পোষ্ট কৰা হৈছে:
27 OCT 2026 4:34PM by PIB Guwahati
লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই কালি উদ্বোধন কৰা দ্বাদশ ব্ৰিকছ সংসদীয় মঞ্চৰ আজি যুটীয়া ঘোষণাপত্ৰ গ্ৰহণৰ জৰিয়তে সামৰণি পৰে। এই ঘোষণাপত্ৰত সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘৰ চনদৰ নীতি, সাৰ্বভৌম সমতা, পাৰস্পৰিক সন্মান, আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা আৰু আন্তঃৰাষ্ট্ৰীয় বিবাদৰ শান্তিপূৰ্ণ নিষ্পত্তিৰ প্ৰতি নিজৰ দায়বদ্ধতা আনুষ্ঠানিকভাৱে পুনৰ দৃঢ় কৰে।ভাৰতৰ চলিত অধ্যক্ষতাৰ অধীনত দেশখনৰ ক্ৰমবৰ্ধমান কূটনৈতিক প্ৰভাৱৰ প্ৰতিফলন ঘটাই যুটীয়া ঘোষণাখনে নতুন দিল্লীৰ মূল কৌশলগত অগ্ৰাধিকাৰসমূহৰ সৈতে সামঞ্জস্য ৰক্ষা কৰে। নতুন দিল্লী ঘোষণা (এনডিডি)ৰ প্ৰতি সহমত পুনৰ নিশ্চিত কৰি সদস্য ৰাষ্ট্ৰসমূহৰ সংসদসমূহে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ প্ৰতি স্পষ্ট সমৰ্থন আগবঢ়ায়। নতুন দিল্লী ঘোষণাৰ ১৩ নং দফাৰ উল্লেখেৰে গ্ৰহণ কৰা এই স্থিতিৰ লক্ষ্য হৈছে বিশ্বৰ শাসন ব্যৱস্থাক অধিক প্ৰতিনিধিত্বমূলক কৰি তোলা আৰু তাত গ্ল’বেল ছাউথৰ দেশসমূহৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰা।
ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰ দৃঢ় স্থিতিয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ আৰু আপোচবিহীন স্থিতিৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ সফলতা লাভ কৰে। নতুন দিল্লী ঘোষণাৰ ৪০ নং দফাৰ আধাৰত যুটীয়া ঘোষণাপত্ৰত সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদৰ বিত্তীয় যোগান আৰু সন্ত্ৰাসবাদীক নিৰাপদ আশ্ৰয় প্ৰদানৰ তীব্ৰ নিন্দা কৰা হয়। লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ তথা দ্বৈত নীতিৰ অৱসান ঘটোৱাৰ দাবী জনোৱা হয়। চূড়ান্ত ঘোষণাপত্ৰখনত ভাৰতৰ নেতৃত্বত আগবঢ়োৱা উন্নয়ন আৰু জলবায়ু সম্পৰ্কীয় কাৰ্যসূচীসমূহকো বিশেষভাৱে স্থান দিয়া হয়। ইয়াৰ ভিতৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ ভঁৰালসমূহৰ সম্প্ৰসাৰণ, কৃত্ৰিম বুদ্ধিমত্তাৰ নৈতিক শাসন ব্যৱস্থা, ‘সাধাৰণ কিন্তু পৃথকীকৃত দায়িত্ব আৰু নিজ নিজ সামৰ্থ্য’ (চিবিডিআৰ-আৰচি) নীতিৰ প্ৰতি আনুগত্য আৰু ভাৰতৰ ব্ৰিকছ অধ্যক্ষতাৰ প্ৰতি সৰ্বসন্মত সমৰ্থন উল্লেখযোগ্য। সামৰণি ভাষণ প্ৰদান কৰি লোকসভাৰ অধ্যক্ষই গুৰুত্ব আৰোপ কৰে যে বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ সমাধান সংঘাতৰ পৰিৱৰ্তে অবিৰত আলোচনা, পাৰস্পৰিক শান্তি আৰু সামূহিক প্ৰচেষ্টাৰ জৰিয়তেহে সম্ভৱ। ব্ৰিকছৰ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ সংসদৰ অধ্যক্ষ, বিশিষ্ট প্ৰতিনিধি আৰু আন্তঃৰাষ্ট্ৰীয় সংসদ সদস্যসকলক সম্বোধন কৰি শ্ৰী বিৰলাই দুদিনীয়া বিস্তৃত আলোচনাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহৰ পটভূমি, পৰিস্থিতি আৰু প্ৰত্যাহ্বান ভিন্ন হ’লেও মানৱজাতিৰ কল্যাণ, শান্তি আৰু সমৃদ্ধিৰ প্ৰতি তেওঁলোকৰ উমৈহতীয়া দায়বদ্ধতাই ব্ৰিকছৰ মূল শক্তি।বিশ্বজুৰি বৰ্তমান বিৰাজ কৰা অস্থিৰতা, অৰ্থনৈতিক অনিশ্চয়তা আৰু আঞ্চলিক সংঘাতৰ পৰিপ্ৰেক্ষিতত শ্ৰী বিৰলাই ভাৰতৰ মূল দৰ্শনৰ কথা পুনৰ দোহাৰে। তেওঁ কয় যে স্থায়ী সমাধান যুদ্ধৰ পৰিৱৰ্তে সংলাপত, সংঘাতৰ পৰিৱৰ্তে শান্তিত আৰু প্ৰতিযোগিতাৰ পৰিৱৰ্তে সহযোগিতাত নিহিত হৈ আছে। তেওঁ ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ প্ৰতি সম্পূৰ্ণ সন্মান, আন্তঃৰাষ্ট্ৰীয় বিবাদৰ শান্তিপূৰ্ণ নিষ্পত্তি আৰু সকলোৰে বাবে সমতাপূৰ্ণ উন্নয়নৰ সুযোগ নিশ্চিত কৰা এক বিশ্বজোৰা ব্যৱস্থা গঢ়ি তোলাৰ আহ্বান জনায়।তেওঁ কয়, “বিশ্বশান্তিৰ প্ৰকৃত অৰ্থ হৈছে নিৰাপত্তা, সন্মান, ন্যায় আৰু প্ৰতিগৰাকী ব্যক্তিৰ বাবে এক উন্নত ভৱিষ্যতৰ নিশ্চয়তা—বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে।” তেওঁ লগতে উল্লেখ কৰে যে ভৱিষ্যৎ প্ৰজন্মই বৰ্তমানৰ নেতৃত্বক তেওঁলোকে এৰি যোৱা পৃথিৱীখনৰ নিৰাপত্তা আৰু সমৃদ্ধিৰ ভিত্তিত মূল্যায়ন কৰিব।গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ পৰিৱৰ্তিত দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি লোকসভাৰ অধ্যক্ষই কয় যে সংসদসমূহ কেৱল আইন প্ৰণয়ন কৰা প্ৰতিষ্ঠান নহয়; বৰং এইসমূহ সংলাপ, ঐকমত্য, দায়বদ্ধতা আৰু জনসাধাৰণৰ আস্থাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ।তেওঁ বিশ্বৰ সংসদসমূহক সময়ৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই অধিক কাৰ্যক্ষম, স্বচ্ছ আৰু নাগৰিককেন্দ্ৰিক প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ আহ্বান জনায়। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰসংগত শ্ৰী বিৰলাই কয় যে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰে সংসদীয় কাম-কাজৰ দক্ষতা যথেষ্ট বৃদ্ধি কৰাৰ লগতে নাগৰিকৰ অংশগ্ৰহণ অধিক গভীৰ কৰিব পাৰে। অৱশ্যে এই প্ৰযুক্তিসমূহৰ বিকাশ মানৱীয় মূল্যবোধ, নৈতিকতা, স্বচ্ছতা আৰু দায়বদ্ধতাৰ নীতিৰ সৈতে সম্পূৰ্ণৰূপে সংগতি ৰাখি হ’ব লাগিব।শ্ৰী বিৰলাই কয় যে ব্ৰিকছৰ সফলতা কেৱল ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ নিজস্ব অগ্ৰগতিৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। বৰং ইয়াৰ সুফল বৃহত্তৰ আন্তঃৰাষ্ট্ৰীয় সমাজেও লাভ কৰিব লাগিব আৰু বিশ্বজুৰি সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত গ্ল’বেল ছাউথৰ আকাংক্ষাসমূহক যথোচিত প্ৰতিনিধিত্ব প্ৰদান কৰিব লাগিব।দ্বাদশ ব্ৰিকছ সংসদীয় মঞ্চৰ সফল সামৰণিৰ পৰিপ্ৰেক্ষিতত শ্ৰী বিৰলাই ২০২৭ চনৰ বাবে ব্ৰিকছৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়া চীনক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। চীনৰ নেতৃত্বত সহযোগিতাৰ ধাৰা অধিক শক্তিশালী হ’ব বুলি তেওঁ সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে।বিশ্বৰ সংসদসমূহে শান্তি, সহযোগিতা আৰু উমৈহতীয়া সমৃদ্ধিৰ শক্তিশালী কণ্ঠস্বৰ হিচাপে ভূমিকা পালন কৰিব লাগিব—এই আহ্বানৰ মাজেৰে দ্বাদশ ব্ৰিকছ সংসদীয় মঞ্চৰ সামৰণি পৰে।
FIND THE LINK OF THE COPY OF THE JOINT DECLARATION HERE -
***
AM/DM