পোষ্ট কৰা হৈছে:
03 NOV 2026 6:30PM by PIB Guwahati
৩ নৱেম্বৰ ২০২৬ তাৰিখে শ্ৰীলংকাৰ মিৰিছাত ভাৰতীয় উপকূলৰক্ষী বাহিনী (আইচিজি) আৰু শ্ৰীলংকা উপকূলৰক্ষী বাহিনী (এছএলচিজি)-ৰ মাজত নৱম উচ্চ পৰ্যায়ৰ বৈঠক (এইচএলএম) অনুষ্ঠিত হয়।
ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান পৰমেশ শিৱমণিয়ে, আনহাতে শ্ৰীলংকাৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব বহন কৰে শ্ৰীলংকা উপকূলৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান ৰিয়েৰ এডমিৰেল ৰুৱান ৰূপসেনাই।
এই বৈঠকত সাগৰীয় প্ৰদূষণ প্ৰতিৰোধ, সামুদ্ৰিক সন্ধান আৰু উদ্ধাৰ (এছএআৰ) তথা সামুদ্ৰিক আইন প্ৰৱৰ্তনসহ পাৰস্পৰিক স্বাৰ্থজড়িত গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হয়। দুয়োটা উপকূলৰক্ষী বাহিনীৰ মাজত কাৰ্যক্ষম সহযোগিতা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে সক্ষমতা বিকাশ আৰু কাৰিকৰী সহায়ৰ পদক্ষেপসমূহ সম্প্ৰসাৰণৰ পথ সম্পৰ্কেও আলোচনাত স্থান দিয়া হয়।
আলোচনাৰ সময়ত দুয়োটা প্ৰতিনিধি দলে উদীয়মান সামুদ্ৰিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আৰু উমৈহতীয়া সামুদ্ৰিক ক্ষেত্ৰত নিৰাপত্তা, সুৰক্ষা তথা পৰিৱেশ সংৰক্ষণ সুনিশ্চিত কৰাৰ বাবে সহযোগিতা বৃদ্ধিৰ দিশত একত্ৰিত হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।
এই বৈঠকে ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু শ্ৰীলংকা উপকূলৰক্ষী বাহিনীৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰা, সামুদ্ৰিক জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি সমন্বিত সঁহাৰি প্ৰসাৰিত কৰা আৰু ভাৰত মহাসাগৰীয় অঞ্চলত সুৰক্ষিত, নিৰাপদ তথা নিকা সামুদ্ৰিক পৰিৱেশ গঢ়ি তোলাৰ বাবে আঞ্চলিক সহযোগিতাক আগুৱাই নিয়াৰ যৌথ সংকল্পক প্ৰতিফলিত কৰে।

*****
SR/PS/MM