পোষ্ট কৰা হৈছে:
29 OCT 2026 12:53PM by PIB Guwahati
কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী শ্ৰী চি. আৰ. পাটিলৰ অধ্যক্ষতাত ২০২৬ চনৰ ২৭ অক্টোবৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত গংগা বান নিয়ন্ত্ৰণ ব'ৰ্ড (জি এফ চি বি))-ৰ ১৯তম বৈঠকখন অনুষ্ঠিত হয়। এই বৈঠকত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰী; ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামনাথ ঠাকুৰ; নীতি আয়োগৰ সদস্য অধ্যাপক কে. ভি. ৰাজু; বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা জলসম্পদ মন্ত্ৰী শ্ৰী বিজয় কুমাৰ চৌধুৰী; উত্তৰ প্ৰদেশ চৰকাৰৰ জলশক্তি মন্ত্ৰী শ্ৰী স্বতন্ত্ৰ দেৱ সিং; গংগা অৱবাহিকাৰ অন্তৰ্গত ৰাজ্যসমূহৰ প্ৰতিনিধিসকল; কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল; আৰু সংশ্লিষ্ট সংস্থাসমূহৰ প্ৰতিনিধিসকল উপস্থিত আছিল।
১৯৭২ চনৰ ১৮ এপ্ৰিলত ভাৰত চৰকাৰে গংগা অৱবাহিকাত বানপানী, ক্ষয় আৰু নিষ্কাশন সমস্যাৰ সমাধানৰ বাবে সমন্বিত পৰিকল্পনা আৰু ব্যৱস্থা ৰূপায়ণৰ সুবিধাৰ বাবে গংগা বানপানী নিয়ন্ত্ৰণ ব’ৰ্ড (জি এফ চি বি) গঠন কৰিছিল। ব’ৰ্ডখনৰ সভাপতিত্ব কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীয়ে কৰে আৰু ইয়াত সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়ৰ প্ৰতিনিধি আৰু গংগা অৱবাহিকা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী বা তেওঁলোকৰ প্ৰতিনিধি থাকে, গংগা বানপানী নিয়ন্ত্ৰণ আয়োগ (জি এফ চি চি)ৰ অধ্যক্ষই ইয়াৰ সদস্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। ই কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতা সুদৃঢ় কৰিবলৈ আৰু সমগ্ৰ গংগা অৱবাহিকাত সমন্বিত বান ব্যৱস্থাপনাৰ বাবে এক উচ্চ-স্তৰীয় প্ৰতিষ্ঠানিক মঞ্চ প্ৰদান কৰে। এই বৈঠকত চলি থকা পদক্ষেপসমূহ পৰ্যালোচনা কৰা, আন্তঃৰাজ্যিক সমন্বয় শক্তিশালী কৰা আৰু ফলপ্ৰসূ বানপানী ব্যৱস্থাপনাৰ বাবে উন্নত পন্থাৰ সন্দৰ্ভত আলোচনা কৰাৰ সুযোগ প্ৰদান কৰা হয়।
বৈঠকত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীগৰাকীয়ে ভাস্কৰাচাৰ্য্য নেচনেল ইনষ্টিটিউট ফৰ স্পেচ এপ্লিকেচনছ এণ্ড জিঅ’-ইনফৰমেটিক্সৰ দ্বাৰা ৰাষ্ট্ৰীয় জল মিছনৰ সহযোগিতাত বিকশিত পুনা ভৰণ মোবাইল এপ মুকলি কৰে। এই এপ্লিকেচনৰ লক্ষ্য হৈছে কৃত্ৰিম ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তিৰ বিষয়ত উপযুক্ত স্থানসমূহৰ বৈজ্ঞানিক চিনাক্তকৰণৰ সুবিধা প্ৰদান কৰা।
বোৰ্ডে গংগা বান নিয়ন্ত্ৰণ আয়োগ (জি এফ চি চি)ৰ সংশোধিত আদেশ আৰু পুনৰ্গঠনৰ বিষয়ত আলোচনা কৰে, য’ত অৱবাহিকা-স্তৰৰ বানপানী ব্যৱস্থাপনাৰ পৰিকল্পনা শক্তিশালী কৰা, বানপানী ব্যৱস্থাপনা আঁচনিৰ মূল্যায়ন, নদীৰ ৰূপতত্ত্ব আৰু পলস অধ্যয়ন, বানপানী ব্যৱস্থাপনাৰ তথ্য ব্যৱস্থা (এফ এম আই এছ)ৰ বিকাশ অন্তৰ্ভুক্ত হৈছে। সংশোধিত প্ৰতিষ্ঠানিক ব্যৱস্থাসমূহে সমন্বয়, কাৰিকৰী মূল্যায়ন আৰু সময়োপযোগী সিদ্ধান্ত গ্ৰহণ উন্নত কৰিব বুলি আশা কৰা হৈছে।
আলোচনাবোৰে বিপদাশংকা-আধাৰিত অৱবাহিকা মাষ্টাৰ প্লেন প্ৰস্তুত কৰা, জলপথ আৰু দলঙৰ তলত থকা নলাপথৰ পৰ্যাপ্ত মূল্যায়ন, বিশদ প্ৰকল্প প্ৰতিবেদন (ডি পি আৰ)ৰ মানদণ্ড উন্নত কৰা, বান ব্যৱস্থাপনা প্ৰকল্পসমূহ সময়মতে ৰূপায়ণ কৰা আৰু বান ব্যৱস্থাপনাৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
কেন্দ্ৰীয় বিভিন্ন মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু অন্যান্য অংশীদাৰসকলৰ মাজত সমন্বয় শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হয়।বিশেষকৈ নদীৰ ৰূপতত্ত্ব, নিষ্কাশনৰ সমস্যা, আন্তঃগাঁথনি উন্নয়ন আৰু বানপানী স্থিতিস্থাপকতা সম্পৰ্কীয় বিষয়সমূহৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। আধুনিক জৰীপ কৌশল, সঠিক কাৰিকৰী অনুসন্ধান, উপযুক্ত বিধিবদ্ধ অনুমোদন আৰু প্ৰকল্প ৰূপায়ণৰ বাধাসমূহৰ সময়োপযোগী সমাধানৰ ক্ষেত্ৰেতা আলোকপাত কৰা হয়।
এই বৈঠকত কাৰ্যক্ষম কেন্দ্ৰ-ৰাজ্য সহযোগিতা, উন্নত কাৰিকৰী মানদণ্ড আৰু গংগা অৱবাহিকাত বান ব্যৱস্থাপনা ব্যৱস্থাসমূহৰ সমন্বিত ৰূপায়ণৰ দ্বাৰা সমৰ্থিত বান ব্যৱস্থাপনাৰ এক একত্ৰিত, বিপদাশংকা-অৱগত আৰু প্ৰযুক্তি-সক্ষম দৃষ্টিভংগীৰ গুৰুত্বক পুনৰ নিশ্চিত কৰা হয়।


***
ND/US