পোষ্ট কৰা হৈছে:
05 NOV 2026 12:19PM by PIB Guwahati
গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভূমি সম্পদ বিভাগ (DoLR), কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰ এলেকা প্ৰাধিকৰণ (NRAA) আৰু নাগপুৰস্থিত আইচিএআৰ–ৰাষ্ট্ৰীয় মাটি জৰীপ আৰু ভূমি ব্যৱহাৰ পৰিকল্পনা ব্যুৰো (ICAR–NBSS&LUP)-ৰ সহযোগত বিশ্ব বেংকৰ সহযোগিতাৰে ৰূপায়ণ কৰা ‘কৃষি স্থিতিস্থাপকতাৰ বাবে উদ্ভাৱনীমূলক উন্নয়নৰ জৰিয়তে জলবিভাজিকাসমূহৰ পুনৰুজ্জীৱন’ (REWARD) কাৰ্যসূচীৰ অধীনত উন্নত জলবিভাজিকা ব্যৱস্থাপনাৰ বাবে প্ৰস্তুত কৰা খচৰা ৰাষ্ট্ৰীয় কাৰিকৰী নিৰ্দেশনাৱলী (NTG) সম্পৰ্কে দুদিনীয়া তৃতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰামৰ্শমূলক বৈঠকৰ আয়োজন কৰা হৈছে। ২০২৬ চনৰ ৪–৫ নৱেম্বৰত নাগপুৰস্থিত ICAR–NBSS&LUP-ত এই বৈঠক অনুষ্ঠিত হৈছে।
এই পৰামৰ্শমূলক বৈঠকত জ্যেষ্ঠ নীতিনিৰ্ধাৰক, কাৰিকৰী বিশেষজ্ঞ, উন্নয়ন সহযোগী, গৱেষক আৰু বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। বৈঠকত বৈজ্ঞানিক, প্ৰযুক্তিনিৰ্ভৰ, ব্যয়আশ্ৰয়ী আৰু অংশগ্ৰহণমূলক পদ্ধতিৰ জৰিয়তে জলবিভাজিকা উন্নয়নক অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হৈছে।
উদ্বোধনী অধিৱেশনত ভূমি সম্পদ বিভাগৰ সচিব শ্ৰী দিলীপ কুমাৰ, আই এ এছ, ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰ এলেকা প্ৰাধিকৰণৰ (NRAA) মুখ্য কাৰ্যবাহী বিষয়া ড° চন্দ্ৰ শেখৰ কুমাৰ, আই এ এছ, ভূমি সম্পদ বিভাগৰ যুটীয়া সচিব শ্ৰী নীতিন খাড়ে, আই এ এছ, বিশ্ব বেংকৰ জ্যেষ্ঠ কৃষি বিশেষজ্ঞ তথা টাস্ক টীম লীডাৰ শ্ৰীমতী প্ৰীতি কুমাৰ, NRAA-ৰ কাৰিকৰী বিশেষজ্ঞ (জলবিভাজিকা উন্নয়ন) ড° সুষমা সুধীশ্ৰী আৰু ICAR-NBSS&LUP-ৰ সঞ্চালক ড° এন. জি. পাটিলৰ লগতে আন বিশিষ্ট প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰি ভূমি সম্পদ বিভাগৰ সচিব শ্ৰী দিলীপ কুমাৰে জলবিভাজিকা উন্নয়ন কাৰ্যসূচীসমূহৰ ক্ষেত্ৰত বৈজ্ঞানিক কঠোৰতা আৰু ব্যৱহাৰিক ৰূপায়ণৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে কাৰিকৰী নিৰ্দেশনাৱলী ইমান কঠোৰ হোৱা উচিত নহয়, যাতে ইয়াৰ ফলত ক্ষেত্ৰ পৰ্যায়ত কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয়। ৰাজ্যসমূহৰ প্ৰতিষ্ঠানগত সামৰ্থ্য, কাৰিকৰী দক্ষতা আৰু ভিন্ন প্ৰশাসনিক ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক প্ৰয়োজনীয় নমনীয়তা প্ৰদান কৰিব লাগে বুলিও তেওঁ মত প্ৰকাশ কৰে।
দক্ষ বিত্তীয় ব্যৱস্থাপনাৰ গুৰুত্বত আলোকপাত কৰি তেওঁ বিভাগলৈ আবণ্টিত পুঁজি ৰাজ্যসমূহে ফলপ্ৰসূভাৱে আৰু ক্ষিপ্ৰতাৰে ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰে।
শ্ৰী দিলীপ কুমাৰে সকলো ৰাজ্যই একেধৰণে অনুসৰণ কৰিবলগীয়া কিছুমান অত্যাৱশ্যকীয় মাপকাঠী নিৰ্ধাৰণ কৰাত গুৰুত্ব আৰোপ কৰে। একে সময়তে, স্থানীয় প্ৰয়োজনীয়তা অনুসৰি অন্যান্য আকাংক্ষিত মাপকাঠী গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহক নমনীয়তা প্ৰদান কৰাৰ আহ্বান জনায়।
তেওঁ WDC-PMKSY 2.0-ৰ ফলাফল মূল্যায়ন, ৰূপায়ণৰ ক্ষেত্ৰত থকা ব্যৱধানসমূহ চিনাক্তকৰণ আৰু WDC-PMKSY 3.0-ৰ ফলপ্ৰসূ পৰিকল্পনা তথা ৰূপায়ণৰ বাবে অভিজ্ঞতাৰ পৰা শিক্ষা আহৰণ কৰাৰ উদ্দেশ্যে শক্তিশালী ভিত্তিমূলক তথ্যভাণ্ডাৰ প্ৰস্তুত কৰা আৰু বিস্তৃত প্ৰভাৱ মূল্যায়ন সম্পন্ন কৰাতো গুৰুত্ব আৰোপ কৰে।
তেওঁ লগতে জলবিভাজিকা উন্নয়ন কাৰ্যসূচীসমূহ যাতে কৃষক আৰু স্থানীয় সম্প্ৰদায়ৰ বাবে দৃশ্যমান আৰু বাস্তৱিক সুফল প্ৰদানৰ ওপৰত কেন্দ্ৰিত হৈ থাকে, সেই বিষয়ত গুৰুত্ব আৰোপ কৰে। বৈজ্ঞানিক হস্তক্ষেপসমূহে এনে ব্যৱহাৰিক আৰু স্থান-নিৰ্দিষ্ট সমাধানৰ ৰূপ ল’ব লাগিব, যিসমূহ তৃণমূল পৰ্যায়ত ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব পৰা যায়। প্ৰতিষ্ঠানগত দায়বদ্ধতা শক্তিশালী কৰা আৰু ৰূপায়ণৰ মান উন্নত কৰাৰ উদ্দেশ্যে তেওঁ ভাল প্ৰদৰ্শন কৰা ৰাজ্যসমূহ আৰু ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক স্বীকৃতি প্ৰদান আৰু উৎসাহিত কৰাৰ আহ্বান জনায়।
শ্ৰী দিলীপ কুমাৰে উল্লেখ কৰে যে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় কাৰিকৰী নিৰ্দেশনাৱলীসমূহ ব্যৱহাৰিক আৰু ৰূপায়ণযোগ্য দৃষ্টিভংগীৰে চূড়ান্ত কৰা উচিত। তেওঁ দৃঢ় বিশ্বাস প্ৰকাশ কৰে যে নমনীয় আৰু বাস্তৱসন্মত ৰূপায়ণৰ কাৰ্যপ্ৰণালীৰ জৰিয়তে নিৰ্ধাৰিত লক্ষ্যসমূহৰ ৮০–৯০ শতাংশ সফলতাৰে অৰ্জন কৰাটো অত্যধিক কঠোৰ মান গ্ৰহণ কৰাতকৈ অধিক অৰ্থপূৰ্ণ হ’ব।
NRAA-ৰ মুখ্য কাৰ্যবাহী বিষয়া ড° চি. এছ. কুমাৰে জলবিভাজিকা উন্নয়ন কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ পৰিকল্পনা আৰু ৰূপায়ণৰ বাবে তথ্যৰ সহজলভ্যতা আৰু উপলব্ধতাৰ গুৰুত্বপূৰ্ণ দিশটোৰ ওপৰত আলোকপাত কৰে। তেওঁ বিভিন্ন পৰ্যায়ৰ অংশীদাৰসকলৰ সামৰ্থ্য বৃদ্ধিৰ বাবে বিস্তৃত প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰাৰ লগতে পূৰ্বৰ পৰা লাভ কৰা তথ্যসমষ্টি আৰু বিদ্যমান বৈজ্ঞানিক তথ্যসমূহৰ ফলপ্ৰসূ ব্যৱহাৰৰ পোষকতা কৰে।
তেওঁ লগতে ফলপ্ৰসূ আৰু সংহত জলবিভাজিকা পৰিকল্পনাৰ সুবিধাৰ্থে ওড়িশা আৰু কৰ্ণাটকত বিকশিত ব্যৱস্থাসমূহৰ সৰ্বোত্তম বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰি সুসংগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সিদ্ধান্ত গ্ৰহণ সহায়ক ব্যৱস্থা (Decision Support System) বিকশিত কৰাতো গুৰুত্ব আৰোপ কৰে।
এই উপলক্ষে ভাষণ প্ৰদান কৰি শ্ৰী নীতিন খাড়েই ৰাষ্ট্ৰীয় কাৰিকৰী নিৰ্দেশনাৱলী (NTGs) নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চূড়ান্ত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে এই পৰামৰ্শমূলক বৈঠকখন খচৰা নিৰ্দেশনাৱলীসমূহ সম্পূৰ্ণ কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ লগতে গুৰুত্ব আৰোপ কৰে যে এই নিৰ্দেশনাৱলীসমূহে ভৱিষ্যতৰ জলবিভাজিকা উন্নয়ন কাৰ্যসূচীসমূহৰ বাবে মৌলিক কাৰ্যপ্ৰণালী হিচাপে কাম কৰিব।
২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ কথা উল্লেখ কৰি শ্ৰী খাড়েই বৰষুণ নিৰ্ভৰ এলেকাসমূহৰ বৈজ্ঞানিক পদ্ধতিৰে উন্নয়ন সাধনৰ জৰিয়তে খৰাং-প্ৰতিৰোধী ভাৰত গঢ়ি তোলাত অৰিহণা যোগোৱাৰ আকাংক্ষাৰ ওপৰত আলোকপাত কৰে।
ভূমি সম্পদৰ তথ্য-তালিকা (Land Resource Inventory–LRI)-ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে LRI-ভিত্তিক বৈজ্ঞানিক তথ্য, ডিজিটেল মাটি পুথিভঁৰাল আৰু সিদ্ধান্ত গ্ৰহণ সহায়ক ব্যৱস্থাই (DSS) জলবিভাজিকা পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিব পাৰে। এই সঁজুলিসমূহে সহজে ব্যৱহাৰ কৰিব পৰা ডিজিটেল মঞ্চৰ জৰিয়তে গাঁও পৰ্যায়ৰ সম্প্ৰদায় আৰু ব্যক্তিগত কৃষকসকলক মাটি আৰু পানী সংৰক্ষণ পৰিকল্পনা, শস্যৰ আৰ্হি তথা পুষ্টি ব্যৱস্থাপনাৰ সন্দৰ্ভত তথ্যভিত্তিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম কৰিব পাৰে।
বৃহৎ এলেকাসমূহ সামৰি ডিজিটেল মেপিঙৰ বাবে মাটিৰ তথ্যভাণ্ডাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ICAR-NBSS&LUP আৰু ভাৰতৰ মাটি আৰু ভূমি ব্যৱহাৰ জৰীপ সংস্থা (SLUSI)-ৰ অৱদানৰ তেওঁ শলাগ লয়। তেওঁ লগতে উল্লেখ কৰে যে ভৱিষ্যতৰ জলবিভাজিকা উন্নয়ন কাৰ্যসূচীসমূহৰ অধীনত ভূমি সম্পদৰ তথ্য-তালিকা (LRI)-ৰ সামৰি লোৱা এলেকাৰ পৰিসৰ নিৰ্ধাৰণ কৰোঁতে ইতিমধ্যে উপলব্ধ তথ্যসমষ্টি, ৰূপায়ণৰ সময়সীমা, ব্যয়-সাশ্ৰয়িতা আৰু ক্ষেত্ৰ পৰ্যায়ত কাৰ্যকৰী কৰাৰ সম্ভাৱনীয়তা বিবেচনা কৰা উচিত।
শ্ৰী খাড়েই WDC-PMKSY 2.0-ৰ অধীনত প্ৰকল্পসমূহৰ ৰূপায়ণৰ গতি ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে WDC-PMKSY 1.0-ৰ অধীনত প্ৰকল্পসমূহৰ সময়সীমা সাত বছৰ থকাৰ বিপৰীতে WDC-PMKSY 2.0-ৰ অধীনত সেয়া ক্ৰমান্বয়ে হ্ৰাস কৰি পাঁচ বছৰ কৰা হৈছে।
তেওঁ লগতে স্থানীয় প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ভৌগোলিক তথ্য ব্যৱস্থা (GIS), দূৰ সংবেদন প্ৰযুক্তি (Remote Sensing), উচ্চ-ৰিজ’লিউচনৰ উপগ্ৰহীয় ছবি আৰু ড্ৰোন প্ৰযুক্তিৰ যথাযথ ব্যৱহাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
সম্প্ৰদায়ৰ অংশগ্ৰহণৰ গুৰুত্বত আলোকপাত কৰি তেওঁ জীৱিকাৰ উন্নয়ন, মূল্য সংযোজন আৰু উন্নত বজাৰ সুবিধা নিশ্চিত কৰাৰ বাবে কৃষক উৎপাদক সংস্থা (FPOs), ব্যৱহাৰকাৰী গোট (UGs), আত্মসহায়ক গোট (SHGs) আৰু অন্যান্য সম্প্ৰদায়ভিত্তিক প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
তেওঁ লগতে প্ৰকল্পৰ সময়সীমা সমাপ্ত হোৱাৰ পিছতো জল সংৰক্ষণৰ গাঁথনিসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত সম্প্ৰদায়ৰ নিজস্ব দায়বদ্ধতা আৰু সক্ৰিয় অংশগ্ৰহণ শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাতো গুৰুত্ব আৰোপ কৰে।
ICAR-NBSS&LUP-ৰ সঞ্চালক ড° এন. জি. পাটিলে সংহত জলবিভাজিকা পৰিকল্পনা আৰু ভূ-দৃশ্যপটৰ উন্নয়নৰ বাবে সামগ্ৰিক আৰু বিজ্ঞানভিত্তিক পদ্ধতি হিচাপে ভূমি সম্পদৰ তথ্য-তালিকা (Land Resource Inventory–LRI)-ৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে।
এই পৰামৰ্শমূলক বৈঠকত ভূমি সম্পদ বিভাগ, NRAA, বিশ্ব বেংক, REWARD প্ৰকল্পৰ অন্তৰ্ভুক্ত ওড়িশা আৰু কৰ্ণাটক ৰাজ্যৰ প্ৰতিনিধি, বেচৰকাৰী সংস্থা (NGO), ICRISAT, WASSAN, NRSC আৰু MANAGE-কে ধৰি বিভিন্ন সহযোগী সংস্থা, NABARD আৰু ICAR-ৰ বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে।
দুদিনীয়া এই পৰামৰ্শমূলক বৈঠকখনে ভূমি সম্পদৰ তথ্য-তালিকা (LRI), জলবৈজ্ঞানিক মূল্যায়ন, ভৌগোলিক তথ্য ব্যৱস্থা (GIS) আৰু দূৰ সংবেদন প্ৰযুক্তিৰ প্ৰয়োগ, সিদ্ধান্ত গ্ৰহণ সহায়ক ব্যৱস্থা (DSS), সম্প্ৰদায়ৰ অংশগ্ৰহণ, জীৱিকা সম্পৰ্কীয় পদক্ষেপ তথা নিৰীক্ষণ আৰু মূল্যায়ন ব্যৱস্থাৰ সন্দৰ্ভত বিস্তৃত কাৰিকৰী আলোচনা আৰু জ্ঞানৰ আদান-প্ৰদানৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে।
এই আলোচনাসমূহে বিশ্ব বেংকৰ সহযোগিতাত ৰূপায়ণ কৰা REWARD কাৰ্যসূচীৰ অধীনত ৰাষ্ট্ৰীয় কাৰিকৰী নিৰ্দেশনাৱলী চূড়ান্ত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। এই নিৰ্দেশনাৱলীসমূহে WDC-PMKSY 3.0-ৰ বাবেও গুৰুত্বপূৰ্ণ কাৰিকৰী অৱদান আগবঢ়াব। ইয়াৰ জৰিয়তে ৰাজ্যসমূহত বিজ্ঞানভিত্তিক, ব্যয়আশ্ৰয়ী, সম্প্ৰসাৰণযোগ্য আৰু অংশগ্ৰহণমূলক জলবিভাজিকা পৰিকল্পনা, ৰূপায়ণ তথা নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাত সহায়ক হ'ব।
এই পৰামৰ্শমূলক বৈঠকে বিজ্ঞানভিত্তিক আৰু বহনক্ষম জলবিভাজিকা ব্যৱস্থাপনাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সহনশীল ভূ-দৃশ্যপট গঢ়ি তোলা, জল সুৰক্ষা শক্তিশালী কৰা আৰু কৃষক সম্প্ৰদায়ৰ জীৱিকাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ সামূহিক দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিছে।

***
SS/HR/SD