স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাৰ সৈতে সংগতি ৰাখি গ্ৰেড এ-ত অণুজীৱৰ নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ অনুসূচী এম-ৰ সংশোধনৰ প্ৰস্তাৱ

গ্ৰেড-এ অঞ্চলত অণুজীৱৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰা আৰু বীজাণুমুক্ত ঔষধ প্ৰস্তুতকৰণৰ মান ডব্লিউ এইচ অ’ৰ নিৰ্দেশনাৰ সৈতে সংগতি ৰখাৰ লক্ষ্যৰে এই সংশোধনীৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে

পোষ্ট কৰা হৈছে: 04 NOV 2026 2:15PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৯৪৫ চনৰ ঔষধ বিধিৰ অনুসূচী এম-ত সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াইছে। ২০২৬ চনৰ ২৮ অক্টোবৰত জাৰি কৰা জি এছ আৰ নং ৯৫৩(ই)-ৰ জৰিয়তে এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ (ডব্লিউ এইচ অ’) কাৰিকৰী প্ৰতিবেদন শৃংখলা (টি আৰ এছ) নং ১০৪৪-ৰ পৰিশিষ্ট ২-ত উল্লেখ কৰা বীজাণুমুক্ত ঔষধজাত সামগ্ৰীৰ উত্তম উৎপাদন পদ্ধতি (জি এম পি) অনুসৰি গ্ৰেড এ-ৰ পৰিষ্কাৰ অঞ্চলসমূহত অণুজীৱৰ দ্বাৰা হোৱা দূষণৰ নিৰ্ধাৰিত সীমা সংশোধন কৰাই ইয়াৰ মূল উদ্দেশ্য।

 

এই প্ৰস্তাৱিত সংশোধনীৰ লক্ষ্য হৈছে অনুসূচী এম-ত নিৰ্ধাৰণ কৰা অণুজীৱৰ দ্বাৰা হোৱা দূষণৰ সীমা আৰু গ্ৰেড এ অঞ্চলৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা সংশ্লিষ্ট সীমাৰ মাজত থকা পাৰ্থক্য দূৰ কৰা। ইয়াৰ জৰিয়তে ভাৰতৰ নিয়ন্ত্ৰণমূলক বিধানসমূহ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত মানৰ সৈতে সংগতি ৰাখিব পৰা যাব।

 

বীজাণুমুক্ত ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত   অঞ্চলসমূহ অতি গুৰুত্বপূৰ্ণ। এই অঞ্চলসমূহত মুকলিকৈ ৰখা ঔষধজাত সামগ্ৰী, পাত্ৰ আৰু বীজাণুমুক্ত কৰা উপাদানসমূহৰ ব্যৱস্থা কৰা হয়। বীজাণুমুক্ত ঔষধজাত সামগ্ৰীৰ গুণগত মান আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই অঞ্চলসমূহত অণুজীৱৰ উপস্থিতি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।

 

প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে সংশোধিত অনুসূচী এম-ৰ বিধানসমূহ বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাৰ সৈতে একাকাৰ কৰা হ’ব আৰু দেশত বীজাণুমুক্ত ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়ন্ত্ৰণমূলক ব্যৱস্থা অধিক শক্তিশালী হ’ব। ইয়াৰ উপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি গ্ৰেড-এ অঞ্চলত অণুজীৱৰ যিকোনো বৃদ্ধি ধৰা পৰিলে সেই ঘটনাক তদন্ত আৰম্ভ কৰাৰ কাৰণ হিচাপে গণ্য কৰাৰ ব্যৱস্থাও প্ৰস্তাৱ কৰা হৈছে।

 

এই প্ৰস্তাৱিত সংশোধনীয়ে ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত গুণগত মান অধিক শক্তিশালী কৰা, দেশীয় নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তাসমূহ আন্তঃৰাষ্ট্ৰীয় মানৰ সৈতে সংগতি ৰখা আৰু ঔষধজাত সামগ্ৰীৰ গুণগত মান তথা সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে।

 

প্ৰস্তাৱিত সংশোধনীৰ সন্দৰ্ভত কোনো আপত্তি বা পৰামৰ্শ থাকিলে সংশ্লিষ্ট অংশীদাৰ আৰু সাধাৰণ ৰাইজক সেইসমূহ দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে। আপত্তি বা পৰামৰ্শসমূহ কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উপ-সচিব (ঔষধ নিয়ন্ত্ৰণ)লৈ তলত উল্লেখ কৰা ঠিকনালৈ প্ৰেৰণ কৰিব পাৰিব।

 

ঠিকনা :

 

Under Secretary (Drugs Regulation), Ministry of Health and Family Welfare, Government of India, U-6, Work Hall, C Wing, First Floor, Kartavya Bhawan-1, New Delhi–110001.

অথবা

ই-মেইল: drugsdiv-mohfw\[at\]gov\[dot\]in

 

চৰকাৰী গেজেট উপলব্ধ হোৱা লিংকসমূহ হ’ল

The Official Gazette can be accessed through this link : https://egazette.gov.in/(S(vgjbg1v51kl1b3qx5voh12qg))/ViewPDF.aspx

 

 

*****

SR/PB


(ৰিলিজ আই ডি : 2332469) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Malayalam