পোষ্ট কৰা হৈছে:
30 OCT 2026 11:27AM by PIB Guwahati
ভাৰতীয় নৌসেনাৰ প্ৰথমটো প্ৰশিক্ষণ স্কোৱাড্ৰন (১ টি এছ)ৰ অন্তৰ্গত আই এন এছ তীৰ, আই এন এছ সুজাতা আৰু আই চি জি এছ সাৰথি নামৰ জাহাজ তিনিখনে সফল বন্দৰ ভ্ৰমণৰ সামৰণি ঘটাই যোৱা ২৯ অক্টোবৰত শ্ৰীলংকাৰ কলম্বোৰ পৰা প্ৰস্থান কৰে। এই ভ্ৰমণকালত ভাৰতীয় নৌসেনা আৰু শ্ৰীলংকা নৌসেনাৰ মাজত কেইবাটাও দ্বিপাক্ষিক কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা আৰু সামুদ্ৰিক অংশীদাৰিত্ব অধিক সুদৃঢ় হৈ উঠে।
বন্দৰ ভ্ৰমণৰ সময়ছোৱাত প্ৰথম প্ৰশিক্ষণ স্কোৱাড্ৰনৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে জাহাজকেইখনৰ অধিনায়কসকলৰ সৈতে শ্ৰীলংকা নৌসেনাৰ পশ্চিম নৌ-অঞ্চলৰ অধিনায়কক সাক্ষাৎ কৰে। এই সাক্ষাৎকাৰত দুয়োখন দেশৰ নৌসেনাৰ মাজত থকা ঘনিষ্ঠ দ্বিপাক্ষিক সম্পৰ্ক আৰু সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ প্ৰতি থকা উমৈহতীয়া অংগীকাৰ পুনৰ প্ৰতিফলিত হয়।
পেছাদাৰী আদান-প্ৰদানৰ অংশ হিচাপে প্ৰথম প্ৰশিক্ষণ স্কোৱাড্ৰনৰ সাগৰীয় প্ৰশিক্ষাৰ্থীসকলে ত্ৰিংকোমালীৰ নৌ আৰু সামুদ্ৰিক একাডেমী (এন এম এ) পৰিদৰ্শন কৰি শ্ৰীলংকাৰ সাগৰীয় প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে। ইয়াৰ প্ৰত্যুত্তৰস্বৰূপে, নৌ আৰু সামুদ্ৰিক একাডেমীৰ শ্ৰীলংকা নৌসেনাৰ কেডেটসকলেও প্ৰথম প্ৰশিক্ষণ স্কোৱাড্ৰনৰ জাহাজকেইখন পৰিদৰ্শন কৰি স্কোৱাড্ৰনৰ প্ৰশিক্ষণৰ সুবিধা আৰু কাৰ্যকলাপৰ বিষয়ে অৱগত হয়। এই পাৰস্পৰিক ক্ৰিয়াই অভিজ্ঞতা বিনিময়ৰ সুযোগ প্ৰদান কৰে আৰু দুয়োখন নৌসেনাৰ প্ৰশিক্ষাৰ্থীসকলৰ মাজত পেশাদাৰী সৌহাৰ্দ্য গঢ়ি তোলাত সহায় কৰে ।
সমাজমুখী পদক্ষেপৰ অংশ হিচাপে ভাৰতীয় নৌসেনাৰ কৰ্মীসকলে পৰিৱেশৰ বহনক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে অনুষ্ঠিত উপকূল পৰিষ্কৰণ অভিযানত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি, স্থানীয় জনসাধাৰণ আৰু প্ৰবাসী ভাৰতীয়সকলকে ধৰি আগ্ৰহী দৰ্শনাৰ্থীৰ বাবে জাহাজকেইখন মুকলি কৰি দিয়া হয়। ইয়াৰ ফলত দৰ্শনাৰ্থীসকলে জাহাজৰ কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে ভাৰতীয় নৌসেনাৰ প্ৰশিক্ষণ আৰু কাৰ্যকৰী কাৰ্যকলাপৰ বিষয়ে অৱগত হোৱাৰ সুযোগ লাভ কৰে।
কলম্বোৰ পৰা প্ৰস্থান কৰাৰ সময়ত প্ৰথম প্ৰশিক্ষণ স্কোৱাড্ৰনৰ জাহাজকেইখনে শ্ৰীলংকা নৌসেনাৰ এছ এল এন এছ নন্দিমিত্ৰাৰ সৈতে পাৰগমন অনুশীলন সম্পন্ন কৰে। এই অনুশীলনৰ জৰিয়তে সমন্বিত সামুদ্ৰিক কৌশলগত চালনাৰ অনুশীলন কৰাৰ লগতে দুয়োখন দেশৰ সামুদ্ৰিক বাহিনীৰ মাজত কাৰ্যকৰী সমন্বয় আৰু পাৰস্পৰিক কাৰ্যক্ষমতা অধিক উন্নত হৈ উঠে।
এই ভ্ৰমণে ভাৰত আৰু শ্ৰীলংকাৰ মাজত দীৰ্ঘদিনীয়া সামুদ্ৰিক অংশীদাৰিত্বৰ কথা পুনৰ প্ৰতিপন্ন কৰাৰ লগতে আঞ্চলিক সামুদ্ৰিক সহযোগিতা আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত দুয়োখন দেশৰ উমৈহতীয়া অংগীকাৰ পুনৰ দৃঢ় কৰে। এই সহযোগিতামূলক অভিযান ‘মহাসাগৰ’ (MAHASAGAR--Mutual and Holistic Advancement for Security and Growth Across Regions) অৰ্থাৎ অঞ্চলসমূহৰ মাজত নিৰাপত্তা আৰু বিকাশৰ বাবে পাৰস্পৰিক তথা সৰ্বাংগীণ উন্নয়নৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সম্পন্ন কৰা হৈছে।
_20261030113003_d73b60.jpeg)
_20261030113023_7cfddb.jpeg)
_20261030113041_0fd06b.jpeg)
_20261030113100_edc2df.jpeg)
***
VM/AS /UD