প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত সামূহিক আঞ্চলিক নিৰাপত্তা আৰু সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যৌথ সামৰ্থ্য শক্তিশালী কৰিবলৈ এ ডি এম এম-ৰ অংশীদাৰসকলৰ সৈতে যুদ্ধৰ অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ সাজুঃ প্ৰতিৰক্ষা মন্ত্ৰী

"সন্ত্ৰাসবাদ প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰতৰ ব্যাপক দক্ষতা শ্ৰেণীকোঠাৰ তাত্ত্বিক জ্ঞান নহয়, ই হৈছে কেইবা দশক ধৰি কঠোৰ পৰিশ্ৰমেৰে জটিল সীমান্ত সুৰক্ষা প্ৰত্যাহ্বানসমূহৰ সৈতে প্ৰত্যক্ষভাৱে মোকাবিলা কৰি অৰ্জন কৰা এক অভিজ্ঞতা।"

অপাৰেচন সিন্দুৰে ভাৰতৰ সক্ৰিয়, যুদ্ধ-মতবাদ নিৰ্ণায়কভাৱে প্ৰদৰ্শন কৰিছেঃ শ্ৰী ৰাজনাথ সিং

"আইনৰ শাসন, নৌ পৰিবহণ আৰু উৰণৰ স্বাধীনতাৰ ওপৰত ভাৰতৰ গুৰুত্ব কোনো দেশৰ বিৰুদ্ধে নিৰ্দেশিত নহয়; ইয়াৰ অৰ্থ হৈছে আঞ্চলিক অংশীদাৰসকলৰ সামূহিক স্বাৰ্থ সুৰক্ষিত কৰা"

ভাৰত-আছিয়ান যোগাযোগ, ডিজিটেল উদ্ভাৱন আৰু সামৰ্থ্য বৃদ্ধিৰ বাবে প্ৰতিৰক্ষা 'যুৱ সেতু' স্থাপনৰ প্ৰস্তাৱ প্ৰতিৰক্ষা মন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 29 OCT 2026 11:25AM by PIB Guwahati

ৰক্ষামন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে সামূহিক আঞ্চলিক সুৰক্ষা আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদ নিৰ্মূলকৰণৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দৃঢ়তাৰে ব্যক্ত কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ ক্ষেত্ৰত নতুন দিল্লীৰ ব্যাপক বিশেষজ্ঞতা কোনো তাত্ত্বিক শ্ৰেণীকোঠাৰ জ্ঞান নহয়; বৰঞ্চ ই হৈছে দশক দশক ধৰি জটিল, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা প্ৰত্যাহ্বানৰ পোনপটীয়া মুখামুখি হোৱাৰ জৰিয়তে ভূমিত কঠোৰ পৰিশ্ৰমেৰে অৰ্জন কৰা এক বাস্তৱ অভিজ্ঞতা। ২৯ অক্টোবৰত ফিলিপাইনছৰ চেবুত অনুষ্ঠিত ত্ৰয়োদশ আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক (এ ডি এম এম)-প্লাছক সম্বোধন কৰি তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ প্ৰতিটো কৌশল বাস্তৱ জগতৰ অভিযানৰ কঠিন পৰীক্ষাত পৰীক্ষিত, পৰিশোধিত আৰু প্ৰমাণিত হৈছে। তেওঁ লগতে কয় যে এই সক্ৰিয়, যুদ্ধ-পৰীক্ষিত মতবাদ 'অপাৰেচন সিন্দুৰ'ৰ সময়ত নিৰ্ণায়কভাৱে প্ৰদৰ্শিত হৈছিল, যেতিয়া ভাৰতে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰিছিল আৰু ৰাষ্ট্ৰ-প্ৰায়োজিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক আলোচনা অযোগ্য ৰেড লাইন বলৱৎ কৰিছিল।

 

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে সন্ত্ৰাসবাদে কোনো সীমা নামানে আৰু সামূহিক সামৰ্থ্য শক্তিশালী কৰিবলৈ যুটীয়া অনুশীলন, সামৰ্থ্য-নিৰ্মাণ কাৰ্যসূচী আৰু শক্তিশালী চোৰাংচোৱাৰ আদান-প্ৰদানৰ জৰিয়তে এ ডি এম এম-প্লাছ অংশীদাৰসকলৰ সৈতে ইয়াৰ ব্যৱহাৰিক, যুদ্ধ-পৰীক্ষা কৰা অভিজ্ঞতা ভাগ বতোৱাৰা কৰিবলৈ ভাৰত সম্পূৰ্ণৰূপে সাজু। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এ ডি এম এম-প্লাছ কাৰ্যসূচীৰ অধীনত সন্ত্ৰাসবাদ বিৰোধী সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈ আছে আৰু ভাৰত আৰু মালয়েছিয়াই ২০২৪ চনৰ পৰা ২০২৭ চনৰ বাবে সন্ত্ৰাসবাদ বিৰোধী বিশেষজ্ঞসকলৰ ৱৰ্কিং গ্ৰুপৰ সহ-সভাপতিত্ব কৰিছে।

শ্ৰী ৰাজনাথ সিঙে পুনৰ কয় যে ভাৰতে আছিয়ান কেন্দ্ৰীকৃত আৰু এক সুৰক্ষিত, মুকলি, সামগ্ৰিক, স্থিতিস্থাপক আৰু নিয়ম-আধাৰিত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰে, য'ত শান্তি আৰু সুস্থিৰতা কেৱল আকাংক্ষা নহয় বৰঞ্চ সামূহিক প্ৰতিশ্ৰুতিৰ ফল। তেওঁ কয় যে আছিয়ানৰ সৈতে ইয়াৰ কৌশলগত সম্পৰ্ক দীৰ্ঘম্যাদী আৰু অংশীদাৰী স্বাৰ্থ, পাৰস্পৰিক সন্মান আৰু ব্যৱহাৰিক সহযোগিতাৰ ওপৰত আধাৰিত। যোৱা বছৰৰ অক্টোবৰত কুৱালালামপুৰত অনুষ্ঠিত দ্বিতীয় আছিয়ান-ভাৰত প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ অনানুষ্ঠানিক বৈঠকত আছিয়ান-ভাৰত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিষয়টো মনত পেলাই তেওঁ পুনৰ ২০২৬ চনৰ পৰা ২০৩০ চনৰ বাবে আছিয়ান-ভাৰত কাৰ্য্য পৰিকল্পনাৰ প্ৰতিৰক্ষা আৰু সুৰক্ষা উপাদানসমূহক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰে।

ত্ৰয়োদশ এ ডি এম এম-প্লাছৰ বিষয়বস্তু 'আমাৰ ভৱিষ্যতক একেলগে পথ প্ৰদৰ্শন কৰা'ৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ই ভাৰতৰ বৈদেশিক আৰু প্ৰতিৰক্ষা নীতিৰ দৃষ্টান্তৰ লগতে দেশখনৰ সভ্যতাৰ নীতি 'সৰ্বে ভৱন্তু সুখিনা' (সকলো জীৱ সুখী হওক)ৰ সৈতে প্ৰতিধ্বনিত হয়। যি সমগ্ৰ বিশ্বৰ সকলো লোকৰ সুখ, সমৃদ্ধি আৰু কল্যাণৰ আকাংক্ষাক প্ৰতিফলিত কৰে। তেওঁ কয়, "এই বিষয়বস্তুৱে আমাক মনত পেলাই দিয়ে যে আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে আমাৰ সংহতি আৰু আমাৰ ভৌগোলিক, অৰ্থনৈতিক আৰু কৌশলগত বৈচিত্ৰ্যৰ সুবিধা লোৱাৰ অংশীদাৰী ক্ষমতা। ভাৰতে পাৰস্পৰিক বিশ্বাস, সহযোগিতা আৰু সামূহিক দায়বদ্ধতাৰ ওপৰত প্ৰতিষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত বিশ্বাস কৰে। এই নিখুঁত সহযোগিতামূলক মনোভাৱেই আমাক শান্তি-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত অহা প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ শক্তিশালী কৰে"।

শ্ৰী ৰাজনাথ সিঙে ২০২৬ বৰ্ষত আছিয়ানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ বাবে সামুদ্ৰিক সহযোগিতাক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি নতুন দিল্লীয়ে ২০২৬ বৰ্ষক আছিয়ান-ভাৰত সামুদ্ৰিক সহযোগিতা বৰ্ষ হিচাপে ঘোষণা কৰাৰ লগতে দ্বিতীয় আছিয়ান-ভাৰত সামুদ্ৰিক অনুশীলন অনুষ্ঠিত কৰাৰ বিষয়ত আলোকপাত কৰে। তেওঁ কয় যে ভাৰতে কেৱল আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক আইনৰ নীতিবোৰ প্ৰচাৰ নকৰে; ই সামুদ্ৰিক সুৰক্ষা সম্পৰ্কীয় গোলকীয় আইনৰ এক অটল অনুশীলনকাৰী। "নৌ পৰিবহণৰ স্বাধীনতা নিশ্চিত কৰা আৰু বিশ্বব্যাপী সাগৰীয় যোগাযোগৰ সুৰক্ষাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি এক অবিৰত, দশকজোৰা কাৰ্য্যকৰী উত্তৰাধিকাৰৰ দ্বাৰা সমৰ্থিত। ২০০৮ চনৰ পৰা, ভাৰতীয় নৌসেনাই এডেন উপসাগৰৰ দৰে অত্যন্ত অস্থিৰ কৰিডৰত নিৰবিচ্ছিন্ন, সক্ৰিয় উপস্থিতি বজাই ৰাখিছে, বলপূৰ্বক বা একপক্ষীয় পদক্ষেপ অবিহনে যি আন ৰাষ্ট্ৰৰ অধিকাৰক দুৰ্বল কৰে", তেওঁ কয়।

তেওঁ উল্লেখ কৰে যে ফ্ৰণ্টলাইন যুদ্ধজাহাজ মোতায়েন কৰি ভাৰতে হাজাৰ হাজাৰ বাণিজ্যিক জাহাজক সফলতাৰে সুৰক্ষা প্ৰদান কৰিছে আৰু বহুসংখ্যক সাগৰীয় অপহৰণ প্ৰতিহত কৰিছে, যাৰ ফলত পতাকা বা ৰাষ্ট্ৰীয়তা নিৰ্বিশেষে বাণিজ্যিক জাহাজ চলাচলৰ ক্ষেত্ৰত সুৰক্ষা বৃদ্ধি পাইছে। তেওঁ বাণিজ্যিক জাহাজ পৰিবহণৰ সুৰক্ষাক ভাৰতৰ দায়িত্ব বুলি অভিহিত কৰে। তেওঁ কয়, "বিশ্বৰ বাণিজ্যিক পথে জটিল আন্তঃৰাষ্ট্ৰীয় ভাবুকিৰ সন্মুখীন হোৱাৰ সময়তে ভাৰত কেৱল কথাতে নহয়, কাম কাজেৰেও আগবাঢ়ি যাবলৈ সাজু হৈ আছে। ফলপ্ৰসূ পদক্ষেপ, নিয়মীয়া কাৰ্য্যকৰী উপস্থিতি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন আছে। ভাৰতে ভাৰত মহাসাগৰ অঞ্চল আৰু বিস্তৃত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এক নিৰ্ভৰযোগ্য সুৰক্ষা প্ৰদানকাৰী হিচাপে সেৱা আগবঢ়াই যাব"।

সামুদ্ৰিক সুৰক্ষা ব্যৱস্থাক বিস্তৃত অঞ্চলৰ সুৰক্ষা আৰু সমৃদ্ধিৰ সৈতে ঘনিষ্ঠভাৱে জড়িত বুলি উল্লেখ কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে আইনৰ শাসনত ভাৰতৰ গুৰুত্ব, বিশেষকৈ সাগৰৰ আইনৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ সন্মিলন, নৌ পৰিবহণ আৰু উৰণৰ স্বাধীনতাৰ বাবে ইয়াৰ সমৰ্থন কোনো দেশৰ বিৰুদ্ধে নিৰ্দেশিত নহয়, কিন্তু মুকলি সাগৰীয় পথ আৰু সুস্থিৰ সামুদ্ৰিক প্ৰশাসনৰ ওপৰত নিৰ্ভৰ কৰা সকলো আঞ্চলিক অংশীদাৰৰ সামূহিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে। তেওঁ কয় যে ভাৰতে সামুদ্ৰিক সুৰক্ষা, অনুসন্ধান আৰু উদ্ধাৰ, মানৱীয় সহায়, পেছাদাৰী মত বিনিময়, সামৰ্থ্য নিৰ্মাণ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি যথাযথ সন্মান প্ৰদান কৰে আৰু এই ক্ষেত্ৰসমূহত সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত আছিয়ান অংশীদাৰসকলৰ সৈতে কাম কৰিবলৈ ভাৰত সাজু হৈ আছে।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰত-আছিয়ান প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত যুৱচামৰ অংশগ্ৰহণত আলোকপাত কৰি কয় যে যুৱ প্ৰজন্মৰ অংশীদাৰী জনগাঁথনি আৰু আকাংক্ষাই গভীৰ আঞ্চলিক অংশীদাৰিত্বৰ বাবে এক সুদৃঢ় ভেটি প্ৰদান কৰে। তেওঁ প্ৰতিষ্ঠানিক জনসাধাৰণৰ মাজত সংযোগ বৃদ্ধি কৰিবলৈ, ডিজিটেল উদ্ভাৱনৰ প্ৰচাৰ কৰিবলৈ আৰু এ ডি এম এম-প্লাছ উদ্যোগৰ সৈতে সংগতি ৰাখি ক্ষমতা নিৰ্মাণৰ সুবিধা প্ৰদান কৰিবলৈ এক সমৰ্পিত প্ৰতিৰক্ষা 'যুৱ সেতু' স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ কয় যে যুৱক-যুৱতীসকলক সবলীকৰণ কৰা আৰু আঞ্চলিক শান্তি আৰু নিৰাপত্তাত অৰিহণা যোগাবলৈ অধিক সুযোগ প্ৰদান কৰাটো 'যুৱ, শান্তি আৰু নিৰাপত্তা'ৰ বিষয়বস্তুৰ সৈতে সুসংগত লগতে এক শান্তিপূৰ্ণ, স্থিতিস্থাপক আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে অত্যাৱশ্যকীয়।

 

 

****

VK/SR/Savvy/US


(ৰিলিজ আই ডি : 2330028) অতিথি কক্ষ : 8