পোষ্ট কৰা হৈছে:
31 OCT 2026 9:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা–IV (পি এম জি এছ ৱাই-IV)ৰ প্ৰথম পৰ্যায়ৰ (২০২৬-২৭ বিত্তীয় বৰ্ষ) অধীনত মন্ত্ৰালয়ে মুঠ ৭১০.৪০ কোটি টকা ব্যয় সাপেক্ষে সৰ্বমুঠ ৫০৯.৫৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪৫টা পথ নিৰ্মাণৰ কামত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ জৰিয়তে ৪৮টা বসতিপ্ৰধান অঞ্চললৈ প্ৰথমবাৰৰ বাবে সকলো বতৰতে ব্যৱহাৰযোগ্য পথ-যোগাযোগ ব্যৱস্থা গঢ়ি তোলা হ’ব।
এই পথ-যোগাযোগ ব্যৱস্থাই অঞ্চলকেইটাৰ বাসিন্দাসকলৰ বাবে বিদ্যালয়, চিকিৎসালয় আৰু গ্ৰাম্য বজাৰৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহ সুচল হৈ উঠাত কৰাত সহায় কৰিব। এই ব্যৱস্থাৰ ফলত অঞ্চলকেইটাৰ জনসাধাৰণৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নো উল্লেখনীয় হাৰত ত্বৰান্বিত হ'ব । লগতে, ই এখন বিকশিত ভাৰত গঢ়াৰ চৰকাৰৰ লক্ষ্যক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰতো সহায়ক হ’ব।
শেহতীয়া এই অনুমোদনৰ উপৰি, আজিৰ তাৰিখলৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত মিজোৰাম ৰাজ্যখনৰ বাবে মুঠ ৩,৪১২ কোটি টকা ব্যয় সাপেক্ষে সৰ্বমুঠ ৪,৯৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৩৬৭টা পথ নিৰ্মাণৰ কাম আৰু ৭খন দলং নিৰ্মাণৰ প্ৰকল্পত ইতিমধ্যে অনুমোদন জনোৱা হৈছে।
PU/UD