প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ডিআৰডিঅ’ই অৰ্ধ-বেলিষ্টিক ক্ষেপণাস্ত্ৰ ‘প্ৰলয়’ৰ সফল উৰণ পৰীক্ষণ সম্পন্ন কৰিলে

পোষ্ট কৰা হৈছে: 05 NOV 2026 7:47PM by PIB Guwahati

ডিফেঞ্চ ৰিছাৰ্চ এণ্ড ডেভলপমেণ্ট অৰ্গেনাইজেচনে (ডিআৰডিঅ’) ২০২৬ চনৰ ৫ নৱেম্বৰৰ প্ৰায় ১১:১০ বজাত ওড়িশা উপকূলৰ ড° এ পি জে আব্দুল কালাম দ্বীপৰ পৰা অৰ্ধ-বেলিষ্টিক ক্ষেপণাস্ত্ৰ ‘প্ৰলয়’ৰ সফল উৰণ পৰীক্ষণ সম্পন্ন কৰে। চাণ্ডিপুৰৰ ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জে মোতায়েন কৰা বিভিন্ন পৰিসৰৰ যন্ত্ৰপাতিয়ে সংগ্ৰহ কৰা পৰীক্ষামূলক তথ্যৰ দ্বাৰা নিশ্চিত হোৱা অনুসৰি পৰীক্ষণটোৰ সকলো উদ্দেশ্য সম্পূৰ্ণৰূপে সফল হয়।

হায়দৰাবাদৰ ৰিছাৰ্চ চেণ্টাৰ ইমাৰতৰ লগতে ডিআৰডিঅ’ৰ অন্যান্য গৱেষণাগাৰসমূহে এই ক্ষেপণাস্ত্ৰটো সম্পূৰ্ণ স্বদেশী প্ৰযুক্তিৰে বিকশিত কৰিছে। উন্নয়ন তথা উৎপাদনৰ অংশীদাৰসমূহৰ অন্যতম ভাৰত ডায়নামিক্স লিমিটেডে এই ব্যৱস্থাটো প্ৰস্তুত কৰিছে। ব্যৱহাৰকাৰী মূল্যায়ন পৰীক্ষণৰ অংশ হিচাপে ডিআৰডিঅ’ৰ জ্যেষ্ঠ বিষয়া, উদ্যোগ ক্ষেত্ৰৰ প্ৰতিনিধি আৰু প্ৰতিৰক্ষা বাহিনীৰ উপস্থিতিত এই উৰণ পৰীক্ষণ অনুষ্ঠিত হয়। এই সফল পৰীক্ষণৰ লগে লগে এই প্ৰণালীটো সামৰিক বাহিনীত অন্তৰ্ভুক্ত কৰাটো নিশ্চিত হৈ পৰিল।

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে সফল উৰণ পৰীক্ষণৰ বাবে ডিআৰডিঅ’, প্ৰতিৰক্ষা বাহিনী আৰু উদ্যোগ অংশীদাৰসকলক প্ৰশংসা কৰে। তেওঁ কয় যে উন্নত প্ৰযুক্তিৰে সমৃদ্ধ এই ক্ষেপণাস্ত্ৰই উদীয়মান ভাবুকিৰ বিৰুদ্ধে সামৰিক বাহিনীৰ প্ৰযুক্তিগত সক্ষমতা আৰু অভিযানমূলক প্ৰস্তুতি অধিক বৃদ্ধি কৰিব।

প্ৰতিৰক্ষা সচিব তথা প্ৰতিৰক্ষা আৰ এণ্ড ডি বিভাগৰ সচিব আৰু ডিআৰডিঅ’ৰ অধ্যক্ষ শ্ৰী ৰাজেশ কুমাৰ সিঙে এই সফল উৰণ পৰীক্ষণৰ সৈতে জড়িত আটাইকেইটা দলকে অভিনন্দন জনায়।

***

SR/Savvy/MM


(ৰিলিজ আই ডি : 2333473) অতিথি কক্ষ : 3