পোষ্ট কৰা হৈছে:
02 NOV 2026 12:54PM by PIB Guwahati
বায়ুসেনা বিদ্যালয়সমূহৰ মাজত চাইবাৰ সুৰক্ষাৰ দক্ষতা গঢ়ি তোলাৰ পদক্ষেপৰ নেতৃত্ব দি, বায়ুসেনা সদৰ কাৰ্যালয়ৰ অধীনস্থ ইণ্ডিয়ান এয়াৰ ফৰ্চ এডুকেচনেল এণ্ড কালচাৰেল ছ’চাইটিয়ে ইনফৰ্মেচন শ্বেয়াৰিং এণ্ড এনালাইচিছ চেন্টাৰ ফাউণ্ডেচন (আইএছএচি)ৰ জৰিয়তে সমগ্ৰ দেশৰ বায়ুসেনা বিদ্যালয়সমূহক শিশুৰ ডিজিটেল সুৰক্ষাৰ বিস্তৃত কাৰ্যসূচী ‘স্ক্ৰলকন্ট্ৰল’ৰ সৈতে অন্তৰ্ভুক্ত কৰিছে। এই পদক্ষেপটো ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা সজাগতা মাহ পালনৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা হৈছে।
বিয়াল্লিশখন বায়ুসেনা বিদ্যালয়ৰ দুশ এষষ্ঠিগৰাকী শিক্ষকে ছাইবাৰ অপৰাধ হস্তক্ষেপ বিষয়া হিচাপে প্ৰমাণপত্ৰ পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে শিশুসকলক অনলাইন প্ৰলোভন আৰু শোষণ, কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰ, অনলাইন গেম সম্বন্ধীয় ক্ষতি আৰু আৰ্থিক প্ৰৱঞ্চনাৰ পৰা সুৰক্ষা প্ৰদান কৰা, লগতে ডিজিটেল প্ৰমাণ সংৰক্ষণ কৰিবলৈ আৰু প্ৰাথমিক সঁহাৰিকৰ্তা হিচাপে কাম কৰিবলৈ তেওঁলোকক সক্ষম কৰি তোলা।
সহজলভ্য উচ্চ গতিৰ ইণ্টাৰনেট, স্মাৰ্ট ডিভাইচ আৰু ছ’চিয়েল মিডিয়াৰ এই যুগত বিদ্যালয়লৈ যোৱা শিশুসকল অনিয়ন্ত্ৰিত ডিজিটেল মাধ্যমৰ সন্মুখীন হৈছে, যিবোৰ মূলত প্ৰাপ্তবয়স্কসকলৰ বাবেহে প্ৰস্তুত কৰা হৈছে। চাইবাৰ স্পেচত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (চিবিএছই) মাহেকীয়া ‘চাইবাৰ সজাগতা দিৱস’ পালনৰ জৰিয়তে চাইবাৰ সুৰক্ষাৰ উপযুক্ত পদ্ধতিসমূহ অন্তৰ্ভুক্ত কৰিবলৈ স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়সমূহক নিৰ্দেশ দিছে। বৰ্তমানৰ এই পদক্ষেপে বায়ুসেনা বিদ্যালয়সমূহক নিজা প্ৰশিক্ষিত দক্ষ শিক্ষক-শিক্ষয়িত্ৰীৰ সহায়ত এই নিৰ্দেশনা পালন কৰাত সহায় কৰিব।
স্ক্ৰলকন্ট্ৰলৰ জৰিয়তে বায়ুসেনা বিদ্যালয়সমূহে চাইবাৰ ক্লাব গঠন কৰিব পাৰিব, ছাত্ৰ-ছাত্ৰীসকলক চাইবাৰ সুৰক্ষাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব পাৰিব, অভিভাৱক আৰু কৰ্মচাৰীসকলৰ বাবে সজাগতামূলক সত্ৰ অনুষ্ঠিত কৰিব পাৰিব, পৰিয়ালসমূহৰ বাবে বয়সোপযোগী সমল মূল্যায়ন প্লেটফৰ্ম লাভ কৰিব পাৰিব আৰু ‘চাইবাৰ সুৰক্ষিত বিদ্যালয়’ হিচাপে স্বীকৃতি লাভ কৰিব পাৰিব।
এই কাৰ্যসূচীৰ অধীনত আইএছএচি ফাউণ্ডেচনৰ জৰিয়তে শিক্ষকসকলৰ প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদান, ৰাষ্ট্ৰীয় নিৰাপত্তা ডাটাবেছত তেওঁলোকৰ অন্তৰ্ভুক্তি, আৰু চাইবাৰ অধিবক্তা, চাইবাৰ মনোবিজ্ঞানী তথা ফৰেনছিক বিশেষজ্ঞৰে গঠিত বহুমুখী ব্যৱস্থাৰ দ্বাৰা ভুক্তভোগীসকললৈ ২৪x৭ সহায় আগবঢ়োৱা হৈছে।
***
VK/JS/SM/MM