পোষ্ট কৰা হৈছে:
24 OCT 2026 11:30AM by PIB Guwahati
ভাৰতীয় নৌসেনাৰ অগ্ৰণী নৌ উদ্ভাৱন আৰু স্বদেশীকৰণ আলোচনা চক্ৰৰ পঞ্চম সংস্কৰণ ‘স্বাৱলম্বন ২০২৬’ ২৬–২৭ অক্টোবৰ ২০২৬ তাৰিখে নতুন দিল্লীৰ মানেকশ্ব চেণ্টাৰত উদ্ভাৱন আৰু স্বদেশীকৰণৰ জৰিয়তে শক্তি আৰু সামৰ্থ্য শীৰ্ষক বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত হ’ব। এই আলোচনা-চক্ৰই থলুৱা প্ৰযুক্তিগত উদ্ভাৱনক আগুৱাই নিবলৈ আৰু ভাৰতৰ প্ৰতিৰক্ষা আত্মনিৰ্ভৰশীলতা শক্তিশালী কৰাৰ উদ্দেশ্যে সশস্ত্ৰ বাহিনী, উদ্যোগ খণ্ড, ষ্টাৰ্ট-আপ, এমএছএমই, শৈক্ষিক মহল তথা বিনিয়োগকাৰীসকলক একত্ৰিত কৰিব।
২০২২ চনত আৰম্ভ হোৱাৰ পৰা স্বাৱলম্বন এনে এখন ৰাষ্ট্ৰীয় মঞ্চ হিচাপে গঢ় লৈ উঠিছে, যিয়ে ভাৰতীয় নৌসেনাৰ কাৰ্যকৰী প্ৰয়োজনীয়তাসমূহক দেশৰ উদ্যোগ আৰু শৈক্ষিক জগতৰ প্ৰযুক্তিগত সক্ষমতাৰ সৈতে সংযুক্ত কৰে। এই পদক্ষেপে থলুৱা উদ্ভাৱনৰ পৰা প্ৰকৃত কাৰ্যকৰী সামৰ্থ্যলৈ হোৱা যাত্ৰাক ত্বৰান্বিত কৰাৰ লগতে সামুদ্ৰিক প্ৰস্তুতি আৰু আত্মনিৰ্ভৰশীলতাক অধিক সুদৃঢ় কৰি তুলিব বিচাৰিছে।
(https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1842970)
এখন বিষয়ভিত্তিক প্ৰদৰ্শনীত সামুদ্ৰিক নিৰীক্ষণ, কাউণ্টাৰ ইউএএছ, কৃত্ৰিম বুদ্ধিমত্তা আৰু কোৱাণ্টাম প্ৰযুক্তি, এনবিচিডি আৰু সুৰক্ষা, তথা কাৰ্যদক্ষতা বৰ্ধক আদি বিভিন্ন ক্ষেত্ৰৰ থলুৱা উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ প্ৰকল্পসমূহৰ চিন্তা বা পৰিকল্পনাৰ পৰা বাস্তৱ ৰূপায়ণলৈ হোৱা অগ্ৰগতিৰ সফলতাৰ কাহিনীসমূহো ইয়াত তুলি ধৰা হ’ব।
এই আলোচনা-চক্ৰত ভৱিষ্যতৰ যুদ্ধ আৰু নৌসেনাৰ কাৰ্যকৰী অভিযানত ব্যৱহাৰৰ সম্ভাৱনীয়তাৰ ওপৰত আলোকপাত কৰি কোৱাণ্টাম প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয় ব্যৱস্থা আৰু হাইপাৰছনিক প্ৰযুক্তিৰ দৰে ভৱিষ্যৎমুখী তথা উদীয়মান প্ৰযুক্তিসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হ’ব। ইয়াৰ উপৰি, আত্মনিৰ্ভৰশীলতা আৰু আইডেক্স (iDEX) ব্যৱস্থাক অধিক শক্তিশালী কৰা, মজবুত ঘৰুৱা যোগান শৃংখল গঢ়ি তোলা, শৈক্ষিক উদ্যোগীকৰণক প্ৰসাৰিত কৰা আৰু সম্ভাৱনাপূৰ্ণ থলুৱা প্ৰযুক্তিসমূহৰ পৰিসৰ বৃদ্ধিৰ বাবে ষ্টাৰ্ট-আপসমূহক সক্ষম কৰি তোলাৰ বাবে বিশেষ অধিবেশন অনুষ্ঠিত হ’ব। লগতে, বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টসকলৰ সৈতে হোৱা মতবিনিময়ে সম্ভাৱনাময় প্ৰতিৰক্ষা উদ্যোগসমূহক পুঁজি যোগান, ব্যৱসায় সম্প্ৰসাৰণ আৰু বাণিজ্যিকীকৰণৰ নতুন পথ অন্বেষণ কৰাৰ সুবর্ণ সুযোগ প্ৰদান কৰিব।
২৬ অক্টোবৰ ২০২৬ তাৰিখে আলোচনা-চক্ৰখনৰ পূৰ্ণাংগ অধিবেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে। প্ৰতিৰক্ষা উদ্ভাৱন আৰু স্বদেশীকৰণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ঔদ্যোগিক সহযোগীসকলক এই অধিবেশনত সম্বৰ্ধনা জ্ঞাপন কৰিব। এই বিশেষ অনুষ্ঠানতে ‘স্বাৱলম্বন ৫.০’ নথি আৰু প্ৰযুক্তিগত প্ৰয়োজনীয়তাসমূহৰ সংকলন উন্মোচন কৰা হ’ব। এই নথিসমূহে ভাৰতীয় নৌসেনাৰ প্ৰযুক্তিগত অগ্ৰাধিকাৰ, কাৰ্যকৰী প্ৰয়োজনীয়তা আৰু থলুৱা বিকাশৰ সুযোগসমূহৰ ওপৰত বিশেষ মনোযোগ কেন্দ্ৰীভূত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আধাৰ হিচাপে কাম কৰিব।
ভাৰতীয় নৌসেনাৰ উদ্যোগত আৰু ডিফেঞ্চ ইনোভেচন অৰ্গেনাইজেচন তথা ছ’চাইটী অব্ ইণ্ডিয়ান ডিফেঞ্চ মেনুফেকচাৰাৰ্ছৰ সহযোগত এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে।
**
VM/AS/MM