যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

‘নিচামুক্ত যুৱ অভিযান’ৰ সপ্তম সপ্তাহত ৩০ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলত ৯৩,০০০তকৈও অধিক অংশগ্ৰহণকাৰীক সামৰি ল’লে মাই ভাৰতে

মিনি মাৰাথন আৰু যুৱ সাংসদে মাদকদ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে স্বাস্থ্য সজাগতা, সজাগতা বৃদ্ধি আৰু যৌথ পদক্ষেপক উৎসাহিত কৰে

পোষ্ট কৰা হৈছে: 02 NOV 2026 8:56PM by PIB Guwahati

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ ‘মেৰা যুৱ ভাৰত’ৰ (মাই ভাৰত) সাময়িক প্ৰতিবেদন অনুসৰি ‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ’ অভিযানৰ সপ্তম সপ্তাহত ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত আয়োজিত ৪৪৭টা কাৰ্যসূচী আৰু ১,০০২টা কাৰ্যকলাপত ৯৩,০০০তকৈও অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। ৩১.১০.২০২৬ তাৰিখে সামৰণি পৰা এই কাৰ্যসূচীসমূহত স্বাস্থ্যসন্মত জীৱনশৈলীৰ প্ৰচাৰ, মাদকদ্ৰব্যৰ অপব্যৱহাৰ সম্পৰ্কে সজাগতা সৃষ্টি আৰু নিচাসক্তিৰ বিৰুদ্ধে যুৱ প্ৰজন্মক একত্ৰিত কৰাত গুৰুত্ব আৰোপ কৰা হয়।

এই অভিযানে দিল্লী, বিহাৰ, হিমাচল প্ৰদেশ, গুজৰাট, হাৰিয়ানা, ছট্টিশগড়, ওড়িশা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশকে ধৰি কেইবাটাও অঞ্চল সামৰি লয়। কাৰ্যকলাপসমূহৰ ভিতৰত মিনি মাৰাথন, শপত গ্ৰহণ অনুষ্ঠান, অনুকৰণমূলক যুৱ সংসদ আৰু শ্ল’গান লিখাৰ অনুশীলন অন্তৰ্ভুক্ত আছিল। দুজন ৰাজ্যিক মন্ত্ৰী আৰু তিনিজন বিধায়ককে ধৰি পাঁচজন জনপ্ৰতিনিধিয়ে এই কাৰ্যসূচীত উপস্থিত থাকে।

এই অভিযানৰ অংশ হিচাপে মাই ভাৰতে ফিট ইণ্ডিয়া, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (এছএআই) আৰু সহযোগী সংস্থাসমূহৰ সহযোগত ৪০১ টা কাৰ্যকলাপ সন্নিৱিষ্ট ২৬৭ টা মিনি মাৰাথন কাৰ্যসূচী আয়োজন কৰে, য’ত ৭০,৫৬৬গৰাকী লোকে অংশ লয়। সহযোগী সংস্থাসমূহৰ ভিতৰত ব্ৰহ্মকুমাৰীজ, হাৰ্টফুলনেছ, চিআইপিইউ, এছ’চেম আৰু ফিকিও অন্তৰ্ভুক্ত আছিল। দিল্লীত মাই ভাৰত দক্ষিণ দিল্লী আৰু নতুন দিল্লীয়ে আয়োজন কৰা মিনি মাৰাথনত দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী ৰবিন্দৰ ইন্দ্ৰজিত সিঙে যুৱক-যুৱতীসকলক উৎসাহিত কৰে। বিহাৰৰ গোপালগঞ্জত অংশগ্ৰহণকাৰীসকলে জিলা দণ্ডাধীশৰ উপস্থিতিত শপত গ্ৰহণ কৰাৰ লগতে এটা দৌৰতো ভাগ লয়।

তৃণমূল পৰ্যায়ত যুৱ সাংসদে (এনৱাইপি) ৩১.১০.২০২৬ তাৰিখে ‘বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ বিষয়ক আলোচনা’ শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰে। সৰ্বমুঠ ৬০১টা কাৰ্যকলাপ সন্নিৱিষ্ট ১৮০টা কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য’ত ২২,৪৮৮ গৰাকী অংশগ্ৰহণকাৰী উপস্থিত থাকে। এই আলোচনাসমূহে যুৱ প্ৰজন্মক মাদকদ্ৰব্যৰ অপব্যৱহাৰৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ বুজি পোৱাৰ আৰু ইয়াৰ সম্ভাৱ্য সমাধানৰ উপায় সম্পৰ্কে আলোচনা কৰাৰ এটা সুচল সুযোগ প্ৰদান কৰে। যুৱ সাংসদক চাৰিটা অধিৱেশনত বিভক্ত কৰা হয়, য’ত অন্তৰ্ভুক্ত আছিল: মাই ভাৰত পৰ্টেল, মাদকদ্ৰব্যৰ অপব্যৱহাৰ আৰু ভাৰতৰ যুৱ প্ৰজন্মৰ সন্মুখত দেখা দিয়া প্ৰত্যাহ্বানসমূহ, সজাগতাৰ পৰা কাৰ্যকৰী পদক্ষেপলৈ ৰূপান্তৰৰ উপায়, নিচামুক্ত ভাৰত গঢ়াৰ দিশত ইতিবাচক পৰিৱৰ্তনৰ কাহিনীসমূহ ৷ সপ্তাহটোৰ কাৰ্যসূচীসমূহৰ সময়ত সমসংখ্যক অৰ্থাৎ ৯৩,০৫৪ টা শপতো গ্ৰহণ কৰা হয়।

***

Gaurav Saini/MM


(ৰিলিজ আই ডি : 2331916) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Kannada , Malayalam