প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত - ইণ্ডোনেছিয়াৰ যুটীয়া বিশেষ বাহিনীৰ অনুশীলন

ইণ্ডোনেছিয়াৰ বান্যুৱাংগীত গৰুড় শক্তি কাৰ্য্যসূচী আৰম্ভ

পোষ্ট কৰা হৈছে: 27 OCT 2026 3:41PM by PIB Guwahati

 

ইণ্ডোনেছিয়াৰ বান্যুৱাংগীত আৰম্ভ হৈছে ভাৰত-ইণ্ডোনেছিয়া যুটীয়া বিশেষ বাহিনীৰ অনুশীলন গৰুড় শক্তি ৰ একাদশ সংস্কৰণ। ২০২৬ চনৰ ২৭ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈ এই অনুশীলন অব্যাহত থাকিব।ভাৰতীয় দলটোত পেৰাচুট ৰেজিমেণ্ট (বিশেষ বাহিনী)ৰ সৈন্য থকাৰ বিপৰীতে ইণ্ডোনেছিয়াৰ দলটোত ইণ্ডোনেছিয়াৰ বিশেষ বাহিনীৰ জোৱান আছে।

 

এই অনুশীলনৰ লক্ষ্য হৈছে দুয়োখন দেশৰ বিশেষ বাহিনীৰ মাজত পাৰস্পৰিক বুজাবুজি, সহযোগিতা আৰু আন্তঃকাৰ্য্যক্ষমতা শক্তিশালী কৰা। এই প্ৰশিক্ষণত বাধা পাৰ হোৱা,  বিশেষ যুদ্ধৰ সামৰ্থ্য, পৰ্বতাৰোহণ, বিমান আক্ৰমণৰ প্ৰশিক্ষণ আৰু যুদ্ধ-প্ৰস্তুতিৰ বিশেষ অধিবেশনকে ধৰি অৰণ্যৰ পৰিৱেশত বিশেষ অভিযানৰ বাবে কৌশল আৰু পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । ইয়াৰ উপৰি অস্ত্ৰ-শস্ত্ৰ, সঁজুলি আৰু কাৰ্য্যকৰী পদ্ধতিৰ বিশেষ জ্ঞান  আৰু তথ্যৰ বিনিময়ো অন্তৰ্ভুক্ত কৰা হৈছে।

 

বাস্তৱিক কাৰ্য্যকৰী পৰিস্থিতি প্ৰশমনৰ অনুশীলন আৰু দুয়োটা দলৰ সহনশীলতা, সমন্বয় আৰু যুদ্ধৰ প্ৰস্তুতিৰ মূল্যায়নৰ সৈতে যৌথ প্ৰশিক্ষণৰ  সামৰণি পৰিব।

 

এই অনুশীলনে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত প্ৰতিৰক্ষা সহযোগিতা তথা দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব।

 

***

Nishant / Sanjay/DD


(ৰিলিজ আই ডি : 2329005) অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Bengali , Tamil