মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

বাৰাণসীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত উচ্চপৰ্যায়ৰ বৈঠকত ‘কাশী তামিল সংগম ৫.০’ৰ প্ৰস্তুতিৰ পৰ্যালোচনা

‘তিৰুক্কুৰল পয়িলভম-তিৰুক্কুৰল অভ্যাস কৰেণ’ মূল বিষয়বস্তুৰে ২০২৬ চনৰ ২৮ নৱেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব কেটিএছ ৫.০

পোষ্ট কৰা হৈছে: 04 NOV 2026 8:06PM by PIB Guwahati

২০২৬ চনৰ ৩ নৱেম্বৰত বাৰাণসীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত (বিএইচইউ) ‘কাশী তামিল সংগম ৫.০’ৰ (কেটিএছ ৫.০) প্ৰস্তুতি আৰু আন্তঃসংস্থা সমন্বয় পৰ্যালোচনাৰ বাবে  উচ্চপৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব শ্ৰীমতী দীপ্তি গৌৰ মুখাৰ্জীয়ে সভাপতিত্ব কৰে।

বৈঠকত বিএইচইউৰ উপাচাৰ্য অধ্যাপক অজিত কুমাৰ চতুৰ্বেদী, উত্তৰ প্ৰদেশ চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব (উচ্চ শিক্ষা) শ্ৰী অমিত কুমাৰ ঘোষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন, বিএইচইউ আৰু ভাৰতীয় ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াৰ লগতে অন্যান্য মুখ্য অংশীদাৰসকলে অংশগ্ৰহণ কৰে।

বৈঠকখনত আন্তঃবিভাগীয় আৰু জিলা পৰ্যায়ৰ প্ৰশাসনিক সমন্বয়, আইআৰচিটিচিৰ দ্বাৰা বিশেষ ৰে’ল পৰিবহণ ব্যৱস্থা আৰু অন্যান্য লজিষ্টিকছ, আন্তঃগাঁথনিমূলক সুবিধা, প্ৰদৰ্শনী, শিক্ষামূলক ভ্ৰমণ, কেটিএছ ৫.০-ৰ অংশ হিচাপে অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক কাৰ্যসূচী আদি বিষয়ত আলোচনা কৰা হয়। পৰিচালনাৰ প্ৰস্তুতি মূল্যায়নৰ বাবে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে নমো ঘাটকে ধৰি বিভিন্ন অনছাইট আৰু অফছাইট স্থানসমূহো পৰিদৰ্শন কৰে।

কেটিএছৰ পঞ্চম সংস্কৰণ ‘তিৰুক্কুৰল পয়িলভম-তিৰুক্কুৰল অভ্যাস কৰেণ’ মূল বিষয়বস্তুৰে ২০২৬ চনৰ ২৮ নৱেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব। কেটিএছ ৫.০-ৰ লক্ষ্য হৈছে ধ্ৰুপদী তামিল গ্ৰন্থ ‘তিৰুক্কুৰল’ৰ চিৰন্তন নৈতিক আৰু চৰিত্ৰগঠনমূলক জ্ঞানক সমগ্ৰ দেশৰ যুৱক-যুৱতী তথা শিক্ষাৰ্থীসকলৰ ওচৰলৈ লৈ যোৱা।

এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিটো দলত প্ৰায় ২০০জনকৈ থকা সাতটা দলত বিভক্ত হৈ তামিলনাডুৰ প্ৰায় ১,৪০০ গৰাকী অংশগ্ৰহণকাৰীয়ে আঠদিনীয়া ভ্ৰমণত অংশ ল’ব; যাৰ ভিতৰত চাৰি দিনৰ যাত্ৰা আৰু চাৰি দিনৰ ভ্ৰমণ তথা নিৰ্ধাৰিত কাৰ্যসূচী অন্তৰ্ভুক্ত থাকিব। এই ভ্ৰমণসূচীত বাৰাণসী, প্ৰয়াগৰাজ আৰু অযোধ্যা ভ্ৰমণৰ লগতে সাংস্কৃতিক, শৈক্ষিক, বিষয়ভিত্তিক আৰু আধ্যাত্মিক কাৰ্যসূচী অন্তৰ্ভুক্ত থাকিব। তামিলনাডুৰ ৫০ গৰাকী শিক্ষকেও কেটিএছ ৫.০-ৰ সময়ছোৱাত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰি বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত তিৰুক্কুৰল পাঠদান কৰিব।

২০২৬ চনৰ ২২ অক্টোবৰত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে কেটিএছ ৫.০-ৰ ৱেব পৰ্টেল আৰু প্ৰতিনিধি পঞ্জীয়ন প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে মুকলি কৰে।

বিভিন্ন শৈক্ষিক শাখা আৰু ভাষিক পটভূমিৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তিৰুক্কুৰলৰ ব্যাপক প্ৰচাৰৰ বাবে সমগ্ৰ দেশৰ ১,০০০ খন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ (এইচইআই) জৰিয়তে  দেশজোৰা ছাত্ৰ অংশগ্ৰহণ কাৰ্যসূচীও গ্ৰহণ কৰা হ’ব। এই পদক্ষেপৰ অধীনত তিৰুক্কুৰলৰ শিক্ষা আৰু মূল্যবোধৰ বহুল প্ৰসাৰৰ উদ্দেশ্যে সুসংগঠিত অধ্যয়ন, গৱেষণা আৰু চৌহদভিত্তিক কাম-কাজ অন্তৰ্ভুক্ত থাকিব। এই সন্দৰ্ভত বিতং তথ্য www.kts.cict.in ত আছে।

চেন্নাইৰ চেন্ট্ৰেল ইনষ্টিটিউট অব্ ক্লাছিকেল তামিলে (চিআইচিটি) ডিজিটেল প্ৰচাৰ, প্ৰকাশন আৰু প্ৰতিষ্ঠানিক যোগাযোগৰ নেতৃত্ব বহন কৰিছে; আনহাতে আইআইটি মাদ্ৰাজ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে ক্ৰমে তামিলনাডু আৰু কাশীৰ বাবে নোডেল সমন্বয়ক প্ৰতিষ্ঠান হিচাপে কাম কৰি আছে।

 

******

RRTN/MM


(ৰিলিজ আই ডি : 2332917) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Tamil