পোষ্ট কৰা হৈছে:
23 OCT 2026 5:43PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে সেনা কমাণ্ডাৰসকলক ভূ-ৰাজনৈতিক তথা আঞ্চলিক পৰিস্থিতিৰ বিকাশসমূহৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ আহ্বান জনাইছে। ২৩ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত সেনা কমাণ্ডাৰ সন্মিলনত ভাষণ দি তেওঁ পৰৱৰ্তী ২০-৩০ বছৰৰ বাবে দীৰ্ঘম্যাদী কৌশলগত দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে ভাৰতীয় সেনাবাহিনীৰ জ্যেষ্ঠ নেতৃত্বক তাৎক্ষণিক আৰু ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ সমানে সাজু থাকিবলৈ আহ্বান জনায়। তেওঁ জোৰ দি কয় যে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে সময়োপযোগীভাৱে খাপ খুৱাব পৰাকৈ কৌশলসমূহ গতিশীল আৰু নমনীয় হৈ থাকিব লাগিব।
পৰিৱৰ্তিত অভিযানগত পৰিস্থিতিৰ সৈতে খাপ খুৱাই লোৱাৰ বাবে প্ৰতিৰক্ষা বাহিনীসমূহৰ প্ৰশংসা কৰি শ্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে যে উদ্ভাৱনী চিন্তাধাৰা, বৰ্ধিত সমন্বয় আৰু উন্নত অস্ত্ৰ-শস্ত্ৰৰ পৰিপূৰক হিচাপে উৎকৃষ্ট সহযোগিতাই অপাৰেচন সিন্দূৰৰ সফলতাত অৰিহণা যোগাইছিল। তেওঁ কয় যে এই অভিযানৰ জৰিয়তে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা হৈছিল যে ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰতে কেতিয়াও কুণ্ঠাবোধ নকৰে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সেনাবাহিনীৰ পুনৰ্গঠনৰ প্ৰচেষ্টাক প্ৰশংসা কৰে, বিশেষকৈ ড্ৰোন আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ সামৰ্থ্য শক্তিশালী কৰা, নিৰন্তৰ প্ৰদৰ্শনৰ মূল্যায়ন কৰা আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে সংগতি ৰাখি প্ৰয়োজনীয় উন্নয়নমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব দিয়ে। কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংচালিত ব্যৱস্থা, তথ্য বিশ্লেষণ, চাইবাৰ সুৰক্ষা আৰু সুৰক্ষিত যোগাযোগ নেটৱৰ্কৰ দৰে ক্ষেত্ৰত প্ৰচেষ্টা ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ উল্লেখ কৰে।
শ্ৰী ৰাজনাথ সিঙে গুৰুত্বসহকাৰে কয় যে আকাশ, সামুদ্ৰিক, মহাকাশ আৰু চাইবাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানসমূহৰ গুৰুত্ব বৃদ্ধি পোৱাৰ পিছতো স্থলযুদ্ধ আৰু স্থলসেনা অপৰিহাৰ্য হৈ থাকিব। তেওঁ আধুনিক যুদ্ধৰ বাবে এক সমন্বিত দৃষ্টিভংগী গ্ৰহণৰ আহ্বান জনাই কয় যে সফলতা নিৰ্ভৰ কৰিব বহুমাত্ৰিক সামৰ্থ্য আৰু যৌথ অভিযানত নিৰৱচ্ছিন্ন সমন্বয়ৰ ওপৰত।
প্ৰতিৰক্ষা বাহিনীসমূহৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰচেষ্টাক স্বীকৃতি দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ বৰ্ধিত প্ৰতিৰক্ষা উৎপাদন সামৰ্থ্য সকলো অংশীদাৰৰ সামূহিক প্ৰচেষ্টাৰ ফল। তেওঁ কয়, “পৰিৱৰ্তিত বিশ্ব পৰিস্থিতিৰ মাজত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা উৎপাদনে ১.৭৮ লাখ কোটি টকাৰ অভিলেখ পৰিমাণ স্পৰ্শ কৰাৰ বিপৰীতে প্ৰতিৰক্ষা ৰপ্তানিও সৰ্বকালৰ সৰ্বোচ্চ প্ৰায় ৩৮,০০০ কোটি টকাত উপনীত হৈছে।”
‘সংস্কাৰৰ বৰ্ষ—২০২৫’ৰ প্ৰসংগ উল্লেখ কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে সংস্কাৰ এটা নিৰন্তৰ প্ৰক্ৰিয়া আৰু ইয়াৰ সফলতা ফলপ্ৰসূ ৰূপায়ণৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ সেনা কমাণ্ডাৰসকলক নিজ নিজ কমাণ্ড আৰু স্তৰত এই সংস্কাৰসমূহ আগুৱাই নিবলৈ আহ্বান জনায়। লগতে এই সংস্কাৰসমূহে যাতে অভিযানগত সামৰ্থ্যৰ ক্ষেত্ৰত বাস্তৱিক সুফল কঢ়িয়াই আনে, সেয়া নিশ্চিত কৰিবলৈও তেওঁ কয়।
প্ৰতিৰক্ষা বাহিনীসমূহৰ বীৰত্ব, অনুশাসন, প্ৰস্তুতি আৰু সংযমৰ লগতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্ব আৰু কূটনৈতিক প্ৰচেষ্টাক ভাৰতৰ বিশ্বজনীন মৰ্যাদা শক্তিশালী কৰাৰ বাবে কৃতিত্ব প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। তেওঁ প্ৰতিৰক্ষা বাহিনীসমূহক আত্মনিৰ্ভৰশীলতা, সংস্কাৰৰ ফলপ্ৰসূ ৰূপায়ণ, মানৱ সম্পদৰ উন্নত ব্যৱস্থাপনা, মহিলাৰ অধিক অংশগ্ৰহণ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত সমন্বিত দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
এই উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে স্থল সমৰ নীতি উন্মোচন কৰে। এই নীতিয়ে যুদ্ধৰ পৰিৱৰ্তিত চৰিত্ৰ আৰু ভৱিষ্যতৰ সংঘাতৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ ভাৰতীয় সেনাবাহিনীক প্ৰস্তুত কৰাৰ বাবে সামগ্ৰিক
আন্তঃগাথঁনি প্ৰদান কৰে।
তেওঁ লগতে ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক আলোচনী উন্মোচন কৰে আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী হিচাপে সেৱা আগবঢ়োৱাৰ সময়ত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ভাৰতীয় সেনাবাহিনীৰ জোৱানসকলক সম্বৰ্ধনা জনায়। তেওঁলোকৰ অনুকৰণীয় সেৱা, পেছাদাৰিত্ব আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি তথা নিৰাপত্তাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে এই সম্বৰ্ধনা জনোৱা হয়।
এই অনুষ্ঠানত প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় শেঠ, চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল এন এছ ৰাজা সুব্ৰমণি, সেনাপ্ৰধান জেনেৰেল ধীৰাজ শেখ, প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
বিস্তৃত কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনৰ উদ্দেশ্য হৈছে ভাৰতীয় সেনাবাহিনীৰ জ্যেষ্ঠ নেতৃত্বৰ বাবে চলিত পদক্ষেপসমূহৰ পৰ্যালোচনা, ভৱিষ্যতৰ অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহ চিনাক্তকৰণ আৰু প্ৰগতিশীল, পৰিৱৰ্তনৰ সৈতে খাপ খাব পৰা, প্ৰযুক্তিৰে সমৃদ্ধ তথা ভৱিষ্যতৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত ভাৰতীয় সেনাবাহিনী গঢ়ি তোলাৰ দিশত উপযুক্ত নীতিগত দিশ নিৰ্ধাৰণৰ এখন গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰা।

*********
VK/SR/Nishant/Savvy/PB