পোষ্ট কৰা হৈছে:
28 OCT 2026 10:38AM by PIB Guwahati
মেক্সিকো আৰু ভাৰতে অগ্ৰাধিকাৰমূলক বাণিজ্য চুক্তি (প্ৰিফাৰেন্সিয়েল ট্ৰেড এপ্ৰিমেণ্ট – পি টি এ ) সম্পৰ্কীয় আলোচনাৰ বাবে আলোচনাৰ চৰ্তাৱলীত স্বাক্ষৰ কৰি অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই চৰ্তাৱলীয়ে দুয়োখন দেশৰ বাবে নতুন অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে হ’বলগীয়া আলোচনাৰ গাঁথনি, পৰিসৰ, পদ্ধতি আৰু কৰ্মপৰিকল্পনা নিৰ্ধাৰণ কৰিছে।
এই চৰ্তাৱলী সম্পাদনৰ জৰিয়তে পাৰস্পৰিকভাৱে লাভজনক আৰু সন্তুলিত পি টি এ-ৰ বাবে আনুষ্ঠানিক আলোচনা আৰম্ভ হৈছে। এই চুক্তিয়ে দ্বিপাক্ষিক বাণিজ্যৰ সম্প্ৰসাৰণ, ব্যৱসায়ৰ নতুন সুযোগ সৃষ্টি, বিনিয়োগৰ প্ৰবাহ বৃদ্ধি আৰু অধিক দীৰ্ঘস্থায়ী তথা বৈচিত্ৰ্যপূৰ্ণ যোগান শৃংখল গঢ়ি তোলাত অৰিহণা যোগোৱাৰ সম্ভাৱনা আছে।
২০২৫ চনৰ জুন মাহত কানাডাত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ড° ক্লাউডিয়া শ্বেইনবামৰ মাজত হোৱা বৈঠকৰ বুজাবুজিৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেই বৈঠকত দুয়োগৰাকী নেতাই ভাৰত-মেক্সিকো অংশীদাৰিত্বক অধিক শক্তিশালী আৰু গভীৰ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছিল।
সক্ষম, খান্দু
বাণিজ্য সচিব শ্ৰী ৰাজেশ আগৰৱালৰ ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ প্ৰতিনিধি দলে দ্বিপাক্ষিক সম্পৰ্ক আৰু বাণিজ্য তথা বিনিয়োগৰ প্ৰবাহ সম্প্ৰসাৰণৰ সম্ভাৱনাসমূহৰ বিষয়ে আলোচনা কৰে। মেক্সিকোৰ অৰ্থনীতি দপ্তৰৰ সচিব মাৰ্চেলো এব্ৰাৰ্ড কাছাউবনৰ হৈ দেশখনৰ বৈদেশিক বাণিজ্য দপ্তৰৰ অবৰ সচিব লুইছ ৰ’ছেন্ডো গুটিয়েৰেজ ৰোমানোৱে এই আলোচনাত অংশগ্ৰহণ কৰে।
আলোচনাৰ চৰ্তাৱলীত বজাৰত সামগ্ৰীৰ প্ৰৱেশৰ অধিকাৰ, মূল সম্পৰ্কীয় নিয়মাৱলী, শুল্ক প্ৰক্ৰিয়া আৰু বাণিজ্যৰ সুবিধা প্ৰদান, বিবাদ নিষ্পত্তি, অনাময় আৰু উদ্ভিদৰ-স্বাস্থ্য সম্পৰ্কীয় ব্যৱস্থা, বাণিজ্যৰ কাৰিকৰী বাধা আৰু বাণিজ্যিক প্ৰতিকাৰ ব্যৱস্থাকে ধৰি বাণিজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে।
প্ৰস্তাৱিত চুক্তিখনৰ লক্ষ্য হৈছে দুয়োখন দেশৰ অৰ্থনীতিৰ পৰিপূৰক বৈশিষ্ট্যসমূহৰ সদ্ব্যৱহাৰ কৰি ভাৰতীয় বজাৰত মেক্সিকোৰ সামগ্ৰী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাবে সুযোগৰ সম্প্ৰসাৰণ কৰা। বিশ্বৰ মূল্য শৃংখলৰ সৈতে থকা শক্তিশালী সংযোগৰ বাবে, মেক্সিকো ভাৰতীয় ৰপ্তানিকাৰী আৰু বিনিয়োগকাৰীসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ বজাৰ। সহযোগিতাৰ বাবে উল্লেখযোগ্য সম্ভাৱনা থকা খণ্ডসমূহৰ ভিতৰত আছে অ’ট’ম’বাইল, ৰাসায়নিক পদাৰ্থ, ইলেক্ট্ৰনিক্স, ফাৰ্মাচিউটিকেলছ, কৃষি-খাদ্য, শক্তি, সংকটপূৰ্ণ খনিজ পদাৰ্থ, চিকিৎসা সঁজুলি আৰু উন্নত উৎপাদন আদি।
প্ৰতিনিধি দল দুটাই দ্বিপাক্ষিক অৰ্থনৈতিক কাৰ্যসূচীৰ বিভিন্ন দিশৰ বিষয়েও আলোচনা কৰে। এই আলোচনাত বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক গভীৰ কৰা, সহযোগিতা শক্তিশালী কৰা আৰু দুয়োখন দেশৰ উৎপাদন খণ্ডৰ মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনাসমূহ চিনাক্ত কৰা হয়।
উভয় পক্ষই ২০২৭ চনৰ প্ৰথম ত্ৰৈমাসিকৰ ভিতৰত ভাৰতলৈ মেক্সিকান ব্যৱসায়িক প্ৰতিনিধি দল এটা পঠোৱাৰ সম্ভাৱনাৰ বিষয়ে অধিক আলোচনা কৰে। এই প্ৰস্তাৱিত প্ৰতিনিধি দলে ব্যৱসায়-ৰ পৰা ব্যৱসায়িক (B2B) বৈঠকসমূহ সহজ কৰি তুলিব, বাণিজ্যিক সুযোগসমূহ চিনাক্ত কৰাত সহায় কৰিব আৰু দুইখন দেশৰ উৎপাদনশীল খণ্ডসমূহৰ মাজত বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিব।

***
Abhishek Dayal/ Garima Singh/ Ishita Biswas/UD