পোষ্ট কৰা হৈছে:
03 NOV 2026 4:39PM by PIB Guwahati
ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ এগ্ৰিকালচাৰেল এণ্ড প্ৰচেছড ফুড প্ৰডাক্টছ এক্সপ’ৰ্ট ডেভেলপমেণ্ট অথৰিটী (এপেডা)য়ে অৰুণাচল প্ৰদেশৰ জিৰ’ৰ পৰা সংযুক্ত আৰব আমীৰশ্বাহী (ইউএই)ৰ ডুবাইলৈ ১.৫ মেট্ৰিকটন কিৱিৰ পৰীক্ষামূলক ৰপ্তানিত সহায় কৰে। এই সামগ্ৰীখিনি সফলতাৰে ডুবাই পাইছেগৈ আৰু আল কুছাইছৰ লুলু হাইপাৰমাৰ্কেটত প্ৰদৰ্শন কৰা হৈছে। এই পদক্ষেপে আন্তঃৰাষ্ট্ৰীয় বজাৰত এই ফলবিধৰ সম্ভাৱনা পৰ্যালোচনা কৰাৰ দিশত এক পদক্ষেপ হিচাপে চিহ্নিত হৈছে।
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয় (এমডনাৰ)ৰ অধীনত গ্ৰহণ কৰা এই পদক্ষেপৰ উদ্দেশ্য হৈছে “কিৱি: অৰুণাচল প্ৰদেশৰ ইউএছপি” ব্ৰেণ্ডিং কাৰ্যসূচীৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ কিৱি খণ্ডক প্ৰচাৰ তথা শক্তিশালী কৰা। অৰুণাচল প্ৰদেশ চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ বিভাগ তথা উদ্যান শস্য বিভাগৰ সহযোগত ৰূপায়ণ কৰা এই পদক্ষেপৰ মূল লক্ষ্য হ’ল ৰাজ্যখনৰ কিৱিক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে চিনাকি কৰাই দিয়া, গ্ৰাহকৰ সঁহাৰি পৰ্যালোচনা কৰা আৰু স্থানীয় খেতিয়কসকলৰ বাবে ৰপ্তানিৰ সুযোগ সম্প্ৰসাৰণ কৰিবলৈ অধিক শক্তিশালী বজাৰ সংযোগ গঢ়ি তোলা।
অৰুণাচল প্ৰদেশৰ উচ্চভূমিৰ কৃষি অনুকূল পৰিৱেশ আৰু প্ৰাকৃতিক জলবায়ুৱে বিশেষ গুণগত মান তথা স্বাদযুক্ত কিৱি খেতিত সহায় কৰে। ৰাজ্যখনৰ এই উৎপাদিত সামগ্ৰীৰ প্ৰিমিয়াম ঘৰুৱা বজাৰ, ৰপ্তানি প্ৰচাৰ আৰু মূল্য সংযোজিত সামগ্ৰীৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে। এই অঞ্চলত উৎপাদিত প্ৰধান জাতসমূহৰ ভিতৰত হেৱাৰ্ড, মন্টি, এলিছন আৰু ব্ৰুনো অন্যতম; ইয়াৰে হেৱাৰ্ড জাতটোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট চাহিদা দেখা যায়।
সামগ্ৰীখিনি আল কুছাইছৰ লুলু হাইপাৰমাৰ্কেটৰ খুচুৰা বিপণীৰ শ্বেল্ফত উপলব্ধ হোৱাৰ লগে লগে এই পদক্ষেপটো কেৱল ফ্লেগ অফৰ পৰ্যায়তে সীমাবদ্ধ নাথাকি খুচুৰা পৰ্যায়ৰ বজাৰ মূল্যায়নৰ দিশলৈ গতি কৰিছে। গ্ৰাহকৰ স্বাদ গ্ৰহণ আৰু প্ৰতিক্ৰিয়াই ফলবিধৰ গ্ৰহণযোগ্যতা তথা সম্ভাৱ্য চাহিদা নিৰূপণ কৰাত সহায় কৰিব। এই মূল্যায়নে গ্ৰাহকৰ পছন্দ, গুণগত মানৰ প্ৰত্যাশা, পেকেজিং আৰু উপস্থাপনৰ প্ৰয়োজনীয়তা সম্পৰ্কেও সম্যক ধাৰণা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এই তথ্যসমূহে খেতিয়ক, সমবায় আৰু ৰপ্তানিকাৰকসকলক ভৱিষ্যতৰ ব্যৱসায়িক চালানসমূহৰ বাবে সাজু হোৱাত আৰু উপযুক্ত বজাৰৰ সুযোগসমূহ চিনাক্ত কৰাত সহায় কৰিব পাৰে।
এই পদক্ষেপে স্থানীয় কিৱি খেতিয়কসকলক সম্ভাৱ্য বিদেশী বজাৰৰ সৈতে সংযোগ কৰিবলৈও বিচাৰিছে, যাৰ ফলত অতিৰিক্ত বিক্ৰী পথৰ সৃষ্টি হ’ব আৰু ভৱিষ্যতৰ ৰপ্তানি চালানসমূহৰ জৰিয়তে কৃষকসকলে অধিক লাভ অৰ্জন কৰাৰ সুযোগ পাব। এই পৰীক্ষামূলক ৰপ্তানিয়ে বজাৰৰ সঁহাৰি মূল্যায়ন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত অৰুণাচল প্ৰদেশৰ কিৱিৰ উপস্থিতি সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় দিশসমূহ চিনাক্ত কৰাত এক ভেটি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
এই ফ্লেগ অফ অনুষ্ঠানত অৰুণাচল প্ৰদেশ চৰকাৰৰ কৃষি আৰু সহযোগী বিভাগসমূহৰ মন্ত্ৰী শ্ৰী গেব্ৰিয়েল ডি ৱাংচু আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰীৰ বিধায়ক তথা উপদেষ্টা ড০ মহেশ চাই উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল জিৰ’ৰ বিধায়ক শ্ৰী হাগে আপা; বিশেষ সচিব (কৃষি/উদ্যান শস্য) শ্ৰীমতী ৰিশিতা গুপ্তা; সচিব, বাণিজ্য আৰু উদ্যোগ, শ্ৰীমতী বুল্লো মামু, আইআৰএছ; সচিব, উদ্যান শস্য, অৰুণাচল প্ৰদেশ চৰকাৰ, শ্ৰীমতী কজ ৰিনিয়া; আৰু শ্বিলঙৰ আইচিইআৰৰ সঞ্চালক শ্ৰী কাৰ্দিৰভেল গোবিন্দস্বামী।
কিৱি গ্ৰ’ৱাৰ্ছ ক’অপাৰেটিভ ছ’চাইটি আৰু ফেয়াৰ এক্সপ’ৰ্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ প্ৰতিনিধিসকলৰ উপৰিও এপেডাৰ বিষয়াবৃন্দ, বাণিজ্য আৰু উদ্যোগ, উদ্যান শস্য আৰু কৃষি বিভাগৰ বিষয়াসকল, সামগ্ৰীখিনিৰ সৈতে যোৱা কিৱি খেতিয়কসকল আৰু অন্যান্য কাৰ্যসূচী প্ৰতিনিধিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
এই পদক্ষেপৰ জৰিয়তে এপেডাই উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি আৰু উদ্যান শস্যৰ উৎপাদিত সামগ্ৰীৰ প্ৰচাৰত আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ প্ৰৱেশ সুগম কৰাত নিৰন্তৰে সহায় আগবঢ়াই আহিছে। ডুবাইত অৰুণাচল প্ৰদেশৰ কিৱিৰ সফল আগমন আৰু খুচুৰা বিপণীত স্থান লাভ কৰা কাৰ্যই বিদেশী বজাৰৰ সম্ভাৱনা মূল্যায়ন কৰাৰ লগতে স্থানীয় খেতিয়কসকলক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত অংশগ্ৰহণৰ বাবে প্ৰস্তুত কৰাৰ এক সুযোগ প্ৰদান কৰিছে।
***
Abhishek Dayal/Garima Singh/Anushka Pandey/MM