পোষ্ট কৰা হৈছে:
03 NOV 2026 5:44PM by PIB Guwahati
“একবিংশ শতিকাত সামৰিক প্ৰস্তুতি প্ৰযুক্তিগত আৰু ঔদ্যোগিক সক্ষমতাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত,” গুৰুত্বপূৰ্ণ সঁজুলি তথা প্ৰযুক্তিৰ স্বদেশী উৎপাদন আৰু সেইবোৰক স্বাধীনভাৱে বজাই ৰখাৰ ক্ষমতা গঢ়ি তোলাৰ আহ্বান জনাই প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এইদৰে কয়। ৩ নৱেম্বৰ ২০২৬ তাৰিখে মনোহৰ পাৰিকৰ ইনষ্টিটিউট ফৰ ডিফেঞ্চ ষ্টাডীজ এণ্ড এনালাইচিছ (এমপি-আইডিএছএ)-ত অনুষ্ঠিত দিল্লী ডিফেঞ্চ ডায়লগৰ তৃতীয় সংস্কৰণত ভাষণ প্ৰদান কৰি তেওঁ কয় যে 'আত্মনিৰ্ভৰশীলতা'ক প্ৰযুক্তিগত সাৰ্বভৌমত্বৰ সন্ধান হিচাপে চাব লাগিব, কিয়নো আত্মনিৰ্ভৰশীলতাৰ অৰ্থ হৈছে দেশৰ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা প্ৰয়োজনীয়তাসমূহ যাতে বহিঃনিৰ্ভৰশীলতাৰ ওচৰত বন্ধকত পৰি নাথাকে সেয়া সুনিশ্চিত কৰা। প্ৰতিৰক্ষা প্লেটফৰ্মৰ ডিজাইন কৰাৰ জ্ঞান, নিৰ্মাণৰ প্ৰযুক্তি, ইয়াক উন্নত কৰাৰ বৌদ্ধিক সম্পত্তি আৰু ইয়াৰ সমগ্ৰ জীৱনকালত ইয়াক বজাই ৰখাৰ সক্ষমতা আহৰণ কৰিলেহে প্ৰকৃত আত্মনিৰ্ভৰশীলতা লাভ কৰা যায় বুলি তেওঁ উল্লেখ কৰে।
এই বৰ্ষৰ আলোচনাৰ মূল বিষয়বস্তু ‘প্ৰতিৰক্ষা সংস্কাৰ, আত্মনিৰ্ভৰশীলতা, সহযোগিতা আৰু ৰপ্তানি’ সন্দৰ্ভত নিজৰ দৃষ্টিভংগী ব্যক্ত কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই চাৰিটা উপাদানক ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰত হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ পাৰস্পৰিকভাৱে সংযুক্ত মাত্ৰা বুলি বৰ্ণনা কৰে। তেওঁ উল্লেখ কৰে যে সংস্কাৰে অনুকূল প্ৰাতিষ্ঠানিক পৰিৱেশ সৃষ্টি কৰিব লাগিব, আত্মনিৰ্ভৰশীলতাই স্বদেশী প্ৰযুক্তিগত সক্ষমতাক শক্তিশালী কৰিব লাগিব, সহযোগিতাই উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ ত্বৰান্বিত কৰাৰ লগতে সহ-বিকাশত সুবিধা কৰি দিব লাগিব আৰু ৰপ্তানিয়ে বহনক্ষম ঔদ্যোগিক পৰিৱেশ তন্ত্ৰৰ বাবে প্ৰয়োজনীয় পৰিসৰ, প্ৰতিযোগিতাত্মক ক্ষমতা তথা গোলকীয় অংশীদাৰিত্ব প্ৰদান কৰিব লাগিব। তেওঁ কয় যে এই চাৰিটা উপাদান হৈছে কৌশলগত স্বায়ত্তশাসনৰ দিশত ভাৰতৰ প্ৰচেষ্টাৰ পাৰস্পৰিকভাৱে শক্তিশালী স্তম্ভ।
শ্ৰী ৰাজনাথ সিঙে কয় যে সংস্কাৰে দেশৰ পৰিৱৰ্তনৰ ইচ্ছাক প্ৰতিনিধিত্ব কৰে, আত্মনিৰ্ভৰশীলতাই সৃষ্টিৰ সংকল্পক বাস্তৱায়িত কৰে, সহযোগিতাই বিশ্বৰ সৈতে অংশীদাৰ হোৱাৰ আত্মবিশ্বাস প্ৰতিফলিত কৰে আৰু ৰপ্তানিয়ে গোলকীয় পৰ্যায়ত প্ৰতিযোগিতা কৰাৰ প্ৰস্তুতিক প্ৰদৰ্শন কৰে। তেওঁ কয় যে এই চাৰিটা উপাদানে একেলগে আগবাঢ়িব লাগিব, কিয়নো সংস্কাৰ, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু ৰপ্তানিবিহীন আত্মনিৰ্ভৰশীলতাই ভাৰতৰ প্ৰযুক্তিগত দিগন্ত, ঔদ্যোগিক পৰিসৰ আৰু গোলকীয় প্ৰতিযোগিতাত্মক ক্ষমতাক সীমিত কৰি পেলাব।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে শেহতীয়াকৈ বিশ্বজুৰি সংঘটিত হোৱা সংঘাতসমূহে যুদ্ধৰ চৰিত্ৰত মৌলিক পৰিৱৰ্তন প্ৰদৰ্শন কৰিছে, য’ত যুদ্ধক্ষেত্ৰসমূহ মাটি, সাগৰ আৰু আকাশৰ সীমা অতিক্ৰমি মহাকাশ, চাইবাৰ স্পেচ আৰু ডিজিটেল ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হৈছে। তেওঁ কয় যে পৰম্পৰাগত আৰু অপৰম্পৰাগত যুদ্ধৰ মাজৰ পাৰ্থক্য ক্ৰমান্বয়ে ম্লান হৈ পৰিছে, আনহাতে তুলনামূলকভাৱে কম খৰচী ড্ৰোণ আৰু স্বায়ত্তশাসিত ব্যৱস্থাসমূহে অত্যাধুনিক তথা ব্যয়বহুল সামৰিক প্লেটফৰ্মসমূহক প্ৰত্যাহ্বান জনাইছে। দ্ৰুতভাৱে উদ্ভাৱন কৰা, বৃহৎ পৰিসৰত উৎপাদন কৰা আৰু সক্ষমতাসমূহ পুনৰ পূৰণ কৰাৰ সামৰ্থ্যও উন্নত অস্ত্ৰ ব্যৱস্থা থকাৰ সমানেই গুৰুত্বপূৰ্ণ হৈ পৰিছে বুলি তেওঁ লগতে কয়।
প্ৰযুক্তিগত আৰু উৎপাদনৰ সক্ষমতাৰ বাবে অনুকূল প্ৰাতিষ্ঠানিক পৰিৱেশ, প্ৰগতিশীল নীতি আৰু সঁহাৰিমূলক প্ৰক্ৰিয়াৰ প্ৰয়োজন বুলি উল্লেখ কৰি শ্ৰী ৰাজনাথ সিঙে ভাৰতৰ ঘৰুৱা প্ৰতিৰক্ষা ঔদ্যোগিক ভেটি শক্তিশালী কৰাৰ বাবে বিগত এটা দশকত গ্ৰহণ কৰা পদক্ষেপসমূহ দাঙি ধৰে। ইয়াৰ ভিতৰত প্ৰতিৰক্ষা উৎপাদনত স্বায়ত্তশাসন, দক্ষতা আৰু প্ৰতিযোগিতাত্মক ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰ স্থাপন আৰু পূৰ্বৰ অৰ্ডনেন্স ফেক্টৰী ব’ৰ্ডক সাতটা প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (ডিপিএছইউ)লৈ নিগমীকৰণ কৰা কাৰ্য অন্তৰ্ভুক্ত কৰা হৈছে।
উন্নত প্ৰতিৰক্ষা প্লেটফৰ্ম আৰু ব্যৱস্থাসমূহৰ বিকাশ তথা নিৰ্মাণত ব্যক্তিগত খণ্ডৰ অধিক অংশগ্ৰহণক উৎসাহিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা প্ৰতিৰক্ষা মন্ত্ৰীয়ে পুনৰ ব্যক্ত কৰে। “এডভাঞ্চড্ মিডিয়াম কমবেট এয়াৰক্ৰাফ্ট, প্ৰপালশ্বন ছিষ্টেম, এটিএজিএছ, আৰ্টিলাৰী গোলাবাৰুদ আৰু জাহাজ নিৰ্মাণৰ দৰে কাৰ্যসূচীত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ সুযোগে স্বদেশী বিকাশক ত্বৰান্বিত কৰিব, উৎপাদন ক্ষমতা সম্প্ৰসাৰিত কৰিব আৰু গোলকীয় প্ৰতিৰক্ষা বজাৰত ভাৰতৰ স্থিতিক শক্তিশালী কৰিব। এই পদক্ষেপসমূহে ব্যক্তিগত উদ্যোগ, এমএছএমই, ষ্টাৰ্ট-আপ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ বহল অংশগ্ৰহণৰ সুযোগ সৃষ্টি কৰিছে,” তেওঁ কয়।
শ্ৰী ৰাজনাথ সিঙে কয় যে প্ৰতিৰক্ষা মন্ত্ৰালয়ত ২০২৫ বৰ্ষটোক যৌথতা, সংহতি, উদীয়মান প্ৰযুক্তি, উদ্ভাৱন আৰু ঘৰুৱা প্ৰতিৰক্ষা ঔদ্যোগিক পৰিৱেশতন্ত্ৰক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দি ‘সংস্কাৰৰ বৰ্ষ’ হিচাপে পালন কৰা হৈছিল। তেওঁ কয় যে নীতি, প্ৰাতিষ্ঠানিক গাঁথনি, প্ৰযুক্তি বিকাশ, ক্ৰয় পদ্ধতি আৰু ব্যৱসায়ৰ সুচলতাৰ দিশত আৰম্ভ কৰা সংস্কাৰসমূহে ইতিবাচক ফল দিছে; যাৰ ফলত ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা উৎপাদন অভিলেখ সৃষ্টি কৰি প্ৰায় ১.৭৮ লাখ কোটি টকাত উপনীত হৈছে আৰু প্ৰতিৰক্ষা ৰপ্তানি বাঢ়ি ৩৮,৪২৪ কোটি টকা হৈছে। ভাৰতীয় প্ৰতিৰক্ষা সামগ্ৰী এতিয়া ৮০ খনতকৈও অধিক দেশত উপলব্ধ হৈছে, যিয়ে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ব্যক্তিগত উদ্যোগ, এমএছএমই আৰু ষ্টাৰ্ট-আপসমূহৰ ক্ৰমবৰ্ধমান অৱদানক প্ৰতিফলিত কৰে বুলিও তেওঁ লগতে কয়।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে প্ৰতিৰক্ষা ৰপ্তানিক ভাৰতৰ আত্মনিৰ্ভৰশীলতা কাৰ্যসূচীৰ গুৰুত্বপূৰ্ণ মাত্ৰা হিচাপে অভিহিত কৰি কয় যে ৰপ্তানিয়ে ঘৰুৱা ঔদ্যোগিক পৰিৱেশতন্ত্ৰৰ পৰিপক্বতা, স্বদেশী প্ৰযুক্তিৰ প্ৰতিযোগিতামূলক ক্ষমতা আৰু ভাৰতৰ সক্ষমতাৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ আত্মবিশ্বাসক প্ৰতিফলিত কৰে। তেওঁ এই বৃদ্ধিৰ কৃতিত্ব নিৰন্তৰ নীতিগত উদাৰীকৰণ, সৰলীকৰণ আৰু মানকীকৰণক দিয়ে, যিয়ে বিশেষকৈ এমএছএমইসহ ভাৰতীয় নিৰ্মাতাসকলক আন্তঃৰাষ্ট্ৰীয় সুযোগসমূহৰ প্ৰতি অধিক কাৰ্যকৰীভাৱে সঁহাৰি জনাবলৈ সক্ষম কৰি তুলিছে।
শ্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা ৰপ্তানিৰ পৰিসৰ সম্প্ৰসাৰিত কৰি ৰক্ষণাবেক্ষণ, মেৰামতি, প্ৰশিক্ষণ, লজিষ্টিক আৰু প্ৰযুক্তিগত সহযোগিতাক অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনায়; তেওঁ কয় যে প্ৰতিটো সফল ৰপ্তানি একোটা স্থায়ী কৌশলগত অংশীদাৰিত্বৰ ভিত্তি হৈ পৰিব লাগে। তেওঁ ২০২৯ চনৰ ভিতৰত প্ৰতিৰক্ষা উৎপাদনত ৩ লাখ কোটি টকা আৰু প্ৰতিৰক্ষা ৰপ্তানিত ৫০,০০০ কোটি টকাৰ লক্ষ্যত উপনীত হোৱাৰ চৰকাৰৰ সংকল্প পুনৰ ব্যক্ত কৰে। এই লক্ষ্যসমূহ লাভ কৰিবলৈ ঘৰুৱা প্ৰতিৰক্ষা উদ্যোগসমূহে উৎপাদন ক্ষমতা সম্প্ৰসাৰণ কৰিব লাগিব, গুণগত মান উন্নত কৰিব লাগিব আৰু গোলকীয় প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে প্ৰতিৰক্ষা বাহিনীসমূহ গৱেষণা আৰু বিকাশ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ থাকিব লাগিব, কিয়নো গৱেষণাৰ অগ্ৰাধিকাৰ নিৰূপণ কৰা আৰু উদীয়মান প্ৰযুক্তিৰ প্ৰাসংগিকতা মূল্যায়ন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰ্যক্ষম অভিজ্ঞতা আৰু যুদ্ধক্ষেত্ৰৰ বুজাবুজি অমূল্য। একে সময়তে, তেওঁ গৱেষণা প্ৰক্ৰিয়াত অন্তিম ব্যৱহাৰকাৰীৰ তাৎক্ষণিক প্ৰয়োজনীয়তাৰ বাহিৰলৈও দৃষ্টি দিয়াৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ লক্ষ্য কৰে যে তাৎক্ষণিক কাৰ্য্যকৰী ধাৰণাৰে অতিমাত্ৰা প্ৰভাৱিত হোৱা গৱেষণাই কেৱল চিনাক্ত হোৱা সমস্যাসমূহৰহে সমাধান উলিয়াব পাৰে, যাৰ ফলত এতিয়ালৈকে কল্পনা নকৰা সম্ভাৱনাসমূহ অন্বেষণ কৰিব পৰা নাযায়। আৰএণ্ডডিয়ে প্ৰতিষ্ঠিত ধাৰণাসমূহক প্ৰশ্ন কৰাৰ, অপৰম্পৰাগত চিন্তাধাৰাক আগুৱাই নিয়াৰ আৰু যিবোৰ প্ৰযুক্তিৰ প্ৰয়োগ তৎকালে স্পষ্ট নহ’বও পাৰে তেনে প্ৰযুক্তি আৱিষ্কাৰ কৰাৰ স্বাধীনতা থাকিব লাগিব বুলি তেওঁ উল্লেখ কৰে।
শ্ৰী ৰাজনাথ সিঙে উদ্ভাৱনৰ বাবে প্ৰয়োজনীয় স্বাধীনতা আৰু বৌদ্ধিক পৰিসৰ ৰক্ষা কৰাৰ লগতে কাৰ্যক্ষম প্ৰয়োজনীয়তাসমূহক গৱেষণাত পথ প্ৰদৰ্শন কৰিবলৈ দি সঠিক ভাৰসাম্য ৰক্ষাৰ আহ্বান জনায়। তেওঁ পৰীক্ষা-নিৰীক্ষাক উৎসাহিত কৰা আৰু সফল উদ্ভাৱনসমূহ যাতে কেৱল পৰীক্ষাগাৰ তথা প্ৰ’ট’টাইপতে আৱদ্ধ নাথাকি উৎপাদন আৰু কাৰ্যক্ষম অন্তৰ্ভুক্তিলৈ আগবাঢ়ি যায়, সেয়া সুনিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উদ্ভাৱনক উৎসাহিত কৰা, বিনিয়োগ নিৰন্তৰভাৱে অব্যাহত ৰখা আৰু সফল চিন্তাধাৰাক বাস্তৱ সক্ষমতালৈ ৰূপান্তৰিত কৰা পৰিৱেশতন্ত্ৰ গঢ়ি তোলাই মূল উদ্দেশ্য হ’ব লাগিব বুলি তেওঁ কয়।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ অন্বেষণে বিশ্বৰ পৰা আঁতৰি অহাক নুবুজায়; বৰঞ্চ ই আত্মবিশ্বাসী আৰু প্ৰযুক্তিগতভাৱে সক্ষম ভাৰতক বাস্তৱায়িত কৰে, যিয়ে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে জড়িত হ’বলৈ অধিক সুবিধাজনক স্থানত অৱস্থান কৰিছে। তেওঁ উল্লেখ কৰে যে ক্ৰয়, অনুজ্ঞাপ্ৰাপ্ত উৎপাদন আৰু প্ৰযুক্তি হস্তান্তৰৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা পৰম্পৰাগত অংশীদাৰিত্বই ভাৰতৰ ঔদ্যোগিক সক্ষমতালৈ অৱদান আগবঢ়াইছে যদিও ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহে সহ-বিকাশ, সহ-উৎপাদন আৰু অংশীদাৰিত্বমূলক উদ্ভাৱনৰ ওপৰত ভিত্তি কৰি অধিক অভিলাষী দৃষ্টিভংগী গ্ৰহণৰ দাবী জনায়।
“এনে অংশীদাৰিত্বই ডিজাইন আৰু বিকাশত অৰ্থপূৰ্ণ ভাৰতীয় অংশগ্ৰহণ, গুৰুত্বপূৰ্ণ প্ৰযুক্তিসমূহ লাভৰ সুযোগ, বৌদ্ধিক সম্পত্তিৰ উপযুক্ত অংশীদাৰিত্ব আৰু ভাৰতীয় কোম্পানীসমূহৰ বাবে গোলকীয় যোগান শৃংখলত অংশ লোৱাৰ সুযোগ সুনিশ্চিত কৰিব লাগে। আমাৰ বৃহৎ ঘৰুৱা বজাৰ, সম্প্ৰসাৰিত ঔদ্যোগিক ভেটি আৰু বৈজ্ঞানিক তথা অভিযান্ত্ৰিক প্ৰতিভাৰ শক্তিশালী ভঁৰালে আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহক ভাৰতীয় উদ্যোগৰ সৈতে অংশীদাৰ হোৱাৰ বাবে উল্লেখনীয় সুযোগ প্ৰদান কৰে,” শ্ৰী ৰাজনাথ সিঙে এইদৰে কয়।
ভাষণৰ সামৰণিত প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতৰ প্ৰতিৰক্ষা উচ্চাকাংক্ষাসমূহ বাস্তৱায়িত কৰাৰ বাবে প্ৰতিৰক্ষা বাহিনী, অসামৰিক বিষয়া, বিজ্ঞানী, উদ্যোগ, শৈক্ষিক মহল আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ পৰা সামূহিক প্ৰতিশ্ৰুতিৰ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে দেশৰ লক্ষ্য কেৱল প্ৰতিৰক্ষা প্ৰযুক্তি ক্ৰয় কৰাৰ পৰিৱৰ্তে সেইবোৰ নিজাববীয়াকৈ সৃষ্টি কৰা, কেৱল ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে উৎপাদন কৰাৰ পৰিৱৰ্তে গোলকীয় বজাৰত প্ৰতিযোগিতা কৰা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা অংশীদাৰিত্বত কেৱল অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে বিশ্ব প্ৰতিৰক্ষা প্ৰযুক্তিৰ ভৱিষ্যৎ গঢ় দিয়াত অৰ্থপূৰ্ণ অৱদান আগবঢ়োৱাৰ দিশলৈ গতি কৰিব লাগিব। দিল্লী ডিফেঞ্চ ডায়লগৰ এই আলোচনা-বিলোচনাই এই দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত মূল্যবান চিন্তা আৰু কাৰ্যকৰী পৰামৰ্শ প্ৰদান কৰিব বুলি তেওঁ গভীৰ আত্মবিশ্বাস প্ৰকাশ কৰে।
আদৰণি ভাষণত এমপি-আইডিএছএৰ সঞ্চালক প্ৰধান ৰাষ্ট্ৰদূত সুজন আৰ চিনয়ে উল্লেখ কৰে যে দিল্লী ডিফেঞ্চ ডায়লগ ২০২৬-এ প্ৰতিৰক্ষা সংস্কাৰ, স্বদেশী সক্ষমতা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু প্ৰতিৰক্ষা ৰপ্তানি সন্দৰ্ভত দৃষ্টিভংগী বিনিময়ৰ বাবে এখন মঞ্চ প্ৰদান কৰিব। তেওঁ লগতে এমপি-আইডিএছএৰ দ্বাৰা প্ৰপালছন ছিষ্টেম আৰু প্ৰতিৰক্ষা ৰপ্তানি বিষয়ক দুখন প্ৰস্তুতিমূলক ঘূৰণীয়া মেজমেলৰ লগতে প্ৰথমখন আছিয়ান-ইণ্ডিয়া ডিফেঞ্চ থিংক টেংক ফ’ৰামৰ কথাও উল্লেখ কৰে, যিয়ে প্ৰতিষ্ঠানটোৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিছে। এই অনুষ্ঠানত চিআইএছচি এয়াৰ মাৰ্শ্বাল তেজিন্দৰ সিং, অতিৰিক্ত সচিব শ্ৰীমতী দীপ্তি মহিল চাওলা, অন্যান্য জ্যেষ্ঠ কৰ্মৰত তথা অৱসৰপ্ৰাপ্ত বিষয়াবৃন্দ আৰু বিদেশী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
দিল্লী ডিফেঞ্চ ডায়লগ সম্পৰ্কে
এমপি-আইডিএছএৰ দ্বাৰা ৩ আৰু ৪ নৱেম্বৰ ২০২৬ তাৰিখে আয়োজিত এই দুদিনীয়া আলোচনাই ভাৰতৰ পৰিৱৰ্তিত প্ৰতিৰক্ষা অগ্ৰাধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সুযোগসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে নীতি নিৰ্ধাৰক, প্ৰতিৰক্ষা বাহিনীৰ প্ৰতিনিধি, প্ৰতিৰক্ষা উদ্যোগ, শৈক্ষিক মহল, থিংক টেংক তথা ভাৰত আৰু বিদেশৰ কৌশলগত বিশেষজ্ঞসকলক একত্ৰিত কৰিছে।
এই আলোচনা-বিলোচনাসমূহ মূলতঃ ভাৰতৰ সামৰিক প্ৰস্তুতি শক্তিশালী কৰা, স্বদেশী প্ৰযুক্তিগত সক্ষমতাক প্ৰসাৰিত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা সহযোগিতাৰ সুযোগ সম্প্ৰসাৰণৰ বাবে কাৰ্যকৰী নীতিগত পৰামৰ্শ প্ৰস্তুত কৰাৰ ওপৰত কেন্দ্ৰীভূত হৈছে। এই আলোচনাই চৰকাৰ, উদ্যোগ, অৰিজিনেল ইকুইপমেণ্ট মেনুফেকচাৰাৰ (অ'ইএম), এমএছএমই, ষ্টাৰ্ট-আপ আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত অধিক সক্ৰিয় অংশগ্ৰহণ সুচল কৰাৰ প্ৰয়াস কৰিছে। ইয়াৰ ফলাফলে নীতি প্ৰণয়নৰ বাবে মূল্যৱান সমল যোগান ধৰিব আৰু আত্মনিৰ্ভৰশীল তথা প্ৰযুক্তিগতভাৱে উন্নত প্ৰতিৰক্ষা পৰিৱেশতন্ত্ৰ গঢ়াৰ দিশত ভাৰতৰ কৌশলগত দৃষ্টিভংগীক আগুৱাই নিয়াত সহায় কৰিব বুলি আশা কৰা হৈছে।

VK/SR/Savvy/MM