পোষ্ট কৰা হৈছে:
22 OCT 2026 4:40PM by PIB Guwahati
জল শক্তি মন্ত্ৰালয়ৰ অধীনস্থ খোৱা পানী আৰু অনাময় বিভাগে (DDWS) আজি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সৈতে ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি অহা বিষয়ভিত্তিক আলোচনাৰ অংশ হিচাপে চতুৰ্থখন ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰে। চলিত বৰ্ষৰ ১ আৰু ২ ছেপ্টেম্বৰত অনুষ্ঠিত জল বিষয়ক বিভাগীয় সন্মিলন, ২০২৬ৰ পৰৱৰ্তী পদক্ষেপ হিচাপে এই আলোচনাসমূহ অনুষ্ঠিত কৰা হৈছে। সন্মিলনত জল জীৱন মিছন (JJM) ২.০ আৰু ষোড়শ বিত্ত আয়োগৰ অনুদানৰ মাজত সমন্বয় শক্তিশালী কৰি পানীৰ উৎসৰ বহনক্ষমতা, জল সুৰক্ষা আৰু গ্ৰাম পঞ্চায়তকেন্দ্ৰিক পৰিকল্পনাৰ জৰিয়তে বহনক্ষম গ্ৰাম্য খোৱাপানী সেৱা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
এই ভাৰ্চুৱেল সন্মিলনত ৰাজ্যসমূহৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ (PHED) আৰু গ্ৰাম্য পানী যোগান বিভাগৰ জ্যেষ্ঠ বিষয়াসকল, পঞ্চায়তীৰাজ বিভাগৰ বিষয়াসকল, ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰালয় আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ প্ৰতিনিধিসকল তথা ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰৰ (NIC) প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। কৰ্ণাটক, ওড়িশা আৰু মধ্যপ্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যৰ গ্ৰাম্য পানী যোগান বিভাগসমূহে বিত্ত আয়োগৰ অনুদান ব্যৱহাৰ কৰি গ্ৰাম্য পানী যোগান ব্যৱস্থা শক্তিশালী কৰা, পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ব্যৱস্থা উন্নত কৰা, সম্প্ৰদায়ৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু স্থানীয় শাসন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ উত্তম পদ্ধতি আৰু ক্ষেত্ৰভিত্তিক অভিজ্ঞতা দাঙি ধৰে।
সন্মিলনত ভাষণ দি খোৱাপানী আৰু অনাময় বিভাগৰ সচিব শ্ৰী অশোক কে কে মীনাই কয় যে জল জীৱন মিছন ২.০ৰ ম্যাদ সম্প্ৰসাৰণৰ পাছত এতিয়া আন্তঃগাঁথনি নিৰ্মাণৰ পৰিৱৰ্তে সেই আন্তঃগাঁথনিৰ কাৰ্যক্ষমতা, বহনক্ষমতা আৰু গুণগত সেৱা প্ৰদান নিশ্চিত কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। তেওঁ কয় যে আঁচনিৰ সফলতা কেৱল সম্পদ বা আন্তঃগাঁথনি সৃষ্টি কৰাতে সীমাবদ্ধ নহয়; বৰং সুপৰিচালিত আৰু বিত্তীয়ভাৱে বহনক্ষম ব্যৱস্থাৰ জৰিয়তে গ্ৰাম্য পৰিয়ালসমূহে নিৰ্ভৰযোগ্য আৰু নিৰাপদ খোৱাপানী লাভ কৰি থকাটো নিশ্চিত কৰাহে প্ৰকৃত সফলতাৰ মাপকাঠী।
শ্ৰী মীনাই গ্ৰাম্য জল ব্যৱস্থাপনাত গ্ৰাম পঞ্চায়তসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি কয় যে সংবিধানৰ ৭৩সংখ্যক সংশোধনীয়ে খোৱাপানী আৰু অনাময় ব্যৱস্থাক স্থানীয় স্বায়ত্তশাসিত প্ৰতিষ্ঠানসমূহৰ অন্যতম গুৰুত্বপূৰ্ণ দায়িত্ব হিচাপে স্বীকৃতি দিছে। তেওঁ কয় যে জল জীৱন মিছন আৰু অন্যান্য কাৰ্যসূচীৰ অধীনত সৃষ্টি কৰা পানী যোগানৰ আন্তঃগাঁথনিৰ বাবে বাৰ্ষিক পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰা, স্থানীয় সম্পদ সংগ্ৰহ কৰা, সেৱা প্ৰদানৰ ব্যৱস্থা পৰিচালনা কৰা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ ক্ষেত্ৰত গ্ৰাম পঞ্চায়তসমূহে নেতৃত্ব গ্ৰহণ কৰিব লাগিব।
ষোড়শ বিত্ত আয়োগৰ গাঁথনিৰ কথা উল্লেখ কৰি তেওঁ কয় যে নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে আবণ্টিত অনুদানে তৃণমূল পৰ্যায়ত খোৱাপানী আৰু অনাময় সেৱাৰ বহনক্ষমতা শক্তিশালী কৰাৰ এক উল্লেখযোগ্য সুযোগ প্ৰদান কৰিছে। তেওঁ উল্লেখ কৰে যে ষোড়শ বিত্ত আয়োগে পৰামৰ্শ দিয়া মুঠ গ্ৰাম্য স্থানীয় নিকায়ৰ (RLB) অনুদানৰ এটা বৃহৎ অংশ পানী আৰু অনাময় সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।
তেওঁৰ মতে, যিবোৰ ক্ষেত্ৰত ইতিমধ্যে থকা আন্তঃগাঁথনিৰ ৰক্ষণাবেক্ষণ আৰু সহায়ৰ প্ৰয়োজন আছে, তেনে ক্ষেত্ৰত নতুন আন্তঃগাঁথনি নিৰ্মাণৰ পৰিৱৰ্তে এই অনুদানসমূহ মূলতঃ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ, পানীৰ উৎসৰ বহনক্ষমতা, পানীৰ গুণগত মানৰ ব্যৱস্থাপনা, সেৱা প্ৰদানৰ উন্নতি আৰু স্থানীয় প্ৰতিষ্ঠানসমূহৰ সক্ষমতা শক্তিশালী কৰাৰ বাবে ব্যৱহাৰ কৰিব লাগে।
গ্ৰাম্য পানী যোগান ব্যৱস্থাৰ বহনক্ষম বিত্তীয় ব্যৱস্থাৰ তিনিটা মূল স্তম্ভৰ ওপৰত সচিবগৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে। সেইকেইটা হৈছে—
বিত্ত আয়োগৰ অনুদানৰ ফলপ্ৰসূ ব্যৱহাৰ।
উপলব্ধ অন্যান্য কাৰ্যসূচী আৰু আঁচনিৰ সৈতে সমন্বয় সাধন।
সেৱা ব্যৱহাৰকাৰীৰ পৰা মাচুল সংগ্ৰহৰ ব্যৱস্থা ক্ৰমান্বয়ে শক্তিশালী কৰা।
বিভিন্ন ৰাজ্যৰ সফল উদাহৰণৰ দি তেওঁ ৰাজ্য আৰু গ্ৰাম পঞ্চায়তসমূহক এনে বহনক্ষম ৰাজহৰ আৰ্হি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে, যিয়ে নিয়মীয়া পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ব্যয় বহন কৰাত সহায় কৰিব আৰু কেৱল এটা বিত্তীয় উৎসৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব।
তেওঁ অনাময় আৰু কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰতো গ্ৰাম পঞ্চায়তসমূহৰ বৰ্ধিত ভূমিকাৰ কথা উল্লেখ কৰে। খোৱাপানী আৰু অনাময়—এই দুয়োটা সেৱাৰ বাবে স্থানীয় নিকায়সমূহে সামগ্ৰিক পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।
তেওঁ কয় যে নিৰৱচ্ছিন্ন সেৱা প্ৰদান নিশ্চিত কৰিবলৈ মেৰামতি, পানীৰ পাইপৰ লিকেজ নিয়ন্ত্ৰণ, পাম্পৰ ৰক্ষণাবেক্ষণ, ক্ল’ৰিন প্ৰয়োগ, পানীৰ গুণগত মান নিৰীক্ষণ, বিদ্যুতৰ ব্যয় আৰু কৰ্মচাৰীৰ ব্যৱস্থাৰ বাবে পৰ্যাপ্ত ধনৰ ব্যৱস্থা কৰিব লাগিব।
সক্ষমতা বৃদ্ধিক এক অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা হিচাপে উল্লেখ কৰি শ্ৰী মীনাই ৰাজ্যসমূহক ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান (RGSA) আৰু অন্যান্য কাৰ্যসূচীৰ অধীনত উপলব্ধ সম্পদসমূহ পঞ্চায়তৰ প্ৰতিনিধি আৰু স্থানীয় কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
তেওঁ ৰাজ্যসমূহক পৰিচালনা আৰু ৰক্ষণাবেক্ষণ সম্পৰ্কীয় হাতপুথিসমূহ স্থানীয় ভাষালৈ অনুবাদ কৰি প্ৰচাৰ কৰিবলৈ আৰু বিত্ত আয়োগৰ গাঁথনিৰ অধীনত অনুমোদিত কাৰ্যকলাপ, পুঁজিৰ ব্যৱস্থা আৰু প্ৰতিবেদন দাখিলৰ প্ৰয়োজনীয়তা সম্পৰ্কে পঞ্চায়তসমূহে স্পষ্ট ধাৰণা লাভ কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।
তেওঁ ৰাজ্য, জিলা আৰু গ্ৰাম পঞ্চায়ত পৰ্যায়ত গ্ৰাম্য পানী যোগান বিভাগ, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্ৰামোন্নয়ন বিভাগৰ মাজত সমন্বয় শক্তিশালী কৰাৰ বাবে আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে জল জীৱন মিছন ২.০, ভিবি-জি ৰাম জি (VB-G RAM G) আৰু ষোড়শ বিত্ত আয়োগৰ কাৰ্যকাল একে সময়তে ৰূপায়ণ হোৱাৰ ফলত সংহত পৰিকল্পনা আৰু সমন্বিত ৰূপায়ণৰ জৰিয়তে বহনক্ষম জল ব্যৱস্থাপনাক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ এক অনন্য সুযোগ সৃষ্টি হৈছে।
ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ উপ-সচিব শ্ৰীমতী কৃতিকা কুলহাৰীয়ে ‘ষোড়শ বিত্ত আয়োগৰ অনুদান আৰু পানী তথা অনাময়ৰ বাবে নিৰ্দিষ্ট উদ্দেশ্যৰ অনুদানৰ ব্যৱহাৰ’ বিষয়ত এক বিস্তৃত উপস্থাপনা আগবঢ়ায়। তেওঁ অনুদানৰ গাঁথনি, ধন মুকলিৰ চৰ্ত, প্ৰতিবেদন দাখিলৰ প্ৰয়োজনীয়তা, অনুমোদিত কাৰ্যকলাপ আৰু পৰিকল্পনা প্ৰস্তুত কৰাৰ কাঠামোৰ বিষয়ে ব্যাখ্যা কৰে।
অংশগ্ৰহণকাৰীসকলক জনোৱা হয় যে ষোড়শ বিত্ত আয়োগৰ অধীনত গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে মুঠ আবণ্টনৰ পৰিমাণ ৪.৩৫ লাখ কোটি টকাতকৈ অধিক। ইয়াৰে প্ৰায় ১.৭৪ লাখ কোটি টকা অনুদান প্ৰদানৰ সময়ছোৱাত পানী ব্যৱস্থাপনা আৰু অনাময়ৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।
সন্মিলনত বৰ্তমানৰ আন্তঃগাঁথনিৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ, সম্পদৰ সমগ্ৰ জীৱনচক্ৰভিত্তিক পৰিকল্পনা, প্ৰতিৰোধমূলক ৰক্ষণাবেক্ষণ, সম্প্ৰদায়ৰ মালিকীস্বত্ববোধ আৰু নিৰ্ধাৰিত ডিজিটেল মঞ্চৰ জৰিয়তে দায়বদ্ধতা নিশ্চিত কৰাক অগ্ৰাধিকাৰ দিবলৈ গুৰুত্ব আৰোপ কৰা হয়।
পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ সঞ্চালক শ্ৰী বিপুল উজ্জ্বলে গ্ৰাম্য পানী যোগানৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবে গ্ৰাম পঞ্চায়ত উন্নয়ন পৰিকল্পনা (GPDP), অনুদান মুকলিৰ পদ্ধতি আৰু বিত্ত আয়োগৰ অনুদানৰ ব্যৱহাৰ সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়।
তেওঁ কয় যে বহনক্ষম সেৱা প্ৰদানৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ সংহতিৰ আৱশ্যক৷ সেয়া হৈছে—প্ৰয়োজনীয়তা, সম্পদ আৰু দায়িত্ব (Requirements, Resources and Responsibilities—RRR)।
তেওঁ কয় যে গ্ৰাম পঞ্চায়তসমূহে কেনেদৰে সেৱাৰ অভাৱসমূহ চিনাক্ত কৰিব, বাৰ্ষিক পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয় ব্যয় নিৰ্ধাৰণ কৰিব, উপলব্ধ বিত্তীয় সম্পদৰ মূল্যায়ন কৰিব আৰু এই অগ্ৰাধিকাৰসমূহ গ্ৰাম পঞ্চায়ত উন্নয়ন পৰিকল্পনাত অন্তৰ্ভুক্ত কৰিব লাগে।
তেওঁ পঞ্চায়তসমূহৰ বিত্তীয় অৱস্থা শক্তিশালী কৰা আৰু বহনক্ষম সেৱা প্ৰদান নিশ্চিত কৰাৰ ক্ষেত্ৰত নিজা উৎসৰ পৰা ৰাজহ সংগ্ৰহ (OSR), সেৱা ব্যৱহাৰকাৰীৰ মাচুল সংগ্ৰহ আৰু প্ৰদৰ্শনভিত্তিক অনুদানৰ বৰ্ধিত গুৰুত্বৰ কথাও উল্লেখ কৰে।
সন্মিলনত পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰই (NIC) ই-গ্ৰাম স্বৰাজ পৰ্টেল আৰু ইয়াৰ প্ৰতিবেদনৰ ওপৰত এক পৰ্যালোচনা আগবঢ়ায়।
এই অধিৱেশনতে গ্ৰাম পঞ্চায়তসমূহে ডিজিটেল মঞ্চৰ জৰিয়তে পৰিকল্পনা, ৰূপায়ণ, ভৌগোলিক অৱস্থান-চিহ্নিতকৰণ, ব্যয়ৰ প্ৰতিবেদন, সম্পদ ব্যৱস্থাপনা আৰু নিৰীক্ষণৰ কাম কেনেদৰে সংহত কৰিব পাৰে সেই সন্দৰ্ভতো ব্যাখ্যা কৰা হয় ।
এই পৰ্যালোচনাত ই-গ্ৰাম স্বৰাজৰ সৈতে ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা প্ৰণালী (PFMS) আৰু বিভিন্ন বিভাগীয় তথ্য ভাণ্ডাৰৰ সংহতিৰ বিষয়টোও উল্লেখ কৰা হয়। ইয়াৰ ফলত বিত্ত আয়োগৰ পুঁজিৰে ৰূপায়ণ কৰা কাৰ্যকলাপসমূহৰ স্বচ্ছতা, দায়বদ্ধতা আৰু বাস্তৱ সময়ৰ নিৰীক্ষণ উন্নত হয়।
ৰাজ্যসমূহৰ অভিজ্ঞতা বিনিময়ৰ অধিৱেশনত কৰ্ণাটকে গ্ৰাম্য পানী যোগান ব্যৱস্থাপনাৰ ক্ষেত্ৰত নিজৰ সংহত পদ্ধতিৰ বিষয়ে অৱগত কৰে। ৰাজ্যখনে ‘জল সংকল্পন’ (Jala Sankalana), ‘জলআস্থি’ (JalaAasthi) আৰু ‘জীৱজল’ (Jeevajala)ৰ দৰে উদ্ভাৱনীমূলক ব্যৱস্থাৰ কথা উল্লেখ কৰে। এই ব্যৱস্থাসমূহত ভৌগোলিক তথ্য ব্যৱস্থা (GIS)ভিত্তিক সম্পদ ব্যৱস্থাপনা, বাস্তৱ সময়ৰ নিৰীক্ষণ, সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু তথ্য-প্ৰমাণভিত্তিক পৰিচালনা তথা ৰক্ষণাবেক্ষণৰ পৰিকল্পনা সংযুক্ত কৰা হৈছে।
ৰাজ্যখনে পানীৰ বাজেট প্ৰস্তুত কৰা, পানীৰ পৰিমাণৰ ভিত্তিত মাচুল সংগ্ৰহ, প্ৰতিৰোধমূলক ৰক্ষণাবেক্ষণ আৰু খোৱাপানী ব্যৱস্থাৰ প্ৰতি সম্প্ৰদায়ৰ মালিকীস্বত্ববোধ শক্তিশালী কৰাৰ ক্ষেত্ৰত নিজৰ অভিজ্ঞতা দাঙি ধৰে।
ইয়াৰ উপৰি, গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ ব্যৱস্থাৰ অধীনত প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বয়ৰ অভিজ্ঞতাও ৰাজ্যখনে ভাগ-বতৰা কৰে। এই ব্যৱস্থাত গ্ৰাম্য পানী যোগান, পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন বিভাগসমূহে ঘনিষ্ঠ সমন্বয়েৰে কাম কৰে।
কৰ্ণাটকে উল্লেখ কৰে যে এই সংহত প্ৰশাসনিক গাঁথনিয়ে বিত্ত আয়োগৰ অনুদানৰ উন্নত পৰিকল্পনা আৰু ব্যৱহাৰত সহায় কৰিছে। লগতে পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ পৰিকল্পনা, পানীৰ বাজেট প্ৰস্তুত আৰু মাচুল সংগ্ৰহৰ ক্ষেত্ৰত গ্ৰাম পঞ্চায়তৰ অংশগ্ৰহণ শক্তিশালী কৰাৰ লগতে কাৰিকৰী বিভাগ আৰু স্থানীয় স্বায়ত্তশাসিত প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বয় উন্নত কৰিছে।
ৰাজ্যখনে কয় যে নিৰন্তৰ সম্প্ৰদায়ৰ অংশগ্ৰহণ, দায়িত্বৰ স্পষ্ট বিভাজন আৰু বিত্তীয় সম্পদৰ সমন্বয় গ্ৰাম্য খোৱাপানী সেৱাৰ দীৰ্ঘম্যাদী বহনক্ষমতা শক্তিশালী কৰাৰ অন্যতম মূল ভিত্তি।
ওড়িশাই গ্ৰামোন্নয়ন, পঞ্চায়তীৰাজ আৰু খোৱা পানী বিভাগৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ ওপৰত প্ৰতিষ্ঠিত নিজৰ প্ৰাতিষ্ঠানিক আৰ্হিৰ বিষয়ে অৱগত কৰে।
ৰাজ্যখনে নিজৰ সংহত পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ কাঠামো, তৃণমূল পৰ্যায়ৰ পৰা বাজেট প্ৰস্তুত কৰা প্ৰক্ৰিয়া, ডিজিটেল নিৰীক্ষণ ব্যৱস্থা, স্থানীয় মেকানিকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰু সৌৰশক্তিৰ ব্যৱহাৰ, স্বয়ংক্ৰিয় ব্যৱস্থা তথা ইণ্টাৰনেট অব থিংছ (IoT)ভিত্তিক নিৰীক্ষণৰ দৰে প্ৰযুক্তিনিৰ্ভৰ পদক্ষেপসমূহৰ বিষয়ে দাঙি ধৰে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে খোৱাপানী সেৱাৰ দীৰ্ঘম্যাদী বহনক্ষমতা নিশ্চিত কৰা।
ৰাজ্যখনে উল্লেখ কৰে যে সমন্বিত পৰিকল্পনা, তৃণমূল পৰ্যায়ৰ পৰা বাজেট প্ৰস্তুত আৰু বিত্ত আয়োগৰ অনুদান, ৰাজ্য চৰকাৰৰ সম্পদ তথা সম্প্ৰদায়ৰ অৱদানৰ সমন্বিত ব্যৱহাৰে পৰিচালনা আৰু ৰক্ষণাবেক্ষণ ব্যৱস্থা শক্তিশালী কৰাত সহায় কৰিছে।
নিৰ্ভৰযোগ্য সেৱা প্ৰদান আৰু গ্ৰাম্য পানী যোগানৰ আন্তঃগাঁথনিৰ বহনক্ষম ব্যৱস্থাপনাৰ বাবে গ্ৰাম পঞ্চায়তৰ অংশগ্ৰহণ, স্থানীয় পৰ্যায়ত সক্ষমতা বৃদ্ধি, ডিজিটেল নিৰীক্ষণ আৰু দায়বদ্ধতাৰ স্পষ্ট ব্যৱস্থাৰ গুৰুত্বৰ ওপৰতো ওড়িশাই বিশেষভাৱে আলোকপাত কৰে।
মধ্যপ্ৰদেশে শেহতীয়াকৈ জাননীযোগে প্ৰৱৰ্তন কৰা ‘পৰিচালনা আৰু ৰক্ষণাবেক্ষণ বিধি, ২০২৬’ৰ বিষয়ে অৱগত কৰে। এই বিধিয়ে গ্ৰাম পঞ্চায়তসমূহক পানী যোগান আৰু অনাময় সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে একাধিক বিত্তীয় উৎসৰ ধন ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰে।
ৰাজ্যখনে সৰলীকৃত ক্ৰয় পদ্ধতি, জিলা পৰ্যায়ৰ জল, অনাময় আৰু পৰিচ্ছন্নতা (WASH) কাৰিকৰী সমিতি, সুসংগঠিত প্ৰশিক্ষণ কাৰ্যসূচী, সেৱা ব্যৱহাৰকাৰীৰ মাচুল সংগ্ৰহৰ ডিজিটেল ব্যৱস্থা আৰু পঞ্চায়তৰ প্ৰতিনিধি তথা অভিযন্তাসকলৰ কাৰিকৰী সক্ষমতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা বিস্তৃত পদক্ষেপসমূহ দাঙি ধৰে।
ৰাজ্যখনে উল্লেখ কৰে যে বিত্ত আয়োগৰ অনুদান, ৰাজ্য চৰকাৰৰ অনুদান, সেৱা ব্যৱহাৰকাৰীৰ মাচুল আৰু অন্যান্য স্থানীয় সম্পদকে ধৰি একাধিক বিত্তীয় উৎসৰ সমন্বিত ব্যৱহাৰে বহনক্ষম পৰিচালনা আৰু ৰক্ষণাবেক্ষণ ব্যৱস্থাক সহায় কৰিছে।
সন্মিলনৰ সামৰণি ভাষণত ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ অতিৰিক্ত সচিব তথা মিছন সঞ্চালন আৰু কৌশলগত ব্যৱস্থাপনাৰ সৈতে জড়িত বিষয়া শ্ৰী কমল কিশোৰ চোয়ানে পুনৰ উল্লেখ কৰে যে বিত্ত আয়োগৰ অনুদানক বহনক্ষম গ্ৰাম্য জল ব্যৱস্থাপনাক প্ৰতিষ্ঠানিক ৰূপ দিয়া আৰু পানী যোগান ব্যৱস্থাৰ প্ৰতি পঞ্চায়তৰ মালিকীস্বত্ববোধ শক্তিশালী কৰাৰ এক সুযোগ হিচাপে গণ্য কৰা উচিত।
তেওঁ ৰাজ্যসমূহক বাকী থকা আনুষ্ঠানিকতা আৰু চৰ্তপূৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ, গ্ৰাম পঞ্চায়ত উন্নয়ন পৰিকল্পনাভিত্তিক পৰিকল্পনা শক্তিশালী কৰিবলৈ, সেৱা ব্যৱহাৰকাৰীৰ মাচুল সংগ্ৰহৰ ব্যৱস্থা উন্নত কৰিবলৈ আৰু গ্ৰাম্য পানী যোগানৰ আন্তঃগাঁথনিৰ বহনক্ষমতা নিশ্চিত কৰাৰ বাবে পঞ্চদশ আৰু ষোড়শ বিত্ত আয়োগৰ অনুদান ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
শ্ৰী চোয়ানে আগন্তুক কেইমাহমানৰ ভিতৰত পঞ্চায়তৰ প্ৰতিনিধি, পঞ্চায়ত সচিব, গাঁও পঞ্চায়তৰ সভাপতি আৰু কাৰিকৰী কৰ্মচাৰীসকলৰ বাবে ব্যাপক প্ৰশিক্ষণ তথা সক্ষমতা বৃদ্ধিৰ কাৰ্যসূচী আয়োজন কৰিবলৈও ৰাজ্যসমূহক আহ্বান জনায়। লগতে ই-গ্ৰামস্বৰাজ পৰ্টেলত প্ৰৱেশৰ বাবে ব্যৱহৃত লগ ইন আৰু প্ৰতিবেদন দাখিলৰ সমস্যাসমূহ সময়মতে সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে।
তেওঁ জনায় যে চলিত বৰ্ষৰ নৱেম্বৰ মাহত দুখন আঞ্চলিক সন্মিলন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই সন্মিলনসমূহত প্ৰস্তুতিৰ পৰ্যালোচনা, ৰূপায়ণৰ প্ৰত্যাহ্বানসমূহৰ সমাধান আৰু খোৱাপানী, অনাময়, পঞ্চায়তীৰাজ তথা গ্ৰামোন্নয়নৰ দায়িত্বত থকা বিভাগসমূহৰ মাজত সমন্বয় শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
সন্মিলনৰ সামৰণিত কেন্দ্ৰ আৰু ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে পঞ্চায়তকেন্দ্ৰিক পৰিকল্পনা শক্তিশালী কৰা, বিত্তীয় বহনক্ষমতা উন্নত কৰা, আন্তঃবিভাগীয় সমন্বয় বৃদ্ধি কৰা আৰু জল জীৱন মিছনৰ অধীনত কৰা বৃহৎ বিনিয়োগৰ সুফল দেশৰ গ্ৰাম্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰাৰ বাবে এক উমৈহতীয়া সংকল্প গ্ৰহণ কৰে।
ইয়াৰ জৰিয়তে দেশৰ গ্ৰামাঞ্চলত নিৰ্ভৰযোগ্য, নিৰৱচ্ছিন্ন আৰু বহনক্ষম খোৱাপানী তথা অনাময় সেৱা নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে।



PS/AK/PB