মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

'বিকশিত ভাৰত বিল্ডাথন ২০২৫'ৰ বিজয়ীসকলক সম্বৰ্ধনা কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰীৰ

২,৮৭,৯৬৭ টা প্ৰকল্প দাখিলেৰে "বৃহত্তম উদ্ভাৱনী সমাধান প্ৰতিযোগিতা" হিচাপে গিনিজ বিশ্ব ৰেকৰ্ডত আনুষ্ঠানিক স্থান লাভ বিকশিত ভাৰত বিল্ডাথন ২০২৫-ৰ

বিল্ডাথনে শিক্ষাৰ্থীসকলক সৃষ্টিশীলভাৱে চিন্তা কৰিবলৈ, সমস্যা চিনাক্ত কৰিবলৈ আৰু সমাধান বিকশিত কৰিবলৈ সক্ষম কৰেঃ শ্ৰী জয়ন্ত চৌধুৰী

ই-আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে সামূহিক পদক্ষেপ ল’বলৈ আহ্বান শ্ৰী জয়ন্ত চৌধুৰীৰ, প্ৰাপ্তবয়স্কৰ সাক্ষৰতা প্ৰসাৰত 'উল্লাস' ৰ ভূমিকাৰ ওপৰত আলোকপাত

পোষ্ট কৰা হৈছে: 28 OCT 2026 7:22PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী শ্ৰী জয়ন্ত চৌধুৰীয়ে আজি নতুন দিল্লীত 'বিকশিত ভাৰত বিল্ডাথন' (ভি বি বি) ২০২৫-ৰ ১০টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজয়ী দল আৰু উদ্ভাৱকক সম্বৰ্ধনা জনায়। এই অনুষ্ঠানতে 'সবাতোকৈ বৃহৎ উদ্ভাৱনীমূলক সমাধান প্ৰতিযোগিতা' হিচাপে ভি বি বি ২০২৫-এ লাভ কৰা গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়, যি ভাৰতত স্কুলীয়া শিক্ষা আৰু তৃণমূল পৰ্যায়ৰ উদ্ভাৱনৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। অনুষ্ঠানৰ অংশবিশেষ হিচাপে মন্ত্ৰীগৰাকীয়ে 'উল্লাস – নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচী'ৰ অধীনত 'শিক্ষক শিক্ষা প্ৰতিষ্ঠান (টি আই ই)-সমূহৰ বাবে নিৰ্দেশনাৱলী'ও মুকলি কৰে। ইয়াৰোপৰি তেওঁ ই-আৱৰ্জনাৰ সম্পৰ্কীয় কুইজ প্ৰতিযোগিতাত বিজয়ী হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বঁটা বিতৰণ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আত্মবিশ্বাস, সৃষ্টিশীলতা, উদ্ভাৱন আৰু স্বাধীন চিন্তাৰ বিকাশ ঘটোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানত সম্বোধন কৰি শ্ৰী জয়ন্ত চৌধুৰীয়ে শিশুসকলক ভৱিষ্যতৰ নেতা হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকৰ মাজত আত্মবিশ্বাস, সৃষ্টিশীলতা, উদ্ভাৱন আৰু স্বতন্ত্ৰ চিন্তাধাৰা গঢ়ি তোলাৰ গুৰুত্বৰ কথা পুনৰ দোহাৰে। বিল্ডাথন  উদ্যোগৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে ছাত্ৰ-ছাত্ৰীসকলক পূৰ্বনিৰ্ধাৰিত সমস্যা বা সমাধান অবিহনে সমস্যা চিনাক্ত কৰিবলৈ আৰু স্বাধীনভাৱে সমাধান বিকশিত কৰিবলৈ উৎসাহিত কৰা  হয়। তেওঁ দেশজুৰি লাখ লাখ শিক্ষাৰ্থীৰ অংশগ্ৰহণক প্ৰশংসা কৰাৰ লগতে তেওঁলোকক পৰামৰ্শ আৰু পথ প্ৰদৰ্শনত শিক্ষকসকলৰ ভূমিকাৰ শলাগ লয়।

ই-আৱৰ্জনাৰ বৰ্ধিত প্ৰত্যাহ্বানৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি শ্ৰী চৌধুৰীয়ে ইয়াক সমাধান কৰাৰ ক্ষেত্ৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ জৰিয়তে ইয়াৰ পদ্ধতিগত ব্যৱস্থাপনাৰ পথ মুকলি হয় বুলি মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এই সমস্যাৰ সমাধান কৰাটো প্ৰতিষ্ঠান, সম্প্ৰদায় আৰু নাগৰিকৰ যৌথ দায়িত্ব।

প্ৰাপ্তবয়স্ক সাক্ষৰতা বৃদ্ধি আৰু শিক্ষাৰ্থীসকলৰ মৰ্যাদা তথা আত্মবিশ্বাস পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ইউ এল এল এ এছ-ৰ ভূমিকাক স্বীকাৰ কৰি তেওঁ কয় যে নতুন নিৰ্দেশনাসমূহে শিক্ষাৰ্থীসকলৰ শিক্ষকসকলক ৰাষ্ট্ৰৰ সবলীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম কৰিব।

ডি এ আৰ পি জি-ৰ সচিব শ্ৰীমতী নিবেদিতা শুক্লা বাৰ্মা, ডি অ’ এছ ই এল-ৰ সচিব শ্ৰী টি কে অনিল কুমাৰ, শিক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু অংশীদাৰ প্ৰতিষ্ঠানসমূহৰ স্বায়ত্তশাসিত সংস্থা, শিক্ষা বিভাগসমূহৰ প্ৰতিনিধি আৰু মুৰব্বীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

বিকশিত ভাৰত বিল্ডাথন ২০২৫

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ দ্বাৰা অটল উদ্ভাৱন মিছন (এ আই এম), নীতি আয়োগ আৰু সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ (এ আই চি টি ই)ৰ সহযোগিতাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টিশীল সমস্যা সমাধান, উদ্যোগশীলতা আৰু বৈজ্ঞানিক কৌতূহল বৃদ্ধিৰ বাবে ভি বি বি ২০২৫ আৰম্ভ কৰা হয়।আত্মনিৰ্ভৰ ভাৰত, স্বদেশী, ভোকেল ফৰ লোকেল, আৰু সমৃদ্ধ ভাৰতকে ধৰি চাৰিটা মৌলিক স্তম্ভৰ ওপৰত কেন্দ্ৰীভূত এই পদক্ষেপে এক অভূতপূৰ্ব তৃণমূল সঁহাৰি লাভ কৰাৰ লগতে আইডিয়া আৰু প্ৰটো টাইপ ট্ৰেক দুয়োটা দিশতে ২,৮৭,৯৬৭ টা প্ৰকল্প দাখিলৰ অভিলেখ সৃষ্টি কৰে।

 

সমাধানসমূহৰ মূল্যায়ন কৰিবলৈ বহুবিষয়ক বিশেষজ্ঞ সমিতিৰ নেতৃত্বত জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এক কঠোৰ, ত্ৰিস্তৰীয় মূল্যায়ন পৰিকাঠামো প্ৰতিষ্ঠা কৰা হয়। ব্যাপক মূল্যায়নৰ পিছত, ১০ গৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক, ১০০ গৰাকী ৰাজ্যিক পুৰস্কাৰ প্ৰাপক আৰু ১,০০০ গৰাকী জিলা পুৰস্কাৰ  প্ৰাপক বাছনি কৰা হয়।

জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ১ কোটিতকৈও অধিক মুঠ পুৰস্কাৰৰ দিহা কৰা হয় । ১০টা ৰাষ্ট্ৰীয় বিজয়ী দলক মুঠ ১৭.৫০ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰটোটাইপ ট্ৰেকৰ অধীনত শীৰ্ষৰ পাঁচটা বিজয়ী দলৰ প্ৰত্যেককে তেওঁলোকৰ কাৰ্য্যকৰী  আৰ্হিসমূহক স্বীকৃতি জনাই ৮০৩টা বঁটা প্ৰদান কৰা হয়। আইডিয়া ট্ৰেকৰ অধীনত বিজয়ী পাঁচটা দলৰ প্ৰত্যেকেই তেওঁলোকৰ সৃষ্টিশীল ধাৰণাসমূহৰ ইনকিউবেচন আৰু স্কেলিঙক উৎসাহিত কৰিবলৈ ১,০০,০০০ টকা লাভ কৰে। আজি সন্মানিত হোৱা বিজয়ীসকল অসম, দিল্লী, গুজৰাট, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, কেৰালাম, মধ্যপ্ৰদেশ, উৰিষ্যা, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ ।

বিশেষ প্ৰচাৰ অভিযান ৬.০

ই-আৱৰ্জনা আৰু ই-আৱৰ্জনা সংগ্ৰহৰ প্ৰচেষ্টাৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসৰ ওপৰত আলোকপাত কৰি মন্ত্ৰালয়ৰ অধীনত থকা দুয়োটা বিভাগ (ডি অ’ এছ ই এল আৰু উচ্চ শিক্ষা বিভাগ) ৰ  বিশেষ অভিযান ৬.০ৰ অধীনত গ্ৰহণ কৰা পদক্ষেপসমূহ অনুষ্ঠানত উপস্থাপন কৰা হয়। ড’জেলৰ সচিব শ্ৰী অনিল কুমাৰে এই অভিযানৰ সময়ত সংগ্ৰহ কৰা ই-আৱৰ্জনা অনুমোদিত পুনৰ্ব্যৱহাৰকাৰী/নৱীকৰণকাৰীলৈ  হস্তান্তৰ কৰে।

 

 

এই অভিযানৰ অধীনত ড’এছ ই এল-এ সমগ্ৰ দেশৰ বিদ্যালয়সমূহত দায়িত্বশীল ই-আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰচাৰৰ বাবে ব্যাপক অভিযান হাতত লয়।সংগ্ৰিহিত ই-আৱৰ্জনা অনুমোদিত পুনৰ্ব্যৱহাৰকাৰী/পুনৰুদ্ধাৰকৰ্তাসকলক হস্তান্তৰ কৰা, ই-আৱৰ্জনা বিষয়ক পুৱাৰ সমাৱেশ আৰু ই-আৱৰ্জনা ভিত্তিক কুইজকে ধৰি আজি বিদ্যালয়সমূহত কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা হয়।

উল্লাসৰ অধীনত টি ই আই-ৰ বাবে নিৰ্দেশনা

অনুষ্ঠানত মুকলি কৰা 'উল্লাস-নৱ ভাৰত সাক্ষৰতা কাৰ্য্যসূচী’ৰ অধীনত ‘শিক্ষক শিক্ষা প্ৰতিষ্ঠানসমূহৰ বাবে নিৰ্দেশনা' ত এন চি টি ই-ৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষক শিক্ষা কাৰ্যসূচী যেনে বি এড, বি পি এড, এম এড, এম পি এড আৰু স্বেচ্ছাসেৱক শিক্ষক হিচাপে অন্যান্য স্বীকৃত কাৰ্যসূচীত নামভৰ্তি কৰা শিক্ষাৰ্থী শিক্ষকসকলৰ অংশগ্ৰহণৰ পৰিকল্পনা কৰা হৈছে।

এই নিৰ্দেশনাৰ অধীনত, প্ৰতিগৰাকী শিক্ষাৰ্থী শিক্ষকে পাঁচৰ পৰা আঠজন অশিক্ষিত শিক্ষাৰ্থীৰ সাক্ষৰতা আৰু প্ৰমাণপত্ৰৰ সুবিধা প্ৰদান কৰিব লাগিব আৰু তাত সফল শিক্ষাৰ্থীৰ প্ৰমাণপত্ৰৰ সৈতে জড়িত শৈক্ষিক ক্ৰেডিটৰ ব্যৱস্থা থাকিব। সংশ্লিষ্ট অংশীদাৰসকলৰ সৈতে ব্যাপক আলোচনাৰ পিছত ড’জেলে বিকশিত কৰা এই নিৰ্দেশনাসমূহে ফলপ্ৰসূ ৰূপায়ণৰ বাবে এন চি টি ই, এন চি ই আৰ টি, চি এন চি এল, এছ চি ই আৰ টি, ডি আই ই টি, ৰাজ্যিক সাক্ষৰতা মিছন কৰ্তৃপক্ষ (এছ এল এম এ), জিলা কৰ্তৃপক্ষ, টি ই আই আৰু শিক্ষাৰ্থী শিক্ষকসকলৰ ভূমিকা আৰু দায়িত্বসমূহ স্পষ্টভাৱে নিৰ্ধাৰণ কৰা হৈছে।

 

*****

RRTN/AV/DD


(ৰিলিজ আই ডি : 2329916) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil