পোষ্ট কৰা হৈছে:
25 OCT 2026 7:49PM by PIB Guwahati
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোয়েলে ২০২৬ চনৰ ২৫ অক্টোবৰৰ পৰা নেদাৰলেণ্ডছ ভ্ৰমণ আৰম্ভ কৰে। এই ভ্ৰমণকালত ভাৰত-নেদাৰলেণ্ডছ অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰা, বাণিজ্য আৰু বিনিয়োগৰ নতুন সম্ভাৱনাসমূহ অন্বেষণ কৰা তথা ভাৰতীয় প্ৰবাসীসকলৰ সৈতে সংযোগ গভীৰ কৰি তোলাৰ ওপৰত আলোকপাত কৰি তেওঁ এলানি কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
এই ভ্ৰমণৰ অংশ হিচাপে ৰটাৰডামত সামুদ্ৰিক আৰু লজিষ্টিক খণ্ডৰ অংশীদাৰসকলৰ সৈতে বৈঠক, আমষ্টাৰডামত ভাৰতীয় প্ৰবাসীসকলৰ সৈতে মত বিনিময় আৰু সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ অন্তৰ্ভুক্ত আছিল।
ৰটাৰডামৰ কাৰ্যসূচীৰ অংশস্বৰূপে শ্ৰী পীয়ূষ গোয়েলে বন্দৰটোৰ মুখ্য কাৰ্যবাহী বিষয় বাউদেৱিন ছিমন্ছৰ সৈতে ৰটাৰডাম বন্দৰ পৰিদৰ্শন কৰে। ইউৰোপৰ বৃহত্তম বন্দৰ ৰটাৰডাম ইউৰোপীয় বজাৰলৈ ভাৰতীয় সামগ্ৰী প্ৰেৰণৰ বাবে কৌশলগত প্ৰৱেশদ্বাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য তথা গোলকীয় যোগান শৃংখলৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে এই ভ্ৰমণত বিশেষভাৱে প্ৰতিফলিত হয়।
ৰটাৰডাম বন্দৰত মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনে বিশেষকৈ ভাৰত-ইইউ মুক্ত বাণিজ্য চুক্তিৰ প্ৰেক্ষাপটত ইউৰোপৰ প্ৰৱেশদ্বাৰ হিচাপে নেদাৰলেণ্ডছৰ কৌশলগত গুৰুত্বত আলোকপাত কৰে। এই চুক্তিয়ে ভাৰতীয় ৰপ্তানিকাৰকসকলৰ বাবে উল্লেখযোগ্য নতুন সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত, নেদাৰলেণ্ডছৰ বিশ্বমানৰ বন্দৰ, লজিষ্টিক আন্তঃগাঁথনি আৰু ইউৰোপীয় বজাৰসমূহৰ সৈতে থকা যোগাযোগ ব্যৱস্থাই বাণিজ্যৰ গতি বৃদ্ধি কৰাত তথা ভাৰত-ইউৰোপৰ যোগান শৃংখল সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
মন্ত্ৰীগৰাকীয়ে আমষ্টাৰডামৰ ৱাল্ডৰ্ফ এষ্টোৰিয়াত ভাৰতীয় দূতাবাসে আয়োজন কৰা ‘হাই টি’ৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত এখন ভাৰতীয় প্ৰবাসী মেলতো অংশগ্ৰহণ কৰে, য’ত প্ৰায় ৭০ গৰাকী ব্যক্তি উপস্থিত থাকে। ব্যৱসায়ী আৰু পেছাদাৰী প্ৰতিনিধিসকলকে ধৰি ভাৰতীয় প্ৰবাসীসকলক এই অনুষ্ঠানত একত্ৰিত কৰা হয় আৰু ই প্ৰবাসীসকলৰ সৈতে ভাব বিনিময়ৰ বিশেষ সুযোগ প্ৰদান কৰে।
এই অনুষ্ঠানে ভাৰত আৰু নেদাৰলেণ্ডছৰ মাজত নিবিড় সম্পৰ্ক গঢ়ি তোলাৰ লগতে দ্বিপাক্ষিক অৰ্থনৈতিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাত ভাৰতীয় প্ৰবাসীসকলৰ গুৰুত্বক পুনৰ প্ৰতিপন্ন কৰে।
শ্ৰী পীয়ূষ গোয়েলৰ এই ভ্ৰমণে বাণিজ্য, বিনিয়োগ আৰু বাণিজ্যিক সহযোগিতা আগবঢ়াই নিবলৈ ডাচ্চ অংশীদাৰসকলৰ সৈতে ধাৰাবাহিক সম্পৰ্ক ৰক্ষাৰ গুৰুত্বক আলোকপাত কৰে। এই কাৰ্যসূচীয়ে সামুদ্ৰিক লজিষ্টিক আৰু অন্যান্য পাৰস্পৰিক স্বাৰ্থজড়িত ক্ষেত্ৰসমূহত অধিক শক্তিশালী সহযোগিতাৰ সুযোগসমূহো উপস্থাপন কৰে , যাৰ ভিতৰত ভাৰত-ইইউ এফটিএ আৰু ভাৰত তথা ইউৰোপৰ মাজত নিবিড় অৰ্থনৈতিক সংহতিৰ প্ৰেক্ষাপটো অন্তৰ্ভুক্ত কৰা হৈছে।
***
C N Abhijith Narayanan/Abhimanyu Panwar/MM