প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক জয়ী শৈলেশ কুমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 21 OCT 2026 10:20PM by PIB Guwahati

এছিয়ান পেৰা গেমছ ২০২৬-ত পুৰুষৰ লং জাম্প টি৪২/টি৬১/টি৬৩ ইভেণ্টত ৫.৫৭ মিটাৰ জাঁপেৰে ব্ৰঞ্জৰ পদক লাভ কৰা শৈলেশ কুমাৰক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জনাইছে।

শ্ৰী মোদীয়ে কয় যে ক্ৰীড়া উৎকৃষ্টতাৰ প্ৰতি তেওঁৰ সংকল্প, নিষ্ঠা আৰু দায়বদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

"শৈলেশ কুমাৰৰ বাবে ব্ৰঞ্জৰ বিশেষ পদক!

এছিয়ান পেৰা গেমছ ২০২৬-ত পুৰুষৰ লং জাম্প টি৪২/টি৬১/টি৬৩ ইভেণ্টত ৫.৫৭ মিটাৰ জাঁপেৰে ব্ৰঞ্জৰ পদক লাভ কৰা শৈলেশক অভিনন্দন জনাইছো। ক্ৰীড়া উৎকৃষ্টতাৰ প্ৰতি তেওঁৰ সংকল্প, নিষ্ঠা আৰু দায়বদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়ঃ প্ৰধানমন্ত্ৰী @narendramodi"

***

MJPS/SS/PRK/HS


(ৰিলিজ আই ডি : 2326505) অতিথি কক্ষ : 4