পোষ্ট কৰা হৈছে:
03 NOV 2026 1:08PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ৩ নৱেম্বৰত ৰাজস্থানৰ জয়ছালমেৰত অনুষ্ঠিত ‘ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আধুনিকীকৰণ’ বিষয়ক প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত ভৱিষ্যতে দেখা দিবলগীয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বান, যুদ্ধৰ পৰিৱৰ্তিত ধাৰা, প্ৰযুক্তিগত উন্নতি আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সৈতে মুখামুখি হ’বৰ বাবে প্ৰস্তুত, প্ৰযুক্তিগতভাৱে শক্তিশালী তথা কাৰ্যকৰীভাৱে ক্ষিপ্ৰ সামৰিক বাহিনী গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বিস্তৃত আলোচনা হয়। বৈঠকত বিশেষ গুৰুত্ব লাভ কৰা বিষয়সমূহ হ’ল—
সামৰ্থ্য বিকাশ আৰু বাহিনীৰ আধুনিকীকৰণ : যুদ্ধক্ষেত্ৰত কাৰ্যদক্ষতা আৰু অভিযান পৰিচালনাৰ প্ৰস্তুতি বৃদ্ধিৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ সামৰিক মঞ্চ, অস্ত্ৰ-ব্যৱস্থা আৰু প্ৰযুক্তিৰ অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা।
যৌথতা আৰু একত্ৰীকৰণ : তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ মাজত সমন্বয়, যৌথ অভিযানৰ পৰিকল্পনা আৰু বিভিন্ন ক্ষেত্ৰত সামৰ্থ্যৰ সমন্বিত প্ৰয়োগ অধিক শক্তিশালী কৰা।
থলুৱা প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ : থলুৱা গৱেষণা, নক্সা প্ৰস্তুতকৰণ, বিকাশ আৰু উৎপাদনৰ জৰিয়তে ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযানক অধিক গতি প্ৰদান কৰাৰ লগতে ঘৰুৱা উদ্যোগ, ষ্টাৰ্ট-আপ আৰু শিক্ষানুষ্ঠানসমূহৰ অংশগ্ৰহণ বৃদ্ধি কৰা।
ভৱিষ্যতৰ তথা আমূল পৰিৱৰ্তনশীল প্ৰযুক্তি : ভৱিষ্যতৰ যুদ্ধৰ প্ৰকৃতিৰ সৈতে মুখামুখি হ’ব পৰাকৈ কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংচালিত ব্যৱস্থা, মানৱবিহীন মঞ্চ, চাইবাৰ, মহাকাশ, ইলেক্ট্ৰনিক যুদ্ধ আৰু উন্নত যোগাযোগ ব্যৱস্থাৰ ব্যৱহাৰ।
প্ৰতিৰক্ষা গৱেষণা আৰু উদ্ভাৱন : উদ্ভাৱনক কাৰ্যকৰী সামৰিক সামৰ্থ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে প্ৰতিৰক্ষা বাহিনী, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’), প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ উদ্যোগ, ব্যক্তিগত উদ্যোগ আৰু শিক্ষানুষ্ঠানসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰা।
সম্পদৰ অনুকূল ব্যৱহাৰ আৰু ৰূপায়ণ : আধুনিকীকৰণৰ পদক্ষেপসমূহৰ পৰা বাস্তৱমুখী কাৰ্যকৰী ফলাফল লাভ কৰাটো নিশ্চিত কৰিবলৈ স্পষ্ট অগ্ৰাধিকাৰ, প্ৰতিষ্ঠানিক ব্যৱস্থা আৰু জোখ-মাপ কৰিব পৰা লক্ষ্য নিৰ্ধাৰণ কৰা।
_20261103130957_016ae5.jpeg)
বৰ্তমানৰ আৰু ভৱিষ্যতে দেখা দিবলগীয়া প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’ব পৰাকৈ প্ৰতিৰক্ষা বাহিনীসমূহক সদায় প্ৰস্তুত কৰি ৰখাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে তিনিটা গুৰুত্বপূৰ্ণ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। এই তিনিটা দিশ হৈছে—‘বাজেট, মূলধনী ক্ৰয় আৰু আত্মনিৰ্ভৰশীলতা’, ‘প্ৰযুক্তি’ আৰু ‘মানৱ সম্পদ’। প্ৰযুক্তিনিৰ্ভৰ আধুনিক যুদ্ধৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তা পূৰণৰ বাবে সামৰিক বাহিনীসমূহক উপযুক্তভাৱে সজ্জিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ আধুনিকীকৰণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বাজেট নিৰ্ভৰ সহায় আৰু মূলধনী ক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰৰ ধাৰাবাহিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। তদুপৰি সামৰিক সামৰ্থ্য শক্তিশালী কৰাৰ বাবে পৰ্যাপ্ত আৰ্থিক সম্পদৰ লগতে তাৰ ফলপ্ৰসূ ব্যৱহাৰ আৰু তিনিওটা বাহিনীৰ জৰুৰী প্ৰয়োজনীয়তাসমূহক অগ্ৰাধিকাৰ দিয়াটো অপৰিহাৰ্য বুলিও তেওঁ মত প্ৰকাশ কৰে।
_20261103131006_4066da.jpeg)
শ্ৰী ৰাজনাথ সিঙে কয় যে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰতিৰক্ষা বাজেটত নিৰ্ধাৰিত পুঁজি অভিলেখ পৰিমাণৰ ৭.৮৫ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ভিতৰত আধুনিকীকৰণ আৰু মূলধনী ক্ৰয়ৰ বাবে ২.১৯ লাখ কোটি টকাৰ মূলধনী ব্যয় ধাৰ্য কৰা হৈছে। প্ৰতিৰক্ষা বাহিনীৰ কাৰ্যকৰী প্ৰয়োজনীয়তা পূৰণৰ লগতে দেশীয় প্ৰতিৰক্ষা উদ্যোগ আৰু উৎপাদন ক্ষমতা শক্তিশালী কৰাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাই এই পদক্ষেপত প্ৰতিফলিত হৈছে।
প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ বৰ্ধিত অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪-১৫ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদনৰ পৰিমাণ ৪৬,৪২৯ কোটি টকা আছিল যদিও ২০২৫-২৬ বিত্তীয় বৰ্ষত ই অভিলেখ পৰিমানৰ ১.৭৮ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। আনহাতে, ২০১৪ চনত ২,০০০ কোটি টকাৰো কম পৰিমাণৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰাৰ পৰৱৰ্তী পৰ্যায়ত বৰ্তমান এই পৰিমান প্ৰায় ৪০,০০০ কোটি টকালৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয়, “২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী উৎপাদন আৰু ৫০,০০০ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।”
_20261103131018_bcaa28.jpeg)
শ্ৰী ৰাজনাথ সিঙে আধুনিক যুদ্ধত প্ৰযুক্তিৰ পৰিৱৰ্তনশীল ভূমিকাৰ ওপৰত আলোকপাত কৰি কয় যে প্ৰযুক্তিগত উন্নতি যুদ্ধৰ পৰিৱৰ্তিত প্ৰকৃতিৰ অবিচ্ছেদ্য অংগ। তেওঁ উন্নত অস্ত্ৰ-শস্ত্ৰ, ক্ষেপণাস্ত্ৰ আৰু বিভিন্ন ব্যৱস্থা বিকাশৰ ক্ষেত্ৰত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ই গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। লগতে ব্যক্তিগত খণ্ডক সমান সুযোগ প্ৰদান কৰি চৰকাৰে প্ৰতিৰক্ষা ব্যৱস্থাত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম এছ এম ই)ৰ পৰা আৰম্ভ কৰি বৃহৎ কৰ্প’ৰেট প্ৰতিষ্ঠানলৈকে সকলোৰে অংশগ্ৰহণৰ পথ প্ৰশস্ত কৰিছে বুলি তেওঁ কয়। ইয়াক ‘সমগ্ৰ ৰাষ্ট্ৰৰ অংশগ্ৰহণমূলক প্ৰয়াস’ বুলি অভিহিত কৰি দেশৰ প্ৰতিৰক্ষা সামৰ্থ্য শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্যক্তিগত উদ্যোগৰ বৰ্ধিত অৱদানক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।
_20261103131027_ebe239.jpeg)
মানৱ সম্পদৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে কেৱল প্ৰযুক্তি আৰু আৰ্থিক সম্পদেই নহয়, বৰং জোৱানসকলৰ দক্ষতা আৰু প্ৰস্তুতিয়েও সামৰিক বাহিনীৰ শক্তি নিৰ্ধাৰণ কৰে।
তেওঁ কয়, “যুদ্ধৰ দ্ৰুত পৰিৱৰ্তিত প্ৰকৃতিৰ বাবে আমাৰ প্ৰতিৰক্ষা বাহিনীসমূহক আধুনিক যুদ্ধৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাই ৰখাটো অত্যাৱশ্যকীয়। এই কথা মনত ৰাখি তিনিওটা প্ৰতিৰক্ষা বাহিনীয়ে নিজৰ গঠন আৰু বাহিনীৰ বিন্যাস ধাৰাবাহিকভাৱে পৰিশোধন কৰি আহিছে। ভাৰতীয় সেনাৰ ‘আছনি’, ‘ভৈৰৱ’ আৰু ‘শক্তিবাণ’ প্লাটুনকে ধৰি নতুন বাহিনী গঠনসমূহে সমসাময়িক অভিযানৰ প্ৰয়োজনীয়তা পূৰণ আৰু যুদ্ধক্ষেত্ৰৰ পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই লোৱাৰ ক্ষেত্ৰত যথেষ্ট কাৰ্যকাৰিতা প্ৰদৰ্শন কৰিছে।”
_20261103131039_057222.jpeg)
শ্ৰী ৰাজনাথ সিঙে এই কথাত গুৰুত্ব আৰোপ কৰে যে আধুনিকীকৰণ কেৱল নতুন অস্ত্ৰ-শস্ত্ৰ আৰু সা-সঁজুলি ক্ৰয় কৰাতে সীমাবদ্ধ নহয়, ইয়াৰ অৰ্থ হৈছে প্ৰতিৰক্ষা বাহিনীৰ অভিযান পৰিচালনাৰ প্ৰস্তুতি বৃদ্ধি, আধুনিক প্ৰযুক্তিৰে তেওঁলোকক সজ্জিত কৰা আৰু দীৰ্ঘম্যাদীভাৱে থলুৱা সামৰ্থ্যৰ বিকাশ সাধন কৰা। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে সামৰিক প্ৰয়োজনীয়তাৰ সৈতে প্ৰযুক্তিগত বিকাশৰ সামঞ্জস্য ৰক্ষা কৰা, ভাৰতীয় উদ্যোগৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু বিদেশী উৎসৰ ওপৰত দেশৰ কৌশলগত নিৰ্ভৰশীলতা হ্ৰাস কৰাই হৈছে শক্তিশালী ঘৰুৱা প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ মূল লক্ষ্য। ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰাৰ বাবে কৌশলগত স্বায়ত্তশাসন আৰু থলুৱা প্ৰযুক্তিগত সামৰ্থ্য অপৰিহাৰ্য বুলিও তেওঁ মত প্ৰকাশ কৰে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই বিষয়ত গুৰুত্ব আৰোপ কৰে যে আধুনিকীকৰণ হ’ল এটা ধাৰাবাহিক প্ৰক্ৰিয়া। পৰিৱৰ্তিত প্ৰযুক্তি, সঘন পৰিৱৰ্তনশীল নিৰাপত্তাজনিত প্ৰত্যাহ্বান আৰু ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি অভিযান পৰিচালনাৰ প্ৰস্তুতি বৃদ্ধিৰ বাবে অবিৰত প্ৰচেষ্টাৰ প্ৰয়োজন। প্ৰতিৰক্ষা বাহিনীসমূহক দীৰ্ঘম্যাদীভাৱে কাৰ্যকৰী আৰু আত্মনিৰ্ভৰশীল কৰি ৰাখিব পৰাকৈ সামৰ্থ্য গঢ়ি তোলাত তেওঁ গুৰুত্ব আৰোপ কৰে। দেশৰ প্ৰতিৰক্ষা সামৰ্থ্যক অধিক শক্তিশালী কৰিবলৈ গৱেষণা আৰু বিকাশ, থলুৱা প্ৰযুক্তি, উদ্যোগৰ অধিক অংশগ্ৰহণ আৰু উদ্ভাৱনৰ প্ৰসাৰৰ বাবে ধাৰাবাহিক প্ৰচেষ্টা চলাবলৈ তেওঁ আহ্বান জনায়।
বৈঠকত ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকলে আগবঢ়োৱা মূল্যৱান পৰামৰ্শসমূহৰ বিষয়ে আলোচনা কৰা হয়। তেওঁলোকৰ ভিন ভিন দৃষ্টিভংগী আৰু অন্তৰ্দৃষ্টিয়ে পৰামৰ্শমূলক প্ৰক্ৰিয়াটোক সমৃদ্ধ কৰাৰ লগতে ইয়াৰ সৈতে গুৰুত্বপূৰ্ণ বিধায়িনী, কৌশলগত আৰু ৰাষ্ট্ৰীয় দৃষ্টিভংগী সংযোজন কৰে। আলোচনাৰ ভিত্তিত কাৰ্যকৰী পদক্ষেপৰ বাবে সুস্পষ্ট ৰূপ-ৰেখা প্ৰস্তুত কৰা হয়। ইয়াত গুৰুত্বপূৰ্ণ সামৰ্থ্যসমূহক অগ্ৰাধিকাৰ দিয়া, সংশ্লিষ্ট পক্ষসমূহৰ মাজত সমন্বয় শক্তিশালী কৰা, ক্ৰয় আৰু বিকাশৰ প্ৰক্ৰিয়া সৰলীকৰণ কৰা আৰু নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে অগ্ৰগতিৰ সময়ে সময়ে মূল্যায়ন কৰাত গুৰুত্ব আৰোপ কৰা হয়।
উদ্দেশ্যক বাস্তৱ ৰূপ দিয়াৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি বৈঠকত আধুনিকীকৰণৰ বাবে সুসংগঠিত আৰু পৰ্যায়ক্ৰমে ৰূপায়ণযোগ্য পদ্ধতি গ্ৰহণৰ গুৰুত্বৰ বিষয়ে দাঙি ধৰা হয়। পৰম্পৰাগত, উপ-পৰম্পৰাগত আৰু বহুক্ষেত্ৰীয় নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সৈতে ফলপ্ৰসূভাবে মুখামুখি হোৱাৰ বাবে সমৰ্থ সামৰিক বাহিনী গঢ়ি তোলাই ইয়াৰ লক্ষ্য।
এই বৈঠকত প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্য মন্ত্ৰী শ্ৰী সঞ্জয় শেঠ, প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিং, প্ৰতিৰক্ষা উৎপাদন সচিব শ্ৰী সঞ্জীৱ কুমাৰ, প্ৰাক্তন সৈনিক কল্যাণ সচিব শ্ৰীমতী সুকৃতি লিখি, প্ৰতিৰক্ষা বিত্ত সচিব শ্ৰী বিশ্বজিৎ সাহায় আৰু অন্যান্য জ্যেষ্ঠ অসামৰিক তথা সামৰিক বিষয়াসকল উপস্থিত থাকে।
***
VK/SR/Savvy/UD