্যই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰিছিল।

SS/MS/BC


(ৰিলিজ আই ডি : 2333900) অতিথি কক্ষ : 25
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Tamil