পোষ্ট কৰা হৈছে:
30 OCT 2026 5:00PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চলত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মাজেৰে চলি থকা নিচাযুক্ত দ্ৰব্যৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আন এক গুৰুত্বপূৰ্ণ অভিযান চলাই ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (DRI) মিজোৰাম আৰু অসমত চোৰাংচোৱাৰ তথ্যৰ আধাৰত চলোৱা দুটা অভিযানত বৃহৎ পৰিমাণৰ ৫০ কিলোগ্ৰাম মেথামফেটামিন টেবলেট (য়াবা) আৰু ক্ৰিষ্টেল মেথ জব্দ কৰিছে।

জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ ভিতৰত ৩০ কিলোগ্ৰাম মেথামফেটামিন টেবলেট আৰু ২০ কিলোগ্ৰাম ক্ৰিষ্টেল মেথামফেটামিন আছে। নিচাযুক্ত দ্ৰব্য আৰু মনঃপ্ৰভাৱী পদাৰ্থ আইন, ১৯৮৫ (NDPS Act)-ৰ প্ৰাসংগিক ধাৰাৰ অধীনত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
জোখাৱথাৰৰ পৰা আইজল আৰু শিলচৰ অভিমুখে নিচাযুক্ত দ্ৰব্যৰ কেইবাটাও চালান সৰবৰাহ কৰা সন্দৰ্ভত লাভ কৰা নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ডি আৰ আইৰ বিষয়াসকলে অসম ৰাইফলছৰ সহযোগত ২৯ অক্টোবৰত আইজল–চাম্ফাই পথৰ আইজলৰ উপকণ্ঠত এখন মহিন্দ্ৰা বলেৰো কেম্পাৰ বাহন ৰখাই তালাচী চলায়।
বাহনখনত পুংখানুপুংখ তালাচী চলোৱাৰ সময়ত এটা সংৰক্ষণ কেবিনেটযুক্ত কাৰ্যালয়ৰ টেবুলৰ ভিতৰত বিশেষভাৱে নিৰ্মাণ কৰা গোপন খাপত লুকুৱাই ৰখা গুলপীয়া-কমলা ৰঙৰ টেবলেট থকা ৩০টা ইটাৰ আকৃতিৰ পেকেট উদ্ধাৰ কৰা হয়। পেকেটকেইটাৰ মুঠ ওজন ৩০ কিলোগ্ৰাম।
নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বাবে আচবাবক আৱৰণ হিচাপে ব্যৱহাৰ কৰাৰ এই পদ্ধতি নতুন কৌশল হিচাপে বিবেচিত হৈছে। বাহনখনত সাধাৰণ ঘৰুৱা বা কাৰ্যালয়ৰ সামগ্ৰী কঢ়িয়াই নিয়া হৈছে বুলি দেখুৱাই নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ লুকুৱাই ৰখাৰ উদ্দেশ্যে এই কৌশল গ্ৰহণ কৰা হৈছিল বুলি অনুমান কৰা হৈছে।
৩০ অক্টোবৰত আন এক চোৰাংচোৱাৰ তথ্যৰ আধাৰত অভিযান চলোৱা হয়। অসম ৰাইফলছৰ সহযোগত ডি আৰ আইৰ বিষয়াসকলে শিলচৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত ধলাইত এখন অশোক লেলেণ্ড ট্ৰাক আৰু এখন বলেৰো কেম্পাৰ বাহন ৰখাই তালাচী চলায়।
ট্ৰাকখনত তালাচী চলোৱাৰ সময়ত ২০টা পেকেটত থকা ২০ কিলোগ্ৰাম ক্ৰিষ্টেল মেথামফেটামিন উদ্ধাৰ কৰা হয়। পেকেটকেইটা চালকৰ কেবিনৰ ওপৰৰ অংশত লুকুৱাই ৰখা হৈছিল আৰু চিনাক্তকৰণৰ পৰা হাত সাৰিবলৈ বিদেশী চিহ্ন থকা চাহৰ পেকেটৰ ভিতৰত ভৰাই ৰখা হৈছিল। ক্ষেত্ৰভিত্তিক পৰীক্ষাত উদ্ধাৰ হোৱা পদাৰ্থখিনিত এম্ফেটামিনৰ উপস্থিতি ধৰা পৰে।
দুয়োটা অভিযানত NDPS আইন, ১৯৮৫ৰ অধীনত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰি নিচাযুক্ত দ্ৰব্য সৰবৰাহত ব্যৱহাৰ কৰা তিনিখন বাহনো জব্দ কৰা হৈছে।
প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে জব্দ কৰা নিচাযুক্ত দ্ৰব্যখিনি ম্যানমাৰৰ পৰা চোৰাংকৈ অনা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলত শেহতীয়াকৈ ডি আৰ আয়ে ২৩২ কিলোগ্ৰাম আৰু ৫৬ কিলোগ্ৰাম মেথামফেটামিন জব্দ কৰাৰ পিছতে এই অভিযান চলোৱা হৈছে।
ক্ৰমাগতভাৱে চলোৱা এই অভিযানসমূহে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰৰ পৰা দেশৰ ভিতৰলৈ কৃত্ৰিম নিচাযুক্ত দ্ৰব্য সৰবৰাহ কৰা আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৰ ব্যাপকতা আৰু অব্যাহত থকা কাৰ্যকলাপৰ উমান দিয়ে। লগতে এনে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ সৈতে জড়িত নেটৱৰ্কসমূহ চিনাক্ত কৰি উৎখাত কৰাৰ ক্ষেত্ৰত ডি আৰ আয়ে অব্যাহত ৰখা প্ৰচেষ্টাৰো প্ৰতিফলন ঘটায়।
সংগঠিত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰী চক্ৰসমূহৰ কাৰ্যকলাপ ব্যাহত কৰা, কৃত্ৰিম নিচাযুক্ত দ্ৰব্যৰ প্ৰসাৰ ৰোধ কৰা আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ ফলত দেশৰ সন্মুখত সৃষ্টি হোৱা গুৰুতৰ সামাজিক আৰু জনস্বাস্থ্যজনিত পৰিণতিৰ পৰা দেশবাসীক সুৰক্ষা প্ৰদানৰ বাবে ডি আৰ আয়ে নিজৰ অভিযান অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰিছে।
KT/KMN/PB