পোষ্ট কৰা হৈছে:
20 OCT 2026 9:47PM by PIB Guwahati
এছিয়ান পেৰা গেমছত পুৰুষৰ হাইজাম্প টি ৪৭ ইভেণ্টত এই গেমছত নতুন অভিলেখৰ সৈতে স্বৰ্ণ পদক জয় কৰি নিশাদ কুমাৰক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ ব্যতিক্ৰমী ক্ৰীড়া প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায়।
দুটাকৈ স্বৰ্ণ পদক লাভেৰে তেওঁৰ বহুমুখী প্ৰতিভা আৰু উৎকৃষ্টতাৰ অন্বেষণ সঁচাকৈয়ে উল্লেখযোগ্য বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰে আৰু তেওঁৰ আহি থকা দিনবোৰৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
"নিশাদৰ অসাধাৰণ ক্ৰীড়া নৈপুণ্য প্ৰদৰ্শন!
পুৰুষৰ হাইজাম্প টি ৪৭ত নতুন গেম অভিলেখৰ সৈতে স্বৰ্ণ জয় কৰাৰ বাবে প্ৰতিভাশালী নিশাদ কুমাৰক অভিনন্দন জনাইছো। লং জাম্পত স্বৰ্ণ পদক লাভৰ জৰিয়তে তেওঁ দুটা স্বৰ্ণ পদক লাভ কৰিছে আৰু সমগ্ৰ দেশৰে প্ৰশংসাৰ পাত্ৰ হৈছে। তেওঁৰ বহুমুখী প্ৰতিভা আৰু উৎকৃষ্টতাৰ সাধনা সঁচাকৈয়ে উল্লেখযোগ্য। তেওঁক অভিনন্দন জ্ঞাপন কৰিছো আৰু সমাগত প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছোঃ প্ৰধানমন্ত্ৰী
***
MJPS/SS/VJ/PRK/HS