পোষ্ট কৰা হৈছে:
03 NOV 2026 11:06AM by PIB Guwahati
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে নতুন দিল্লীৰ বাণিজ্য ভৱনত অনুষ্ঠিত ‘ভাৰতৰ জৈৱ-অৰ্থনীতিৰ সম্ভাৱনাঃ উদ্ভাৱন আৰু বিকাশৰ ক্ষেত্ৰত ষ্টাৰ্টআপৰ ভূমিকা’ শীৰ্ষক এখন উচ্চস্তৰীয় ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰে। উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ বিভাগে (ডি পি আই আই টি), নিতি আয়োগ আৰু নিতি ফ্ৰণ্টিয়াৰ টেক হাবৰ সহযোগত আয়োজন কৰা এই মেজমেলত নীতি-নিৰ্ধাৰক, উদ্যোগ জগতৰ নেতৃবৃন্দ আৰু বায়’ফাৰ্মা ষ্টাৰ্টআপসমূহে অংশগ্ৰহণ কৰি ভাৰতৰ জৈৱ-অৰ্থনীতিৰ বিকাশ ত্বৰান্বিত কৰাৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে।
অনুষ্ঠানত ভাষণ দি শ্ৰী পীয়ূষ গোৱেলে ভাৰতক জৈৱ-অৰ্থনীতিৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে দেশৰ বৈজ্ঞানিক সামৰ্থ্য আৰু উদ্যমিতাৰ প্ৰতিভাক কামত খটুওৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ দ্ৰুত অনুমোদন প্ৰদান, বিত্তীয় সাহায্যৰ উন্নত সুবিধা, উমৈহতীয়া আন্তঃগাঁথনি আৰু উদ্যোগ, শৈক্ষিক প্ৰতিষ্ঠান আৰু চৰকাৰৰ মাজত অধিক শক্তিশালী সহযোগিতাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। তদুপৰি তেওঁ মেজমেলত উত্থাপিত পৰামৰ্শসমূহৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
আলোচনাত নিয়ম-নীতিৰ সৰলীকৰণ, দ্ৰুত অনুমোদন, প্ৰস্তাৱিত নিয়ামক ছেণ্ডবক্স, একক-খিৰিকী ব্যৱস্থাৰে অনুমোদন, আন্তঃৰাষ্ট্ৰীয় নিয়ামক ব্যৱস্থাৰ সৈতে সামঞ্জস্য স্থাপন আৰু পেটেণ্টৰ আবেদন প্ৰক্ৰিয়া সৰলীকৰণৰ জৰিয়তে বায়’ফাৰ্মা ষ্টাৰ্টআপৰ পৰিৱেশ শক্তিশালী কৰাৰ বিষয়সমূহে বিশেষ গুৰুত্ব লাভ কৰে।
কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত ঘোষণা কৰা ‘বায়’ফাৰ্মা শক্তি’ৰ গুৰুত্বৰ বিষয়েও ইয়াত আলোচনা কৰা হয়। ইয়াৰ লগতে গৱেষণাগাৰ, পৰীক্ষণ কেন্দ্ৰ আৰু ক্লিনিকেল পৰীক্ষা-নিৰীক্ষাৰ সুবিধাকে ধৰি উমৈহতীয়া আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰা হয়, যাতে ব্যয় হ্ৰাস কৰাৰ লগতে ষ্টাৰ্টআপসমূহে নিজৰ নিজৰ উদ্ভাৱনসমূহৰ সম্প্ৰসাৰণ ঘটাব পাৰে।
নিতি আয়োগৰ বিশিষ্ট ফেল’ শ্ৰীমতী দেবযানী ঘোষে বিশ্বজুৰি প্ৰতিযোগিতামূলক জৈৱ-অৰ্থনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত ষ্টাৰ্টআপ, উদ্যোগ, শৈক্ষিক প্ৰতিষ্ঠান আৰু চৰকাৰৰ মাজত সহযোগিতাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। আনহাতে, নিতি আয়োগৰ সদস্য অধ্যাপক গোবৰ্ধন দাসে গৱেষণাৰ সামৰ্থ্য শক্তিশালী কৰা আৰু বৈজ্ঞানিক আৱিষ্কাৰসমূহক বাণিজ্যিকভাৱে লাভজনক সামগ্ৰীলৈ ৰূপান্তৰ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
মেজমেলত থলুৱা জীৱন-বিজ্ঞান সামগ্ৰী উৎপাদন ব্যৱস্থা শক্তিশালী কৰা, গৱেষণাগাৰৰ সঁজুলি আৰু ৰাসায়নিক বিকাৰকসমূহৰ শুল্ক নিষ্পত্তি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰা তথা চৰকাৰী আঁচনি আৰু নিয়ামক সহযোগিতা লাভৰ প্ৰক্ৰিয়া সৰলীকৰণৰ বিভিন্ন পদক্ষেপৰ বিষয়েও আলোচনা কৰা হয়। অংশগ্ৰহণকাৰীসকলে সুসংহত নীতি-নিৰ্ধাৰণ আৰু খণ্ডভিত্তিক প্ৰত্যাহ্বানসমূহৰ দ্ৰুত সমাধান নিশ্চিত কৰাৰ বাবে বিভিন্ন মন্ত্ৰ্যালয়ৰ মাজত অধিক শক্তিশালী সমন্বয়ৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
Abhishek Dayal/ Abhijith Narayanan/ Ishita Biswas/UD