পোষ্ট কৰা হৈছে:
04 NOV 2026 5:19PM by PIB Guwahati
ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ স্বায়ত্তশাসিত সংস্থা, হায়দৰাবাদৰ নেচনেল ইনষ্টিটিউট অব্ এগ্ৰিকালচাৰেল এক্সটেনচন মেনেজমেন্টক (মেনেজ) ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰালয়ে (এমএছডিই) কৃষি খণ্ডত ‘চেণ্টাৰ অব্ এক্সেলেন্স-স্কিলছ’ (চিঅ’ই-স্কিলছ) হিচাপে স্বীকৃতি প্ৰদান কৰিছে।
১৯৮৭ চনত প্ৰতিষ্ঠা হোৱা এই প্ৰতিষ্ঠানটোৰ লক্ষ্য হৈছে দেশৰ কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক শক্তিশালী কৰা। প্ৰতিষ্ঠানটোৱে কৃষি সম্প্ৰসাৰণৰ ক্ষেত্ৰত প্ৰশিক্ষণ, পৰামৰ্শ, গৱেষণা আৰু নীতিগত সহায় আগবঢ়ায়। মেনেজে ‘পোষ্ট গ্ৰেজুৱেট ডিপ্লমা ইন এগ্ৰি-ৱেৰহাউচিং মেনেজমেন্ট’ (পিজিডিএডব্লিউএম) আৰু ‘পোষ্ট গ্ৰেজুৱেট ডিপ্লমা ইন এগ্ৰিকালচাৰেল এক্সটেনচন মেনেজমেন্ট’ৰ (পিজিডিএইএম) দৰে শৈক্ষিক পাঠ্যক্ৰমো আগবঢ়ায়। ইয়াৰ উপৰি প্ৰতিষ্ঠানটোৱে ‘পোষ্ট-গ্ৰেজুৱেট ডিপ্লমা ইন মেনেজমেন্ট (এগ্ৰি-বিজনেছ মেনেজমেন্ট)’ শীৰ্ষক দুবছৰীয়া নিয়মীয়া পাঠ্যক্ৰমো পৰিচালনা কৰে। কৃষি সম্প্ৰসাৰণ কাৰ্যকৰ্তাসকলৰ সক্ষমতা বৃদ্ধি কৰা, কৃষি সম্প্ৰসাৰণত উদ্ভাৱনীমূলক দৃষ্টিভংগীক প্ৰসাৰিত কৰা আৰু কৃষি খণ্ডত উদ্যোগশীলতা বিকাশ সুচল কৰি তোলাৰ ক্ষেত্ৰত মেনেজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। নিজৰ প্ৰশিক্ষণ কাৰ্যসূচী, জ্ঞান আদান-প্ৰদানৰ পদক্ষেপ আৰু প্ৰতিষ্ঠানিক কাম-কাজৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে কৃষি পেছাদাৰী তথা সম্ভাৱ্য উদ্যোগীসকলক প্ৰাসংগিক জ্ঞান আৰু দক্ষতাত পাৰদৰ্শী কৰি তুলিবলৈ কাম কৰি আছে।
২০২৬ চনৰ ২ নৱেম্বৰত নতুন দিল্লীৰ কৌশল ভৱনত আয়োজিত অনুষ্ঠানত মন্ত্ৰালয়ে প্ৰদান কৰা স্বীকৃতি প্ৰমাণপত্ৰৰ জৰিয়তে ‘চেণ্টাৰ অব্ এক্সেলেন্স’ হিচাপে এই স্বীকৃতি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ (এমএছডিই) সচিব শ্ৰীমতী দেৱশ্ৰী মুখাৰ্জীয়ে মেনেজক এই প্ৰমাণপত্ৰ প্ৰদান কৰে। এই স্বীকৃতি তিনি বছৰৰ বাবে বৈধ থাকিব।
এই তালিকাভুক্তিয়ে প্ৰতিষ্ঠানটোক দক্ষতা বিকাশৰ দিশত বহুমুখী কাম কৰাৰ সুযোগ প্ৰদান কৰিব, যিটো কৃষি আৰু দেশৰ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ। দক্ষ, সক্ষম আৰু উদ্যমী কৰ্মশক্তি গঢ়ি তোলাৰ ভাৰত চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ই কৃষি দক্ষতা বিকাশ আৰু উদ্যোগশীলতাত মেনেজৰ অংশগ্ৰহণক আৰু অধিক শক্তিশালী কৰিব। এই স্বীকৃতিয়ে কৃষি সম্প্ৰসাৰণক আগুৱাই নিয়া, প্ৰতিষ্ঠানিক সক্ষমতা শক্তিশালী কৰা, উদ্যোগশীলতাক প্ৰসাৰিত কৰা আৰু দেশত দক্ষ তথা গতিশীল কৃষি কৰ্মশক্তি গঢ়ি তোলাত অৰিহণা যোগোৱাৰ বাবে মেনেজৰ নিৰন্তৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰে।
মেনেজৰ সঞ্চালক প্ৰধান তথা যুটীয়া সচিব (সম্প্ৰসাৰণ) শ্ৰী সঞ্জয় কুমাৰ আগৰৱাল, আইএএছৰ নেতৃত্বত ড০ কে চি গুম্মাগোলমথ, ড০ বিনীতা কুমাৰী আৰু ড০ শলেন্দ্ৰক লৈ গঠিত দলটোৱে দেশৰ দক্ষতা বিকাশ অভিযানত অৰিহণা যোগোৱাৰ এই দৃষ্টিভংগী গঢ়ি তুলিছিল, যাৰ এটা অন্যতম মুখ্য উপাদান আছিল এই তালিকাভুক্তি।
মেনেজৰ সঞ্চালক প্ৰধান তথা যুটীয়া সচিব (সম্প্ৰসাৰণ) শ্ৰী সঞ্জয় কুমাৰ আগৰৱাল, আইএএছে এই তালিকাভুক্তিক উল্লেখনীয় মাইলৰ খুঁটি বুলি অভিহিত কৰে, যিয়ে সক্ষমতা বিকাশৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে বজাই ৰখা নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু উচ্চ মানক প্ৰতিফলিত কৰে। তেওঁ কয় যে এই স্বীকৃতিয়ে কাৰ্যসূচী ৰূপায়ণৰ মান অধিক শক্তিশালী কৰাৰ আৰু দেশৰ দক্ষতা বিকাশ অভিযানলৈ প্ৰতিষ্ঠানটোৰ অৱদান বৃদ্ধি কৰাৰ বৃহৎ দায়িত্ব বহন কৰিছে।

*****
SS/DK/MM