লোকসভা সচিবালয়
ভাৰতৰ সংসদ আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানমণ্ডলসমূহৰ লোকলেখা সমিতিৰ অধ্যক্ষসকলৰ সন্মিলনত গৃহীত প্ৰস্তাৱ
পোষ্ট কৰা হৈছে:
04 NOV 2026 4:20PM by PIB Guwahati
‘অডিট, দায়বদ্ধতা আৰু সুশাসন – লোকলেখা সমিতিৰ ক্ৰমবৰ্ধমান ভূমিকা’ শীৰ্ষক সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনত অনুষ্ঠিত আলোচনাসমূহক বিবেচনা কৰি আমি এই মৰ্মে সংকল্প গ্ৰহণ কৰিলোঁ—
- বিতৰণ কৰা ৰাজহুৱা পুঁজি যিবোৰ নিৰ্দিষ্ট সেৱা বা উদ্দেশ্যৰ বাবে ধাৰ্য কৰা হৈছিল তাৰ বাবে আইনগতভাৱে উপলব্ধ আছিল নে নাই সেয়া পৰীক্ষা কৰিবলৈ কঠোৰ পৰীক্ষণ মান বজাই ৰখা, যাৰ জৰিয়তে চৰকাৰী কোষাগাৰ সুৰক্ষিত কৰিব পৰা যায়;
- ডিজিটেল পৰ্টেল গঢ়ি তুলি সংসদ আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ লোকলেখা সমিতিসমূহৰ মাজত ধাৰাবাহিক পাৰস্পৰিক শিক্ষণ, উৎকৃষ্ট কাৰ্যপদ্ধতিৰ আদান-প্ৰদান আৰু পদ্ধতিগত উদ্ভাৱনসমূহ ভাগ-বতৰা কৰাৰ বাবে শক্তিশালী ব্যৱস্থা স্থাপন কৰা;
- সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলতে অডিট দফাসমূহৰ ওপৰত গ্ৰহণ কৰা পদক্ষেপৰ বিৱৰণ (একচন টেকেন নোটছ) তথা লোকলেখা সমিতিৰ পৰামৰ্শাৱলী দাখিলৰ বাবে মানক সময়সীমা নিৰ্ধাৰণ কৰিবলৈ কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা;
- সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ পিএচিত ‘অডিট পেৰা মনিটৰিং ছিষ্টেম’ৰ (এপিএমএছ) দৰে ডিজিটেল তদাৰকী ব্যৱস্থাৰ বিকাশ নিশ্চিত কৰা;
- বিশেষ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ দ্বাৰা নিয়মীয়া প্ৰশিক্ষণ/অৰিয়েণ্টেচন অনুষ্ঠিত কৰি পিএচি সচিবালয়সমূহৰ প্ৰাতিষ্ঠানিক সক্ষমতা বৃদ্ধি কৰা আৰু জটিল কাৰিকৰী তথা বিত্তীয় বিষয়সমূহ পৰীক্ষা কৰাৰ বাবে সদস্যসকলক বিশ্লেষণাত্মক সঁজুলিৰে সজ্জিত কৰা;
- বাকী থকা অডিট পৰ্যবেক্ষণসমূহ পৰীক্ষা আৰু নিষ্পত্তি কৰিবলৈ প্ৰতি মাহে অন্ততঃ তিনিখন বৈঠক অনুষ্ঠিত কৰা আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানমণ্ডলৰ পিএচিসমূহত উপ-সমিতি গঠনৰ বিষয়টি বিবেচনা কৰা;
- উন্নত ফৰেনছিক সঁজুলিসমূহ ব্যৱহাৰ কৰিবলৈ আৰু তাৎক্ষণিক আইনী তদাৰকীৰ প্ৰয়োজন থকা শাসন ব্যৱস্থাৰ উচ্চ-বিপদসংকুল ক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ চিএণ্ডএজিৰ কাৰ্যালয়ৰ সৈতে সহযোগিতা শক্তিশালী কৰা; আৰু,
- বিধানমণ্ডলৰ নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ সততা আৰু পৱিত্ৰতা অক্ষুণ্ণ ৰাখি ডিজিটেল সমাধানসমূহ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা।
কেৰালাৰ তিৰুৱনন্তপুৰমত ২০২৬ চনৰ ৪ নৱেম্বৰত সংসদ আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানমণ্ডলসমূহৰ লোকলেখা সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলে এই প্ৰস্তাৱ গ্ৰহণ কৰে।
***
AM/MM
(ৰিলিজ আই ডি : 2332822)
অতিথি কক্ষ : 6