পোষ্ট কৰা হৈছে:
04 NOV 2026 10:20AM by PIB Guwahati
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ তথা ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী জিতিন প্ৰসাদে ২ আৰু ৩ নৱেম্বৰত পোলেণ্ড ভ্ৰমণ কৰে। এই ভ্ৰমণকালত ১২টা ভাৰতীয় কোম্পানীৰ প্ৰতিনিধিৰে গঠিত এটা ব্যৱসায়িক প্ৰতিনিধি দলেও মন্ত্ৰীগৰাকীক সংগ দিয়ে।
যোৱা মাহত পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কে ভাৰত ভ্ৰমণ কৰাৰ পিছতে ভাৰতৰ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ আয়োজন কৰা হয়। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান দ্বিপাক্ষিক সম্পৰ্কৰ গতি প্ৰতিফলিত হৈছে। এই উচ্চ পৰ্যায়ৰ ৰাজনৈতিক আদান-প্ৰদানৰ জৰিয়তে ভাৰত-পোলেণ্ডৰ মাজত কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী হোৱাৰ ইংগিত পোৱা গৈছে। উল্লেখ্য যে ২০২৪ চনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক পোলেণ্ড ভ্ৰমণৰ সময়ত এই কৌশলগত অংশীদাৰিত্বৰ সম্পৰ্ক স্থাপন কৰা হৈছিল।
ভ্ৰমণকালত শ্ৰী জিতিন প্ৰসাদে পোলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী তথা ডিজিটেল পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ক্ৰিষ্টফ গাৱকোভস্কিৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত কৃত্ৰিম বুদ্ধিমত্তা (এ আই), অৰ্ধপৰিবাহী (ছেমিকণ্ডাক্টৰ), তথ্য কেন্দ্ৰ আৰু চাইবাৰ সুৰক্ষাকে ধৰি শেহতীয়া প্ৰযুক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰণৰ বিষয়ত আলোচনা কৰা হয়।
পোলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ ৰাজ্যিক সচিব ইগ্নাচি নিমচিকিৰ সৈতে হোৱা বৈঠকত শ্ৰী প্ৰসাদে ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি (এই টি এ)ৰ জৰিয়তে সৃষ্টি হ’বলগীয়া সম্ভাৱনাসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰে। চুক্তিখন সমাগত কেইটামান মাহৰ ভিতৰত কাৰ্যকৰী হ’ব। শ্ৰী প্ৰসাদে কৃষি-প্ৰযুক্তি আৰু খাদ্য সংসাধনৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে অধিক সুযোগ সৃষ্টি কৰাৰ আহ্বান জনায়।
শ্ৰী প্ৰসাদে পোলেণ্ডৰ অৰ্থনৈতিক উন্নয়ন আৰু প্ৰযুক্তি বিভাগৰ উপ-মন্ত্ৰী মিখাল বাৰানভস্কিৰ সৈতেও বৈঠকত মিলিত হয়। দুয়োগৰাকী মন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ খনিজ সম্পদ, অৰ্ধপৰিবাহী আৰু ষ্টাৰ্টআপৰ মাজত অংশীদাৰিত্ব সম্প্ৰসাৰণৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰে। ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ জৰিয়তে সৃষ্টি হোৱা সুযোগসমূহৰ কথা উল্লেখ কৰে। লগতে প্ৰযুক্তি হস্তান্তৰৰ সহায়ত যৌথ বিকাশ আৰু যৌথ উৎপাদনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ৩ নৱেম্বৰত জিতিন প্ৰসাদে ৱাৰ্ছত থকা পোলেণ্ডৰ ৰাষ্ট্ৰীয় বাণিজ্যিক চেম্বাৰ (KIG)ত অনুষ্ঠিত ভাৰত-পোলেণ্ড ব্যৱসায়িক মঞ্চৰ উদ্বোধনী ভাষণ দিয়ে। ব্যৱসায়িক প্ৰতিনিধিসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে নতুন ব্যৱসায়িক সুযোগ, শক্তিশালী অংশীদাৰিত্ব আৰু উন্নত অৰ্থনৈতিক সহযোগিতাৰ জৰিয়তে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্পূৰ্ণ সম্ভাৱনা ব্যৱহাৰ কৰিবলৈ ভাৰত আৰু পোলেণ্ডৰ কোম্পানীসমূহৰ প্ৰতি আহ্বান জনায়।
তেওঁ ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে সৃষ্টি হ’ব বুলি আশা কৰা সুযোগসমূহৰ বিষয়েও আলোকপাত কৰে। লগতে দুয়োখন দেশৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক বজাৰত প্ৰৱেশৰ সুবিধা সম্প্ৰসাৰণ, বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক শক্তিশালী কৰা তথা সহযোগিতাৰ নতুন পথ অন্বেষণৰ বাবে এই চুক্তিৰ সুযোগ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।
ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে পোলেণ্ডত থকা ভাৰতীয় ব্যৱসায়ী সমাজৰ নেতৃবৃন্দৰ সৈতেও মত বিনিময় কৰে আৰু দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ শলাগ লয়। ইয়াৰ উপৰি ভাৰতলৈ অধিক বিনিয়োগ আকৰ্ষণৰ সম্ভাৱনা অন্বেষণ কৰাৰ উদ্দেশ্যে সম্ভাৱ্য পোলেণ্ডৰ বিনিয়োগকাৰীসকলৰ সৈতেও তেওঁ মত বিনিময় কৰে।
উদ্যোগখণ্ডৰ সৈতে সম্পৰ্কিত কাৰ্যসূচীৰ অংশ হিচাপে শ্ৰী প্ৰসাদে পোলেণ্ডৰ তথ্য প্ৰযুক্তি আৰু ছফটৱেৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান ‘মেছাৰ্ছ ট্ৰেনজিচন টেকন’লজিছ’ আৰু পোলেণ্ডৰ প্ৰতিৰক্ষা খণ্ডৰ কোম্পানী ‘মেছাৰ্ছ ডব্লিউ বি ইলেক্ট্ৰনিকছ’ পৰিদৰ্শন কৰে। দুয়োটা প্ৰতিষ্ঠানৰে ভাৰতত ব্যৱসায়িক স্বাৰ্থ জড়িত হৈ আছে।
এই ভ্ৰমণে পোলেণ্ডৰ সৈতে অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতা পুনৰ নিশ্চিত কৰিছে। সুদৃঢ় বিশ্বজনীন যোগান শৃংখল গঢ়ি তোলাৰ বাবে পোলেণ্ড চৰকাৰ আৰু দেশখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। এই ভ্ৰমণে ভাৰত-ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্বও অধিক গভীৰ কৰাত সহায় কৰিছে।

***
Abhishek Dayal/ C N Abhijith Narayanan/ Abhimanyu Panwar/PB