নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ শ্বিপয়াৰ্ডলৈ কোৰিয়াৰ প্ৰতিষ্ঠানসমূহক আমন্ত্ৰণ সৰ্বানন্দ সোণোৱালৰ, সকলোৱে অনুসৰণ কৰিব পৰা গোলকীয় জাহাজ পৰিবহণ নিয়মৰ পোষকতা

বিশ্ব সামুদ্ৰিক দিৱসৰ ঘূৰণীয়া মেজমেলত দক্ষিণ কোৰিয়া, নৰৱে আৰু চাইপ্ৰাছৰ আইএমঅ’ মুৰব্বী আৰু মন্ত্ৰীসকলৰ সৈতে অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ

সাৰ্বজনীন নিয়ম, ৰূপায়ণত ভিন্নতাঃ বিশ্ব সামুদ্ৰিক দিৱসৰ ঘূৰণীয়া মেজমেলত সোণোৱালৰ স্থিতি

‘কোমিয়া’ৰ সদস্যসকলৰ আগত ভাৰতৰ বিকাশৰ কাহিনী উপস্থাপন সোণোৱালৰ, সামুদ্ৰিক খণ্ডৰ পাৰস্পৰিকভাৱে লাভজনক বিকাশৰ বাবে আমন্ত্ৰণ

সহযোগিতাৰ দ্বাৰা সমৰ্থিত সাধাৰণ মান আৰু ফলাফলে প্ৰতিখন সদস্য ৰাষ্ট্ৰক সেইবোৰ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম কৰেঃ সৰ্বানন্দ সোণোৱাল

পোষ্ট কৰা হৈছে: 26 OCT 2026 7:55PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দক্ষিণ কোৰিয়াৰ বুছানত বিশ্ব সামুদ্ৰিক দিৱস উপলক্ষে উচ্চ পৰ্যায়ৰ মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে আৰু দক্ষিণ কোৰিয়াৰ সামুদ্ৰিক সঁজুলি নিৰ্মাণ উদ্যোগৰ সৈতে আলোচনা কৰি এটা বিষয় উত্থাপন কৰেঃ ভাৰতে প্ৰতিখন দেশে কাৰ্যকৰী কৰিব পৰা সামুদ্ৰিক নিয়ম বিচাৰে তথা ভাৰতৰ সৈতে গঢ়ি তুলিবলৈ আৰু বিকাশ কৰিবলৈ ইচ্ছুক অংশীদাৰ বিচাৰে।

বিশ্ব সামুদ্ৰিক দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰৰ ঘূৰণীয়া মেজমেলত ভাষণ দিয়ে। সোণোৱালে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থা (আই এম অ'), সচিবপ্ৰধান আৰ্চেনিঅ’ ডমিনগুৱেজ; দক্ষিণ কোৰিয়াৰ মহাসাগৰ আৰু মীনপালনৰ উপ-মন্ত্ৰী নাম জেহিয়ন; নৰৱেৰ মীনপালন আৰু মহাসাগৰ নীতি বিভাগৰ মন্ত্ৰী মেৰিয়েন চিভাৰ্টচেন নেছ আৰু চাইপ্ৰাছৰ জাহাজ পৰিবহণ উপ-মন্ত্ৰী মেৰিনা হাদজিমেনোলিছৰ সৈতে একেখন মঞ্চত অংশগ্ৰহণ কৰে। দক্ষিণ কোৰিয়াৰ মহাসাগৰ আৰু মীন বিভাগৰ প্ৰাক্তন মন্ত্ৰী মুন ছিয়ং-হায়োকে এই সত্ৰত সভাপতিত্ব কৰে।

সোণোৱালে কয় যে ভাৰতৰ আৰম্ভণি বিন্দু হৈছে যে আন্তঃৰাষ্ট্ৰীয় মান অভিলাষী আৰু সাৰ্বজনীন হৈ থাকিব লাগে, আনহাতে সেইবোৰৰ ৰূপায়ণে ৰাষ্ট্ৰীয় পৰিস্থিতি, উন্নয়ন, প্ৰযুক্তি আৰু বিত্তৰ প্ৰৱেশাধিকাৰৰ পাৰ্থক্যক স্বীকৃতি দিব লাগে। তেওঁ উমৈহতীয়া কিন্তু পৃথক দায়বদ্ধতা আৰু নিজ নিজ সামৰ্থ্য ভিত্তিক নীতিৰ কথা উল্লেখ কৰে।

"সেয়েহে উদ্দেশ্য হ’ব লাগে উমৈহতীয়া মান আৰু ফলাফলৰ, ই সহযোগিতাৰ দ্বাৰা সমৰ্থিত হ’ব লাগে যিয়ে প্ৰতিখন সদস্য ৰাষ্ট্ৰক সেইবোৰ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম কৰে", সোণোৱালে কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আই এম অ’ সন্মিলনসমূহক ভূ-ৰাজনৈতিক অস্থিৰতা, জলদস্যুৰ সমস্যা আৰু লোহিত সাগৰত সৃষ্টি হোৱা ব্যাঘাতৰ সময়ত নাবিক, বাণিজ্য আৰু যোগান শৃংখল সুৰক্ষিত কৰাৰ ক্ষেত্ৰত জাহাজ পৰিবহণৰ বাবে  "কৰ্মৰত লাইটহাউছ" বুলি অভিহিত কৰে। তেওঁ কয় যে ব্যৱহাৰিক অংশীদাৰিত্ব হৈছে ব্যৱধান হ্ৰাস কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়ঃ চুক্তি ৰূপায়ণ কৰা অংশীদাৰ দেশসমূহৰ যুটীয়া কৰ্মগোটবোৰে এতিয়াও সামৰ্থ্য  নিৰ্মাণ, জৰীপকাৰী আৰু পৰিদৰ্শকৰ প্ৰশিক্ষণ, খচৰা আইন প্ৰস্তুতত সহায় আৰু সময় নিৰ্ধাৰিত পৰিকল্পনা নিৰ্ধাৰণ কৰে। তেওঁ কয় যে ইয়াৰ লক্ষ্য হৈছে "ধাৰাবাহিক নিৰ্ভৰশীলতা সৃষ্টিৰ পৰিৱৰ্তে স্থায়ী ৰাষ্ট্ৰীয় সামৰ্থ্য" এৰি যোৱা।

ভাৰতে নিজৰ ভিত্তিগত কাম কৰিছে, সোণোৱালে কয়। ২০২৫ চনত প্ৰণয়ন কৰা পাঁচখন সামুদ্ৰিক আইন ২০২৬ চনৰ মাৰ্চত কাৰ্যকৰী হৈছে, ভাৰতৰ সামুদ্ৰিক একক খিৰিকীয়ে ৬৯টা বন্দৰ আৰু টাৰ্মিনেলক সামৰি লৈছে, আৰু আলাং-ছ'ছিয়া য়াৰ্ডত ১১৫টা জাহাজ পুনৰ প্ৰক্ৰিয়াকৰণৰ সুবিধা আছে যি আই এম অ' কাৰ্যপ্ৰণালীৰ ভিতৰত হংকং সন্মিলন (এইচ কে চি) মানি চলে।

একেই বিষয়টো ‘কোমিয়া’ নামেৰে পৰিচিত কোৰিয়া মেৰিন ইকুইপমেন্ট এছ’চিয়েচনৰ সৈতে অনুষ্ঠিত সোণোৱালৰ বৈঠকতো উত্থাপন হয়। ই হৈছে ১৯৮০ চনত প্ৰতিষ্ঠা হোৱা এটা গোট যিয়ে সঁজুলি নিৰ্মাতা, আৰ্হি প্ৰস্তুত কৰা প্ৰতিষ্ঠান, জাহাজ নিৰ্মাতা আৰু মেৰামতি কৰোঁতা ৩০৪টা প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰে। ইয়াৰ সদস্যসকলৰ ভিতৰত আছে এইচ ডি হুণ্ডাই, হানৱা অ’চেন আৰু ছেমছাং হেভি ইণ্ডাষ্ট্ৰীজ।

কোমিয়াই ৩০অক্টোবৰত মুম্বাইত ইয়াৰ প্ৰথমটো ভাৰতীয় কাৰ্যালয় মুকলি কৰিব, যিটো হৈছে এপ্ৰিলত দুয়োখন চৰকাৰে জাহাজ নিৰ্মাণ, জাহাজ পৰিবহণ আৰু সামুদ্ৰিক লজিষ্টিকছত সহযোগিতাৰ বাবে তেওঁলোকৰ পৰিকাঠামো ‘ভয়েজেছ’ৰ  অধীনত আদৰণি জনোৱা পদক্ষেপ। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত সংগঠনটোৱে ভাৰতীয় য়াৰ্ডসমূহৰ সৈতে আৰ্হি, আধুনিকীকৰণ, প্ৰযুক্তি স্থানান্তৰ, যুটীয়া শৈক্ষিক কাৰ্যসূচী আৰু সামুদ্ৰিক সঁজুলি তথা অতিৰিক্ত যন্ত্ৰাংশৰ স্থানীয়ভাবে নিৰ্মাণক লৈ কাম কৰাৰ প্ৰস্তাৱ দিছিল।

"ভাৰতত নিৰ্মিত প্ৰতিখন জাহাজৰ বাবে ইঞ্জিন, প্ৰপালচন, ডেক যন্ত্ৰপাতি আৰু বৈদ্যুতিক আৰু নেভিগেচন প্ৰণালীৰ প্ৰয়োজন", সোণোৱালে কয়। তেওঁ কয় যে সেই উচ্চ মূল্যৰ সঁজুলিৰ বেছিভাগ আজিৰ দিনত আমদানি কৰা হয়, এয়া কোৰিয়াৰ যোগান ধৰোঁতাসকলৰ বাবে এটা সুযোগ।

কোমিয়াৰ অধ্যক্ষ হো-ইল কাঙে কয় যে সদস্যসকলে অহা দুবছৰৰ ভিতৰত ভাৰতীয় বজাৰত প্ৰৱেশ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। এছ বি ছানবো, ডেইয়াং, কে এ এছ ই এম ই চি, জে অ’ ইঞ্জিনীয়াৰিং আৰু অন্যান্যকে ধৰি কোমিয়াৰ সদস্যসকলে ভাৰতৰ সামুদ্ৰিক খণ্ডত সম্ভাব্য বিনিয়োগৰ বাবে তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে।

সোণোৱালে সংখ্যাৰ সৈতে বাণিজ্যিক প্ৰসংগ উত্থাপন কৰে। ভাৰতে ২০২৫ চনৰ ছেপ্টেম্বৰত প্ৰায় ৭.৮ বিলিয়ন ডলাৰ মূল্যৰ জাহাজ নিৰ্মাণ পেকেজত অনুমোদন জনাইছিল। আঁচনিত অনুমোদন জনোৱাৰ পিছৰে পৰা ২০২৫ চনত বছৰি হিচাপত জাহাজ নিৰ্মাণ ৪০শতাংশ বৃদ্ধি পাইছে। ২০২৬ চনত উৎপাদন ৮০শতাংশৰো অধিক বৃদ্ধি পাইছে। আঁচনিত অনুমোদনৰ পিছৰে পৰা প্ৰত্যক্ষ চৰকাৰীভাৱে সাহায্য লাভ কৰা সহায়তাই ১.২৭ বিলিয়ন ডলাৰৰো অধিক মূল্যৰ ১২০খনৰো অধিক জাহাজক সামৰি লৈছে, যাৰ মূল্যৰ ৮০ শতাংশৰো অধিক ৰপ্তানি অৰ্ডাৰ আছে। "আমি ইতিমধ্যে বিশ্বৰ বাবে নিৰ্মাণ কৰি আছো", সোণোৱালে কয়।

ইয়াৰ উপৰি পৰৱৰ্তী ১০বছৰত ভাৰতীয় শ্বিপয়াৰ্ডসমূহক প্ৰায় ২৩বিলিয়ন ডলাৰ মূল্যৰ ৪০০ ৰো অধিক জাহাজৰ অৰ্ডাৰৰ দৃশ্যমানতা প্ৰদান কৰিবলৈ চৰকাৰী সংস্থাসমূহৰ চাহিদা এম অ’ পি এছ ডব্লিউৰ দ্বাৰা একত্ৰিত কৰা হৈছে।

তেওঁ মুম্বাই কাৰ্যালয়ক কোৰিয়াৰ প্ৰতিষ্ঠানসমূহৰ বাবে এখন দীৰ্ঘকালীন মঞ্চ বুলি অভিহিত কৰে, সেয়া লাগিলে যৌথ উদ্যোগ, অনুজ্ঞাপত্ৰ বা তেওঁলোকৰ নিজৰ কাৰখানাৰ জৰিয়তেই হওক। তেওঁ আৰু কয় যে মন্ত্ৰালয়ে তেওঁলোকক সহায় কৰিবলৈ সাজু। মন্ত্ৰীগৰাকীৰ চাৰিদিনীয়া ভ্ৰমণ অতিৰিক্ত বৈঠক আৰু সাক্ষাতৰ সৈতে কাইলৈও অব্যাহত থাকিব।

 

***

MI/Indu/HS


(ৰিলিজ আই ডি : 2328934) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati