পোষ্ট কৰা হৈছে:
06 NOV 2026 12:33PM by PIB Guwahati
এ আই এছ এছ এন জি-২০২৬ৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকি প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰীয়ে যুৱ শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰিব।
সৰ্বভাৰতীয় সৈনিক বিদ্যালয় ৰাষ্ট্ৰীয় ক্ৰীড়া (এ আই এছ এছ এন জি)-2026-ৰ চতুৰ্থ সংস্কৰণ কৰ্ণাটকৰ বিজয়পুৰাৰ সৈনিক বিদ্যালয় বিজাপুৰত যোৱা ৩ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ চলি আছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈনিক স্কুল ছ"চাইটিৰ তত্ত্বাৱধানত আয়োজিত এই পাঁচদিনীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ ক্ৰীড়া প্ৰতিভা, প্ৰতিযোগিতামূলক আৰু বন্ধুত্বমূলক মনোভাৱ প্ৰদৰ্শনৰ সুযোগ লাভ কৰে। ৩০খন পুৰণি আৰু ১৩খন নতুন সৈনিক বিদ্যালয়ক প্ৰতিনিধিত্ব কৰা ২৯৬জন পুৰুষ আৰু ২৪৮গৰাকী মহিলা শিক্ষাৰ্থীকে ধৰি মুঠ ৫৪৪গৰাকী শিক্ষাৰ্থীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এই শিক্ষাৰ্থীসকল আঞ্চলিক প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা আঠোটা মণ্ডলৰ বিজয়ী প্ৰতিনিধি।
এই প্ৰতিযোগিতাত বাস্কেটবল (জুনিয়ৰ ল’ৰা আৰু ছোৱালী), ভলীবল (জুনিয়ৰ ল’ৰা), ল’ৰা আৰু ছোৱালী উভয়ৰে বাবে ছাব-জুনিয়ৰ আৰু জুনিয়ৰ শ্ৰেণীৰ বাবে ট্ৰেক এণ্ড ফিল্ড ইভেণ্টৰ লগতে তৰ্ক আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ট্ৰেক ইভেণ্টসমূহৰ ভিতৰত আছে ১০০ মিটাৰ, ২০০ মিটাৰ আৰু ৪০০ মিটাৰ স্প্ৰিণ্ট, ১৫০০ মিটাৰ দৌৰ আৰু ৪x১০০ মিটাৰ ৰিলে। ছাব-জুনিয়ৰ আৰু জুনিয়ৰ দুয়োটা শাখাত ল’ৰা আৰু ছোৱালীৰ বাবে লং জাম্প প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল।
অহা ৭ নৱেম্বৰত সামৰণি পৰিবলগীয়া পাঁচদিনীয়া এই ক্ৰীড়া সমাৰোহৰ সামৰণী অনুষ্ঠানত প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী শ্ৰী সঞ্জয় শেঠ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। নৌসেনা প্ৰধান এডমিৰেল কৃষ্ণ স্বামীনাথন আৰু সৈনিক স্কুল বিজাপুৰৰ প্ৰাক্তন ছাত্ৰ, শ্ৰী এম বি পাটিল, কৰ্ণাটকৰ বৃহৎ আৰু মজলীয়া উদ্যোগ আৰু আন্তঃগাঁথনি উন্নয়ন মন্ত্ৰীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ বিষয়া আৰু বিশিষ্ট প্ৰাক্তন ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকিব।
"অজিত হে অভীত হে" এই মূলমন্ত্রৰ সৈতে সৈনিক বিদ্যালয় বিজাপুৰে মানসম্পন্ন শিক্ষা প্ৰদান আৰু দেশৰ ভৱিষ্যতৰ নেতা গঢ়ি তোলাৰ ক্ষেত্ৰত বিশিষ্ট সেৱাৰ ৬৩টা গৌৰৱোজ্জ্বল বছৰ সম্পূৰ্ণ কৰিছে। সৰ্বভাৰতীয় সৈনিক বিদ্যালয় ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰি, প্ৰতিষ্ঠানটোৱে অনুশাসন, বন্ধুত্ব, ক্ৰীড়া আৰু উৎকৃষ্টতা উদযাপন কৰি সৈনিক বিদ্যালয়সমূহৰ সৰ্বোচ্চ পৰম্পৰা আৰু নৈতিকতা বজাই ৰাখিবলৈ প্ৰয়াস কৰি আহিছে।
SR/Ruchi/BC