বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

লাক্সেমবাৰ্গত ভাৰত–বেলজিয়াম–লাক্সেমবাৰ্গ অৰ্থনৈতিক সংঘ (বি এল ই ইউ)ৰ ১৯সংখ্যক যুটীয়া অৰ্থনৈতিক আয়োগৰ অধিৱেশন: বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্য

লজিষ্টিকছ, নবীকৰণযোগ্য শক্তি, ফিনটেক, স্বাস্থ্যসেৱা আৰু কৃষি-খাদ্য সংসাধনকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহক সামৰি আলোচনা

মহাকাশ আৰু বিমান বিজ্ঞান , গৱেষণা, উদ্ভাৱন তথা উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ সম্ভাৱনা অন্বেষণ ভাৰত– বি এল ই ইউ যুটীয়া অৰ্থনৈতিক আয়োগৰ

পোষ্ট কৰা হৈছে: 30 OCT 2026 12:45PM by PIB Guwahati

ভাৰত–বেলজিয়াম–লাক্সেমবাৰ্গ অৰ্থনৈতিক সংঘৰ (বি এল ই ইউ) যুটীয়া অৰ্থনৈতিক আয়োগৰ ১৯সংখ্যক অধিৱেশন যোৱা ২৯ অক্টোবৰত লাক্সেমবাৰ্গত অনুষ্ঠিত হয়। এই বৈঠকত ভাৰত, বেলজিয়াম আৰু লাক্সেমবাৰ্গে পাৰস্পৰিক বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্কসমূহ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত অৰ্থনৈতিক সহযোগিতা অধিক শক্তিশালী কৰাৰ সম্ভাৱনাসমূহৰ বিষয়ে আলোচনা কৰে।

 

এই যুটীয়া অৰ্থনৈতিক আয়োগৰ অধিৱেশনত কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য সচিব শ্ৰী ৰাজেশ আগৰৱাল, বেলজিয়ামৰ বৈদেশিক পৰিক্ৰমা, বৈদেশিক বাণিজ্য আৰু উন্নয়ন সহযোগিতা বিষয়ক ফেডাৰেল ৰাজহুৱা সেৱাৰ ভূ-অৰ্থনীতি আৰু অৰ্থনৈতিক কূটনীতিৰ সঞ্চালক প্ৰধান শ্ৰী ফিলিপ ভাণ্ডেন বুল্কে আৰু লাক্সেমবাৰ্গৰ বৈদেশিক আৰু ইউৰোপীয় পৰিক্ৰমা, প্ৰতিৰক্ষা, উন্নয়ন সহযোগিতা আৰু বৈদেশিক বাণিজ্য মন্ত্ৰালয়ৰ সচিব প্ৰধান শ্ৰী হেনৰি শ্বুমাখাৰে যুটীয়াভাৱে সভাপতিত্ব কৰে।

 

এই ১৯সংখ্যক অধিৱেশনত ভাৰত, বেলজিয়াম আৰু লাক্সেমবাৰ্গৰ মাজত চলি থকা বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্কসমূহ পৰ্যালোচনা কৰাৰ লগতে অৰ্থনৈতিক সম্পৰ্ক অধিক সম্প্ৰসাৰণ, বাণিজ্য আৰু বিনিয়োগৰ ধাৰা সুচল কৰা তথা পাৰস্পৰিক স্বাৰ্থজড়িত ক্ষেত্ৰসমূহত সহযোগিতা শক্তিশালী কৰাৰ উপায়সমূহৰ বিষয়েও আলোচনা কৰা হয়।

 

আলোচনাত কেইবাটাও অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডই স্থান লাভ কৰে। ইয়াৰ ভিতৰত আছিল-লজিষ্টিকছ, মহাকাশ বিমান বিজ্ঞান সম্বন্ধীয়   বিশেষকৈ বিমান যোগাযোগ আৰু বন্দৰ ব্যৱস্থা, নবীকৰণযোগ্য শক্তি আৰু স্বচ্ছ প্ৰযুক্তি, বিত্তীয় সেৱা আৰু ফিনটেক, ডিজিটেল ৰূপান্তৰ তথা তথ্য আৰু যোগাযোগ প্ৰযুক্তি, স্বাস্থ্যসেৱা আৰু জীৱন-বিজ্ঞান, আয়ুৰ্বেদ আৰু পৰম্পৰাগত চিকিৎসা ব্যৱস্থা আৰু কৃষি তথা খাদ্য সংসাধন উদ্যোগ।

 

বৈঠকত মহাকাশ আৰু বিমান পৰিবহণ, গৱেষণা আৰু উদ্ভাৱন, উচ্চ শিক্ষা তথা দক্ষতা বিকাশৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ সম্ভাৱনা অন্বেষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বাণিজ্য ক্ষেত্ৰত দেখা দিয়া উদ্বেগপূৰ্ণ বিষয়সমূহৰ সমাধান, বজাৰত প্ৰৱেশৰ সুবিধা বৃদ্ধি আৰু অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ নতুন সুযোগ চিনাক্ত কৰাৰ লক্ষ্যৰে বজাৰ-সম্পৰ্কীয় বিষয়সমূহক লৈও আলোচনা কৰা হয়।

 

এই যুটীয়া অৰ্থনৈতিক আয়োগৰ অধিৱেশনে তিনিওখন দেশক নিজ নিজ অৰ্থনৈতিক অগ্ৰাধিকাৰ সন্দৰ্ভত মত বিনিময়, বিভিন্ন খণ্ডত সহযোগিতা পৰ্যালোচনা আৰু ব্যৱসায়িক সম্পৰ্ক তথা বিনিয়োগৰ অংশীদাৰিত্ব বৃদ্ধিৰ নতুন পথ চিনাক্ত কৰাৰ সুযোগ প্ৰদান কৰে। আলোচনাই ভাৰত, বেলজিয়াম আৰু লাক্সেমবাৰ্গৰ মাজত পাৰস্পৰিকভাৱে লাভজনক অৰ্থনৈতিক সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত ধাৰাবাহিক আলোচনা আৰু সহযোগিতাৰ গুৰুত্ব পুনৰ প্ৰতিপন্ন কৰে।

 

যুটীয়া অৰ্থনৈতিক আয়োগৰ অধিৱেশনৰ পাছত বাণিজ্য সচিব শ্ৰী ৰাজেশ আগৰৱালে লাক্সেমবাৰ্গস্থিত বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাণিজ্যিক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ ভাৰতৰ শক্তিশালী অৰ্থনৈতিক বিকাশ আৰু বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ লগতে বিত্তীয় সেৱা, উন্নত উৎপাদন উদ্যোগ, লজিষ্টিকছ, স্বচ্ছ শক্তি, ডিজিটেল প্ৰযুক্তি, স্বাস্থ্যসেৱা আৰু গৱেষণা তথা উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ সুযোগসমূহৰ কথা উল্লেখ কৰে। তেওঁ লাক্সেমবাৰ্গৰ কোম্পানীসমূহক দীৰ্ঘম্যাদী বিনিয়োগ, প্ৰযুক্তিগত অংশীদাৰিত্ব আৰু বিশ্বৰ মূল্য শৃংখলৰ সৈতে সংযুক্ত হোৱাৰ উদ্দেশ্যে ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা সম্ভাৱনা উদ্ভাৱনৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

 

Abhishek Dayal/ Abhijith Narayanan/ Ishita Biswas/UD


(ৰিলিজ আই ডি : 2330381) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: Malayalam , English , Urdu , हिन्दी , Gujarati