পোষ্ট কৰা হৈছে:
26 OCT 2026 4:21PM by PIB Guwahati
০২৬ চনৰ ২৬ অক্টোবৰত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ সভাপতিত্বত প্ৰতিৰক্ষা ক্ৰয় পৰিষদ চমুকৈ ডিএচিয়ে প্ৰতিৰক্ষা বাহিনীসমূহৰ বিভিন্ন মূলধনী ক্ৰয় প্ৰস্তাৱৰ বাবে প্ৰায় ২,১২,০০০ কোটি টকাৰ আনুমানিক ব্যয় সাপেক্ষে প্ৰয়োজনীয়তাৰ স্বীকৃতি চমুকৈ এঅ'এন অৰ্থাৎ নীতিগত প্ৰশাসনিক অনুমোদন প্ৰদান কৰে।
ভাৰতীয় সেনাৰ বাবে হাই মবিলিটি ভেহিকেলছ চমুকৈ এইচএমভি, ছেল্ফ-প্ৰপেল্ড ট্ৰেকড গান ছিষ্টেম, গান শ্বট ৰেছপন্স ছিষ্টেম চমুকৈ জিএছআৰএছ, লাইট মাল্টি ৰোল হেলিকপ্টাৰ চমুকৈ এলএমআৰএইচ, ভেৰী শ্বৰ্ট-ৰেঞ্জ এয়াৰ ডিফেন্স ছিষ্টেম চমুকৈ ভিএছএইচঅ'আৰএডিএছ, প্লেটফৰ্ম বেচড কাউণ্টাৰ আনমেনড এৰিয়েল ছিষ্টেম চমুকৈ চি-ইউএএছ, আনমেনড এৰিয়েল ছিষ্টেম ব্ৰিক লং ৰেঞ্জ, নিৰীক্ষণ ইউএভি, ইন্টিগ্ৰেটেড ছাৰ্ভেইলেঞ্চ এণ্ড ষ্ট্ৰাইক ছিষ্টেম আৰু লং ৰেঞ্জ কামিকাজে ড্ৰোন ছিষ্টেম ক্ৰয়ৰ বাবে অনুমোদন জনোৱা হয়।
এইচএমভিসমূহে দুৰ্গম ভূখণ্ডত কাৰ্যক্ষম সক্ষমতা, যোগান ব্যৱস্থাৰ সহায় আৰু গতিশীলতা বৃদ্ধি কৰিব। ছেল্ফ-প্ৰপেল্ড ট্ৰেকড গান ছিষ্টেমে মেকানাইজড ফৰ্মেচনসমূহক অনুৰূপ গতিশীলতা আৰু মাৰণাস্ত্ৰৰ শক্তি প্ৰদান কৰিব। জিএছআৰএছে বাহিনীসমূহক তাৎক্ষণিক পৰিস্থিতিগত সচেতনতা প্ৰদান কৰি বল বৃদ্ধিকাৰক হিচাপে কাম কৰিব। ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনা উভয়ৰে দ্বাৰা অনুসন্ধান তথা নিৰীক্ষণ, যুদ্ধ অভিযান, সৈন্যৰ সন্ধান তথা উদ্ধাৰ অভিযান, মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য আদিৰ বাবে এলএমআৰএইচ ব্যৱহাৰ কৰা হ’ব। ভিএছএইচঅ'আৰএডিএছে নতুন প্ৰজন্মৰ ক্ষুদ্ৰাকাৰ আকাশী আক্ৰমণসমূহ প্ৰতিহত কৰিব, আনহাতে চি-ইউএএছে আধুনিক যুদ্ধক্ষেত্ৰত টেংকসমূহৰ সুৰক্ষা আৰু স্থায়িত্ব বৃদ্ধি কৰিব। নিৰীক্ষণ আৰু ড্ৰোন প্ৰণালীসমূহে ভাৰতীয় সেনাৰ নিৰীক্ষণ তথা লক্ষ্যভেদৰ সক্ষমতা সুদৃঢ় কৰিব।
ভাৰতীয় নৌসেনাৰ বাবে এক্টিভ অফবৰ্ড ডিকয় ছিষ্টেম চমুকৈ এঅ'ডিএছ আৰু অন্যান্য প্ৰধান নৌ মঞ্চসমূহ ক্ৰয়ৰ অনুমোদন দিয়া হয়। এঅ'ডিএছে বিশেষকৈ শত্ৰুৰ আধুনিক জাহাজ-বিধ্বংসী ক্ষেপণাস্ত্ৰৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰ-প্ৰতিৰোধী ব্যৱস্থাৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিব। দেশীয়ভাৱে ডিজাইন আৰু নিৰ্মাণ কৰা এই প্ৰধান নৌ মঞ্চসমূহ আধুনিক যুদ্ধৰ সক্ষমতাৰে সমৃদ্ধ হ'ব আৰু ই নৌসেনাৰ যুঁজাৰু সামৰ্থ্য বৃদ্ধি কৰিব।
ভাৰতীয় বায়ুসেনাৰ বাবে আকাশী প্ৰতিৰক্ষা আৰু যুদ্ধৰ সক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে হেলিকপ্টাৰ, আকাশী প্ৰতিৰক্ষা প্ৰণালী, অস্ত্ৰ-শস্ত্ৰ আৰু ম'বাইল এক্স-বেণ্ড ডপলাৰ ৱেদাৰ ৰাডাৰ ছিষ্টেম ক্ৰয়ৰ অনুমোদন জনোৱা হয়। বিশেষ উপযোগী হেলিকপ্টাৰ ক্ৰয়ে ভাৰতীয় বায়ুসেনাৰ গুৰুত্বপূৰ্ণ বিমান পৰিবহণৰ প্ৰয়োজনীতা পূৰণ কৰাত সহায় কৰিব। এক্স-বেণ্ড ডপলাৰ ৱেদাৰ ৰাডাৰ ছিষ্টেমে অগ্ৰৱৰ্তী অঞ্চলসমূহত উচ্চ-ৰিজলিউচনযুক্ত স্থানীয় বতৰ নিৰীক্ষণৰ সুবিধা প্ৰদান কৰিব।
উল্লেখ্য, প্ৰদান কৰা মুঠ এঅ'এনৰ প্ৰায় ৮২ শতাংশ ক্ৰয় ভাৰতীয় উদ্যোগসমূহৰ পৰা কৰা হ'ব।
***
VK/Savvy/MM