ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

নাছিকত সিংহস্থ মহাকুম্ভৰ ধ্বজস্তম্ভ পূজন, ধ্বজা পূজন আৰু ধ্বজাৰোহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ অংশগ্ৰহণ

কুম্ভমেলাত অগণন ভক্তৰ সমাৱেশে ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐক্য তথা পৰম্পৰাৰ ধাৰাবাহিকতাৰ জীৱন্ত প্ৰমাণ দাঙি ধৰিছে : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

পোষ্ট কৰা হৈছে: 31 OCT 2026 8:41PM by PIB Guwahati

মহাৰাষ্ট্ৰৰ নাছিকত আজি (৩১ অক্টোবৰ, ২০২৬) অনুষ্ঠিত সিংহস্থ মহাকুম্ভৰ ধ্বজস্তম্ভ পূজন, ধ্বজা পূজন আৰু ধ্বজাৰোহণ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অংশগ্ৰহণ কৰে। এই উপলক্ষ্যে  তেওঁ এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰে।

 

নিজৰ ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নাছিক-ত্ৰিম্বকেশ্বৰ সিংহস্থ মহাকুম্ভৰ পৰম্পৰা যেনেকৈ প্ৰাচীন, তেনেকৈয়ে সমৃদ্ধিশালী। হৰিদ্বাৰত গংগাৰ পাৰত, প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত, উজ্জয়িনীত শিপ্ৰা নদীৰ পাৰত আৰু নাছিকত গোদাবৰী নদীৰ পাৰত অনুষ্ঠিত কুম্ভমেলাসমূহ বিশ্বজুৰি পৰিচিত। শতিকাজুৰি নিৰৱচ্ছিন্নভাৱে এই সমাৱেশসমূহ অনুষ্ঠিত হৈ অহাটোৱে আমাৰ দেশৰ ঐতিহাসিক, সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিক পৰম্পৰাৰ শক্তিৰ সাক্ষ্য বহন কৰিছে।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শতিকাজুৰি কুম্ভমেলাত অগণন ভক্তৰ সমাৱেশে ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐক্য তথা পৰম্পৰাৰ ধাৰাবাহিকতাৰ জীৱন্ত প্ৰমাণ দাঙি ধৰিছে। এই সমাৱেশসমূহে ধৰ্মীয় বিশ্বাস আৰু সামাজিক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে।

তেওঁ আশা প্ৰকাশ কৰে যে ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া নাছিক-ত্ৰিম্বকেশ্বৰ সিংহস্থ মহাকুম্ভই আমাৰ প্ৰাচীন ঐতিহ্যৰ সৈতে আধুনিক সময়ৰ এক সংযোগ-সেতু হিচাপে কাম কৰিব। এই অনুষ্ঠানটোৱে নৱপ্ৰজন্মক ভাৰতৰ গৌৰৱোজ্জ্বল ঐতিহ্য আৰু জীৱনৰ মূল আদৰ্শসমূহৰ সৈতে পৰিচিত কৰোৱাৰ এক উৎকৃষ্ট সুযোগ হৈ উঠক বুলিও তেওঁ কামনা কৰে।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক বতৰৰ চৰম  পৰিস্থিতিৰ ফলত সৃষ্টি হোৱা বিভিন্ন সংকটৰ সন্মুখীন হৈছে। আমাৰ দেশতো মহাৰাষ্ট্ৰৰ দৰে অঞ্চলত খৰাং পৰিস্থিতিৰ বাবে বহু লোক, বিশেষকৈ কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে। এনে প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ সময়ত দেশৰ নাগৰিকসকল, বিশেষকৈ কৃষকসকলে যাতে প্ৰয়োজনীয় সহায় লাভ কৰে, তাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।

 

পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰিৱেশ সম্পৰ্কীয় সজাগতাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে পৰিৱেশ সংৰক্ষণৰ বাবে ব্যক্তিগত আৰু সামূহিকভাৱে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ নাগৰিকসকলক আহ্বান জনায়। তেওঁ আশা প্ৰকাশ কৰে যে নাছিকত অনুষ্ঠিত হ’বলগীয়া মহাকুম্ভৰ সময়ছোৱাত অনুষ্ঠান পৰিচালনা সমিতিৰ প্ৰচেষ্টা আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ তথা সমন্বয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক অনুকৰণীয় আদৰ্শ দাঙি ধৰিব।

 

 

 

Please click here to see the President's Speech-

****

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2331075) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: Urdu , English , हिन्दी , Marathi , Malayalam