পোষ্ট কৰা হৈছে:
05 NOV 2026 1:37PM by PIB Guwahati
ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে (MSME) মহিলা উদ্যোগীকৰণৰ প্ৰসাৰৰ উদ্দেশ্যে গ্ৰহণ কৰা যশস্বিনী অভিযানৰ অংশ হিচাপে ২০২৬ চনৰ ৪ নৱেম্বৰত নতুন দিল্লীৰ কৰ্তব্য ভৱন-৩ত “মহিলা নেতৃত্বাধীন এমএছএমই উদ্যোগসমূহক সহায় আগবঢ়োৱাৰ বাবে আত্মনিৰ্ভৰ ভাৰত (SRI) পুঁজি সম্পৰ্কীয় সজাগতা কৰ্মশালা”ৰ আয়োজন কৰে। এই অনুষ্ঠানত এমএছএমই মন্ত্ৰালয়ৰ সচিব শ্ৰী ভাৰত খেৰাই সভাপতিত্ব কৰে।
এই কৰ্মশালাত সমগ্ৰ দেশৰ ৬০ গৰাকীৰো অধিক মহিলা উদ্যোগীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি এম মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল, উদ্যোগ সংস্থাসমূহৰ প্ৰতিনিধি, NSIC Venture Capital Fund Limited (NVCFL), SBI Ventures Limited (SVL), SRI পুঁজিৰ অধীনস্থ ডটাৰ ফাণ্ডসমূহ, নীতি আয়োগৰ Women Entrepreneurship Platform (WEP) আৰু Atal Incubation Centre ALEAP ,Women Entrepreneurs Hub-ৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে।
এমএছএমই মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব তথা উন্নয়ন আয়ুক্ত ড০ ৰজনীশে SRI পুঁজিৰ যাত্ৰাৰ বিষয়ে এক সামগ্ৰিক আভাস দাঙি ধৰে। তেওঁ ব্যাখ্যা কৰে যে পৰম্পৰাগত ঋণৰ বাহিৰেও এমএছএমই উদ্যোগসমূহক ইকুইটি (Equity) মূলধনৰ সহায় আগবঢ়োৱাৰ উদ্দেশ্যে এই পুঁজিৰ পৰিকল্পনা কৰা হৈছিল। ভাৰত চৰকাৰে এই পুঁজিৰ বাবে ১০,০০০ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছিল আৰু ইয়াৰ সমপৰিমাণৰ চাৰিগুণ ব্যক্তিগত বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।
তেওঁ উল্লেখ কৰে যে SRI পুঁজিৰ সৈতে জড়িত কেইবাটাও বিনিয়োগ লাভ কৰা উদ্যোগে মাত্ৰ দুইৰ পৰা তিনি বছৰৰ ভিতৰতে নিজৰ ব্যৱসায়িক লেনদেনৰ পৰিমাণ তিনিৰ পৰা চাৰিগুণলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে আৰু পৰৱৰ্তী সময়ত ব্যক্তিগত উৎসৰ পৰাও অধিক মূলধন সংগ্ৰহ কৰিছে। তেওঁ উপস্থিত উদ্যোগ সংস্থাসমূহক তেওঁলোকৰ সদস্যসকলৰ মাজত এই পুঁজিৰ বিষয়ে সজাগতা বিয়পাই দিবলৈ আহ্বান জনায়।
উদ্বোধনী ভাষণত শ্ৰী ভাৰত খেৰাই কয় যে ২০২৬ চনৰ ৩০ অক্টোবৰত উদ্যম আৰু উদ্যম এচিষ্ট পৰ্টেলত পঞ্জীয়নৰ সংখ্যা ১০ কোটি অতিক্ৰম কৰিছে, যাৰ ফলত উদ্যোগসমূহক আনুষ্ঠানিক ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত থকা ব্যৱধান দূৰ হৈছে। ইয়াৰ ভিতৰত ৩৭.৬ শতাংশ উদ্যোগ মহিলাৰ মালিকানাধীন। এতিয়া এই অংশ ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে আগবাঢ়ি যোৱাৰ সংকল্প ল’ব লাগে বুলি তেওঁ মন্তব্য কৰে।
তেওঁ লগতে উল্লেখ কৰে যে উদ্যোগসমূহৰ আনুষ্ঠানিক পঞ্জীয়ন সম্পূৰ্ণ হোৱাৰ পিছত এমএছএমই মন্ত্ৰালয়ৰ দায়িত্ব অধিক বৃদ্ধি পাইছে, যাতে এই উদ্যোগসমূহৰ সম্প্ৰসাৰণ আৰু বিকাশত সহায় কৰিব পৰা যায়। এই ক্ষেত্ৰত উদ্যোগসমূহৰ বিকাশৰ বাবে প্ৰয়োজনীয় মূলধন (Growth Capital) অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰে।
শ্ৰী খেৰাই জনায় যে SRI পুঁজিৰ অধীনত ১০,০০০ কোটি টকাৰ মুঠ পুঁজিৰ বিপৰীতে ৮,৩০৫ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়া হৈছে আৰু ব্যক্তিগত ভেঞ্চাৰ কেপিটেল তথা প্ৰাইভেট ইকুইটি পুঁজিৰ পৰা প্ৰায় ৪৮,০০০ কোটি টকাৰ বিনিয়োগ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এই পুঁজিৰ অধীনত ৭২টা ডটাৰ ফাণ্ডক তালিকাভুক্ত কৰা হৈছে আৰু ইতিমধ্যে ৮২৪টা এমএছএমই উদ্যোগত ২১,৩৩০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে। ইয়াৰে প্ৰায় ৭৪ শতাংশই ক্ষুদ্ৰ উদ্যোগ।
সহায় লাভ কৰা উদ্যোগসমূহৰ ভিতৰত ৭৭টা উদ্যোগ উন্নীত হৈ অধিক বৃহৎ শ্ৰেণীলৈ উত্তৰণ ঘটাইছে, ছটা উদ্যোগ শ্বেয়াৰ বজাৰত তালিকাভুক্ত হৈছে আৰু ৩২টা বিনিয়োগ লাভজনকভাৱে প্ৰত্যাহাৰ কৰা হৈছে।
তেওঁ লগতে কয় যে ডটাৰ ফাণ্ডসমূহে বাণিজ্যিক নীতি অনুসৰি বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই ক্ষেত্ৰত উদ্যোগসমূহৰ কাৰ্যক্ষমতা, বিগত তিনি বছৰৰ বিকাশৰ ধাৰা আৰু ইতিবাচক নগদ ধনৰ প্ৰবাহ (Positive Cash Flow) থকা ব্যৱসায়িক পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়া হয়। চৰকাৰে এই ফাণ্ডসমূহৰ দৈনন্দিন কাৰ্যকলাপৰ পৰা নিজকে আঁতৰাই ৰাখে আৰু ডটাৰ ফাণ্ডসমূহৰ বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা পালন নকৰে।
সচিবগৰাকীয়ে ঋণ (Credit) আৰু ইকুইটি মূলধন (Equity) দুয়োটাই সমান্তৰালভাৱে আগবঢ়োৱাটো অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰে। তেওঁ কয় যে ২০১৪ চনত এমএছএমই খণ্ডৰ মুঠ ঋণৰ পৰিমাণ প্ৰায় ১০ লাখ কোটি টকা আছিল, যি বৰ্তমান ৪০ লাখ কোটি টকা অতিক্ৰম কৰিছে। একে সময়তে এমএছএমই খণ্ডৰ অনাদায়ী ঋণ (Non-Performing Assets বা NPA)ৰ পৰিমাণ হ্ৰাস পাই প্ৰায় ৩.৫ শতাংশ হৈছে।
তেওঁ লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে SRI পুঁজিলৈ অতিৰিক্ত ২,০০০ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰ উপৰি নতুনকৈ আৰম্ভ কৰা ১০,০০০ কোটি টকাৰ SME Growth Fund-ৰ বিষয়েও আলোকপাত কৰে, যিয়ে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহত পোনপটীয়াকৈ বিনিয়োগ কৰিব।
তেওঁ উদ্যোগীসকলক সঠিক বিত্তীয় নথি-পত্ৰ সংৰক্ষণ কৰিবলৈ আৰু উপযুক্ত আইনী গাঁথনি গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। লগতে তেওঁ কয় যে উদ্যোগত ইকুইটি মূলধন অন্তৰ্ভুক্ত কৰিলে ঋণ লাভৰ সুবিধাও বৃদ্ধি পায়।
‘মহিলা নেতৃত্বাধীন এমএছএমই উদ্যোগসমূহৰ বিকাশৰ যাত্ৰা – বিকাশমূলক মূলধন কিয় গুৰুত্বপূৰ্ণ’ শীৰ্ষক প্ৰথম অধিৱেশনত উদ্যোগ সংস্থাসমূহৰ প্ৰতিনিধিসকলে মহিলা উদ্যোগীসকলৰ সৈতে কাম কৰাৰ অভিজ্ঞতা ভাগ-বটোৱাৰা কৰে। তেওঁলোকে উল্লেখ কৰে যে প্ৰাৰম্ভিক পৰ্যায়ত থকা বহুতো মহিলা নেতৃত্বাধীন উদ্যোগক সৰু পৰিমাণৰ বিনিয়োগ, দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰসমূহত বিনিয়োগৰ বাবে প্ৰস্তুতিমূলক কাৰ্যসূচী, হিচাপ-নিকাচ আৰু ব্যৱসায়িক মূল্যায়নৰ ক্ষেত্ৰত সহায়ৰ প্ৰয়োজন। ইয়াৰ উপৰি জামিন বা দীৰ্ঘদিনীয়া বিত্তীয় বেলেন্স শ্বীটৰ অভিজ্ঞতা নথকা মহিলা উদ্যোগীসকলৰ বাবে বিনিয়োগৰ ক্ষেত্ৰত নমনীয়তা প্ৰদৰ্শন কৰাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁলোকে উল্লেখ কৰে।
তেওঁলোকে লগতে চৰকাৰী ই-মাৰ্কেটপ্লেচ (GeM), ONDC আৰু ৰপ্তানিৰ জৰিয়তে বজাৰ প্ৰৱেশাধিকাৰকে ধৰি মূলধনৰ সৈতে বজাৰ সংযোগৰ ব্যৱস্থা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। এনে সজাগতা কৰ্মশালাসমূহ নিয়মীয়াকৈ আয়োজন কৰাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁলোকে বিশেষভাৱে উল্লেখ কৰে।
SRI পুঁজিৰ বিনিয়োগ পৰিচালক SBI Ventures Limited-ৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী প্ৰেম প্ৰভাকৰে কয় যে বিকাশশীল উদ্যোগসমূহৰ বাবে ইকুইটি মূলধনৰ কৌশলগত গুৰুত্ব আছে। কাৰণ, ইয়াৰ বাবে কোনো জামিনৰ প্ৰয়োজন নহয় আৰু বিনিয়োগকাৰীসকলে নিৰ্দিষ্ট উদ্যোগ খণ্ডৰ সৈতে জড়িত পৰামৰ্শ, দিহা-পৰামৰ্শ আৰু প্ৰয়োজনীয় সহযোগিতা আগবঢ়ায়।
ডটাৰ ফাণ্ডসমূহৰ প্ৰতিনিধিসকলে বিনিয়োগৰ বাবে প্ৰয়োজনীয় চৰ্তসমূহৰ বিষয়ে ব্যাখ্যা কৰে। ইয়াৰ ভিতৰত আছে শক্তিশালী বজাৰ, দক্ষ আৰু সক্ষম দল, সম্প্ৰসাৰণযোগ্য ব্যৱসায়িক আৰ্হি, নিৰীক্ষিত বিত্তীয় নথি-পত্ৰ, সুশাসনৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি, প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে পঞ্জীয়ন আৰু মূলধন ব্যৱহাৰৰ স্পষ্ট পৰিকল্পনা।
তেওঁলোকে উদ্যোগীসকলক ইকুইটি পুঁজি লাভৰ বাবে অনুসৰণ কৰিবলগীয়া সাধাৰণ পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে। এই প্ৰক্ৰিয়াত প্ৰাৰম্ভিক নিৰীক্ষণৰ পৰা আৰম্ভ কৰি বিতং পৰীক্ষা-নিৰীক্ষা (Due Diligence) আৰু প্ৰয়োজনীয় নথি-পত্ৰ প্ৰস্তুত কৰালৈকে বিভিন্ন পৰ্যায় অন্তৰ্ভুক্ত হৈ থাকে।
তৃতীয় অধিৱেশনত উদ্যোগসমূহৰ পৰিৱেশতন্ত্ৰৰ সহযোগী সংস্থাসমূহৰ জৰিয়তে উপলব্ধ সহায়-সুবিধাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। Atal Incubation Centre ALEAP Women Entrepreneurs Hub আৰু নীতি আয়োগৰ Women Entrepreneurship Platform (WEP)-ৰ প্ৰতিনিধিসকলে মহিলা উদ্যোগীসকলৰ বাবে উপলব্ধ বিভিন্ন সহায়-সুবিধাৰ বিষয়ে উপস্থাপন কৰে। ইয়াৰ ভিতৰত আছে উদ্যোগ বিকাশৰ বাবে ইনকিউবেচন সুবিধা, পৰামৰ্শদান, বজাৰ প্ৰৱেশাধিকাৰ, চৰকাৰী আঁচনিসমূহৰ বিষয়ে তথ্য লাভৰ সুবিধা আৰু নিয়ম-নীতি পালনৰ ক্ষেত্ৰত সহায়।
কৰ্মশালাখনৰ ধাৰণা প্ৰস্তুতকৰণ, পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰত পৰিৱেশতন্ত্ৰৰ সহযোগী সংস্থা MicroSave Consulting (MSC)-এ কাৰিকৰী সহায় আগবঢ়ায়।
সামৰণি অধিৱেশনত এক মত-বিনিময়মূলক প্ৰশ্নোত্তৰ পৰ্ব অনুষ্ঠিত হয়। এই পৰ্বত অংশগ্ৰহণকাৰীসকলে ডটাৰ ফাণ্ডসমূহৰ সৈতে কেনেদৰে যোগাযোগ কৰিব পাৰি, একক মালিকানাধীন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক বিনিয়োগৰ বাবে কেনেদৰে প্ৰস্তুত কৰিব পাৰি, নিৰ্দিষ্ট উদ্যোগ খণ্ডৰ বাবে থকা পুঁজিসমূহৰ বিষয়ে আৰু প্ৰযুক্তি তথা আন্তঃগাঁথনিগত সহায়ৰ দৰে বিভিন্ন বিষয় উত্থাপন কৰে।
এই উপলক্ষে জনোৱা হয় যে SRI পুঁজিৰ বিশেষ উদ্দেশ্যপ্ৰণোদিত সংস্থা (Special Purpose Vehicle) NSIC Venture Capital Fund Limited-ৰ ৱেবছাইটত ৭২টা ডটাৰ ফাণ্ডৰ সবিশেষ তথ্য আছে। ইয়াৰ ভিতৰত ফাণ্ডসমূহৰ নিৰ্দিষ্ট উদ্যোগ খণ্ডৰ প্ৰতি থকা আগ্ৰহ আৰু যোগাযোগৰ তথ্যও অন্তৰ্ভুক্ত আছে।
কৰ্মশালাখনৰ সামৰণিত এমএছএমই মন্ত্ৰালয়ে ভৱিষ্যতেও যশস্বিনী অভিযানৰ জৰিয়তে মহিলা উদ্যোগীকৰণৰ প্ৰসাৰৰ বাবে নিৰন্তৰ সহযোগিতা আগবঢ়াই যোৱাৰ আশ্বাস প্ৰদান কৰে।


Sunil Kumar Tiwari/SD