পোষ্ট কৰা হৈছে:
29 OCT 2026 5:58PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই আজি নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (AIIMS) ভ্ৰমণ কৰি বিশেষ অভিযান ৬ (Special Campaign 6)-ৰ অধীনত প্ৰতিষ্ঠানখনে গ্ৰহণ কৰা পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনাময় আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ পদক্ষেপসমূহ পৰ্যালোচনা কৰে। ভ্ৰমণকালত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এইমছ ট্রমা চেন্টাৰ সম্প্ৰসাৰিত চৌহদত নতুনকৈ নিৰ্মাণ কৰা ৰোগীৰ প্ৰতীক্ষালয়টোও পৰিদৰ্শন কৰে। গাজিয়াবাদৰ ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড (বি ই এল)-এ ইয়াৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ) পদক্ষেপৰ অধীনত নিৰ্মাণ কৰা এই ভ্ৰমণালয়টো ৰোগী আৰু তেওঁলোকৰ সহায়কসকলৰ বাবে 'আশ্ৰয় শিবিৰ' হিচাপে ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিয়ে। ইয়াৰ উপৰিও তেওঁ প্ৰতিষ্ঠানখনৰ অনাময় কৰ্মীসকলৰ সৈতেও মতবিনিময় কৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীক স্বচ্ছতা অভিযানৰ অধীনত এইমছে গ্ৰহণ কৰা বিশেষভাৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনাময়, আৱৰ্জনা ব্যৱস্থাপনা আৰু প্ৰাতিষ্ঠানিক পৰিসৰৰ ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব দিয়া পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰা হয়।
বিশেষ অভিযান ৬-ৰ অধীনত স্বচ্ছতা আৰু বহনক্ষম কাৰ্যপন্থা সুদৃঢ়কৰণ
সমগ্র অঞ্চলটোক পৰিষ্কাৰ আৰু পৰিচ্ছন্ন কৰি ৰাখিবলৈ নতুন দিল্লীৰ এইমছে কেইবাটাও উৎকৃষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে দলগত চাফাই , জৰুৰীকালীন আৰু বহিঃবিভাগৰ (অ’ পি ডি) শৌচালয়ৰ বাবে নিৰ্দিষ্ট চাফাই কৰ্মী নিযুক্তি, দিনটোৰ শেষত বহিঃবিভাগৰ সম্পূৰ্ণ পৰিষ্কাৰকৰণ, চাফাই কৰ্মীসকলৰ বাবে নিয়মীয়া প্ৰশিক্ষণ, সময়মতে দৰমহা প্ৰদান আৰু চাফাই সামগ্ৰীৰ লগতে যান্ত্ৰিক চাফাই সঁজুলিসমূহৰ সঠিক তদাৰকী।
প্ৰতিষ্ঠানখনে পানী আৰু শক্তি সংৰক্ষণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ১১ টা পেলনীয়া পানী শোধন প্ৰকল্পক অনলাইন নিৰীক্ষণ আৰু স্মাৰ্ট মিটাৰিং ব্যৱস্থাৰে পৰিচালনা কৰা হৈছে, যাৰ ফলত দৈনিক প্ৰায় ১৯.৬ লাখ লিটাৰ শোধিত পেলনীয়া পানী উদ্যান শস্যৰ কামত পুনৰ ব্যৱহাৰ কৰা হয়। শক্তি সংৰক্ষণৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা, যেনে— প্ৰয়োজনীয়তা অনুসৰি বাতানুকূল যন্ত্ৰৰ সৰ্বোত্তম ব্যৱহাৰ আৰু প্ৰয়োজন নহ’লে বৈদ্যুতিক সঁজুলিসমূহ বন্ধ কৰি ৰখাৰ ফলত বিদ্যুৎ ব্যৱহাৰ প্ৰায় ৭.৬৮ লাখ কিলোৱাট-ঘণ্টা হ্ৰাস পাইছে, যিটো পূৰ্বতকৈ ১০.৫ শতাংশ কম। ২০২৪ বৰ্ষৰ একে সময়ছোৱাৰ তুলনাত ২০২৫ চনৰ জানুৱাৰীৰ পৰা অক্টোবৰ মাহৰ ভিতৰত বিদ্যুৎ বাবদ হোৱা খৰচ প্ৰায় ১.৯৮ কোটি টকা হ্ৰাস পাইছে।
বহনক্ষম গতিশীলতাৰ প্ৰচাৰৰ বাবে এইমছে ৰোগী আৰু সহায়কসকলৰ বাবে ৪০টা বিনামূলীয়া বৈদ্যুতিক বাহন শ্বটল সেৱা পৰিচালনা কৰে। শিবিৰটোত স্মাৰ্ট মনিটৰিং প্ৰণালীৰ দ্বাৰা সমৰ্থিত চাৰিটা স্থানত ৩০ টা ই ভি চাৰ্জাৰ আৰু ১১৪ টা বিশেষ পাৱাৰ পইণ্ট আছে।
এই পদক্ষেপসমূহে বিশেষ অভিযান ৬-ৰ অধীনত পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰতিষ্ঠানিক কৰা, সম্পদৰ দক্ষতা উন্নত কৰা আৰু এক স্বাস্থ্যসন্মত, বহনক্ষম আৰু ৰোগী-অনুকূল স্বাস্থ্যসেৱা পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত এইমছৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।
আশ্ৰয় সুবিধা পৰিদৰ্শন
ইয়াৰ পাছত শ্ৰী নাড্ডাই ৰোগী আৰু তেওঁলোকৰ পৰিচাৰকসকলৰ বাবে বিকশিত আন্তঃগাঁথনি আৰু সুবিধাসমূহ পৰিদৰ্শন কৰিবলৈ এইমছ ট্ৰ’মা চেণ্টাৰ এক্সটেনশ্যন কেম্পাছৰ নৱনিৰ্মিত ৰোগী অপেক্ষা গৃহলৈ যায়। বি ই এল, গাজিয়াবাদৰ দ্বাৰা ইয়াৰ চি এছ আৰ পদক্ষেপৰ অধীনত নিৰ্মাণ কৰা এই সুবিধাটোত ২,৯৭০ বৰ্গ মিটাৰৰ এক সংশোধিত এলেকা আৰু ৮৯৭ গৰাকী লোকৰ বহাৰ ক্ষমতা আছে। এই ভৱনটোত প্ৰাথমিক আৰু মাধ্যমিক অপেক্ষাৰ স্থান, প্ৰৱেশ আৰু প্ৰস্থান বিন্দু, ৰেম্প, শৌচাগাৰ আৰু আনুষংগিক সুবিধা আছে।
সম্পূৰ্ণ হৈ উঠা ভৱনটো, চিকিৎসাৰ বাবে এইমছলৈ যোৱা অৰ্থনৈতিকভাৱে বঞ্চিত ৰোগী আৰু তেওঁলোকৰ পৰিচাৰকসকলৰ বাবে নিৰাপদ, মৰ্য্যাদাপূৰ্ণ আৰু বতৰ সুৰক্ষিত অস্থায়ী বাসস্থান হিচাপে ভৱনটো আশ্ৰয়গৃহ ৰূপে ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ প্ৰস্তাৱিত ব্যৱহাৰে অস্থায়ী তম্বু-আধাৰিত আশ্ৰয়ৰ পৰিৱৰ্তে স্থায়ী, আচ্ছাদিত বিকল্প প্ৰদান কৰি, আৰাম আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা উন্নত কৰাৰ লগতে চিকিৎসালয়ৰ চাৰিওফালে মুকলি ঠাইত ৰোগী আৰু তেওঁলোকৰ পৰিচাৰকসকলৰ বিশ্ৰামৰ প্ৰয়োজনীয়তা হ্ৰাস কৰি ৰোগী কল্যাণ ব্যৱস্থাক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
এইমছে বৰ্তমান ‘আশ্ৰয়’ক ২৪ ঘণ্টায়েই মানৱীয় আশ্ৰয় সুবিধা হিচাপে পৰিচালনা কৰাৰ জৰিয়তে বিশেষকৈ দিল্লীৰ বাহিৰৰ ৰোগী আৰু সহায়কসকল উপকৃত হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীৰ এইমছত অনাময় কৰ্মীসকলৰ সৈতেও বাৰ্তালাপ কৰাৰ লগতে চিকিৎসালয়ৰ পৰিসৰৰ ভিতৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাত তেওঁলোকৰ ভূমিকাৰ শলাগ লয়। এই কাৰ্য্যসূচীত সুন্দৰ প্ৰচেষ্টাৰে পৰিষ্কাৰ, সুৰক্ষিত আৰু স্বাস্থ্যকৰ স্বাস্থ্যসেৱা পৰিৱেশ নিশ্চিত কৰাৰ ক্ষেত্ৰত অবিচ্ছেদ্য অংগ হৈ উঠা ফ্ৰণ্টলাইন অনাময় কৰ্মীসকলৰ অৱদানক স্বীকৃতি দিয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়।
এই পৰিদৰ্শনে ৰাজহুৱা স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহত বহনক্ষম পৰিষ্কাৰ-পৰিচ্ছন্নতা পদক্ষেপ, ফলপ্ৰসূ আৱৰ্জনা ব্যৱস্থাপনা আৰু ৰোগীৰ উন্নত সুবিধাৰ গুৰুত্ব পুনৰ নিশ্চিত কৰে। বিশেষ অভিযান ৬-ৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে গুৰুত্ব আৰোপ কৰি আহিছে যে দক্ষ ব্যৱস্থাপনা, সামূহিক দায়িত্ব আৰু স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত ৰোগী-কেন্দ্ৰিক দৃষ্টিভংগীৰ দ্বাৰা সমৰ্থিত পৰিষ্কাৰ-পৰিচ্ছন্নতাক এক চলি থকা অনুশীলন হিচাপে প্ৰতিষ্ঠানিক কৰিব লাগিব ।





***
SR/DD