পোষ্ট কৰা হৈছে:
31 OCT 2026 3:38PM by PIB Guwahati
দৃষ্টিভংগীক কাৰ্যক্ষেত্ৰলৈ ৰূপান্তৰ
উমৈহতীয়া সাগৰ, উমৈহতীয়া নিৰাপত্তা আৰু উমৈহতীয়া সমৃদ্ধি
২০২৬ চনৰ ৩০ অক্টোবৰৰ পৰা ০৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী 'বিমষ্টেক সামুদ্ৰিক নিৰাপত্তা অনুশীলন' -এ বিমষ্টেক গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সামুদ্ৰিক সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি পৰিগণিত হৈছে। • বাংলাদেশ, ভূটান, ভাৰত, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ডক একগোট কৰা এই অনুশীলনে বংগোপসাগৰীয় অঞ্চলৰ আঞ্চলিক নিৰাপত্তা, স্থিৰতা আৰু সমৃদ্ধিৰ প্ৰতি সদস্য ৰাষ্ট্ৰসমূহৰ যুটীয়া প্ৰতিশ্ৰুতিক অধিক সুদৃঢ় কৰি তুলিছে।
“বিমষ্টেক: সমৃদ্ধিশালী, দীৰ্ঘস্থায়ী আৰু মুক্ত” শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত ষষ্ঠ ‘বিমষ্টেক’ সন্মিলনৰ ফলাফলৰ আধাৰত এই অনুশীলনে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহৰ মাজত সামুদ্ৰিক সহযোগিতা আৰু কাৰ্যকৰী সংযোগক অধিক শক্তিশালী কৰাৰ বাবে ব্যৱহাৰিক পৰিকাঠামো আগবঢ়াইছে। পাৰস্পৰিক সামুদ্ৰিক স্বাৰ্থ জড়িত ক্ষেত্ৰসমূহত সহযোগিতা আগবঢ়াই নিয়াৰ লগতে আঞ্চলিক নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰাৰ জৰিয়তে “দৃষ্টিভংগীক কাৰ্যক্ষেত্ৰত ৰূপান্তৰ” কৰাৰ ক্ষেত্ৰত ‘বিমষ্টেক’ৰ সামূহিক সংকল্পৰ এই অনুশীলনত প্ৰতিফলন ঘটিছে।
দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াক সংযোগ কৰা বংগোপসাগৰ এটা গুৰুত্বপূৰ্ণ সামুদ্ৰিক অঞ্চল। ই বাণিজ্য, সংযোগ, শক্তি সুৰক্ষা আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। এই অনুশীলনৰ লক্ষ্য হৈছে ‘বিমষ্টেক’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক কাৰ্যকৰী সামৰ্থ্য বৃদ্ধি, সামুদ্ৰিক ক্ষেত্ৰ সম্পৰ্কীয় সজাগতা আৰু তথ্যৰ পৰিসৰ সম্প্ৰসাৰণ, সমন্বয় ব্যৱস্থাৰ উন্নতি সাধন আৰু উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদানক উৎসাহিত কৰা।
এই অনুশীলনে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কৌশলগত গুৰুত্ব তথা ভাৰতৰ প্ৰথমটো সংহত ত্ৰি-সেনা বাহিনীৰ কমাণ্ড আন্দামান আৰু নিকোবৰ কমাণ্ডৰ ভূমিকাও বিশেষভাৱে উজ্জ্বল কৰি তুলিছে। সামুদ্ৰিক যাতায়াতৰ গুৰুত্বপূৰ্ণ পথসমূহৰ কাষত অৱস্থিতি আৰু সামুদ্ৰিক নিৰীক্ষণ, মানৱীয় সাহায্য আৰু দুৰ্যোগ ব্যৱস্থাপনা, অনুসন্ধান আৰু উদ্ধাৰ অভিযান তথা আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত থকা সামৰ্থ্যৰ বাবে এই কমাণ্ড বংগোপসাগৰীয় অঞ্চলৰ সামুদ্ৰিক নিৰাপত্তাৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে পৰিগণিত হৈছে।
এই প্ৰথমটো অনুশীলনৰ বাবে ‘বিমষ্টেক’ৰ ৰাষ্ট্ৰসমূহ একত্ৰিত হোৱাৰ লগে লগে তেওঁলোকে নিৰাপদ, মুক্ত আৰু সৰ্বাংগীন সামুদ্ৰিক ক্ষেত্ৰ গঢ়ি তোলাৰ প্ৰতি থকা দায়বদ্ধতা পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰিছে। “উমৈহতীয়া সাগৰ, উমৈহতীয়া নিৰাপত্তা আৰু উমৈহতীয়া সমৃদ্ধি”ৰ ভাবধাৰাক প্ৰতিফলিত কৰা এই অনুশীলনে শান্তি, সুস্থিৰতা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আঞ্চলিক সংহতিৰ নিদৰ্শন দাঙি ধৰিছে।
_20261031154030_6bece5.jpeg)
(1)_20261031154047_a98cca.jpeg)
_20261031154059_f71845.jpeg)
VM/AS/UD