পোষ্ট কৰা হৈছে:
01 NOV 2026 7:21PM by PIB Guwahati
কেন্দ্ৰীয় ৰে’লমন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি এছএমভিটি বেংগালুৰু–ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ (চিএছএমটি), মুম্বাই বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী এইচ ডি কুমাৰস্বামী, ৰে’ল বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ভি সোমান্না, ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী শোভা কাৰাণ্ডলাজে আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। দেশৰ দুখন আগশাৰীৰ মহানগৰ আৰু অৰ্থনৈতিক কেন্দ্ৰৰ মাজত আধুনিক নিশাৰ ৰে’ল যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এই শুভাৰম্ভ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। নতুন প্ৰজন্মৰ এই শ্লীপাৰ ৰে’লৰ প্ৰৱৰ্তনে বেংগালুৰু আৰু মুম্বাইৰ মাজত যাত্ৰীসকলক অতিৰিক্তভাৱে আধুনিক, আৰামদায়ক আৰু দক্ষ যাতায়াতৰ সুবিধা প্ৰদান কৰিব। এই ৰে’লসেৱাই পেছাদাৰী ব্যক্তি, উদ্যোগী, ব্যৱসায়িক যাত্ৰী, শিক্ষাৰ্থী, ব্যৱসায়ী আৰু পৰ্যটকসকলক উপকৃত কৰাৰ লগতে কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ আঞ্চলিক কেন্দ্ৰসমূহৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। চলিত বৰ্ষৰ জানুৱাৰীত হাওৰা–গুৱাহাটী পথত বন্দে ভাৰত শ্লীপাৰ সেৱা আৰম্ভ কৰাৰ পাছত আৰু কালি বাৰাণসী–নতুন দিল্লী বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ শুভাৰম্ভ কৰাৰ পাছত বেংগালুৰু–মুম্বাই ৰে’লসেৱাই আধুনিক নিশাৰ ৰে’ল যাত্ৰাৰ নেটৱৰ্ক অধিক সম্প্ৰসাৰিত কৰিছে। ইয়াৰ জৰিয়তে যাত্ৰীকেন্দ্ৰিক যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ প্ৰতি ভাৰতীয় ৰে’লৱেৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হৈছে। বেংগালুৰু–মুম্বাই বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছৰ শুভাৰম্ভৰ কথা উল্লেখ কৰি শ্ৰী বৈষ্ণৱে কয় যে এই ৰে’লসেৱাই দেশৰ তথ্য-প্ৰযুক্তি আৰু ষ্টাৰ্টআপৰ ৰাজধানী বেংগালুৰুক বিত্তীয় ৰাজধানী মুম্বাইৰ সৈতে সংযোগ কৰিব। ৰে’লখন অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ আৰু গুণ্টাকাল; কৰ্ণাটকৰ ৰায়চুৰ, য়াদগিৰ আৰু কালাবুৰাগী; তথা মহাৰাষ্ট্ৰৰ ছোলাপুৰ, পুনে আৰু কল্যাণৰ মাজেৰে চলাচল কৰিব। ইয়াৰ ফলত উত্তৰ কৰ্ণাটকৰ কেইবাটাও অঞ্চলৰ সৈতে নিশাৰ ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত হ’ব। পূৰ্বতে এই অঞ্চলসমূহৰ বহু ঠাইত উন্নতমানৰ ৰে’লসেৱাৰ সুবিধা নাছিল। তেওঁ লগতে ঘোষণা কৰে যে কৰ্ণাটকৰ বাবে পৰৱৰ্তী বন্দে ভাৰত শ্লীপাৰ ৰে’লখন বেংগালুৰুৰ পৰা যাত্ৰা আৰম্ভ কৰি ৰাজ্যখনৰ উত্তৰ অংশৰ মাজেৰে হুব্বাল্লী অঞ্চললৈ সংযোগ স্থাপন কৰি পুনে আৰু মুম্বাই অভিমুখে আগবাঢ়িব। কেন্দ্ৰীয় ৰে’লমন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে পথটোৰ বৈদ্যুতিকীকৰণ আৰু সফল পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত অহা কেইসপ্তাহমানৰ ভিতৰতে বেংগালুৰু আৰু মাংগালুৰুৰ মাজত বন্দে ভাৰত ৰে’লসেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই সেৱাই বেংগালুৰুৰ সৈতে উপকূলীয় কৰ্ণাটকৰ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰিব। তেওঁ কয় যে নতুন সেৱাই অঞ্চলটোৰ বাবে অধিক ক্ষিপ্ৰ, আৰামদায়ক আৰু বিশ্বমানৰ ৰে’ল যোগাযোগ ব্যৱস্থা নিশ্চিত কৰিব। যাত্ৰী যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা আৰু কৰ্ণাটকৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰাৰ ক্ষেত্ৰত আধুনিক ৰে’ল আন্তঃগাঁথনি, প্ৰযুক্তিনিৰ্ভৰ উন্নয়ন আৰু দ্ৰুতগতিসম্পন্ন ৰে’লসেৱাৰ সম্প্ৰসাৰণৰ গুৰুত্বৰ কথাও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় ৰে’লমন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কৰ্ণাটকত দ্ৰুতগতিসম্পন্ন ৰে’ল যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু আঞ্চলিক যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে অৰ্থনৈতিক সংহতি বৃদ্ধিৰ বাবে নতুন ৰে’ল কৰিডৰ নিৰ্মাণৰ বিষয়টোও উল্লেখ কৰে। যাত্ৰাৰ সময় হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বেংগালুৰু–চেন্নাই যাত্ৰাৰ সময় মাত্ৰ ৭৩ মিনিট হ’ব। আনহাতে, বেংগালুৰু–হায়দৰাবাদৰ মাজৰ যাত্ৰাৰ সময় প্ৰায় ২ ঘণ্টা ১০ মিনিট হ’ব। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে কৰ্ণাটকত বিশেষকৈ উত্তৰ কৰ্ণাটকত ৰে’ল যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৰে’ল মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। তেওঁ ৰে’ল আন্তঃগাঁথনি উন্নয়নৰ বাবে পুঁজিৰ আবণ্টন বৃদ্ধি আৰু কৰ্ণাটকত ৰে’ল উন্নয়নমূলক কাম-কাজত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ কথাও উল্লেখ কৰে। শ্ৰী যোশীয়ে কয় যে আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু সুৰক্ষা ব্যৱস্থাৰ উন্নয়নত এই বৃহৎ বিনিয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ উল্লেখ কৰে যে ‘কৱচ’ সুৰক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ পাছত ৰে’ল দুৰ্ঘটনাৰ সংখ্যা ১৩৫ৰ পৰা ১৬লৈ হ্ৰাস পাইছে। দুৰ্ঘটনাৰ সংখ্যা শূন্যলৈ নমাই অনাৰ বাবে স্পষ্ট প্ৰাতিষ্ঠানিক লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ নতুন বন্দে ভাৰত ৰে’লসেৱা আৰু অতিৰিক্ত দ্ৰুতগতিসম্পন্ন ৰে’ল কৰিডৰ স্থাপনৰ ঘোষণাকো আদৰণি জনায়। এই পদক্ষেপসমূহে যাত্ৰীৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে আঞ্চলিক উন্নয়ন ত্বৰান্বিত কৰিব আৰু কৰ্ণাটকৰ বিভিন্ন অঞ্চলত আধুনিক ৰে’লসেৱাৰ সুবিধা অধিক সহজলভ্য কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী এইচ ডি কুমাৰস্বামীয়ে বেংগালুৰু–মুম্বাই বন্দে ভাৰত শ্লীপাৰ সেৱা, প্ৰস্তাৱিত বেংগালুৰু–মাংগালুৰু বন্দে ভাৰত ৰে’লসেৱা আৰু বেংগালুৰুৰ সৈতে পুনেক সংযোগ কৰা পৰিকল্পিত ৰে’ল যোগাযোগ ব্যৱস্থাক আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে এই পদক্ষেপসমূহে কেৱল কৰ্ণাটকৰ জনসাধাৰণকে নহয়, বেংগালুৰুত বসবাস কৰা পশ্চিমবংগ, অসম আৰু বিহাৰৰ বৃহৎ সংখ্যক প্ৰব্ৰজিত শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালসমূহকো উপকৃত কৰিব। ইয়াৰ ফলত যাত্ৰীৰ সুবিধা আৰু আঞ্চলিক যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন হ’ব। ৰে’ল বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ভি সোমান্নাই কৰ্ণাটকৰ ৰে’ল আন্তঃগাঁথনিৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ কথা উল্লেখ কৰে। বিশেষকৈ দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰা, ৰে’ল যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা আৰু ৰাজ্যখনৰ বিভিন্ন স্থানত যাত্ৰীৰ সুবিধা উন্নত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ৰাজ্যখনত প্ৰায় ৫২,০০০ কোটি টকা ব্যয় সাপেক্ষ ৰে’ল আন্তঃগাঁথনি উন্নয়নৰ কাম চলি আছে। ৰে’লসেৱা পুনৰ আৰম্ভ কৰা, ৰে’লৱে অভাৰব্ৰিজ আৰু আণ্ডাৰব্ৰিজ নিৰ্মাণৰ কাম ক্ষিপ্ৰ কৰা তথা বেংগালুৰু, জিলা সদৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ কেন্দ্ৰসমূহৰ ৰে’ল ষ্টেচন আধুনিকীকৰণৰ বাবে ৰে’লমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ তেওঁ শলাগ লয়।
দুটা গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু বাণিজ্যিক কেন্দ্ৰৰ মাজত সংযোগ
নতুন বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছে তথ্য-প্ৰযুক্তি, উদ্ভাৱন, শিক্ষা আৰু উদ্যোগৰ আগশাৰীৰ কেন্দ্ৰ বেংগালুৰুৰ সৈতে দেশৰ বিত্তীয় আৰু বাণিজ্যিক ৰাজধানী মুম্বাইৰ মাজত গুৰুত্বপূৰ্ণ নিশাৰ ৰে’ল যোগাযোগ ব্যৱস্থা গঢ়ি তুলিব। দুয়োখন মহানগৰীতে পেছাদাৰী ব্যক্তি, উদ্যোগী, শিক্ষাৰ্থী, ব্যৱসায়িক যাত্ৰী আৰু পৰিয়ালৰ লোকৰ যথেষ্ট অহা-যোৱা হয়। নতুন ৰে’লসেৱাই যাত্ৰীসকলক অতিৰিক্তভাৱে সুবিধাজনক যাত্ৰাৰ বিকল্প প্ৰদান কৰিব। ইয়াৰ জৰিয়তে যাত্ৰীসকলে নিশাৰ ভাগতে দীৰ্ঘ দূৰত্বৰ যাত্ৰা সম্পূৰ্ণ কৰি পিছদিনা নিজৰ গন্তব্যস্থানত উপস্থিত হ’ব পাৰিব। ৰে’লখনে নিজৰ যাত্ৰাপথত অনন্তপুৰ, গুণ্টাকাল, ৰায়চুৰ, য়াদগিৰ, ৱাডি, কালাবুৰাগী, ছোলাপুৰ, পুনে আৰু কল্যাণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ষ্টেচন সংযোগ কৰিব। ইয়াৰ ফলত কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী হ’ব। লগতে গুৰুত্বপূৰ্ণ বাণিজ্যিক, শৈক্ষিক আৰু আঞ্চলিক কেন্দ্ৰসমূহলৈ যাতায়াতৰ সুবিধা উন্নত হ’ব। বেংগালুৰুৰ এছএমভিটি ষ্টেচনৰ পৰা ৰে’লখন সন্ধিয়া ৭ বাজি ৪৫ মিনিটত যাত্ৰা আৰম্ভ কৰি পিছদিনা পুৱা ১১ বাজি ৫৫ মিনিটত মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছত উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰে’লখন মুম্বাইৰ চিএছএমটিৰ পৰা নিশা ৮ বাজি ১০ মিনিটত যাত্ৰা আৰম্ভ কৰি পিছদিনা দুপৰীয়া ১২ বজাত এছএমভিটি বেংগালুৰুত উপস্থিত হ’ব। এই ৰে’লসেৱা সপ্তাহত ছদিন চলাচল কৰিব। বেংগালুৰুৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে’লখন সোমবাৰে আৰু মুম্বাইৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে’লখন মঙলবাৰে চলাচল নকৰিব। নিশাৰ এই সময়সূচীয়ে যাত্ৰীসকলক দুখন মহানগৰৰ মাজত আৰামদায়কভাৱে যাত্ৰা কৰাৰ লগতে দিনটোৰ সময় অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰিব। ৰে’লপথটোৰ কাষৰীয়া চহৰ আৰু নগৰসমূহৰ যাত্ৰীসকলেও আধুনিক ৰে’ল যাত্ৰাৰ অতিৰিক্ত সুবিধা লাভ কৰিব। বেংগালুৰু–মুম্বাই বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছৰ শুভাৰম্ভ ভাৰতীয় ৰে’লৱেৰ আধুনিক আন্তঃগাঁথনি, উন্নত প্ৰযুক্তি আৰু উন্নত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে যাত্ৰীবাহী পৰিবহণ ব্যৱস্থাৰ ৰূপান্তৰ সাধনৰ চলিত প্ৰচেষ্টাৰ আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ভাৰতৰ অৰ্থনৈতিক বিকাশত সহায় কৰা আৰু মহানগৰসমূহৰ সৈতে উদীয়মান আঞ্চলিক কেন্দ্ৰসমূহৰ সংযোগ স্থাপন কৰা আধুনিক, দক্ষ, সুৰক্ষিত আৰু যাত্ৰীকেন্দ্ৰিক পৰিবহণ নেটৱৰ্ক গঢ়ি তোলাৰ প্ৰতি ভাৰতীয় ৰে’লৱে প্ৰতিশ্ৰুতিবদ্ধ।


**********
Dharmendra Tewari/ Dr. Nayan Solanki/ Ritu Raj/PB