উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

চিকিৎসা গৱেষণাই মানৱতাৰ স্বাস্থ্যসেৱাৰ প্ৰত্যাহ্বানসমূহৰ যুঁজ দিব লাগিবঃ ড০ এন টি আৰ বিশ্ববিদ্যালয়ৰ ৰুবী জয়ন্তী অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি

ভাৰতৰ কিংবদন্তি ড০ এন টি আৰ আছিল আঞ্চলিক সীমাৰ বাহিৰত চিন্তা কৰা এগৰাকী নেতা": উপ-ৰাষ্ট্ৰপতি

প্ৰযুক্তিয়ে মানৱতাৰ সেৱা কৰা উচিত; স্বাস্থ্যসেৱাৰ কেন্দ্ৰত সহানুভূতিঃ উপ-ৰাষ্ট্ৰপতি

চিকিৎসকসকলে ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে সমাজৰ যুঁজৰ নেতৃত্ব দিব লাগিবঃ উপ-ৰাষ্ট্ৰপতি

পোষ্ট কৰা হৈছে: 26 OCT 2026 2:54PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত ড০ এন টি আৰ স্বাস্থ্যবিজ্ঞান বিশ্ববিদ্যালয়ৰ ৪০সংখ্যক (ৰুবী জয়ন্তী) বাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দি চিকিৎসা প্ৰতিষ্ঠানসমূহক গৱেষণা শক্তিশালী কৰাৰ লগতে উদ্ভাৱন বৃদ্ধি কৰা আৰু স্বাস্থ্যসেৱাৰ প্ৰত্যাহ্বানসমূহৰ সমাধান নিশ্চিত কৰিবলৈ আহ্বান জনায়।

চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চাৰি দশকৰ সেৱা সম্পূৰ্ণ কৰাৰ বাবে বিশ্ববিদ্যালয়খনক অভিনন্দন জনাই উপ-ৰাষ্ট্ৰপতিয়ে কয় যে প্ৰতিষ্ঠানটোৱে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কিংবদন্তি নেতা ডাঃ নন্দমুৰি তাৰকা ৰামা ৰাওৰ দৃষ্টিভংগী প্ৰকাশ কৰিছে। তেওঁ কয় যে আঞ্চলিক সীমা অতিক্ৰম কৰি ড০ এন টি আৰৰ দৃষ্টিভংগী আৰু জনসেৱা সম্প্ৰসাৰিত হৈছিল, যিয়ে ৰাষ্ট্ৰৰ কল্যাণৰ প্ৰতি সামগ্ৰী দায়বদ্ধতাক প্ৰতিফলিত কৰিছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণ সন্দৰ্ভত আলোকপাত কৰি উপ-ৰাষ্ট্ৰপতিয়ে কয় যে ভাৰতত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা দুগুণতকৈও অধিক হৈছে, ২০১৪ চনৰ পূৰ্বে ৩৮৭ খনৰ পৰা বৰ্তমান ৮৪৬ খনলৈ বৃদ্ধি পাইছে। এমবিবিএছ আসনৰ সংখ্যা ৫১,০০০ৰ ১৭২ শতাংশ বৃদ্ধি পাই ১.৪ লাখৰো অধিক হৈছে। আনহাতে স্নাতকোত্তৰ আসনৰ সংখ্যা ১৭৭ শতাংশ বৃদ্ধি পাই, পূৰ্বৰ প্ৰায় ৩১,০০০ৰ পৰা ৮৬,০০০ হৈছে।

পৰৱৰ্তী পৰ্যায়ত গৱেষণা আৰু উদ্ভাৱনত গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিয়ে প্ৰতিভাশালী শিক্ষাৰ্থীসকলক মানৱতাই সন্মুখীন হোৱা স্বাস্থ্যসেৱাৰ প্ৰত্যাহ্বানসমূহৰ সৈতে যুঁজ দিয়াৰ বাবে নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান জনায়। ড০ এন টি আৰ স্বাস্থ্যবিজ্ঞান বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ জৰিয়তে নোবেল পুৰস্কাৰকে ধৰি বিশ্বব্যাপী স্বীকৃতি লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।


কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল স্বাস্থ্য, টেলিমেডিচিন আৰু উন্নত নিদান প্ৰযুক্তিয়ে স্বাস্থ্যসেৱাৰ ৰূপান্তৰ ঘটাইছে বুলি উল্লেখ কৰি শ্ৰী চি পি ৰাধাকৃষ্ণনে শিক্ষাৰ্থী আৰু গৱেষকসকলক উন্নত গৱেষণা আৰু উদীয়মান প্ৰযুক্তিৰ অধিক অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে সহযোগিতা স্থাপন কৰিবলৈ বিশ্ববিদ্যালয়খনক উৎসাহিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে প্ৰযুক্তিগত প্ৰগতি বৈজ্ঞানিক বৈধতা, ৰোগীৰ সুৰক্ষা, তথ্যৰ গোপনীয়তা আৰু নৈতিক দায়িত্বৰ দ্বাৰা নিৰ্দেশিত হোৱা উচিত। প্ৰযুক্তিয়ে সহানুভূতিৰ স্থান ল’ব নোৱাৰে আৰু চিকিৎসক-ৰোগীৰ সম্পৰ্ক স্থাপন কৰিব নোৱাৰে।


উপ-ৰাষ্ট্ৰপতিয়ে চিকিৎসক আৰু স্বাস্থ্যসেৱাৰ পেছাদাৰীসকলক ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। ড্ৰাগছ বিৰোধী যুঁজক সামূহিক দায়িত্ব বুলি অভিহিত কৰি তেওঁ চিকিৎসা সম্প্ৰদায়ক ড্ৰাগছ-মুক্ত সমাজ গঢ়ি তোলাৰ প্ৰচেষ্টাৰ নেতৃত্ব দিবলৈ আহ্বান জনায়।

 

কাৰ্যসূচীৰ অংশ হিচাপে, উপ-ৰাষ্ট্ৰপতিয়ে ড্ৰাগছক অস্বীকাৰ কৰা আৰু এখন ড্ৰাগছ-মুক্ত সমাজ গঢ় দিয়াৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱাৰ এখন সমাৱেশতো অংশগ্ৰহণ কৰে। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ ৪০ বছৰীয়া যাত্ৰাক সুঁৱৰি এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে।

অনুষ্ঠানত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য শ্ৰী এছ আব্দুল নাজিৰ; অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ গৃহ, তথ্য আৰু জনসংযোগ মন্ত্ৰী শ্ৰী কোলুচু পাৰ্থসাৰথী; বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ পি চন্দ্ৰশেখৰ; ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ চিকিৎসা মূল্যায়ন আৰু মূল্যাংকন পৰিষদৰ অধ্যক্ষ ড০ এম কে ৰমেশ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল।

ইয়াৰ পূৰ্বে বিজয়ৱাড়া বিমানবন্দৰত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী এছ আব্দুল নাজিৰ আৰু অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী নাৰা লোকেশ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনক আদৰণি জনায়।

****

PR/ASM/VMJ/NB


(ৰিলিজ আই ডি : 2328528) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Gujarati , Telugu