পোষ্ট কৰা হৈছে:
30 OCT 2026 11:05AM by PIB Guwahati
দেশত অবৈধ কৃত্ৰিম ড্ৰাগছ প্ৰস্তুতকৰণৰ বিৰুদ্ধে চলোৱা বৃহৎ অভিযানত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (ডি আৰ আই) উত্তৰ প্ৰদেশৰ জালাউন জিলাৰ এখন দুৰ্গম গাঁৱত চলি থকা বৃহৎ গোপন ড্ৰাগছ প্ৰস্তুতকাৰী পৰীক্ষাগাৰ উৎখাত কৰে। এই অভিযানত প্ৰায় ১,১০০ কিলোগ্ৰাম ড্ৰাগছৰ লগতে ড্ৰাগছ প্ৰস্তুতকৰণত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ আৰু প্ৰস্তুতকৰণৰ সঁজুলি জব্দ কৰা হয়। এই গোচৰটোৰ সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ডি আৰ আইৰ বিষয়া-কৰ্মচাৰীৰ এটা বৃহৎ দলে উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদ বিৰোধী গোটৰ সহযোগত যোৱা ২৯ অক্টোবৰৰ পুৱতি নিশা সন্দেহযুক্ত স্থানত সমন্বিত অভিযান আৰম্ভ কৰে।
এই স্থানত চলোৱা তালাচীত কৃত্ৰিম ড্ৰাগছ প্ৰস্তুতকৰণৰ বাবে প্ৰতিষ্ঠিত আৰু সম্পূৰ্ণৰূপে কাৰ্যক্ষম এটা পৰীক্ষাগাৰৰ সন্ধান পোৱা যায়। ইয়াৰ ফলত প্ৰায় ১৮৪ কিলোগ্ৰাম ওজনৰ প্ৰস্তুতকৰণ সম্পূৰ্ণ নোহোৱা ড্ৰাগছ, প্ৰায় ৫৮২ কিলোগ্ৰাম ড্ৰাগছ প্ৰস্তুতকৰণত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ লগতে প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত ব্যৱহৃত আনুষংগিক সঁজুলি জব্দ কৰা হয়।
ইয়াৰ পিছতে পৰৱৰ্তী খৰতকীয়া অভিযানত অভিযুক্তসকলৰ বাসগৃহত তালাচী চলাই প্ৰায় ১৫.৪ কিলোগ্ৰাম সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা মেথাকুৱালন, প্ৰায় ১৫৩ কিলোগ্ৰাম ৰাসায়নিক পদাৰ্থ আৰু প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত ব্যৱহৃত এটা যন্ত্ৰ উদ্ধাৰ কৰা হয়। আন এজন অভিযুক্তৰ বাসগৃহত চলোৱা পৃথক তালাচীত অতিৰিক্তভাৱে প্ৰায় ১৬৮ কিলোগ্ৰাম পূৰ্বগামী ৰাসায়নিক পদাৰ্থ জব্দ কৰা হয়। গোপন ড্ৰাগছ প্ৰস্তুতকৰণ কেন্দ্ৰটোৰ সৈতে জড়িত দুজন লোকক নিচাযুক্ত দ্ৰব্য আৰু মনঃপ্ৰভাৱী পদাৰ্থ (এন ডি পিএছ)আইন, ১৯৮৫ৰ বিধান অনুসৰি গ্ৰেপ্তাৰ কৰা হয়।
বুজন পৰিমাণৰ সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা ড্ৰাগছ, প্ৰস্তুতকৰণ সম্পূৰ্ণ নোহোৱা ড্ৰাগছৰ লগতে প্ৰস্তুতকৰণত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ লগতে প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত ব্যৱহৃত আনুষংগিক সঁজুলি উদ্ধাৰ হোৱা ঘটনাই সংগঠিত অবৈধ ড্ৰাগছ প্ৰস্তুতকৰণ চক্ৰৰ অস্তিত্বৰ ইংগিত বহন কৰিছে। এই অভিযানে বৃহৎ পৰিসৰৰ গোপন উৎপাদন কেন্দ্ৰটো উৎখাত কৰি, অবৈধ যোগান শৃংখলৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ আৰু ড্ৰাগছ প্ৰস্তুতকৰণত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ আঁতৰাই আৰু অধিক পৰিমাণৰ কৃত্ৰিম ড্ৰাগছ প্ৰস্তুত হোৱাত বাধা দি অবৈধ ড্ৰাগছ প্ৰস্তুতকৰণৰ সমগ্ৰ ব্যৱস্থাটোত মোক্ষম আঘাত হানিছে।
নিচাযুক্ত দ্ৰব্য আৰু মনঃপ্ৰভাৱী পদাৰ্থৰ সৰবৰাহ ৰোধ কৰাৰ লক্ষ্যৰে অবৈধ ড্ৰাগছ প্ৰস্তুতকৰণৰ গোপন নেটৱৰ্কসমূহ উৎখাত কৰা আৰু অবৈধ ড্ৰাগছ উৎপাদন অব্যাহত ৰখাত সহায় কৰা যোগান শৃংখলসমূহ ব্যাহত কৰাৰ প্ৰতি ডি আৰ আই দৃঢ়প্ৰতিজ্ঞ।
***
KT/KMN/UD