প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

স্বাৱলম্বন ২০২৬-ত প্ৰতিৰক্ষা মন্ত্ৰীয়ে প্ৰতিৰক্ষা আত্মনিৰ্ভৰশীলতাৰ পৰৱৰ্তী পদক্ষেপ হিচাপে ‘আত্মনিৰ্ভৰতা ২.০’-ৰ আহ্বান জনায়

বিকশিত ভাৰতৰ বাবে কম খৰচী শীৰ্ষ পৰ্যায়ৰ প্ৰযুক্তি, শক্তিশালী আৰএণ্ডডি আৰু স্থিতিস্থাপক যোগান শৃংখল অপৰিহাৰ্য: শ্ৰী ৰাজনাথ সিং

যোগান শৃংখল ব্যৱস্থাপনা কৌশলগত প্ৰয়োজনীয়তা: আৰএমে গুৰুত্বপূৰ্ণ প্ৰযুক্তি, উদ্যোগ আৰু সম্পদসমূহ চিনাক্ত কৰি সময়সীমা নিৰ্ধাৰিত ৰূপৰেখা প্ৰস্তুত কৰাৰ আহ্বান জনায়

“গৱেষণা আৰু উদ্ভাৱনৰ সুদৃঢ় সংস্কৃতি গঢ়ি তুলিবলৈ উদ্যোগ-শিক্ষানুষ্ঠানৰ মাজত অধিক শক্তিশালী সহযোগিতা, শিক্ষানুষ্ঠানসমূহত অধিক উৎসাহ আৰু যুৱক-যুৱতীসকলৰ বাবে বৰ্ধিত সুযোগ অপৰিহাৰ্য”

“যৌথতাক প্ৰসাৰিত কৰিবলৈ অসামৰিক তথা সামৰিক প্ৰয়োগ আৰু আন্তঃবাহিনী ব্যৱহাৰৰ বাবে প্ৰযুক্তি বিকশিত কৰাৰ প্ৰয়োজন”

পোষ্ট কৰা হৈছে: 26 OCT 2026 5:32PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা খণ্ডত ‘আত্মনিৰ্ভৰতা ২.০’-ৰ আহ্বান জনাইছে, য’ত শীৰ্ষ পৰ্যায়ৰ অত্যাধুনিক প্ৰযুক্তিৰ বিকাশ, গৱেষণা আৰু উন্নয়ন চমুকৈ আৰএণ্ডডি শক্তিশালী কৰা আৰু আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰি প্ৰযুক্তিগত শ্ৰেষ্ঠত্ব অৰ্জনৰ বাবে স্থিতিস্থাপক যোগান শৃংখল গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যাতে ই বিকশিত ভাৰত@২০৪৭-ৰ দৃষ্টিভংগীত অৰিহণা যোগায়। ২০২৬ চনৰ ২৬ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় নৌসেনাৰ নৌ উদ্ভাৱন আৰু স্বদেশীকৰণ আলোচনা চক্ৰ স্বাৱলম্বনৰ পঞ্চম সংস্কৰণত ভাষণ প্ৰদান কৰি তেওঁ এই কথা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অৰ্জন কৰা আত্মনিৰ্ভৰশীলতাৰ প্ৰথম পৰ্যায়ৰ সাফল্যসমূহৰ ওপৰত ভিত্তি কৰি আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তাত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু উল্লেখ কৰে যে ভৱিষ্যমুখী দৃষ্টিভংগী আৰু বৈজ্ঞানিক অনুশাসনযুক্ত প্ৰতিৰক্ষা উদ্ভাৱকসকলে অধিক প্ৰত্যাহ্বানজনক প্ৰযুক্তিগত লক্ষ্য সাধনৰ ক্ষেত্ৰত ই ‘ইমপেক্ট প্লেয়াৰ’ হিচাপে ভূমিকা পালন কৰিব পাৰে।

বিগত দশকত প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ দিশত দেশে লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ বিষয়ে আলোকপাত কৰি শ্ৰী ৰাজনাথ সিঙে দৃঢ়তাৰে কয় যে এতিয়ালৈকে অৰ্জন কৰা অগ্ৰগতিয়ে পৰৱৰ্তী পৰ্যায়ৰ বাবে শক্তিশালী ভেটি গঢ়ি তুলিছে, যিয়ে উন্নত প্ৰযুক্তি আৰু সাধন কৰিবলৈ কঠিন বুলি গণ্য কৰা লক্ষ্যসমূহত গুৰুত্ব দিব লাগিব। তেওঁ কম খৰচী, কাৰ্যক্ষমভাৱে উৎকৃষ্ট আৰু বিশ্বমানৰ প্ৰতিযোগিতামূলক সামগ্ৰীসমূহ থলুৱাভাৱে উৎপাদন কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে যোগান শৃংখল ব্যৱস্থাপনা কেৱল এটা কাৰিকৰী বিষয় নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে পোনপটীয়াকৈ জড়িত  কৌশলগত অপৰিহাৰ্যতা বুলি অভিহিত কৰে। তেওঁ এনে  গতিশীল ৰূপৰেখা প্ৰস্তুত কৰাৰ আহ্বান জনায়, যিয়ে প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাবে স্পষ্ট সময়সীমা নিৰ্ধাৰণ কৰে, বিকশিত কৰিবলগীয়া প্ৰযুক্তিসমূহ আৰু সেইবোৰৰ উদ্ভাৱনক আগুৱাই লৈ যোৱা উদ্যোগসমূহক চিনাক্ত কৰে, লগতে এই লক্ষ্যসমূহ সাধনৰ বাবে প্ৰয়োজনীয় সম্পদসমূহৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ কয়, ‘বিৰল মৃত্তিকা উপাদানৰ দৰে কিছুমান কেঁচামালৰ ঘৰুৱা উপলব্ধতা সীমিত হোৱা আৰু দেশৰ ভিতৰত নিৰ্দিষ্ট কিছু প্ৰযুক্তিৰ অভাৱৰ বাবেই যোগান শৃংখলৰ নিৰ্ভৰশীলতাৰ সৃষ্টি হয়। যদিও কাৰ্যকৰী বিকল্প বিকশিত নোহোৱালৈকে বা ঘৰুৱা সম্পদ সুলভ নোহোৱালৈকে কিছুমান বাহ্যিক নিৰ্ভৰশীলতা থাকি যাব পাৰে, তথাপি স্বদেশীকৰণৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে।”

যোগান পথত সম্ভাৱ্য বিঘিনিৰ বিৰুদ্ধে সাজু হৈ থকাৰ প্ৰয়োজনীয়তাত শ্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰে আৰু কয় যে সংকটলৈ বাট চাই থকাতকৈ বাফাৰ ষ্টক তথা ঘৰুৱা উৎপাদন ক্ষমতাৰ মূল্যায়ন আগতীয়াকৈ কৰিব লাগিব। তেওঁ এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে আৰএণ্ডডিক মূল আধাৰ হিচাপে চিহ্নিত কৰে। নিৰন্তৰ মনোযোগ আৰু বিনিয়োগৰ জৰিয়তে থলুৱাভাৱে অত্যাধুনিক প্ৰযুক্তি বিকশিত কৰাত দেশৰ প্ৰতিভাশালী ব্যক্তিসকলৰ সামৰ্থ্যৰ প্ৰতি তেওঁ গভীৰ আস্থা প্ৰকাশ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে গৱেষণাৰ সৈতে জড়িত অন্তৰ্নিহিত বিপদাশংকাৰ বিষয়ে উল্লেখ কৰে আৰু বিফলতাৰ প্ৰতি দৃষ্টিভংগী সলনি কৰাৰ আহ্বান জনায়। তেওঁ আঙুলিয়াই দিয়ে যে উন্নত আৰএণ্ডডি ব্যৱস্থা থকা দেশসমূহেও উচ্চ হাৰত বিফলতাৰ সন্মুখীন হয়, যিটো উদ্ভাৱন প্ৰক্ৰিয়াৰ  স্বাভাৱিক অংশ। তেওঁ কয়, “এক অৰ্থত বিপদাশংকা এৰাই চলাৰ এই মনোভাৱ স্বাভাৱিক যদিও ই এটা সুযোগো প্ৰদান কৰে। আমি উচ্চ বিপদাশংকাযুক্ত আৰু অধিক লাভজনক প্ৰকল্পসমূহত সমৰ্থন আগবঢ়াব পৰাকৈ পুঁজি যোগানৰ ব্যৱস্থা গঢ়ি তুলিব পাৰোনে? বিপদাশংকা গ্ৰহণৰ অধিক প্ৰৱণতা থকাৰ বাবে আমি আৰএণ্ডডিত অধিক ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ আকৰ্ষণ কৰিব পাৰোনে? আমি দুটা মূল ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব পাৰি সেই বিষয়ে গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগিব: ব্যক্তিগত খণ্ডক জড়িত কৰা আৰু কম খৰচী প্ৰযুক্তিক প্ৰসাৰিত কৰা। ব্যক্তিগত খণ্ডৰ বিপদাশংকা গ্ৰহণ কৰাৰ অধিক ক্ষমতা থাকে, আনহাতে কম খৰচী প্ৰযুক্তিয়ে আমাক ক্ষুদ্ৰ পৰিসৰৰ পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে উল্লেখযোগ্য ফলাফল লাভ কৰিবলৈ সুযোগ দিয়ে।”

শ্ৰী ৰাজনাথ সিঙে ইজৰাইল, দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশসমূহৰ আৰএণ্ডডি সংস্কৃতিৰ বিষয়ে আলোকপাত কৰে, য’ত উদ্ভাৱনক জীৱন ধাৰণৰ এটা পদ্ধতি হিচাপে গ্ৰহণ কৰা হয় আৰু বিফলতাক শিক্ষা লাভৰ সুযোগ হিচাপে চোৱা হয়। উদ্যোগ-শিক্ষানুষ্ঠানৰ মাজত অধিক শক্তিশালী সহযোগিতা, শিক্ষানুষ্ঠানসমূহত অধিক উৎসাহ আৰু যুৱক-যুৱতীসকলৰ বাবে আৰএণ্ডডিক কেৰিয়াৰ হিচাপে বাছি লোৱাৰ বৰ্ধিত সুযোগৰ জৰিয়তে ভাৰততো গৱেষণা আৰু উদ্ভাৱনৰ  সুদৃঢ় সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাত তেওঁ গুৰুত্ব আৰোপ কৰে।

ভাৰতে পূৰ্বতে আমদানি কৰা প্ৰযুক্তিসমূহ ষ্টাৰ্ট-আপ আৰু এমএছএমইসমূহে বিকশিত কৰাত আইডেক্সৰ অৱদানৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে জনায় যে ভাৰতীয় নৌসেনাই আগবঢ়োৱা ২২৯ টা প্ৰত্যাহ্বানৰ বিপৰীতে ৪,০০০-তকৈ অধিক প্ৰস্তাৱ দাখিল কৰা হৈছে, যিয়ে ভাৰতীয় প্ৰতিভাৰ গভীৰতা আৰু উদ্যোগীসকলৰ উৎসাহ প্ৰতিফলিত কৰে। আইডেক্সৰ জৰিয়তে লাভ কৰা অগ্ৰগতিৰ শলাগ লৈ তেওঁ কয় যে ভাৰতীয় ষ্টাৰ্ট-আপ আৰু এমএছএমইসমূহে কাৰ্যকৰী প্ৰত্যাহ্বানসমূহক উদ্ভাৱনৰ সুযোগলৈ ৰূপান্তৰিত কৰি নৌ প্ৰণালী, চেঞ্চৰ, যোগাযোগ আৰু অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সমাধান প্ৰস্তুত কৰি উলিয়াইছে।

শ্ৰী ৰাজনাথ সিঙে কয় যে ভাৰত মহাসাগৰীয় অঞ্চলৰ ক্ৰমবৰ্ধমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নৌসেনাৰ জাহাজসমূহৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাইছে, আৰু যিহেতু সেইবোৰৰ নিৰ্মাণ অধিক মূলধন-নিবিড়, সেয়েহে ঘৰুৱা উৎপাদন বৃদ্ধি কৰাৰ লগতে ব্যয় হ্ৰাস কৰাৰ উপায় বিচাৰি উলিওৱাৰ প্ৰয়োজন আছে। তেওঁ উল্লেখ কৰে যে আত্মনিৰ্ভৰশীলতাৰ পৰৱৰ্তী পৰ্যায়ত কেৱল থলুৱা সামগ্ৰীৰ পৰিমাণৰ ওপৰতেই নহয়, বৰঞ্চ সেইবোৰৰ গুণগত মান, দক্ষতা আৰু সুলভ মূল্যৰ ওপৰতো গুৰুত্ব দিব লাগিব। তেওঁ জোৰ দি কয় যে আত্মনিৰ্ভৰশীলতাই ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগতে অৰ্থনৈতিক স্থিতিস্থাপকতাও শক্তিশালী কৰিব লাগিব।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয়, “আমাৰ চৰকাৰে নিশ্চিত কৰিছে যে পুঁজিৰ অভাৱ যাতে আমাৰ প্ৰতিভাশালী যুৱপ্ৰজন্মৰ আকাংক্ষাৰ পথত হেঙাৰ হৈ নপৰে। ১,৯০০ কোটি টকাতকৈ অধিক মূল্যৰ নৌ চুক্তিসমূহে প্ৰমাণ কৰে যে আমাৰ প্ৰচেষ্টাসমূহে দৃশ্যমান ফলাফল লাভ কৰিছে। আমাৰ নৌসেনাৰ এই ধাৰাবাহিক অগ্ৰগতি হৈছে এই সংকল্পৰ এটা নিদৰ্শন ৷ ভাৰতীয় নৌসেনাৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাক অধিক আগুৱাই নিবলৈ আমদানি নিৰ্ভৰশীলতাৰ বাকী থকা ক্ষেত্ৰসমূহ, বিশেষকৈ ক্ৰেতা মনোনীত সঁজুলি চমুকৈ বিএনইৰ সমস্যা সমাধান কৰাৰ প্ৰয়োজন আছে।”

স্বদেশীকৰণৰ  ব্যাপক দৃষ্টিভংগীৰ বাবে শ্ৰী ৰাজনাথ সিঙে অসামৰিক আৰু সামৰিক উভয় প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা প্ৰযুক্তিসমূহ চিনাক্ত আৰু অগ্ৰাধিকাৰ দিয়াৰ লক্ষ্যৰে এটা ‘দ্বৈত প্ৰযুক্তি ৰূপৰেখা’ প্ৰস্তুত কৰাৰ আহ্বান জনায়। তেওঁ বৰ্তমানৰ ইতিবাচক স্বদেশীকৰণ তালিকাৰ পৰিধি বৃদ্ধি কৰাৰ লগতে অসামৰিক তথা সামৰিক জাহাজ চলাচলৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি আৰু সামগ্ৰীসমূহৰ অগ্ৰাধিকাৰ তালিকা প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ তিনিটা বাহিনী আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ মাজত ব্যৱহাৰ কৰিব পৰা প্ৰযুক্তিসমূহ চিনাক্ত কৰাৰো পৰামৰ্শ দিয়ে, আৰু ইয়াক আন্তঃবাহিনী যৌথতাৰ এটা কাৰিকৰী প্ৰয়োগ বুলি অভিহিত কৰে, যিয়ে আত্মনিৰ্ভৰশীলতাৰ দ্বিতীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে কাম কৰিব পাৰে।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে কোৱাণ্টাম প্ৰযুক্তি, যুদ্ধক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু মানৱবিহীন প্ৰণালীকে ধৰি নতুনকৈ উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা বাহিনী, উদ্যোগ আৰু শৈক্ষিক গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজৰ সহযোগিতাৰ শলাগ লয়। তেওঁ কয় যে এনে উন্নত সক্ষমতা বিকশিত কৰিবলৈ অধ্যৱসায়, নিৰন্তৰ সহযোগিতা আৰু ভৱিষ্যতৰ কাৰ্যক্ষম প্ৰয়োজনীয়তাসমূহৰ ওপৰত স্পষ্ট দৃষ্টি ৰখাৰ প্ৰয়োজন।

এই উপলক্ষে ভাষণ প্ৰদান কৰি নৌসেনা মুৰব্বী চমুকৈ চিএনএছ এডমিৰেল কৃষ্ণ স্বামীনাথনে ২০২২ চনৰ পৰা স্বাৱলম্বনৰ বিকাশৰ বিষয়ে আলোকপাত কৰি কয় যে নৌসেনা-কেন্দ্ৰিক আইডেক্স প্ৰত্যাহ্বানসমূহ ২০ টাৰ পৰা ২২৯ টালৈ বৃদ্ধি পাইছে, যিয়ে সমগ্ৰ প্ৰতিৰক্ষা খণ্ডৰ সকলো আইডেক্স প্ৰত্যাহ্বানৰ প্ৰায় ৩৫ শতাংশ সামৰি লৈছে। তেওঁ উল্লেখ কৰে যে ৩,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ ৪১ টা প্ৰয়োজনীয়তাৰ স্বীকৃতি চমুকৈ এঅ'এন প্ৰদান কৰা হৈছে, আনহাতে ১,৯০০ কোটি টকাতকৈ অধিক মূল্যৰ ২৫ খন চুক্তি স্বাক্ষৰিত হৈছে।

কৃত্ৰিম বুদ্ধিমত্তা, স্বায়ত্তশাসিত প্ৰণালী, ৰবটিক্স আৰু কোৱাণ্টাম সংবেদনৰ অগ্ৰগতিয়ে সৃষ্টি কৰা সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি চিএনএছে আশাপ্ৰদ উদ্ভাৱনসমূহক কাৰ্যক্ষম সামৰ্থ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ সামৰ্থ্য বিকাশক ত্বৰান্বিত কৰিবলৈ পাঁচটা মূল ক্ষেত্ৰৰ কথা তুলি ধৰে: ধাৰণা গঠন, প্ৰাৰম্ভিক আৰ্হি প্ৰস্তুতকৰণ, পৰীক্ষণ, চুক্তি আৰু অন্তৰ্ভুক্তিকৰণ, আৰু জীৱন-চক্ৰৰ সমৰ্থন। থলুৱা প্ৰযুক্তিৰ বিকাশ তথা অন্তৰ্ভুক্তিকৰণ ক্ষিপ্ৰতৰ কৰি তুলিবলৈ আৰু এটা আত্মনিৰ্ভৰশীল, ভৱিষ্যমুখী প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ তেওঁ ভাৰতীয় নৌসেনা, উদ্যোগ, ষ্টাৰ্ট-আপ আৰু এমএছএমইসমূহৰ মাজত অধিক শক্তিশালী সহযোগিতাৰ আহ্বান জনায়।

প্ৰতিৰক্ষা উৎপাদন সচিব শ্ৰী সঞ্জীৱ কুমাৰে উল্লেখ কৰে যে স্বাৱলম্বন ৫.০-য়ে প্ৰতিৰক্ষা উদ্ভাৱন আৰু স্বদেশীকৰণৰ দিশত দেশৰ যাত্ৰাত আন এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰিছে, কিয়নো ই প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰৰ সকলো অংশীদাৰক এখন উমৈহতীয়া মঞ্চত একত্ৰিত কৰি নতুন প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰা, ক্ৰমবৰ্ধমান কাৰ্যক্ষম প্ৰয়োজনীয়তাসমূহ সমাধান কৰা আৰু ঘৰুৱা সক্ষমতা বিকাশৰ নতুন সুযোগসমূহ অন্বেষণ কৰাত সহায় কৰে। তেওঁ কয় যে এই বছৰৰ মূল বিষয়বস্তু ‘উদ্ভাৱন আৰু স্বদেশীকৰণৰ জৰিয়তে শক্তি আৰু সামৰ্থ্য’-ই শক্তিশালী আৰু আত্মনিৰ্ভৰশীল প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ সহযোগিতা তথা প্ৰযুক্তিগত অগ্ৰগতিৰ বৰ্ধিত গুৰুত্বকে প্ৰতিফলিত কৰে। তেওঁ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ৰাষ্ট্ৰ নিৰ্মাণক অধিক সুদৃঢ় কৰাত অৰিহণা যোগাবলৈ সকলো অংশীদাৰকে প্ৰতিযোগিতাৰ পৰিৱৰ্তে সহযোগিতাৰ দিশলৈ অগ্ৰসৰ হ’বলৈ আহ্বান জনায়।

প্ৰতিৰক্ষা উৎপাদন সচিবে আইডেক্স পদক্ষেপৰ সাফল্যত ভাৰতীয় নৌসেনাৰ উল্লেখযোগ্য অৱদানৰ শলাগ লয়। তেওঁ কয় যে আইডেক্সে থলুৱা উদ্ভাৱনসমূহক দৃশ্যমান ক্ৰয় ফলাফললৈ ৰূপান্তৰিত কৰিছে আৰু নৌসেনাৰ কাৰ্যক্ষম সামৰ্থ্যক অধিক শক্তিশালী কৰি তুলিছে।

এই অনুষ্ঠানত চিডিএছ জেনেৰেল এনএছ ৰাজা সুব্ৰমণি, সেনাধ্যক্ষ জেনেৰেল ধীৰাজ শেঠ, উপ-বায়ুসেনাধ্যক্ষ এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিত, চিআইএছচি এয়াৰ মাৰ্শ্বাল তেজিন্দৰ সিং, উপ-নৌসেনাধ্যক্ষ ভাইচ এডমিৰেল অজয় কোচ্ছৰ, ছচাইটি অব্ ইণ্ডিয়ান ডিফেঞ্চ মেনুফেকচাৰাৰ্ছ চমুকৈ এছআইডিএমৰ উপাধ্যক্ষ শ্ৰী নীৰজ গুপ্তা, কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত বিষয়াসকল, উদ্যোগ তথা শৈক্ষিক ক্ষেত্ৰৰ প্ৰতিনিধিসকল আৰু আইডেক্স বিজয়ীসকল উপস্থিত থাকে।

প্ৰযুক্তি প্ৰদৰ্শনী

প্ৰতিৰক্ষা মন্ত্ৰীয়ে ষ্টাৰ্ট-আপ/এমএছএমইসমূহৰ ১০০ ৰো অধিক ষ্টল সম্বলিত প্ৰযুক্তি প্ৰদৰ্শনী পৰিদৰ্শন কৰে আৰু নৌ প্ৰত্যাহ্বান তথা সমস্যাক লৈ কাম কৰি থকা উদ্ভাৱকসকলৰ সৈতে বাৰ্তালাপ কৰে। নৌ ব্যৱহাৰকাৰীসকলৰ সৈতে জড়িত ষ্টাৰ্ট-আপ/এমএছএমইসমূহে কাৰ্যক্ষম সক্ষমতা বিকাশৰ বাবে আগবঢ়াই নিয়া বিশেষ দক্ষতাপূৰ্ণ প্ৰযুক্তিসমূহ প্ৰদৰ্শন কৰে। প্ৰদৰ্শনীৰ সাফল্যৰ কাহিনী শাখাত বিকশিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হয়, যিবোৰ ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্তিকৰণৰ প্ৰক্ৰিয়াত আছে।

স্বায়ত্তশাসিত সামুদ্ৰিক মঞ্চ, যুদ্ধক্ষেত্ৰত কোৱাণ্টাম আৰু এআইৰ প্ৰয়োগ, নিৰন্তৰ নিৰীক্ষণ, স্থিতিস্থাপক নেভিগেচন, উন্নত যোগাযোগ আৰু ড্ৰোন-প্ৰতিৰোধী প্ৰযুক্তিৰ সমাধানসমূহে থলুৱা বিকাশৰ ব্যাপকতাক স্পষ্ট কৰি তোলে। ২০২২ চনত স্বাৱলম্বন আৰম্ভ হোৱাৰ পিছত লাভ কৰা অগ্ৰগতিৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে এই মঞ্চই ভাৰতীয় নৌসেনাৰ কাৰ্যক্ষম প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত ধাৰাবাহিকভাৱে অৰিহণা যোগাই আহিছে। তেওঁ নিৰ্ভৰযোগ্য, উচ্চমানৰ থলুৱা প্ৰযুক্তি বিকশিত কৰাত ভাৰতীয় উদ্যোগৰ সামৰ্থ্যৰ প্ৰতি আস্থা প্ৰকাশ কৰি উল্লেখ কৰে যে এই অনুষ্ঠানত প্ৰদৰ্শিত উদ্ভাৱনসমূহে দেশৰ ক্ৰমবৰ্ধমান প্ৰযুক্তিগত শক্তিক প্ৰতিফলিত কৰিছে।

প্ৰকাশন আৰু উদ্ভাৱকসকলৰ স্বীকৃতি

শ্ৰী ৰাজনাথ সিঙে ‘কম্পেনডিয়াম অব্ টেকন'লজি ইম্পেৰেটিভছ, প্ৰব্লেম ষ্টেটমেণ্টছ এণ্ড ফিউচাৰ কনচেপ্টছ’ আৰু ‘স্বাৱলম্বন ৫.০’ নথিপত্ৰ উন্মোচন কৰে, যিয়ে উদ্যোগ খণ্ডক নৌ অগ্ৰাধিকাৰ আৰু উন্নয়নৰ সুযোগসমূহৰ স্পষ্ট ধাৰণা প্ৰদান কৰে। তেওঁ আলোচনা চক্ৰখনৰ বিশিষ্ট বক্তাসকলৰ লগতে ভাৰতৰ প্ৰতিৰক্ষা সক্ষমতালৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে আইডেক্স উদ্ভাৱকসকলকো সম্বৰ্ধনা জনায়।

ডিফেঞ্চ ইনোভেচন অৰ্গেনাইজেচন আৰু এছআইডিএমৰ সহযোগত ভাৰতীয় নৌসেনাই আয়োজন কৰা এই অনুষ্ঠানটি ২০২৬ চনৰ ২৬ অক্টোবৰৰ পৰা ২৭ অক্টোবৰলৈ মানেকশ্ব চেণ্টাৰত ‘উদ্ভাৱন আৰু স্বদেশীকৰণৰ জৰিয়তে শক্তি আৰু সামৰ্থ্য’ মূল বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত  হৈছে। এই আলোচনা চক্ৰত কোৱাণ্টাম প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, স্বায়ত্তশাসিত প্ৰণালী আৰু হাইপাৰছনিক প্ৰযুক্তিকে ধৰি ভৱিষ্যতৰ আৰু নতুনকৈ উদ্ভৱ হোৱা প্ৰযুক্তিসমূহৰ ভৱিষ্যতৰ যুদ্ধ তথা নৌ অভিযানত সম্ভাৱ্য প্ৰয়োগত  গুৰুত্ব আৰোপ কৰি বিশদ আলোচনা কৰা হয়।

আত্মনিৰ্ভৰশীলতা আৰু আইডেক্স পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰা, স্থিতিস্থাপক ঘৰুৱা যোগান শৃংখল গঢ়ি তোলা, শৈক্ষিক উদ্যোগীকৰণক প্ৰসাৰিত কৰা আৰু ষ্টাৰ্ট-আপসমূহক আশাপ্ৰদ থলুৱা প্ৰযুক্তিসমূহৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম কৰি তোলাৰ উদ্দেশ্যে বিশেষ অধিৱেশনসমূহ অনুষ্ঠিত কৰা হৈছে। বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টসকলৰ সৈতে হোৱা বাৰ্তালাপে আশাপ্ৰদ প্ৰতিৰক্ষা উদ্যোগসমূহক পুঁজি সংগ্ৰহ, ব্যৱসায়িক সম্প্ৰসাৰণ আৰু বাণিজ্যিকীকৰণৰ পথ অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰিব।

 

****

VK/VM/Savvy/MM


(ৰিলিজ আই ডি : 2328764) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi