পোষ্ট কৰা হৈছে:
06 NOV 2026 1:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধনতেৰছ উপলক্ষে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাধৱৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
এই প্ৰবন্ধটোত কেনেদৰে স্বাস্থ্য সুৰক্ষা আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাত আয়ুৰ্বেদৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰা হৈছে। ই পৰিয়ালসমূহক মনোযোগেৰে খাদ্য গ্ৰহণ, নিয়মীয়া যোগাভ্যাস, পৰ্যাপ্ত টোপনি আৰু সময়মতে স্বাস্থ্য পৰীক্ষা আদি স্বাস্থ্যসন্মত অভ্যাস গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।
প্ৰবন্ধটোত লগতে প্ৰিয়জনৰ স্বাস্থ্যত বিনিয়োগ কৰা আৰু পৰিয়ালসমূহৰ বাবে এক স্বাস্থ্যকৰ ভৱিষ্যত গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত লিখিছে;
‘এই ধনতেৰছত সুস্বাস্থ্যৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হওক!
আয়ুৰ্বেদে কেনেদৰে স্বাস্থ্য সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা কিয় গুৰুত্বপূৰ্ণ, সেই বিষয়ে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী @mpprataprao-ৱে আলোকপাত কৰে। তেওঁ পৰিয়ালসমূহক মনোযোগেৰে আহাৰ গ্ৰহণ আৰু নিয়মীয়া যোগাভ্যাসৰ পৰা আৰম্ভ কৰি পৰ্যাপ্ত টোপনি আৰু সময়মতে স্বাস্থ্য পৰীক্ষা কৰালৈকে স্বাস্থ্যসন্মত অভ্যাস গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।
আহক, আমি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়ত বিনিয়োগ কৰো- আমাৰ প্ৰিয়জনৰ স্বাস্থ্য আৰু আমাৰ পৰিয়ালৰ বাবে এক স্বাস্থ্যকৰ ভৱিষ্যত।’
***
MJPS/SS/ST/NB