পোষ্ট কৰা হৈছে:
29 OCT 2026 5:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ ‘সহকাৰ সে সমৃদ্ধি (সমবায়ৰ জৰিয়তে সমৃদ্ধি)ৰ দৃষ্টিভংগী অনুসৰি আৰু প্ৰতিজন নাগৰিকৰ ওচৰলৈ লগতে সমাজৰ প্ৰতিটো স্তৰত সমবায়-চালিত উন্নয়ন ত্বৰান্বিত কৰাৰ দিশত আগুৱাই নিয়াৰ লক্ষ্যৰে আজি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীঅমিত শ্বাহৰ অধ্যক্ষতাত নতুন দিল্লীস্থিত নিগমৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (এনচিডিচি)ৰ সাধাৰণ পৰিষদৰ ৯৩সংখ্যক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত এনচিডিচিৰ বিত্তীয় আৰু প্ৰতিষ্ঠানিক সাফল্য, সমবায় খণ্ডত বিত্তীয় সাহায্যৰ সম্প্ৰসাৰণ, নতুন বহু-ৰাজ্যিক সমবায় সমিতি গঠন, গ্ৰাম্য জীৱিকা সবলীকৰণ আৰু নিগমৰ ভৱিষ্যতৰ কৰ্মসূচী সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
সাধাৰণ পৰিষদৰ বৈঠকত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এনচিডিচিয়ে যোৱা প্ৰায় পাঁচ বছৰত অতি প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়াইছে। নিগমটোৱে ইয়াৰ বিত্তীয় কাৰ্যক্ষমতা আৰু নিৰ্ধাৰিত লক্ষ্য অৰ্জনত গুৰুত্বপূৰ্ণ প্ৰগতি লাভ কৰাই নহয়, বৰঞ্চ প্ৰতিজন শ্ৰমিকৰ বিপৰীতে লাভৰ পৰিমাণ বৃদ্ধি, ঋণ মঞ্জুৰী আৰু বিতৰণৰ সম্প্ৰসাৰণ, তথা শূন্য প্ৰকৃত অনাদায় সম্পত্তি (এনপিএ) বজাই ৰখাৰ দৰে গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছে। এই ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় যে এনচিডিচিয়ে এতিয়া দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে প্ৰতিষ্ঠা লাভ কৰিছে। লাডাখ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সৰু সৰু ৰাজ্যসমূহৰ দৰে দুৰ্গম অঞ্চললৈ কাৰ্যালয়সমূহৰ সম্প্ৰসাৰণে সমবায় আন্দোলনক দেশৰ আটাইতকৈ পিছপৰা প্ৰান্তলৈ লৈ যোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছে। শ্ৰী অমিত শ্বাহে এই সাফল্যসমূহৰ বাবে নিগমৰ বিষয়া আৰু কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰে।
শ্ৰীঅমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে এটা সুকীয়া সমবায় মন্ত্ৰালয় প্ৰতিষ্ঠা কৰি সমবায় খণ্ডৰ দশক জুৰি অমীমাংসিত হৈ থকা দাবী পূৰণ কৰিছে। ইয়াৰ উদ্দেশ্য কেৱল সমবায় প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধিতে ক্ষান্ত থকা নহয়, বৰঞ্চ দেশৰ প্ৰতিজন নাগৰিকক উন্নয়ন প্ৰক্ৰিয়াৰ লগত সংযোগ কৰাটো। তেওঁ লক্ষ্য কৰে যে ভাৰতৰ দৰে বিশাল দেশ এখনৰ উন্নয়ন কেৱল মুঠ ঘূৰুৱা উৎপাদন (জিডিপি),জনমূৰি আয় বা ঔদ্যোগিক বিনিয়োগৰ ভিত্তিত মূল্যায়ন কৰিব নোৱাৰি। প্ৰকৃত উন্নয়নৰ অৰ্থ হ’ল সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ বাবে সুযোগ নিশ্চিত কৰা, প্ৰতিজন নাগৰিকে মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰা আৰু প্ৰতিজন ব্যক্তিয়ে দেশৰ প্ৰগতিত অৱদান আগবঢ়াবলৈ সমৰ্থ হোৱা। তেওঁ লগতে কৰি কয় যে প্ৰতিজন নাগৰিকৰ ওচৰলৈ উন্নয়ন পোৱাৰ অৰ্থ হৈছে সৰ্বস্পৰ্শী বিকাশ, আনহাতে সৰ্বসমাবেশী বিকাশৰ অৰ্থ হ’ল লাডাখৰ পৰা লাক্ষাদ্বীপলৈকে দেশৰ উন্নয়ন যাত্ৰাত সকলো অঞ্চলৰে সমান অংশগ্ৰহণ নিশ্চিত কৰা।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে কয় যে সীমিত মূলধন থকা ক্ষুদ্ৰ কৃষক, পশু পালক, গ্ৰামাঞ্চলৰ মহিলা, মৎস্যজীৱী আৰু আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ লোকসকলৰ সমবেত শক্তিটোক ৰাষ্ট্ৰীয় উন্নয়নৰ সৈতে সংযোগ কৰাৰ আটাইতকৈ ফলপ্ৰসূ মাধ্যমটোৱেই হ’ল সমবায়। সমবায় প্ৰতিষ্ঠানসমূহে সীমিত মূলধন থকা বহুত লোকক একেলগে একত্ৰিত কৰি উৎপাদন, প্ৰক্ৰিয়াকৰণ, বিপণন আৰু আয়ৰ সুযোগ সৃষ্টি কৰিব পাৰে। তেওঁ কয় যে আমুল, ইফকো আৰু দেশৰ অন্যান্য কেইবাখনো সফল সমবায় প্ৰতিষ্ঠানে প্ৰমাণ কৰিছে যে সমবায় মূল্যবোধৰ সৈতে পেছাদাৰী পৰিচালনাৰ সংমিশ্ৰনেৰে বিশ্বজুৰি প্ৰতিযোগিতামূলক সংস্থা গঢ়ি তুলিব পাৰি। আন্তঃৰাষ্ট্ৰীয় সমবায় ৰেংকিঙত ভাৰতীয় সমবায় প্ৰতিষ্ঠানসমূহৰ উৎকৃষ্ট প্ৰদৰ্শনৰ কথা উল্লেখ কৰি তেওঁ ইয়াক সমগ্ৰ দেশৰ সমবায় খণ্ডৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰে।
শ্ৰীঅমিত শ্বাহে কয় যে এনচিডিচিয়ে উৎপাদন, প্ৰক্ৰিয়াকৰণ, বিপণন, গ্ৰাম্য ঔদ্যোগিক কাৰ্যকলাপ, জল সংৰক্ষণ, কৃষি বীমা, সমবায় বেংকিং আৰু বৃত্তাকাৰ অৰ্থনীতিৰ সৈতে জড়িত খণ্ডসমূহত নিজৰ কাৰ্যকলাপ সম্প্ৰসাৰণ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুৰাজ্যিক সমবায় সমিতি গঠন, মূলধন বিনিয়োগ আৰু কাৰ্যনিৰ্বাহতো নিগমটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ লক্ষ্য কৰে যে বিগত পাঁচ বছৰত এনচিডিচিৰ সাফল্যসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ছোৱাক নিগমটোৰ বাবে সোণালী যুগ বুলি ক’ব পাৰি। তথাপি তেওঁ গুৰুত্ব আৰোপ কৰে যে এই সাফল্যসমূহৰ বাবে আত্মসন্তুষ্টি লাভ কৰা উচিত নহয়। পৰিৱৰ্তিত প্ৰয়োজনীয়তাসমূহ পূৰ্বৰ বাবে নিগমৰ প্ৰতিষ্ঠানিক কাঠামো, বিত্তীয় সম্পদ সংগ্ৰহৰ ক্ষমতা, পেছাদাৰী কাৰ্যপদ্ধতি আৰু সমবায় প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্বৰ আৰ্হিসমূহত বহল সংস্কাৰৰ প্ৰয়োজন আছে।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে অহা ২৫ বছৰৰ বাবে এক বিস্তৃত ৰূপৰেখা প্ৰস্তুত কৰিবলৈ এনচিডিচিক নিৰ্দেশ দিয়ে। তেওঁ কয় যে নিগমৰ বৰ্তমানৰ কাঠামো, মূলধন সংগ্ৰহৰ বিকল্প পথসমূহ, সমবায় প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণ, বিত্তীয় স্বায়ত্তশাসন, সাংগঠনিক সংস্কাৰ আৰু ভৱিষ্যতৰ ব্যৱসায়িক সুযোগসমূহ পৰীক্ষা কৰিবলৈ সমবায় খণ্ডৰ অভিজ্ঞ প্ৰতিনিধি আৰু পেছাদাৰী বিশেষজ্ঞসকলক লৈ এটা গোট গঠন কৰা উচিত। তেওঁ এই বিষয়সমূহৰ ওপৰত এখন কৰ্মশালা আয়োজন কৰাৰো পৰামৰ্শ আগবঢ়ায়। শ্ৰীঅমিত শ্বাহে কয় যে এই বিষয়ত বিশদ উপস্থাপন আৰু আলোচনাৰ বাবে এটা বিশেষ বৈঠক আহ্বান কৰা উচিত যাতে প্ৰয়োজনীয় সিদ্ধান্ত লোৱাৰ দিশত আগবাঢ়ি যাব পাৰি।
শ্ৰীঅমিত শ্বাহে কয় যে সমবায় প্ৰতিষ্ঠানসমূহৰ প্ৰশাসনিক ব্যৱস্থা পেছাদাৰী হোৱাৰ বিপৰীতে ইয়াৰ মৌলিক দৃষ্টিভংগী সমবায় নীতিৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকিব লাগিব। তেওঁ উল্লেখ কৰে যে চৰকাৰী সাহায্য আৰু চৰকাৰী বেংকসমূহৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতাই প্ৰতিষ্ঠানিক বিকাশৰ বাবে কিছুমান সীমাবদ্ধতা সৃষ্টি কৰে। সেয়েহে, এনচিডিচিয়ে এনে বিত্তীয় আৰু সাংগঠনিক আৰ্হি বিকশিত কৰা উচিত যাৰ দ্বাৰা নিগমটোৱে ইয়াৰ বৰ্দ্ধিত প্ৰয়োজনীয়তা অনুসৰি সম্পদ সংগ্ৰহ কৰিব পাৰে আৰু সমবায় খণ্ডৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে কামত লগাব পাৰে। তেওঁ কয় যে সমবায় খণ্ডৰ বিকাশ এনচিডিচিৰ দায়িত্ব হ’লেও, এনচিডিচি নিজেই বিকশিত হোৱাটো সাধাৰণ পৰিষদৰ সকলো সদস্যৰে এক যৌথ সংকল্প হোৱা উচিত।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড (এনচিইএল), ভাৰতীয় বীজ সমবায় সমিতি লিমিটেড (বিবিএছএছএল), ৰাষ্ট্ৰীয় সমবায় অৰ্গেনিক লিমিটেড (এনচিঅএল), ভাৰত টেক্সি, সহকাৰ সাৰথি আৰু চহৰীয়া সমবায় বেংকসমূহৰ ছাত্ৰ সংগঠন— ৰাষ্ট্ৰীয় চহৰীয়া সমবায় বিত্ত আৰু উন্নয়ন নিগম (এনইউচিএফডিচি) আদি প্ৰতিষ্ঠানসমূহৰ বিকাশত এনচিডিচিৰ ভূমিকাৰ প্ৰশংসা কৰে। তেওঁ এই আশা প্ৰকাশ কৰে যে এই প্ৰতিষ্ঠানসমূহে অহা কেইবছৰমানৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ত বৃহৎ আৰু প্ৰভাৱশালী বহুৰাজ্যিক সমবায় সমিতি হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে। তেওঁ কয় যে বৃহৎ সমবায় উদ্যোগসমূহক বিত্তীয় সাহায্য প্ৰদান কৰাৰ লগতে ক্ষুদ্ৰ কৃষক, পশু পালক আৰু মৎস্যজীৱীসকলৰ জীৱিকাৰ উন্নতি সাধন কৰাটোও এনচিডিচিৰ সমানেই গুৰুত্বপূৰ্ণ দায়িত্ব।
মৎস পালন খণ্ডৰ এটা উদাহৰণ দি শ্ৰীঅমিত শ্বাহে কয় যে গভীৰ সাগৰত মাছ ধৰাৰ কামত নিয়োজিত প্ৰায় ১০০খন ট্ৰ’লাৰৰ বাবে এনচিডিচিৰ জৰিয়তে বিত্তীয় সাহায্য মঞ্জুৰ কৰা হৈছে। এই পদক্ষেপৰ সামাজিক আৰু আৰ্থিক প্ৰভাৱৰ ওপৰত আলোকপাত কৰি তেওঁ লক্ষ্য কৰে যে এনে বিত্তীয় সাহায্যই বহুসংখ্যক মাছমৰীয়া পৰিয়ালৰ মাহেকীয়া আয় যথেষ্ট পৰিমাণে বৃদ্ধি কৰাৰ ক্ষমতা প্ৰদান কৰিছে। তেওঁ কয় যে এই পৰিসৰৰ প্ৰকল্প এটাই কোনো ডাঙৰ বিত্তীয় প্ৰতিষ্ঠানৰ বাবে সৰু যেন লাগিব পাৰে, কিন্তু ই সংশ্লিষ্ট পৰিয়ালসমূহৰ জীৱনলৈ যি পৰিৱৰ্তন আনিব, তেওঁলোকৰ ল’ৰা-ছোৱালীৰ শিক্ষা আৰু ভৱিষ্যতৰ সুযোগসমূহলৈ যি অৱদান আগবঢ়াব, সেয়া অতি গুৰুত্বপূৰ্ণ। তেওঁ নিগমটোক এইধৰণৰ তৃণমূল পৰ্যায়ৰ পদক্ষেপসমূহ অধিক সম্প্ৰসাৰণ কৰিবলৈ উৎসাহিত কৰে।
শ্ৰীঅমিত শ্বাহে সমবায় চেনি কলসমূহৰ বাবে বৃত্তাকাৰ অৰ্থনীতিৰ ওপৰত আধাৰিত নতুন ব্যৱসায়িক আৰ্হি বিকশিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। মহাৰাষ্ট্ৰৰ কোলহাপুৰ আৰু পুনেত প্ৰস্তাৱিত নতুন বহুৰাজ্যিক সমবায় উদ্যোগসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে চেনি কলসমূহৰ সৈতে জড়িত ইথানল, চিএনজি, ৰাসায়নিক দ্ৰব্য আৰু অন্যান্য মূল্য সংযোজিত সামগ্ৰীৰ বাবে উমৈহতীয়া প্ৰক্ৰিয়াকৰণ আৰু ঔদ্যোগিক সুবিধা বিকশিত কৰিব পাৰি। ইয়াৰ দ্বাৰা বিশেষকৈ সেইবোৰ সমবায় চেনি কল উপকৃত হ’ব যিবোৰে স্বাধীনভাৱে ডাঙৰ বিনিয়োগ কৰিবলৈ বা আধুনিক প্ৰক্ৰিয়াকৰণ প্ৰতিষ্ঠান স্থাপন কৰিবলৈ সমৰ্থ নহয়। এনে ব্যৱস্থাৰ জৰিয়তে উৎপন্ন হোৱা সুবিধাসমূহ সংশ্লিষ্ট সমবায় চেনি কলসমূহে লাভ কৰাটো নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
যুৱচামৰ অংশগ্ৰহণ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে কয় যে ‘সহকাৰ মিত্ৰ’ কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষণ আৰু ইণ্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰা যোগ্য যুৱক-যুৱতীসকলক নতুন বহুৰাজ্যিক সমবায় সমিতিসমূহৰ সৈতে সংযোজিত কৰা উচিত। ইয়াৰ দ্বাৰা সমবায় প্ৰতিষ্ঠানসমূহত আধুনিক পৰিচালনা পদ্ধতি, ব্যৱসায়িক কাৰ্যদক্ষতা আৰু পেছাদাৰী নেতৃত্ব উৎসাহিত হ’ব। বানাস ডেইৰীৰ সফল পৰিচালনা আৰ্হিৰ অধ্যয়নৰ কথা উল্লেখ কৰি তেওঁ এনচিডিচিৰ ভৱিষ্যতৰ কাৰ্যকলাপ আৰু প্ৰতিষ্ঠানিক বিকাশ শক্তিশালী কৰিবলৈ তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিক্ষা লোৱাৰ পৰামৰ্শ আগবঢ়ায়।
শ্ৰীঅমিত শ্বাহে অহা বছৰবোৰত এনচিডিচিৰ বিত্তীয় বিতৰণ দ্ৰুতগতিত বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ১.৭০ লাখ কোটি টকা, ২০২৭-২৮ বিত্তীয় বৰ্ষৰ বাবে ২.১০ লাখ কোটি টকা আৰু ২০২৮-২৯ বিত্তীয় বৰ্ষৰ বাবে ২.৫০ লাখ কোটি টকাৰ লক্ষ্যৰ কথা উল্লেখ কৰি তেওঁ পৰৱৰ্তী বৰ্ষসমূহৰ বাবে আৰু অধিক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ ২০২৯-৩০ বিত্তীয় বৰ্ষত প্ৰায় ৩.৫০ লাখ কোটি টকা আৰু ২০৩০-৩১ বিত্তীয় বৰ্ষত ৪ লাখ কোটি টকা বিতৰণৰ দিশত কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীঅমিত শ্বাহে কয় যে ডেইৰী, মৎস্য পালন, সমবায় বেংকিং আৰু অন্যান্য খণ্ডত বৃদ্ধি পোৱা সুযোগসমূহলৈ লক্ষ্যৰ প্ৰতি এনচিডিচিয়ে অনুপাতিকভাৱে নিজৰ বিত্তীয় ক্ষমতা বৃদ্ধি কৰিব লাগিব যাতে সমবায় খণ্ডৰ বিত্তীয় প্ৰয়োজনীয়তাসমূহ এটা সমবায়ভিত্তিক প্ৰতিষ্ঠানিক কাঠামোৰ জৰিয়তে পূৰণ কৰিব পৰা যায়।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে এনচিডিচিৰ বিকাশত ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বিত্ত মন্ত্ৰালয়ে আগবঢ়োৱা সহযোগিতাক প্ৰশংসা কৰে। তেওঁ কয় যে নিগমৰ বিত্তীয় আৰু নিয়ামক প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ বাবে বিভিন্ন স্তৰত অনুকূল সহযোগিতা লাভ কৰা হৈছে আৰু বাকী থকা বাধাসমূহ দূৰ কৰাৰ প্ৰয়াস অব্যাহত থাকিব। তেওঁ পৰামৰ্শ আগবঢ়ায় যে এনচিডিচিয়ে নাবাৰ্ড, ৰাজ্যিক সমবায় বেংক আৰু বাণিজ্যিক বেংকসমূহৰ সহযোগিতাত কনছৰ্টিয়াম আৰু কো-ফাইনেন্সিং আৰ্হি বিকশিত কৰাৰ সুযোগ অন্বেষণ কৰা উচিত। তেওঁ ডেইৰী সমবায় খণ্ডৰ সমগ্ৰ বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে নতুন বিত্তীয় আৰ্হি বিকশিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশক বিশেষ অগ্ৰাধিকাৰ দি শ্ৰীঅমিত শ্বাহে কয় যে ২০৩০ চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলক দুগ্ধ, কণী, মাছ আৰু মাংস উৎপাদনত স্বাৱলম্বী কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলত ডেইৰী, মৎস্য পালন আৰু পশুপালনৰ প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও এই খণ্ডসমূহত বৰ্তমান অঞ্চলটোৰ প্ৰয়োজনীয়তাৰ এক বৃহৎ অংশ বাহিৰৰ পৰা পূৰণ কৰা হয়। তেওঁ কয় যে এই চাৰিটা খণ্ডত স্বাৱলম্বীতা অৰ্জন কৰিলে অঞ্চলটোৰ আয় অভূতপূৰ্বভাৱে বৃদ্ধি পোৱাৰ লগতে নিযুক্তিৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলত থকা এনচিডিচিৰ কাৰ্যালয়সমূহক এই খণ্ডসমূহক কেন্দ্ৰ কৰি ব্যৱহাৰিক প্ৰকল্প প্ৰস্তুত, প্ৰয়োজনীয় বিত্তীয় সাহায্য প্ৰদান আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সহযোগিতাত সেইবোৰ ৰূপায়ন কৰিবলৈ নিৰ্দেশ দিয়ে।
বৈঠকত প্ৰকাশ কৰা বিত্তীয় তথ্য অনুসৰি, সমবায় মন্ত্ৰালয় প্ৰতিষ্ঠা হোৱাৰ পৰা ২০২৬ চনৰ ২৫ অক্টোবৰলৈকে এনচিডিচিয়ে সমগ্ৰ দেশৰ সমবায় প্ৰতিষ্ঠানসমূহলৈ ৪,১৪,৫৮৬ কোটি টকাৰ বিত্তীয় সাহায্য বিতৰণ কৰিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত নিগমটোৱে ১,৫৫,৪০৮ কোটি টকাৰ প্ৰকল্প মঞ্জুৰ কৰিছে আৰু ১,২৭,৫৯৬ কোটি টকাৰ বিত্তীয় সাহায্য বিতৰণ কৰিছে। একেটা সময়ছোৱাতে নিগমে ১,৪৭৫ কোটি টকাৰ প্ৰকৃত লাভ অৰ্জন কৰিছে, আনহাতে ইয়াৰ ঋণ আদায়ৰ হাৰ হৈছে ৯৯.৮৪ শতাংশ আৰু প্ৰকৃত এনপিএ শূন্য হৈ আছে। এনচিডিচিৰ বাৰ্ষিক বিতৰণ ২০২০-২১ বিত্তীয় বৰ্ষৰ ২৪,৭৩৩ কোটি টকাৰ পৰা বৃদ্ধি পাই ২০২৫-২৬ বিত্তীয় বৰ্ষত ১,২৭,৫৯৬ কোটি টকা হৈছেহি, যিটো বিগত পাঁচ বছৰত প্ৰায় পাঁচগুণ বৃদ্ধিৰ প্ৰতিফলন। ২০২৫-২৬ বিত্তীয় বৰ্ষত এনচিডিচিৰ দ্বাৰা মঞ্জুৰ কৰা ৩,৩৩৯ টা এককে ১৪,৮৮১ খন সমবায় সমিতিক লাভান্বিত কৰিছে।
বৈঠকত ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (সংশোধনী) আইন, ২০২৬-ৰ তাৎপৰ্যৰ ওপৰতো আলোচনা কৰা হয়। সংসদৰ উভৈয় সদনত গৃহীত হৈ আৰু ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি এই আইনখন ২০২৬ চনৰ ১৪ আগষ্টত ভাৰতৰ ৰাজপত্ৰত প্ৰকাশ পাইছিল। এই সংশোধনৰ জৰিয়তে সমবায় বিকাশ, প্ৰতিষ্ঠানিক অংশগ্ৰহণ আৰু ইক্যুইটি তথা শ্বেয়াৰ মূলধনৰ জৰিয়তে নতুন বিনিয়োগৰ সুযোগৰ বাবে বিত্তীয় সাহায্য প্ৰদানৰ পথসমূহ সম্প্ৰসাৰিত কৰা হৈছে। সমবায় প্ৰতিষ্ঠানসমূহৰ বাবে বিত্তীয় সাহায্য অধিক সুলভ আৰু প্ৰতিযোগিতামূলক কৰি তোলাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এনচিডিচিৰ বাবে ২,০০০ কোটি টকাৰ অনুদান সাহায্য অনুমোদন কৰিছে, যাৰ দ্বাৰা নিগমটোৱে চাৰি বছৰত বজাৰৰ পৰা ২০,০০০ কোটি টকা সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিবলৈ সমৰ্থ হৈছে। এই পদক্ষেপৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষত ৯,৩৮০ কোটি টকা আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষত ২৫ অক্টোবৰলৈকে ৬,১৭২ কোটি টকাৰ ঋণ বিতৰণ কৰা হৈছে।
সমবায় খণ্ডত উদ্ভাৱন আৰু উদ্যোগী মনোভাৱক উৎসাহিত কৰিবলৈ এনচিডিচিয়ে ‘সহকাৰ নৱাচাৰ যোজনা’ আৰম্ভ কৰিছে। এই আঁচনিৰ জৰিয়তে যোগ্য সমবায় প্ৰতিষ্ঠানসমূহক ২৫ লাখ টকালৈকে ১০০ শতাংশ অনুদান সাহায্য প্ৰদান কৰা হয়। এই আঁচনিৰ বাবে ১০ কোটি টকাৰ প্ৰাৰম্ভিক কৰ্পাছ স্থাপন কৰা হৈছে, যাৰ ২০ শতাংশ পুঁজি উত্তৰ-পূৰ্বাঞ্চল, পাহাৰীয়া অঞ্চল আৰু পিছপৰা শ্ৰেণীৰ সমবায় প্ৰতিষ্ঠানসমূহৰ বাবে সংৰক্ষিত ৰখা হৈছে। এতিয়ালৈকে পাঁচখন সমবায় প্ৰতিষ্ঠানলৈ মুঠ ৮৫ লাখ টকাৰ অনুদান সাহায্য মঞ্জুৰ কৰা হৈছে। তদুপৰি সমবায় প্ৰতিষ্ঠানসমূহক ব্যৱসায়িক বিকাশ, ডিজিটেল একাউণ্টিং, বিত্তীয় পৰিচালনা, ব্ৰেণ্ডিং আৰু বজাৰ সংযোজনৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন আৰু সমৰ্থন আগবঢ়োৱা হৈছে।
সমবায় প্ৰতিষ্ঠানসমূহত মানৱ সম্পদ বিকাশ আৰু ক্ষমতা নিৰ্মাণক প্ৰসাৰিত কৰিবলৈ এনচিডিচিৰ লক্ষ্মণৰাও ইনামদাৰ নেচনেল একাডেমী ফৰ কোঅপাৰেটিভ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট (লিনাক) আৰু ইয়াৰ আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰসমূহে বিস্তৃত প্ৰশিক্ষণ কাৰ্যসূচী চলাই আছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত মুঠ ২২৭টা প্ৰশিক্ষণ কাৰ্যসূচীত ২১,৬৮৮গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। সমবায় প্ৰতিষ্ঠানসমূহত আধুনিক পৰিচালনা, ডিজিটেল প্ৰযুক্তি, বিত্তীয় অনুশাসন, ব্ৰেণ্ডিং আৰু পেছাদাৰী দক্ষতা বৃদ্ধি কৰিবলৈ এনচিডিচি আৰু ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয় (টিএছইউ)ৰ মাজত হোৱা বুজাবুজিৰ চুক্তিখন এক প্ৰশংসনীয় পদক্ষেপ।
সাধাৰণ পৰিষদৰ বৈঠকত অহা বছৰবোৰৰ বাবে বিত্তীয় কাৰ্যসূচী, সম্পদ সংগ্ৰহৰ সুযোগ আৰু সমবায় খণ্ডৰ ক্ৰমবৰ্ধমান বিত্তীয় প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰাৰ উপৰিও ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অডিট কৰা বাৰ্ষিক হিচাপ-নিকাচ, বাৰ্ষিক প্ৰতিবেদন আৰু বিত্তীয় প্ৰদৰ্শন পৰ্যালোচনা কৰা হয়। বৈঠকৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত বিত্তীয় প্ৰস্তাৱসমূহৰ প্ৰেক্ষাপটত নিগমৰ দীৰ্ঘম্যাদী ৰণনীতি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীয়ে তেওঁৰ ভাষণত আগবঢ়োৱা ভৱিষ্যতৰ অভিলাষী বিতৰণ লক্ষ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে তেওঁৰ ভাষণৰ সামৰণি মাৰি নিগমৰ বিত্তীয় প্ৰদৰ্শন, শূন্য প্ৰকৃত এনপিএ (NPA) আৰু প্ৰতিষ্ঠানিক প্ৰসাৰৰ বাবে এনচিডিচিৰ বিষয়া, সাধাৰণ পৰিষদৰ সদস্য আৰু কৰ্মচাৰীসকলক অভিনন্দন জনায়। তেওঁ আস্থা প্ৰকাশ কৰে যে এনচিডিচিয়ে ইয়াৰ কাৰ্যকলাপৰ পৰিসৰ, বিত্তীয় ক্ষমতা আৰু পেচাদাৰী কাৰ্যক্ষমতা বৃদ্ধি কৰি যাব, আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ 'সহকাৰ ছে সমৃদ্ধি' (সমবায়ৰ পৰা সমৃদ্ধি) শীৰ্ষক দৃষ্টিভংগীক বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, যাৰ ফলত সমবায়ক গ্ৰাম্য সমৃদ্ধি, কৰ্মসংস্থাপন সৃষ্টি, অৰ্থনৈতিক স্বাৱলম্বিতা আৰু অন্তৰ্ভুক্তিমূলক ৰাষ্ট্ৰীয় বিকাশৰ এক শক্তিশালী মাধ্যম হিচাপে গঢ়ি তুলিব পৰা যাব।


***
AK/DB