গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

চৰকাৰে ২০২৬-২৭ বৰ্ষৰ বাবে অ’এমএছএছ(ডি) চাউল বিক্ৰীৰ লক্ষ্য ২৫ এলএমটিৰ পৰা দুগুণ বৃদ্ধি কৰি ৫০ এলএমটি নিৰ্ধাৰণ কৰে; ২০২৬ চনৰ ৩১ অক্টোবৰলৈকে ই-নিলামৰ জৰিয়তে ইতিমধ্যে ২৫ এলএমটি বিক্ৰী সম্পূৰ্ণ হৈছে

দেশজুৰি চাউল আৰু ধান মজুত ৰখা সকলো সংস্থাৰ বাবে মজুতৰ তথ্য প্ৰকাশ বাধ্যতামূলক কৰা হৈছে; প্ৰতি শুকুৰবাৰে আপডেট কৰিব লাগিব মজুতৰ স্থিতি

বিশেষকৈ দক্ষিণৰ ৰাজ্যসমূহত উপলব্ধতা বৃদ্ধিৰ বাবে নাফেড, এনচিচিএফ আৰু কেন্দ্ৰীয় ভাণ্ডাৰক ভাৰত চাউলৰ অতিৰিক্ত আবণ্টন প্ৰদান

প্ৰয়োজনসাপেক্ষে ২০২৭ চনৰ ৩১ জানুৱাৰীলৈকে চাউল আৰু ধানৰ ওপৰত মজুতৰ সীমা নিৰ্ধাৰণ কৰিবলৈ দক্ষিণৰ পাঁচখন ৰাজ্যক সণ্মতি প্ৰদান

পোষ্ট কৰা হৈছে: 06 NOV 2026 4:41PM by PIB Guwahati

ভাৰত চৰকাৰে খাদ্যশস্যৰ, বিশেষকৈ চাউলৰ মূল্যৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু ঘৰুৱা পৰ্যাপ্ত যোগান সুনিশ্চিত কৰা, মূল্যৰ স্থিৰতা বজাই ৰখা, মজুতকৰণ ৰোধ কৰা তথা গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এলানি নীতিগত পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত চৰকাৰে তলত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে:

সমগ্ৰ দেশতে চাউল আৰু ধানৰ মজুতৰ বাধ্যতামূলক প্ৰকাশ

ভাৰত চৰকাৰে ০৬.১১.২০২৬ তাৰিখৰ এক আদেশযোগে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ সকলো ব্যৱসায়ী/পাইকাৰী বিক্ৰেতা, খুচুৰা বিক্ৰেতা, বৃহৎ শৃংখল খুচুৰা বিক্ৰেতা আৰু সংসাধক/মিল মালিকক তলত দিয়া ছয়টা শ্ৰেণীৰ অধীনত চাউল আৰু ধানৰ মজুতৰ স্থিতি ঘোষণা কৰিবলৈ নিৰ্দেশ দিছে:

(i) বাচমতী চাউল;

(ii) নন-বাচমতী প্ৰিমিয়াম চাউল;

(iii) নন-বাচমতী চাউল;

(iv) উখুৱা চাউল;

(v) খুদ চাউল; আৰু

(vi) ধান।

চাউল আৰু ধান মজুত ৰখা সকলো সংস্থাই প্ৰতি শুকুৰবাৰে ফুড ষ্টক প’ৰ্টেল (https://foodstock.dfpd.gov.in)-ত তেওঁলোকৰ মজুতৰ স্থিতি প্ৰকাশ কৰিব লাগিব আৰু দাখিল কৰা তথ্য সঠিক তথা নিয়মীয়াকৈ আপডেট কৰাটো নিশ্চিত কৰিব লাগিব। কোনো সংস্থাই প’ৰ্টেলত পঞ্জীয়ন নকৰা অথবা নিৰ্ধাৰিত মজুতৰ সীমা উলংঘন কৰা দেখা গ’লে অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫-ৰ ধাৰা ৬ আৰু ৭-ৰ অধীনত উপযুক্ত শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ’ব।

মজুতৰ সীমা নিৰ্ধাৰণৰ বাবে দক্ষিণৰ ৰাজ্যসমূহক সণ্মতি প্ৰদান

বিশেষকৈ দক্ষিণৰ ৰাজ্যসমূহত গ্ৰাহকসকলক সুলভ মূল্যত চাউলৰ উপলব্ধতা নিশ্চিত কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ০৬.১১.২০২৬ তাৰিখৰ এক পত্ৰযোগে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানা ৰাজ্য চৰকাৰক প্ৰয়োজনসাপেক্ষে উপযুক্ত নিয়ন্ত্ৰণ আদেশৰ জৰিয়তে ধান আৰু চাউলৰ ওপৰত মজুতৰ সীমা নিৰ্ধাৰণ কৰিবলৈ সণ্মতি দিছে।

এই মজুতৰ সীমা ২০২৭ চনৰ ৩১ জানুৱাৰীলৈকে বাহাল থাকিব। বজাৰত পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ আৰু মজুতকৰণ তথা ক’লা বজাৰ ৰোধ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই ব্যৱস্থাসমূহ ৰূপায়ণৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব।

বজাৰত উপলব্ধতা বৃদ্ধিৰ বাবে ভাৰত চাউলৰ অতিৰিক্ত আবণ্টন

সমগ্ৰ দেশতে, বিশেষকৈ দক্ষিণৰ ৰাজ্যসমূহত বিক্ৰী আৰু উপলব্ধতা যথেষ্ট পৰিমাণে বৃদ্ধি কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে তিনিটা সংস্থা— নাফেড, এনচিচিএফ আৰু কেন্দ্ৰীয় ভাণ্ডাৰক ‘ভাৰত চাউল’ৰ অতিৰিক্ত পৰিমাণ আবণ্টন দিছে। গ্ৰাহকৰ বাবে ‘ভাৰত চাউল’ৰ বহুল প্ৰসাৰ আৰু সহজলভ্যতা সুনিশ্চিত কৰিবলৈ সকলো সম্ভাৱ্য বিতৰণ মাধ্যম অন্বেষণ কৰিবলৈও সংস্থা কেইটাক নিৰ্দেশ দিয়া হৈছে। এই পদক্ষেপে বজাৰৰ যোগান বৃদ্ধি কৰিব, সুলভ মূল্যত গ্ৰাহকৰ চাউল লাভৰ সুবিধা উন্নত কৰিব আৰু খুচুৰা মূল্য নিয়ন্ত্ৰণত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

২০২৬-২৭ বৰ্ষৰ বাবে ওএমএছএছডি-ৰ অধীনত চাউল বিক্ৰীৰ লক্ষ্য দুগুণ বৃদ্ধি

ভাৰত চৰকাৰে মুকলি বজাৰ বিক্ৰী আঁচনি ঘৰুৱা চমুকৈ অএমএছএছ(ডি)-ৰ অধীনত ২০২৬-২৭ বৰ্ষৰ বাবে ই-নিলামৰ জৰিয়তে বিক্ৰী কৰিবলগীয়া চাউলৰ লক্ষ্য নিৰ্ধাৰিত পৰিমাণ ২৫ এলএমটিৰ পৰা দুগুণ বৃদ্ধি কৰি ৫০ এলএমটিলৈ বৃদ্ধি কৰিছে। ২০২৬-২৭ বিত্তীয় বৰ্ষত ৩১.১০.২০২৬ তাৰিখলৈকে অএমএছএছ(ডি) ই-নিলামৰ জৰিয়তে ব্যক্তিগত পক্ষক মুঠ ২৫ এলএমটি চাউল বিক্ৰী কৰা হৈছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত মাত্ৰ ১১ এলএমটি আছিল। এই পদক্ষেপে চৰকাৰী হস্তক্ষেপৰ জৰিয়তে বজাৰত যোগান উল্লেখনীয়ভাৱে বৃদ্ধি পোৱাটোক প্ৰতিফলিত কৰিছে।

এই পদক্ষেপসমূহে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰা, মূল্যৰ স্থিৰতা বজাই ৰখা আৰু দেশজুৰি গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে।

 

RT/IA/RP/MM


(ৰিলিজ আই ডি : 2333898) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: Kannada , English , Urdu , हिन्दी , Marathi , Gujarati , Tamil